অনুৰাধা শৰ্মা পূজাৰী Anuradha Sharma Pujari

 BIRTH DATE-1968 

অনুৰাধা শৰ্মা পূজাৰী



অনুৰাধা শৰ্মা পূজাৰীঃ অনুৰাধা শৰ্মা পূজাৰী হ'ল অসমৰ এগৰাকী বিশিষ্ট লেখিকা তথা সাংবাদিক। তেওঁৰ জন্ম হৈছিল ১৯৬৪ চনত যােৰহাটত। যােৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্র বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। কলিকতাৰ বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আটছ এণ্ড মেনেজমেন্টত সাংবাদিকতাৰ পাঠ্যক্রম সম্পূর্ণ কৰা অনুৰাধা শর্মা পূজাৰীয়ে পশ্চিমবংগ বােলছবি কেন্দ্র, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আর্ট এণ্ড ফিল্ম এপ্রিহিয়ে পাঠ্যক্রমাে সমাপ্ত কৰে। কলিকতাৰ একাডেমী অব ফাইন আর্টছৰ অধীনত শিক্ষকতাৰে কর্মজীৱন আৰম্ভ কৰা শৰ্মা পূজাৰীয়ে ‘ আমাৰ অসম' কাকততো সাংবাদিক হিচাপে কৰ্মৰত আছিল। বর্তমান তেওঁ ‘সাদিন’ নামৰ সাপ্তাহিক কাকত আৰু সাতসৰী নামৰ মাহেকীয়া আলােচনীৰ সম্পাদক হিচাপে কার্যনির্বাহ কৰি আছে। তেওঁৰ উল্লেখযােগ্য উপন্যাসমূহ হ’ল ‘হৃদয় এক বিজ্ঞাপন’, ‘চাহেব পুৰাৰ বৰষুণ’, ‘কাঞ্চন’, ‘নাহৰৰ নিৰিবিলি ছাঁ’, ‘ব’ৰাগী নদীৰ ঘাট’ , ‘মেৰেং’, ‘সােণ হৰিণৰ চেকুৰ’ ইত্যাদি। গল্প-সংকলনৰ ভিতৰত ‘বসন্তৰ গান’, ‘এজন অসামাজিক কবিৰ বায়গ্রাফী’, ‘কেথেৰীণাৰ সৈতে এটি নির্জন দুপৰীয়া’, ন’ মেনছ লেণ্ড আদি উল্লেখযােগ্য। কলিকতাৰ চিঠি’, ‘ডায়েৰি’, ‘অট’গ্রাফ’ আদি তেওঁৰ আত্মজীৱনীমূলক প্ৰৱন্ধ-সংকলন। চাহেবপুৰাৰ বৰষুণ’ নামৰ উপন্যাসৰ বাবে তেওঁ ২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ কিশােৰ সোঁৱৰণী বঁটা লাভ কৰে। ২০১৩ চনত তেওঁ সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰে ।

Jyotish Kakati (জ্যোতিষ কাকতি)