হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা জন্ম ১৯৪৩ চনত। লৰালিটো তিনিচুকীয়াত কটায়। ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম. এ. পাচ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাবে অৱসৰ লয়।

হৰেকৃষ্ণ ডেকা ‘The Sentinel’ কাকত আৰু গৰীয়সী আলোচনীৰো সম্পাদক আছিল। তেওঁ ৰাতিৰ শোভাযাত্ৰাৰ, আন এজন, ‘Sea-Scare’ আদি কবিতাপুথি;‘গল্প আৰু কল্প, মধুসূদনৰ দলং, বন্দীয়াৰ, মৃত্যুদণ্ড আদি গল্পপুথি ৰচনা কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাস হআগন্তুকইয়াৰ বাহিৰেও তেওঁ কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেওঁ ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।

Type- Himanku Bora