গগন চন্দ্ৰ অধিকাৰী বিষয়ে

শ্ৰী গগন চন্দ্ৰ অধীকাৰী জন্ম হৈছিল ১৯৪১ চনত ১ জুন তাৰিখে ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত। আৰু মৃত্যু হয় ৩০ ছেপ্টেম্বৰ তাৰিখে। তেখেত এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী শিশু সাহিত্যিক। তেখেতৰ বৰ্তমানলৈকে কেইবাখনো শিশু উপযোগী পুথি প্ৰকাশ হৈছে।তাৰ ভিতৰত টকাত একোটা হাতী নামৰ পুথিখনে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শিশু সাহিত্য বঁটা আৰু ৰদালি এ ৰদ একণ দে পুথিখনে নেচনেল বুক ট্ৰাষ্ট বঁটা লাভ কৰিছে। তেখেতে ৰচনা কৰা আখৰৰ গীত আৰু মনোৰম খবৰৰ পেৰা দুয়োখনেই শিশু উপযোগী পুথি। মাখন মামাৰ সাধু আৰু ওমলা ঘৰৰ পুথি দুখনো তেখেতৰ শিশু উপযোগী পুথি। শিশু সাহিত্যৰ ক্ষেত্ৰত  আগবঢ়োৱা অৱদানৰ বাবে ২০১০ চনত তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতৰ পিতৃ নাম আছিল পূৰ্ণচন্দ্ৰ অধিকাৰী আৰু মাতৃ উদামিনী অধিকাৰী ছাত্ৰ হিচাপে গগণচন্দ্ৰ অধিকাৰী সৰুৰেপৰাই মেধাৱী আছিল। ১৯৪৬ চনত ছয়গাঁও চৰকাৰী মজলীয়া স্কুলৰ নিম্ন প্ৰাৰ্থমিকত নাম ভৰ্তি কৰে। ১৯৫৭ চনত ছয়গাঁও হাইস্কুলৰ পৰা মেৰ্টিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ তেওঁ কটন কলেজত কলেজীয়া জীৱনৰ পাতনি মেলে। আই এছ চি পাছ কৰি ১৯৬২ চনত বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতিত অনাৰ্চসহ বি. এ. পৰিক্ষাত উৰ্ত্তীৰ্ণ হয়। চাকৰি জীৱনৰ মাজতে প্ৰাইভেটকৈ তেওঁ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 


গগন চন্দ্ৰ অধিকাৰী বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ


Sumit Patar ( Morigaon Assam)