গগন চন্দ্ৰ অধিকাৰী বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ


১। গগন চন্দ্ৰ অধিকাৰী দেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰী দেৱৰ জন্ম হৈছিল-১৯৮১ চনৰ ১ জুন তাৰিখে।

২। গগন চন্দ্ৰ অধিকাৰীৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীৰ জন্ম ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত হৈছিল।

৩।গগন চন্দ্ৰ অধিকাৰীৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীৰ পিতৃৰ নাম আছিল- পূৰ্ণচন্দ্ৰ অধিকাৰী।

৪। গগন চন্দ্ৰ অধিকাৰীৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীৰ মাতৃৰ আছিল-উদামিনী অধিকাৰী।

৫। কিমান চনত গগন চন্দ্ৰ অধিকাৰীয়ে মেট্ৰিক পৰীক্ষা উৰ্ত্তীণ হৈছিল?

উত্তৰঃ ১৯৫৭ চনত গগন চন্দ্ৰ অধিকাৰীয়ে মেট্ৰিক পৰীক্ষা উৰ্ত্তীণ হৈছিল।

৬। গগন চন্দ্ৰ অধিকাৰীয়ে কলেজীয়া জীৱনৰ পাতনি কোনখন কলেজৰ পৰা মেলিছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীয়ে কলেজীয়া জীৱনৰ পাতনি কটন কলেজৰ পৰা মেলিছিল।

৭। ১৯৬২ চনত কোন মহাবিদ্যালয়ত পৰা গগন চন্দ্ৰ অধিকাৰীয়ে বি.এ পৰীক্ষা উৰ্ত্তীণ হৈছিল?

উত্তৰঃ ১৯৬২ চনত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা গগন চন্দ্ৰ অধিকাৰীয়ে বি.এ পৰীক্ষা উৰ্ত্তীণ হৈছিল।

৮। গগন চন্দ্ৰ অধিকাৰীয়ে ক'ত চাকৰি জীৱন আৰম্ভ কৰিছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীয়ে বীমা নিগমত চাকৰি জীৱন আৰম্ভ হৈছিল।

৯। গগন চন্দ্ৰ অধিকাৰীৰ প্ৰথমটো কবিতা কোনখন বাতৰি কাকতত প্ৰকাশিত হৈছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীৰ প্ৰথমটো কবিতা 'সাদিনীয়া বাতৰি' নামৰ কাকতত প্ৰকাশিত হৈছিল।

১০। গগন চন্দ্ৰ অধিকাৰীয়ে প্ৰথম লিখা পদ্যটো নাম কি?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীয়ে প্ৰথম লিখা পদ্যটোৰ নাম হ'ল-'মিনতি'।

১১। গগন চন্দ্ৰ অধিকাৰীয়ে দ্বিতীয়তে লিখা পদ্যটো নাম কি?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীয়ে দ্বিতীয়তে লিখা পদ্য নাম-'পখিলী বাইদেউলৈ চিঠি'।

১২। গগন চন্দ্ৰ অধিকাৰী কোনখন কলেজৰ প্ৰতিষ্ঠাপক সভাপতি আছিল?

উত্তৰঃ গুৱাহাটী নাইন জুনিয়ৰ কলেজৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। 

১৩। গগন চন্দ্ৰ অধিকাৰী অসম সাহিত্য সভাৰ কি আছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰী অসম সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক আছিল।

১৪। গগন চন্দ্ৰ অধিকাৰী কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰী ছয়গাঁও মহাবিদ্যালয়ৰ তেওঁ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

১৫। গগন চন্দ্ৰ অধিকাৰীয়ে প্ৰাইভেটকৈ কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীয়ে প্ৰাইভেটকৈ ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

১৬। গগন চন্দ্ৰ অধিকাৰী অসমীয়া ভাষাৰ কি সাহিত্যক হিচাপে বিখ্যাত?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰী অসমীয়া ভাষাৰ শিশু সাহিত্যক হিচাপে বিখ্যাত।

১৮। গগন চন্দ্ৰ অধিকাৰীয়ে কিমান চনত অসম লোক সেৱা আয়োগ পৰীক্ষাত উৰ্ত্তীণ হয়?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীয়ে ১৯৬৭ চনত অসম লোক সেৱা আয়োগ পৰীক্ষাত উৰ্ত্তীণ হয়।

১৯। কোনখন কবিতা পুথিৰ বাবে গগন চন্দ্ৰ অধিকাৰীয়ে অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্তৰ সোঁৱৰণী বঁটা লাভ কৰিছিল?

উত্তৰঃ 'টকাত একোটা হাতী' কবিতা পুথিৰ বাবে গগন চন্দ্ৰ অধিকাৰীয়ে অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্তৰ সোঁৱৰণী বঁটা লাভ কৰিছিল।

২০। কিমান চনত তেখেতে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিল?

উত্তৰঃ ২০১০ চনত তেখেতে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিল।

২১। কিমান চনত গগন চন্দ্ৰ অধিকাৰীয়ে অসম চৰকাৰৰ নিয়োগ বিভাগৰ যুটীয়া সঞ্চালকৰ পদৰ পৰা অৱসৰ লয়?

উত্তৰঃ ১৯৯৯ চনৰ মে মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰে। 

২২। কি পাছ কৰি গগন চন্দ্ৰ অধিকাৰীয়ে বি বৰুৱা মহাবিদ্যালয়ত নামভৰ্ত্তি কৰিছিল?

উত্তৰঃ আই এছ চি পাছ কৰি গগন চন্দ্ৰ অধিকাৰীয়ে বি বৰুৱা মহাবিদ্যালয়ত নামভৰ্ত্তি কৰিছিল।

২৩। মৃত্যু সময়ত গগন চন্দ্ৰ অধিকাৰীৰ বয়স কিমান আছিল?

উত্তৰঃ মৃত্যু সময়ত গগন চন্দ্ৰ অধিকাৰীৰ বয়স আছিল-৭৯ বছৰৰ

২৪। কিমান চনত গগন চন্দ্ৰ অধিকাৰীৰ মৃত্যু হৈছিল?

উত্তৰঃ গগন চন্দ্ৰ অধিকাৰীৰ মৃত্যু হৈছিল-২০২০ চনৰ ৩০ ছেপ্টেম্বৰত।


Type-Bhabesh Bora