অধ্যায়ঃ ১২

 ডিমাছাসকল


    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQ Answer

১। ডিমাছাসকল প্ৰধানতঃ কেইটা বংশত বিভক্ত ?

উত্তৰঃ ডিমাছাসকল প্ৰধানতঃ ৪০ টা অংশত বিভক্ত ।

২। ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল থকা দেখা যায় ?

উত্তৰঃ ডিমাছা ভাষাৰ অসমৰ আন বড়ো ভাষাৰ সৈতে মিল থকা দেখা যায়।

৩। ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি?

উত্তৰঃ ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম হ'ল বিছু ডিমা ।

৪। ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে কি হয়?

উত্তৰঃ ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে 'চা' হয় ।

৫। ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম লিখা ।

উত্তৰঃ ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম হ'লঃ লাংথাচা, ডিফুচা, গাৰ্লোচা, হোজাইচা, মাইবংচা আদি ।  



 


Answer by Apurba Kakati 

Update by Krishna Bora (29-4-2022)

Check By: Himashree Bora.