অধ্যায়ঃ ১২

 কলিতাসকল 

১। কলিতা জনগোষ্ঠীৰ খাদ্য-পৰম্পৰাৰ বিষয়ে চুমকৈ লিখা ।

উত্তৰঃ কলিতা সকলৰ মূল আহাৰ ভাত । ভাতৰ সৈতে বিভিন্ন শাক, পাচলি আদিৰে প্ৰস্তুত কৰা ব্যঞ্জন ব্যৱহাৰ কৰে । ক'লা খাৰ নিমখ হিচাপে ব্যৱহাৰ কৰে । আলু পোৰা, আলু পিটিতা, বেঙেনা পিটিকা, কঠাঁল গোটি পোৰ, মাছ পোৰা, ঔ-টেঙাৰে মাছ ৰন্ধা, পচলা, ঔ-টেঙাৰে মাছ ৰন্ধা, পচলা, কচু সিজোৱা, কোমোৰাৰে ৰন্ধা হাঁহৰ মাংস, অমিতাৰে ৰন্ধা পাৰৰ মাংস, বিভিন্ন 'বতা' যেনে পদিনা বতা, দালি বতা ইত্যাদি । জলপান যেনে কোমল চাউল, চিৰা বা সান্দহ-গুৰি কল, গুৰ মিঠৈ আৰু গাখীৰেৰে গ্ৰহণ কৰে । পঁইতা ভাত পথাৰ পৰা আহি গ্ৰহণ কৰে । আলহী-অতিথি বিভিন্ন লাৰু, পিঠা, ঘিলা পিঠা, চুঙা পিঠা, কল পিঠা, খোলা-চাপ্ৰি পিঠা । সৰিয়হ পেৰি উলিওৱা তেল বিভিন্ন ব্যঞ্জন প্ৰস্তুতিত ব্যৱহাৰ কৰা হয় । আহাৰ গ্ৰহণৰ পিছত তামোল-পাণ ব্যৱহাৰ কৰে । 


২। কলিতা জনগোষ্ঠীৰ আ-অলংকাৰ আৰু সাজ-পাৰৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ কলিতা জনগোষ্ঠীৰ আ-অলংকাৰঃ সোণ, ৰূপ আৰু পিতলেৰে তৈৰী বিভিন্ন অলংকাৰ কলিতাসকলে ব্যৱহাৰ কৰে । 


কলিতা জনগোষ্ঠীৰ সাজ-পাৰৰঃ মেখেলা-চাদৰ কলিতা মহিলাৰ জাতীয় সাজ-পাৰ, লগতে আগুৰণ, টেলচ, ৰিহা আদি পৰিধান কৰে । পুৰুষ,সকলে গামোচা, শালত বা লোৱা চুৰিয়া, চোলা পৰিধান কৰে । ৰঙা পাৰিৰ উললাম গামোচা ডাঙৰ সম্মান আৰু সৰুক মৰম যাঁচে ।

 

৩। কলিতা জনগোষ্ঠীৰ উৎসৱ-পাৰ্বনৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ কলিতা জনগােষ্ঠীয় লােকে পালন কৰা পর্ব বা উৎসৱসমূহৰ ভিতৰত গৰু বিহু , শাকতি বা শাকেতি , বাঁহ পূজা , ভথেলি , বহাগৰ সাত বিহু , মহােহাে বা ম'হ খেদা , ঢুলীয়া , ই ৰােৱা বা গজ দিয়া উৎসৱ , ধানৰ আগ অনা ( লখিমী আদৰা ) উৎসৱ , পাচতি , কাতি বিহু বা কঙালী বিহু , ধান তােলা উৎসৱ , ন - খােৱা , ভােগালী বিহু , ছােৱালী ডাঙৰ হােৱা পর্ব ( পুষ্পিতা বা ধুৱেনী ) ওজা পালি , নাগাৰা নাম আদি । 

৪। চমুটোকা লিখাঃ

ক) আনন্দৰাম বৰুৱা 

উত্তৰঃ আনন্দৰাম বৰুৱাৰ  জন্ম ইংৰাজী ১৮৫০ চনৰ মে' মাহৰ ২১তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত হৈছিল । তেওঁৰ  পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লেভেশ্বৰী বৰুৱা  । স্বদেশলৈ উভতি আহি তেখেতে পোন প্ৰথমে শিৱসাগৰ জিলাত  সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে   । তাৰ পাছত তেখেতে মৈমনসিংহ  জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে যোগদান কৰে  ।এনেদৰে বিভিন্ন জিলাত উচ্চ পদস্থ বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি ১৮৮৪ চনত নোৱাখালি জিলাৰ  মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়  । নোৱাখালী জিলাত থাকোতে তেখেতে বংগদেশৰ উন্নয়ন মূলক কাম কৰাৰ উপৰি তাত এটি গুৰুত্ৱপূৰ্ণ কাম আৰম্ভ  কৰে  । অসমৰ দৰে বংগদেশতো ভাষাৰ ভিন্নতা আছিল ।  এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদ সকলে মান্যভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা  অনুভৱ কৰিছিল যত তেখেতে এই গুৰুত্ৱপূৰ্ণ কামতো হাতত লৈছিল যদিওঁ সম্পৰ্ণ কৰিব নোৱাৰিলে  । ১৮৮৯ চনত তেখেতে বংগদেশত আকস্মিক ভাবে মৃত্যু বৰন কৰে  ।


(খ) কুমাৰ ভাস্কৰ বৰ্মা

উত্তৰঃ ৫৯৩ চনত কুমাৰ ভাস্কৰ বৰ্মা কামৰূপৰ ৰজা হৈছিল । তেওঁ প্ৰাচীন কামৰূপৰ শ্ৰেষ্ঠ ৰজা আছিল । তেখেতৰ দিনৰ পৰাই ভাস্কৰাব্দ গণনা কৰা হয় । উত্তৰ ভাৰতৰ ৰজা হৰ্ষৱৰ্ধনৰ সতে বন্ধুত্ব কৰিছিল । কুমাৰ ভাস্কৰ বৰ্মা দেশৰ সীমা ভৌগালিকভাৱে বিশালত কৰিছিল । ভাস্কৰ বৰ্মাৰ জুবি তাম্ৰলিপি, নিধানপুৰ তাম্ৰলিপি, নালন্দাৰ মোহৰ আদি কলিতা জনগোষ্ঠী তথা কলিতা জনগোষ্ঠীৰ তথা অসমৰ অমূল্য সম্পদ । ৬৫০ চনত কুমাৰ ভাস্কৰ বৰ্মাৰ মৃত্যু হয় । 


(গ) মণিৰাম দেৱান

উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভূক্তভােগী হােৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে । মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যােৰহাটৰ ওচৰৰ চিনামৰা’আৰু‘চেলেঙ’ত নিজাকৈ দুখন চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে । মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে বিভিন্ন প্রকাৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বার্থ ৰক্ষা কৰিবলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহােম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যােৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযােগ গ্রহণ কৰি অসমতাে সশস্ত্র সংগ্রাম প্রস্তুতি চলালে। এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্রমুখ্যে অন্যান্য সহযােগীসকলৰ লগত যােগাযােগ কৰি বিদ্ৰোহৰ প্রস্তুতি চলাবলৈ আহ্বান জনালে । অসমত ইতিমধ্যেই অসন্তুষ্ট হৈ থকা বিভিন্ন শ্রেণীৰ লােকক সংগঠিত কৰাত একো অসুবিধাইনহ'ল । চাৰিং ৰজা কর্পেশ্বৰ সিংহৰ বাসভৱন গােপন আলােচনাৰ কেন্দ্ৰ হৈ পৰিল । কিন্তু আঁচনি মতে কাম নহ'ল । প্রস্তুতি ভালেখিনি আগবঢ়াৰ সময়তে মণিৰাম দেৱানৰ বিদ্রোহ সম্পৰ্কীয় কিছুমান নথি-পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীনভাৱে মণিৰাম দেৱান আৰু তেওঁৰ সহযােগীসকলক আটক কৰা হ'ল। কোনাে আত্মপক্ষ সমর্থনৰ সুযােগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যােৰহাটত ফাঁচি দিলে। বয়স কম হােৱা বাবে কন্দপেশ্বৰ সিংহক পিছত মুকলি কৰি এটা পেন্সন দি গুৱাহাটীত আৱদ্ধ কৰি ৰাখে। অন্য কিছুমানক আজীৱন কাৰাবন্দী কৰি ৰাখিলে, বহুতকে সশ্রম কাৰাদণ্ড বিহা হ'ল আৰু আন কিছুমানৰ সম্পত্তি বাজেয়াপ্ত কৰি পেন্সন ৰদ কৰিলে।


(ঘ) ড° বাণীকান্ত কাকতি

উত্তৰঃ ১৮৯৪ চনৰ ১৫ নৱেম্বৰ তাৰিখে বাণীকান্ত কাকতিৰ জন্ম হৈছিল । তেখেতৰ পিতৃ নাম ললিতৰাম কাকতি আৰু মাতৃ নাম লহোবালা কাকতি । ১৯১১ চনত অসম উপত্যকাৰ ভিতৰত প্রথম স্থানেৰে ৭ বৰপেটা হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু ১৯১৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্রথম স্থানেৰে আই , এ 7 পৰীক্ষাত উত্তীর্ণ । কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি , এ আৰু এম , এ পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত ১৯১৮ = চনত কটন কলেজ , গুৱাহাটীত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৪৭ চনত অধ্যক্ষ হয় । পৰৱৰ্ত্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যােগদান কৰে । ১৯১৬ চনত বৰপেটাৰ কনকলতা ( দাস ) কাকতিৰ সতে বিবাহপাশত আৱদ্ধ । কলিতা জাতিৰ ইতিবৃত্ত ’ আদি কেবাখনাে গ্রন্থ ৰচনা কৰে । মূলতঃ কলিতা জনগােষ্ঠীয় ভাষাটিৰ আধাৰত অইন জনগােষ্ঠীসমূহৰ অৱদানেৰে সমৃদ্ধ হৈ হােৱা অসমীয়া’ভাষাটোক এটা স্বতন্তৰীয়া আধুনিক ভাষা বুলি ডঃ কাকতিদেৱে প্রতিষ্ঠা কৰিছিল । Assamese- It's Formation and Developement গ্রন্থখনিৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে তেখেতক ‘ ডক্তৰেট ’ উপাধি প্রদান কৰিছিল । ১৫ নৱেম্বৰ , ১৯৫২ চনত তেখেতে ইহলীলা সম্বৰণ কৰে ।


Answer By Apurba Kakati

Last Update by Krishna Bora (29-4-2022)