মাধৱদেৱ


 

চমু পৰিচয়

শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হয় ১৪৮৯ খ্ৰীঃ। তেখেতৰ জন্ম হয় লক্ষিমপুৰ জিলা নাৰায়ণপুৰ লেটেকু পুখুৰী নামৰ ঠাইত। তেখেতৰ মাতৃ নাম মনোৰমা আৰু পিতৃ নাম গোৱিন্দগিৰি।

কৰ্মজীৱন

শ্ৰীশ্ৰী মাধৱদেৱ আছিল অসমৰ নৱবৈষ্ণৱ ভক্তিধৰ্ম আন্দোলনৰ এগৰাকী গুৰি ধৰোঁতা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত মহাপুৰুষীয়াধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব তেখেতৰ ওপৰতে পৰে। শংকৰদেৱৰ সৈতে তেওঁ আহোম ৰাজ্যৰ উজনি অসম পৰিত্যাগ কৰে আৰু নামমি কোচ ৰাজ্যৰবৰপেটা জিলাত তেখেত থাকিবলৈ লয়। শংকৰদেৱৰ বৰপেটা ওচৰৰ চূণপোৰা এৰি পাটবাউসীত থাকিবলৈ লোৱা সময়তে মাধৱদেৱে গণককুছিত থাকিবলৈ লয়। এই সময়তে গুৰু শংকৰৰ সৈতে তেওঁ তীৰ্থভ্ৰমণলৈ যায়। শংকৰদেৱৰ বিয়োগৰ পাছত মহাপুৰুষ মাধৱদেৱে অসমৰ নৱবৈষ্ণৱধৰ্মৰ গুৰুত্ব দাঙি গ্ৰহণ কৰে। মাধৱদেৱ ৰ জীৱনকৰ শেষ সময়খিনি কোঁবেহাৰৰ ৰজা লক্ষ্মীনাৰায়নৰ ৰাজ্য ভেলাদুৱাৰত থাকিবলৈ লয়। তাতে তেওঁ মহাপ্ৰয়াণ ঘটে।

পুথি আৰু সত্ৰ  

শ্ৰীশ্ৰী মাধৱদেৱৰ স্থাপন কৰা সত্ৰ সমূহ হৈছে বৰপেটা সত্ৰ সুন্দৰী সত্ৰ আদি। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে কবি, নাট্যকাৰ, গীতিকাৰ, সুগায়ক, আৰু ধৰ্ম প্ৰচাৰক। বৰগীত, ভটিমা ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভোজন-ব্যৱহাৰ (এই পুথিখনক ভোজন-বিহাৰ বুলিও কোৱা হয়, ভূমি লেটোৱা, চোৰধৰা আৰু পিম্পৰা গুচোৱা আদিকে ধৰি মহাপুৰুষ জনাৰ পুথি প্ৰণয়ন কৰিছিল। তেখেতৰ শ্ৰেষ্ঠ কৃতিখনৰ নাম হৈছে 'নাম-ঘোষা'।


মাধৱ দেৱৰ বিষয়ে কিছু চমু প্ৰশ্ন আৰু উত্তৰ


Nayan Jyoti Bordoloi