মাধৱ কন্দলি
মাধৱ কন্দলি জন্ম হৈছিল ১৪ শতিকাত। মাধৱ কন্দলি আছিল অসমীয়া সাহিত্যৰ শংকৰ পূব যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল কবিৰাজ মাধৱ কন্দলী।(চতুৰ্দশ শতিকা মাধৱ কন্দলী পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল বাৰাহ (বৰাহী) ৰজা মহামাণিক্য। পুৰণি অসমৰ পূব-মধ্যাঅঞ্চলৰ কোনো অঞ্চলত এই ৰজাজনে ৰাজত্ব কৰিছিল বুলি ধাৰণা কৰা হয়। এইজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিয়েই মাধৱ কন্দলীয়ে বাল্মীকি-ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল। মাধৱ কন্দলীয়ে সম্পূৰ্ণ ৰামায়ণ অনুবাদ কৰিছিল; কিন্তু বৰ্তমান মাধৱ কন্দলীৰ ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড বাহিৰে মাজৰ পাঁচোটা কাণ্ডহে পোৱা যায়।
পৰৱৰ্তী সময়ত আদিকাণ্ড মহাপুৰুষ মাধৱেদেৱে আৰু উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰি মাধৱ কন্দলীৰ ৰামায়ণ সম্পূৰ্ণ কৰিছিল।
উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত প্ৰথমতে অসমীয়া ভাষাতেই মাধৱ কন্দলীয়েই সমস্কৃত ৰামায়ণ অনুবাদ কৰে। শংকৰদেৱ মাধৱ কন্দলী কাব্য-প্ৰতিভাক সন্মান জনাই অপ্ৰম্য়াদী কবি বুলি অভীহিত কৰিছিল।
মাধৱ কন্দলিৰ বিষয়ে কিছু চমু প্ৰশ্ন আৰু উত্তৰ
Nayan Jyoti Bordoloi
Class 9Assamese কিতাপৰ পৰা তুলি লোৱা হৈছে।