পদৰ ব্য়াপ্ততা

অনুশীলনী

1. তলত দিয়া বাক্য়সমূহক বচনলৈ ৰূপান্তৰ কৰা আৰু ব্য়াপ্ত পদ বাচি উলিয়াই আঁচ টানি দেখুওৱা।

(a) ধনী মানুহবোৰ সাধাৰণতে নম্ৰ হয়।

(b) কেইজন বাহিৰে সভাত সকলো সদস্যই উপস্থিত আছে।

(c) সকলো নাগৰিক দেশপ্ৰেমীক নহয়।

(d) কোনো সিংহ নহয় দ্বি-পদী।

(e) কেৱল দৃঢ়মানৰ লোকসকলেই বিপদৰ সন্মুখীন হ'ব পাৰে।

(f) অতি কম মানুহেই নিঃস্বাৰ্থ।

(g) কাচিৎহে মানুহৰ অনুশোচনা নহয়।

(h) শান্তি সকলোৰে কাম্য়।

(i) সত্ৰৰ সকলো কেওলীয়া ভকতেই অবিবাহিত।

(j) অধিকাংশ বিদ্য়াৰ্থীয়ে ইংৰাজী টান পায়।

(k) পৰাধীনতা কোনেনো ভাল পায়?

(l) সৎ ব্য়ক্তিসকল বিশ্বাসযোগ্য় হয়।


2. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) 'পদৰ ব্য়াপ্ততা'ৰ আলোচ্য় বিষয় কি?

(b) পদৰ ব্য়াপ্ততা বা অব্য়াপ্ততা বুলিলে কি বুজা?

(c) এটা বিশেষ সদৰ্থক বা I বচনত কি পদ ব্য়প্ত?

(d) বচন এটা নঞৰ্থক হ'লে কি পদ ব্য়াপ্ত হয়?

(e) 'কোনো উদ্ভিদ সৰ্বভোজী নহয়', এই বচনটোত দুয়োটা পদ ব্য়াপ্ত হয়নে?

(f) এটা উদ্দেশ্য পদ ব্য়াপ্ত বচনৰ উদাহৰণ দিয়া।

(g) সামান্য় বচনত উদ্দেশ্য পদৰ বাচ্য়াৰ্থ/ লক্ষণাৰ্থ বিবেচনা কৰা হয়।

(h) সামান্য় বচনত কেৱল 'উদ্দেশ্য' পদেই ব্য়াপ্ত। এই উক্তিটো সত্য়নে? নহয় যদি উদাহৰণসহ বুজাই লিখা।

(i) এটা নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত A বচনত কেৱল উদ্দেশ্য ব্য়াপ্ত হয়নে? নহয় যদি কিয়?

(j) উদ্দেশ্য পদ ব্য়াপ্ত হয় সাৰ্বিক/ বিশেষ বচনত।

(k) এটা বচনৰ উদ্দেশ্যৰ পৰিমাণ কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয়?


3. 'নঞৰ্থক' বচনত দুয়োটা পদেই 'ব্য়াপ্ত' উদাহৰণসহ বুজাই লিখা।


4. উদাহৰণসহ বুজাই লিখাঃ

(a) সামান্য় বচনত উদ্দেশ্য ব্য়াপ্ত হয়।

(b) O বচনত কেৱল বিধেয়হে ব্য়াপ্ত।

(c) I বচনত এটাও পদ ব্য়াপ্ত নহয়। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type: Sri Chinmay Kakati.