দৰ্শন

অনুশীলনী

1. দৰ্শন কি? দৰ্শনৰ লগত বিজ্ঞানৰ সম্বন্ধ বাখ্য়া কৰা। 

উত্তৰঃ সাধাৰণতে, ইন্দ্ৰীয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত থকা পৰমসত্তাৰ স্বৰুপৰ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ-বিশ্লেষণ আৰু ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা ব্যাখ্যাকে দৰ্শন বোলে।

2. বিজ্ঞান কাক বোলে? দৰ্শন আৰু বিজ্ঞানৰ পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সু-শৃংখলিত, প্ৰণালীবদ্ধ আৰু যুক্তিনিষ্ঠ বিশ্লেষণমূলক আলোচনাক বিজ্ঞান বোলে। দৰ্শন আৰু বিজ্ঞানৰ মাজৰ পাৰ্থক্য হল-
    (1) দৰ্শনৰ পৰিসৰ বিজ্ঞানৰ তুলনাত ব্যাপক।
    (2) উভয়ে বিচাৰ-বিশ্লেষণৰ দ্বাৰা অভিজ্ঞতালব্ধ জগতৰ ব্যাখ্যা কৰে।

3.  জ্ঞানমীমাংসা বা জ্ঞানবিদ্য়া কাক বোলে? জ্ঞানমিমাংসা বা জ্ঞানবিদ্য়াৰ লগত দৰ্শনৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ যি বিজ্ঞানে জ্ঞানৰ উৎস, ক্ৰমবিকাশ,সীমাবদ্ধতা, সাম্ভ্যৱতা সম্বন্ধে আলোচনা কৰে তাকে জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা বোলে।
     দৰ্শন আৰু জ্ঞানবিদ্যাৰ মাজতো এক ওতঃপ্ৰোত সম্পৰ্ক আছে। দৰ্শনে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সামগ্ৰিক ব্যাখ্যা দিবলৈ প্ৰথমে জ্ঞান কি, জ্ঞানৰ উৎস, সমভাৱ্যতা আৰু কিমানলৈ জ্ঞান পাব পাৰি তাক জানিবলৈ জ্ঞানবিদ্যাৰ সহায় লব লাগে। জ্ঞানবিদ্যা হল দাৰ্শনিক জ্ঞান অনুসন্ধানৰ প্ৰথম স্তৰ।
    অৱশ্যে জ্ঞানবিদ্যাতকৈ দৰ্শনৰ পৰিসৰ অতিব্যাপক, কাৰণ জ্ঞানবিদ্যা দৰ্শনৰ এটা বিভাগহে।
    আচলতে দৰ্শন আৰু জ্ঞানবিদ্যাৰ সম্বন্ধ হল অংশ আৰু তাৰ সমগ্ৰতাৰ লগত থকা সম্বন্ধৰ নিচিনা।

4. অধিবিদ্য়া বা তত্ববিদ্য়া কাক বোলে? দৰ্শন আৰু অধিবিদ্য়া বা তৰ্কবিদ্য়াৰ সম্বন্ধ বাখ্যা কৰা।

উত্তৰঃ দৰ্শনৰ যিটো শাখাৰ জৰিয়তে অভিজ্ঞতালব্ধ জগতৰ অন্তৰালত থকা মূলতত্ব বা পৰমসত্তাৰ যথাৰ্থ স্বৰুপ সম্পৰ্কে জ্ঞান লাভ কৰা যায় তাকে অধিবিদ্যা বা তত্ত্ববিদ্যা বোলে। দৰ্শন আৰু অধিবিদ্যা বা তত্ত্ববিদ্যাৰ মাজৰ সম্বন্ধৰ ক্ষেত্ৰত বিভিন্ন দাৰ্শনিকে ভিন্ন মত পোষণ কৰিছে। ভাববাদী দাৰ্শনিকৰ মতে দৰ্শন আৰু অধিবিদ্যাৰ মাজত কোনো পাৰ্থক্য নাই। দৰ্শনে অধিবিদ্যাৰ জৰিয়তে জগতৰ অন্তৰালত লুকাই থকা পৰমসত্তাৰ বিষয়ে আলোচনা কৰে। অধিবিদ্যা মানে হৈছে যি বিজ্ঞানৰ পিছত আছে আৰু বিজ্ঞানৰ পিছত অহা জ্ঞানৰ বিষয়ে দৰ্শনে জ্ঞান দিয়ে।

 5. প্ৰমূল্য়বিজ্ঞান কাক বোলে? দৰ্শনৰ লগত প্ৰমূল্য়বিজ্ঞানৰ সম্বন্ধ বাখ্যা কৰা।

উত্তৰঃ জ্ঞানবিদ্যা আৰু অধিবিদ্যাৰ উপৰিও দৰ্শনৰ এটা গুৰুত্ব ভাগ হল প্ৰমূল্যবিজ্ঞান। দৰ্শনৰ লগত প্ৰমূল্য বিদ্যাৰ সম্পৰ্ক ঘনিষ্ঠ। দৰ্শনে জীৱন আৰু জগতৰ সামগ্ৰিক ব্যাখ্যা দিবলৈ যাওঁতে প্ৰমূল্য বিদ্যাৰ দিশৰেও অধ্যয়ন কৰি ব্যাখ্য আগবঢ়ায়। দাৰ্শনিক জ্ঞানৰ পূৰ্ণতাপ্ৰাপ্তিৰ বাবে প্ৰমূল্য বিজ্ঞানৰ সহায় লব লগা হয়। দৰ্শনৰ মূল লক্ষ্য পৰমসত্তা আৰু প্ৰমূল্যবিজ্ঞানৰ আদৰ্শৰ পৰম মূল্যৰ মাজত কোনো পাৰ্থক্য নাই।

6. উত্তৰ দিয়াঃ

(a) ইংৰাজী philosophy শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে শব্দ দুটা কি কি ?

উত্তৰঃ ইংৰাজী philosophy শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে শব্দ দুটা হল- Philos আৰু Sophia.

(b) জ্ঞানবিদ্য়াৰ ইংৰাজী প্ৰতিশব্দ 'epistemology' দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে। শব্দ দুটা কি  কি?

উত্তৰঃ জ্ঞানবিদ্য়াৰ ইংৰাজী প্ৰতিশব্দ 'epistemology' দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে। শব্দ দুটা হল- Episteme আৰু Logos.

(c) জন ল'ক (Jhon Locke) ৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ জন ল'ক (Jhon Locke) ৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হল- ' An essay concerning Human Understanding .'

(d) 'Critique of pure reason' নামৰ গ্ৰন্থখনৰ লিখকজনৰ নাম লিখা।

উত্তৰঃ 'Critique of pure reason' নামৰ গ্ৰন্থখনৰ লিখকজনৰ নাম হল- ইমানুৱেল কাণ্ট।

(e) দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক কোনে দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে?

উত্তৰঃ দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক ওৱেৱাৰে দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে।

(f) অধিবিদ্য়াৰ ইংৰাজী প্ৰতিশব্দ কি?

উত্তৰঃ অধিবিদ্য়াৰ ইংৰাজী প্ৰতিশব্দ হল- ' Metaphysics '।

7. তলৰ উক্তিবৰোৰ সত্য়াসত্য় নিৰ্ণয় কৰাঃ

(a) বিজ্ঞানে সমগ্ৰ বিশ্বজগতৰ সামগ্ৰিক জ্ঞান দিয়ে।
উত্তৰঃ অসত্য

(b) তৰ্কীয় প্ৰত্য়ক্ষবাদী দাৰ্শনিকসকলে তত্ববিদ্য়াক নিৰৰ্থক আৰু অবাবৰ চিন্তা বুলি অবিভিত কৰিছে।
উত্তৰঃ সত্য

(c) গ্ৰীক দাৰ্শনিক প্লেটোৰ মতে দৰ্শন আৰু তত্ববিদ্য়াৰ মাজত কোনো পাৰ্থক্য় নাই।
উত্তৰঃ সত্য

(d) ইমানুৱেল কান্ট এজন জাৰ্মান দাৰ্শনিক আছিল।
উত্তৰঃ সত্য

(e) জল ল'ক এজন ব্ৰিটিছ দাৰ্শনিক আছিল।
উত্তৰঃ সত্য

(f) বিজ্ঞানো কোনো প্ৰত্য়য় বা ধাৰণাকে স্বতঃসিদ্ধ বুলি স্বীকাৰ নকৰে।
উত্তৰঃ অসত্য

8. সংজ্ঞা দিয়াঃ

(i) বিজ্ঞান।
উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সু-শৃংখলিত, প্ৰণালীবদ্ধ আৰু যুক্তিনিষ্ঠ বিশ্লেষণমূলক আলোচনাক বিজ্ঞান বোলে।

(ii) জ্ঞানমীমাংসা বা জ্ঞানবিদ্য়া।
উত্তৰঃ যি বিজ্ঞানে জ্ঞানৰ উৎস, ক্ৰমবিকাশ,সীমাবদ্ধতা, সাম্ভ্যৱতা সম্বন্ধে আলোচনা কৰে তাকে জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা বোলে।

(iii) তত্ববিদ্য়া।
উত্তৰঃ দৰ্শনৰ যিটো শাখাৰ জৰিয়তে অভিজ্ঞতালব্ধ জগতৰ অন্তৰালত থকা মূলতত্ব বা পৰমসত্তাৰ যথাৰ্থ স্বৰুপ সম্পৰ্কে জ্ঞান লাভ কৰা যায় তাকে অধিবিদ্যা বা তত্ত্ববিদ্যা বোলে।

(iv) প্ৰমূল্য়বিজ্ঞান।
উত্তৰঃ জ্ঞানবিদ্যা আৰু অধিবিদ্যাৰ উপৰিও দৰ্শনৰ এটা গুৰুত্ব ভাগ হল প্ৰমূল্যবিজ্ঞা বা আলোচনা, ব্যাখ্যা আৰু মূল্য অৱধাৰণ কৰাই দৰ্শনৰ কাম। গতিকে প্ৰমূল্য বিজ্ঞানৰ জৰিয়তে দৰ্শনে জীৱন আৰু জগতৰ মূল্য নিৰুপণ কৰে। সেয়ে দৰ্শনৰ পৰিসৰত আদৰ্শ বা মূল্যও অন্তৰ্ভুক্ত।

9. চমুটোকা লিখাঃ

(i) জ্ঞানবিদ্য়া।
উত্তৰঃ জ্ঞানবিদ্যা দৰ্শনৰ এটা প্ৰধান শাখা। জ্ঞানবিদ্যা শব্দৰ অৰ্থ হল বিদ্যা বা জ্ঞান। পাশ্চাত্য দৰ্শনৰ ইতিহাসত দেখা যায় যে গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ পূৰ্বৰ দাৰ্শনিকসকলে জ্ঞানবিদ্যা সম্বন্ধীয় কোনো আলোচনা নকৰাকৈ জগতৰ মূলতত্বৰ অনুসন্ধান কৰিছিল। জগতৰ আদি তত্ত্বৰ জ্ঞান সম্ভৱ হয় নে নহয়, সত্তা বা মূূলতত্ত্ব সম্বন্ধে জ্ঞান লাভ কৰিবলৈ মানুহৰ মনৰ ক্ষমতা আছে নে নাই ইত্যাদি প্ৰশ্ন তেওঁলোকৰ মনত উদয় হোৱা নাছিল। তেওঁলোকে ভাবিছিল- জগতৰ মূলত্বক কি তাক জানিব পাৰিলেই জগতৰ ব্যাখ্য দিব পৰা যাব। সেয়ে জ্ঞানবিদ্যা সম্বন্ধীয় কোনো আলোচনা নকৰাকৈ তেওঁলোকে জগতৰ মুলতত্ব বা সত্ত্বাৰ অনুসন্ধান কৰিছিল।  
    আধুনিক দৰ্শন জ্ঞানবিদ্যাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ব্ৰিটিছ দাৰ্শনিক জন লক এ 'An essay concerning human understanding' নামৰ গ্ৰন্থৰ জৰিয়তে সৰ্বপ্ৰথম জ্ঞানবিদ্যা সম্পৰ্কে আলোচনা কৰে আৰু জ্ঞান লাভৰ ক্ষেত্ৰত জ্ঞানবিদ্যা প্ৰয়োজনীয়তা স্বীকাৰ কৰে। কাণ্টৰ মতে সকলো দাৰ্শনিক অনুসন্ধানৰ ভেটি হল জ্ঞানবিদ্যা।

(ii) প্ৰমূুল্য়বিজ্ঞান।
উত্তৰঃ জ্ঞানবিদ্যা আৰু অধিবিদ্যাৰ উপৰিও দৰ্শনৰ এটা গুৰুত্ব ভাগ হল প্ৰমূল্যবিজ্ঞান বা আলোচনা, ব্যাখ্যা আৰু মূল্য অৱধাৰণ কৰাই দৰ্শনৰ কাম। গতিকে প্ৰমূল্য বিজ্ঞানৰ জৰিয়তে দৰ্শনে জীৱন আৰু জগতৰ মূল্য নিৰুপণ কৰে। সেয়ে দৰ্শনৰ পৰিসৰত আদৰ্শ বা মূল্যও অন্তৰ্ভুক্ত। প্ৰমূল্য বিজ্ঞানে তিনিটা পৰম মূল্যক আদৰ্শ হিচাপে লৈ জীৱন আৰু জগতৰ মূল্যায়ন কৰে। জীৱনৰ এই পৰমমূল্য তিনিটা হল- সত্য, সুন্দৰ আৰু শিৱ। এই তিনিটা আদৰ্শ বা প্ৰমূল্যক লৈ আমি জগতৰ বস্তু, জ্ঞান আৰু আচৰণৰ মূল্য বিচাৰ কৰো। প্ৰমূল্যবিজ্ঞানে আমাৰ এনে মূল্য বিচাৰ ব্যক্তিগত নে বস্তুগত, মানৱ জীৱনৰ পৰম আদৰ্শ বা মূল্য অৰ্থাৎ সত্য, শিৱ আৰু সুন্দৰৰ তাৎপৰ্য, ইয়াৰ যথাৰ্থতা আৰু পৰমসত্তাৰ লগত এই তিনিটা আদৰ্শৰ সম্বন্ধ কেনেধৰণৰ ইত্যাদিও আলোচনা কৰে।

(iii) অধিবিদ্য়া বা তত্ববিদ্য়া।
উত্তৰঃ দৰ্শনৰ যিটো শাখাৰ জৰিয়তে অভিজ্ঞতালব্ধ জগতৰ অন্তৰালত থকা মূলতত্ব বা পৰমসত্তাৰ যথাৰ্থ স্বৰুপ সম্পৰ্কে জ্ঞান লাভ কৰা যায় তাকে অধিবিদ্যা বোলে। অধিবিদ্যাৰ ইংৰাজী শব্দ হল Metaphysics। অধিবিদ্যাক তত্ত্ববিদ্যা নামেৰেও জনা যায়। তত্ত্ববিদ্যাৰ ইংৰাজী প্ৰতিশব্দ হল OntologyOntology মানে হল সত্তাৰ বিজ্ঞান।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)