বৰ্জিত পানীৰ কথা  


১। খালী ঠাই পূৰ কৰা-

 (ক) পানী-শোধন কৰাটো হৈছে  মলিয়ন আঁতৰকৰণ প্ৰক্ৰিয়া।

 (খ) ঘৰবোৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক  পূতিজল  বোলে।

 (গ) শুকান  পদাৰ্থ  ক সাৰ হিচাপে ব্যবহাৰ কৰা হয়।

 (ঘ) নৰ্দমাবোৰ  তেল  আৰু চৰ্বীজাতীয় বস্তু দ্বাৰা বন্ধ হৈ পৰিব পাৰে।

২) নলাৰে ওলায় যোৱা পূতিজল কি? নদী বা সাগৰলৈ পূতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা।

উত্তৰঃ- নলাৰে ওলায় যোৱা পূতিজল এক বৰ্জিত পানী বা মলিয়ন থকা পানী ।

আমি জানো যে পূতিজল এবিধ জটিল মিশ্ৰ য'ত গোটা, জৈৱ, আৰু অজৈৱ অশুদ্ধি, পোষক দব্য়ৰ লগতে পৰজীৱী আৰু ৰোগ বহনকাৰী বেক্টেৰিয়া আৰু অন্য়ান্য় অণুজীৱ আদি থাকে বাবে এইবোৰ উপচাৰ নকৰাকৈ নদী বা সাগৰলৈ এৰি দিয়াটো অপকাৰী হয়।

৩) তেল আৰু চৰ্বীজাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয়? ব্যাখ্যা কৰা।

উত্তৰঃ- নৰ্দমালৈ ৰন্ধন তেল আৰু চৰ্বী জাতীয় বস্তু এৰি দিয়াটো উচিত নহয়। সেইবোৰ টান হৈ নলাবোৰ বন্ধ কৰি দিব পাৰে। মুকলি নৰ্দমা এটাত চৰ্বীজাতীয় বস্তুৱে মাটিৰ ছিদ্ৰবোৰ বন্ধ কৰি মাটিখিনি পানী পৰিস্ৰাবন কৰা দক্ষতা হ্ৰাস কৰে। তেল আৰু চৰ্বীজাতীয় বস্তুবোৰ জাঁৱৰ পেলোৱা পাত্ৰ (ডাষ্টবিন)ত পেলাব লাগে।

৪) বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা।

উত্তৰঃ- ১।বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপোৰ, বাঁহ-কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনাৰ আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়।

       ২।  ইয়াৰ পাছত পানীখিনিক সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চবা জলধাৰালৈ পঠিওৱা হয়। ইয়াত বালি, মিহি শিল আৰু শিলৰ সৰু টুকুৰাসমূহ যাতে তলত পৰি ৰৈ যাব পাৰে তাৰ বাবে প্ৰবেশ কৰা মলিয়ন পানীখিনিৰ গতি হ্ৰাস কৰা হয়।

            ৩।ইয়াৰ পাছত মধ্য়ভাগলৈ হেলনীয়া এটা ডাঙৰ জলধাৰাত পানীখিনিক থিতাপি ল'বলৈ  দিয়া হয়। ইয়াত মল, বিষ্ঠাৰ দৰে গোটা বস্তুবোৰ তলিত গেদ হিচাপে পৰে আৰু এইবোৰক চোঁচনীৰ দ্বাৰা আঁতৰোৱা হয়। তেল আৰু তেলজাতীয় পদাৰ্থৰ দৰে ওপৰত ভাহি থকা অপ্ৰয়োজনীয় বস্তুবোৰ চেকনীৰে আঁতৰোৱা হয়। এনেদৰে চাফা কৰা পানীখিনিক পৰিষ্কৃত পানী বোলে। মলিয়ন বোকাখিনি এটা পৃথক জলধাৰালৈ স্থানান্তৰ কৰা হয় য'ত এইবোৰ অবায়বীয় বেক্টেৰিয়াৰ দাৰা পচিবলৈ দিয়া হয়। এই প্ৰক্ৰিয়াত উৎপাদিত জৈৱ গেছসমূহ ইন্ধন হিচাপে বা বিদ্য়ুৎ উৎপন্ন কৰিবলৈ ব্য়ৱহাৰ কৰা হয়। 

             ৪।   বায়বীয় বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে পৰিষ্কাৰ পানীখিনিৰ মাজেৰে পাম্পেৰে বায়ু সোমোৱাই দিয়া হয়। পানীখিনিত তেতিয়াও ৰয় যোৱা মানুহৰ মল-মূত্ৰ, বৰ্জিত খাদ্য়, চাবোন আৰু আন অপ্ৰয়োজনীয় পদাৰ্থসমূহ বেক্টিৰিয়াৰসমূহে শোষণ কৰি লয়। 

৫) মলিয়ন বোকা/ গেদ কি? ইয়াক কেনেদৰে শোধিত কৰা হয়?

উত্তৰঃ- মল, বিষ্ঠাৰ দ্বৰে গোটা বস্তুবোৰ চোঁচনীৰ দ্বাৰা আঁতৰোৱা হয়। এইবোৰে হ'ল মলিয়ন বোকা। 

    বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপোৰ, বাঁহ-কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনাৰ আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰবস্তুবোৰ ইয়াত আঁতৰ হয়। ইয়াৰ পাছত পানীখিনিক সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চবা জলধাৰালৈ পঠিওৱা হয়। ইয়াত বালি, মিহি শিল আৰু শিলৰ সৰু টুকুৰাসমূহ যাতে তলত পৰি ৰৈ যাব পাৰে তাৰ বাবে প্ৰবেশ কৰা মলিয়ন পানীখিনিৰ গতি হ্ৰাস কৰা হয়।।ইয়াৰ পাছত মধ্য়ভাগলৈ হেলনীয়া এটা ডাঙৰ জলধাৰাত পানীখিনিক থিতাপি লতি হ্ৰাস কৰা হ'বলৈ দিয়া হয়। ইয়াক মল, বিষ্ঠাৰ দৰে গোটা বস্তুবোৰ তলিত গেদ হিচাপে পৰে আৰু এই বোৰক গেদ বুলি কোৱা হয় আৰু ইয়াক চোঁচনীৰ দ্বাৰা আঁতৰোৱা হয়।

        ৬)নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মল- মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক। ব্যাখ্যা কৰা।

উত্তৰঃ-  আমাৰ বেছিভাগ মানুহে মুকলি ঠাইত, শুকাই যোৱা নদী ৰে'ল লাইন, পথাৰৰ ওচৰত আৰু বহু সময়ত পানীত পোনপটীয়াকৈ মল ত্য়াগ কৰে। স্বাস্থ্য়ৰ বাবে অপকাৰী। ই পানী আৰু মাটিৰ প্ৰদূষণ ঘটাব পাৰে ভূ-পৃষ্ঠৰ পানী আৰু ভূ-গৰ্ভস্থ পানী দুয়োবিধে প্ৰদূষিত হয়। কুঁৱা, দমকল, নিজৰা, আৰু বহুতো নদীৰ উৎস ভূগৰ্ভস্থ পানী। এইদৰে পানীজনিত ৰোগসমূহৰ বাবে পানী এক বাহক হিচাপে কাম কৰে। পানীজনিত এই ৰোগসমূহৰ ভিতৰত ক'লেৰা, টাইফয়েড, পলিঅ', মেনিনজাইটেছ, হেপাটাইটেছ আৰু গ্ৰহনী অন্য়তম ।

৭) পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক  দ্ৰব্যৰ নাম লিখা।

উত্তৰঃ- পানী বীজাণুমুক্ত কৰিবলৈ ব্য়ৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্য়ৰ নাম হ'ল- ক্ল'ৰিন আৰু অ'জ'ন ।

৮) মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰ কি? ব্যাখ্যা কৰা।

উত্তৰঃ- বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপোৰ, বাঁহ-কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনা আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়। 

৯) অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি ব্যাখ্যা কৰা।

উত্তৰঃ- বহু সংখ্য়ক ৰোগৰ কাৰণ হ'ল অনুপযোগী অনাময় ব্য়ৱস্থা আৰু দূষিত খোৱা পানী।

 আমাৰ বেছিভাগ মানুহে মুকলি ঠাইত, শুকাই যোৱা নদী ৰে'ল লাইন, পথাৰৰ ওচৰত আৰু বহু সময়ত পানীত পোনপটীয়াকৈ মল ত্য়াগ কৰে। স্বাস্থ্য়ৰ বাবে অপকাৰী। ই পানী আৰু মাটিৰ প্ৰদূষণ ঘটাব পাৰে ভূ-পৃষ্ঠৰ পানী আৰু ভূ-গৰ্ভস্থ পানী দুয়োবিধে প্ৰদূষিত হয়। কুঁৱা, দমকল, নিজৰা, আৰু বহুতো নদীৰ উৎস ভূগৰ্ভস্থ পানী। এইদৰে পানীজনিত ৰোগসমূহৰ বাবে পানী এক বাহক হিচাপে কাম কৰে। পানীজনিত এই ৰোগসমূহৰ ভিতৰত ক'লেৰা, টাইফয়েড, পলিঅ', মেনিনজাইটেছ, হেপাটাইটেছ আৰু গ্ৰহনী অন্য়তম ।

১০) এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভূমিকা কি? চমুকৈ লিখা।

উত্তৰঃ- এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে আমি পৌৰনিগম বা গাঁও পঞ্চায়তৰ কাষ চাপিব পাৰো। মুকলি নৰ্দমাসমূহ ঢাকিবলৈ দৃঢ় পদক্ষেপ লব পাৰো। যদি ওচৰ ঘৰৰ পৰা নলাৰে ওলাই যোৱা বৰ্জিত পানীয়ে অঞ্চলটোৰ অপৰিস্কাৰ কৰে তেতিয়াহ'লে তেওঁলোকক আনৰ স্বাস্থ্য়ৰ কথা ভাবিবলৈ অনুৰোধ জনাব পাৰোঁ। 

১১) এইটো এটা শব্দত শৃংখলৰ লেখঃ

 

 

 

 

 

 

 

গে  

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

পথালিকৈ

            (৩) বৰ্জিত পানী উপচাৰ প্ৰকল্পত প্ৰক্ৰিয়াৰ শেষ স্তৰত উৎপন্ন হোৱা এটা পদাৰ্থ যাক                    শুকান কৰি সাৰ হিচাবে ব্যৱহাৰ কৰা হয়।

            (৪) বৰ্জিত পানীত থকা এটা পোষক দ্ৰব্য।

            (৭) পানীত অপকাৰী আৰু অবাঞ্ছিত পদাৰ্থ মিহলি হোৱা প্ৰক্ৰিয়া।

থিয়কৈ

            (১) আধুনিক প্ৰযুক্তিৰে মানুহৰ মল-মূত্ৰ নিষ্পত্তিকৰণত উৎপাদন কৰা এক গেছীয়                      ইন্ধন।

            (২) এক পানীজনিত ৰোগ।

            (৫) আকাশীযান  আদিত ব্যৱহাৰ কৰা এক ধৰণৰ আধুনিক শৌচাগাৰ।

            (৬) পানীক বীজাণুমুক্ত কৰিবলৈ ব্যবহাৰ কৰা এক ৰাসায়নিক পদাৰ্থ।

১২) অনৰ বিষয়ে তলৰ উক্তিবোৰ পঢ়ি চোৱা

           (ক) জীৱৰ উশাহ-নিশাহৰ বাবে ই প্ৰয়োজন।

           (খ) পানীৰ বীজাণুনাশ কৰিবলৈ ইয়াক ব্য়ৱহাৰ কৰা হয়।

(গ) ই অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে।

(ঘ) বায়ুত ইয়াৰ অনুপাতৰ প্ৰায় ৩%।

উত্তৰঃ   (খ) পানীৰ বীজাণুনাশ কৰিবলৈ ইয়াক ব্য়ৱহাৰ কৰা হয়।

এই উক্তিকেইটাৰ কোনবোৰ  শুদ্ধ?

(i) (ক), (খ) আৰু (গ)

(ii) (খ) আৰু (গ)

(iii) (ক) আৰু (ঘ)

(iv) চাৰিওটা

উত্তৰঃ


Last Update by Dipawali Bora (02.05.2022)


Spelling Check By - Rajashri Bora 

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------