অৰণ্যঃ আমাৰ জীৱন ৰেখা 


অনুশীলনীঃ

১ ) অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা ৷ 

উত্তৰঃ- অৰণ্য়ত বাস কৰা প্ৰাণীয়ে অৰণ্য়খন বিভিন্ন ধৰণে বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে। প্ৰাণীৰ  মলৰ দ'মত বিভিন্ন গুবৰুৱা আৰু পোকে দ'মটোত খাই আছিল আৰু তাৰপৰা এথোপা গছপুলিৰ গজালি ওলাই আহিছিল। এই পুলিবোৰ শাক-বন আৰু গুল্ম জাতীয় উদ্ভিদৰ। প্ৰাণীবোৰে কিছুমান উদ্ভিদৰ গুটি বিস্তাৰিত কৰি অৰণ্য়ৰ বৃদ্ধিৰ লগতে পুনৰুজ্জীৱিত কৰাত সহায় কৰে। প্ৰাণীৰ পচা গোবৰে গছ-পুলি বাঢ়ি অহাত পোষক হিচাপেও সহায় কৰে।  

২ ) অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা । 

উত্তৰঃ- অৰণ্য়ও হ'ল বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক আৰু ই পানীখিনি মাটিৰ ভিতৰলৈ নিজৰি সোমাই যাবলৈ দিয়ে। গোটেই বছৰ জুৰি ভূ-গৰ্ভ জলপৃষ্ঠ অব্য়াহত ৰখাত সহায় কৰে। অৰণ্য়ই কেৱল বানপানী নিয়ন্ত্ৰণতে সহায় কৰে এনে নহয়। ই নৈ বা জানত পানীৰ প্ৰবাহ অব্য়াহত ৰখাতো সহায় কৰে যাতে আমি নিয়মিয়াকৈ পানী পাওঁ। আনহাতে যদি গছ গছনি নাথাকিলেহেতেন বৰষুণৰ টোপাল পোনে পোনে মাটিত পৰিলেহেতেন আৰু অঞ্চলটোৰ আশে পাশে বানপানীৰ সৃষ্টি কৰিলে হেতেন অত্য়াধিক বৰষুণে মাটি নষ্ট কৰিবও পাৰে। গছৰ শিপাই সাধাৰণতে মাটি খামোচ মাৰি ধৰি ৰাখে, কিন্তু ইয়াৰ অবিহনে পানীয়ে মাটি ধুৱাই নিব পাৰে বা খহনীয়া হ'ব পাৰে।     

৩ ) বিয়োজক কি ? দুবিধ বিয়োজকৰ নাম লিখা । সিহঁতে অৰণ্যত কি কৰে ? 

উত্তৰঃ- যিবোৰ অণুজীৱই পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰে তাকে বিয়োজক বুলি জনা যায়।

    দুবিধ বিয়োজকৰ নাম হ'ল- ভেঁকুৰ আৰু বেক্টেৰিয়া।

বিয়োজকবোৰে অৰণ্য়ত এটা বিশেষ ভূমিকা লয়। এই বিয়োজক বোৰে হিউমাছ তৈয়াৰ কৰে আৰু হিউমাছৰ উপস্থিতিয়ে মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোষক দ্ৰব্য় মাটিত মিহলি হোৱাটো নিশ্চিত কৰে। মাটিৰ পৰা এই পোষক দ্ৰব্য় পুনৰ জীৱিত উদ্ভিদৰ শিপাই শোষণ কৰি লয়। "অৰণ্য়ত যদি এটা প্ৰাণীৰ মৃত্য়ু ঘটে তেতিয়া মৃত প্ৰাণীবোৰ শগুন, কাউৰী, ফেউৰা, আৰু পতংগৰ আহাৰ হয়। এইদৰে পোষক দব্য়বোৰ চক্ৰাকাৰে চলি থাকে। গতিকে অৰণ্য়ত কোনো ধৰণৰ অপচয় নহয়।     

৪ ) বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন - ডাই - অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা ৷ 

উত্তৰঃ উদ্ভিদে খাদ্য় প্ৰস্তুত কৰিবলৈ  কাৰ্বন-ডাই-অক্সাইড ব্য়ৱহাৰ কৰে। উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত অক্সিজেন এৰি দিয়ে। উদ্ভিদবোৰে প্ৰাণীৰ শ্বসনৰ বাবে এইদৰে অক্সিজেনৰ যোগান ধৰি ইহঁতক সহায় কৰে। সিহঁতে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতাও ৰক্ষা কৰে।সেয়েহে অৰণ্য়ক হাওঁফাওঁ বুলি কয়। 

৫ ) অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা । 

উত্তৰঃ-   "অৰণ্য়ত যদি এটা প্ৰাণীৰ মৃত্য়ু ঘটে তেতিয়া মৃত প্ৰাণীবোৰ শগুন, কাউৰী, ফেউৰা, আৰু পতংগৰ আহাৰ হয় আৰু বাকী ৰোৱা অংশ মাটিত মিহলি হয় যায়।  এইদৰে পোষক দব্য়বোৰ চক্ৰাকাৰে চলি থাকে। গতিকে অৰণ্য়ত কোনো ধৰণৰ  সামগ্ৰী অপচয় নহয়।     

৬ ) অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা ।     

উত্তৰঃ- অৰণ্য়ৰ সামগ্ৰীৰ পৰা উৎপাদিত পাচঁবিধ বস্তুৰ নাম হ'ল- আঠা, তেল, মচলা, দিয়াচলাই কাঠি, কাগজ আদি।

৭ ) খালী ঠাই পূৰ কৰা – 

(ক) পতংগ , পখিলা , মৌমাখি আৰু চৰায়ে সপুষ্পক উদ্ভিদৰ  বংশবৃদ্ধিত সহায় কৰে। 

(খ) অৰণ্য হ'ল বায়ু  আৰু  মাটিৰ ৰ বিশুদ্ধি কাৰক। 

(গ) অৰণ্যৰ নিম্ন  স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত। 

(ঘ) পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত পোষক দব্য় ৰ বৃদ্ধি কৰে ।

৮) আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি চিন্তিত কিয় ?

উত্তৰঃ-

৯) অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্রয়োজনী বুজাই লিখা ।

উত্তৰঃ- অৰণ্য়ত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো এই কাৰণে প্ৰয়োজন কাৰণ অৰণ্য়ত থকা প্ৰাণী আৰু উদ্ভিদ বোৰে ইতোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। যেনেকৈ গছ নাথাকিলে মানুহ নাথাকিব কাৰণ গছৰ পৰা মানুহে অক্সিজেন পাই জীয়াই থাকে আৰু গছেও আমাৰ পৰা কাৰ্বন-ডাই-অক্সাইড পাই নিজৰ আহাৰ প্ৰস্তুত কৰাত সহায় পায়। থিক তেনেদৰে তৃণভোজী বা মাংসভোজী যিয়ে নহওক, সকলো প্ৰাণীয়ে খাদ্য়ৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। যিবিলাক জীৱই খাদ্য় হিচাপে উদ্ভিদ গ্ৰহণ কৰে, সেইবিলাকক অন্য় জীৱই খায় আৰু এই প্ৰক্ৰিয়াটো তেনেকৈ চলি থাকে। উদাহৰণস্বৰূপে- পতংগই ঘাঁহ খায়, পতংগক আকৌ ভেকুলীয়ে খায়। ভেকুলীক সাপে ভক্ষন কৰে। 

১০) চিত্র ১৭.১৫ ত শিল্পীজনে চিত্ৰৰ বিভিন্ন বস্তুবোৰ চিহ্নিত কৰিবলৈ আৰু কাঁড় চিহ্নৰ দিশ দিবলৈ পাহৰি গ’ল । কাড় চিহ্নৰ দিশ দিয়া আৰু তলত উল্লিখিত বস্তুবোৰ চিহ্নিত কৰা ।




মেঘ , বৰষুণ , বায়ুমণ্ডল , কার্বন - ডাই - অক্সাইড , অক্সিজেন, উদ্ভিদ, প্রাণী, মাটি, মূল, ভূ - গৰ্ভৰ জলপৃষ্ঠ 

১১ ) তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় ? 

(ক) আঠা (খ) প্লাইউড (গ) লা ঘ) কেৰাচিন 

উত্তৰঃ-  ঘ) কেৰাচিন 

১২ ) তলৰ কোনবোৰ উক্তি সত্য নহয় ? 

(ক) অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে । 

(খ) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় ।

(গ) অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্রভাৱ পেলায় ।

(ঘ) মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে । 

উত্তৰঃ-  (খ) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় ।

               (গ) অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্রভাৱ পেলায় ।

১৩) অনুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ'ল-

ক) বালি, খ) কাঠফুলা গ) হিউমাছ, ঘ) কাঠ    

উত্তৰঃ-  গ) হিউমাছ


  Type by- Arup Koch 

  Last Update by Dipawali Bora (02.05.2022) 

  Spelling Check By - Rajashri Bora 

     -------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------