Chapter 1 

প্ৰাচীন ভাৰতীয় ইতিহাসৰ পুনৰ্গঠন

 (Reconstructing Ancient Indian History)



MODEL QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ

১। প্ৰাচীন ভাৰতীয় ইতিহাস অধ্যয়নক পূৰ্ণতা প্ৰদান কৰা সমলসমূহ কি কি ?

উত্তৰঃ প্ৰাচীন ভাৰতীয় ইতিহাস অধ্যয়নক পূৰ্ণত প্ৰদান কৰা সমলসমূহ হল 

ক) প্ৰত্নতাত্ত্বিক সমল ।

খ) সাহিত্যিক সমল ।

গ) বিদেশী পৰিব্ৰাজকৰ টোকা । 

২। প্ৰত্নতাত্বিক খনন কাৰ্যৰ বাটকটীয়া কাক বোলে?

উত্তৰঃ প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ বাটকটীয়া বুলি জনছ প্ৰিন্সেপ, ফাৰগুচন, কানিংহাম আৰু ৰাজেন্দ্ৰলাল মিশ্ৰক বোলে । 

৩। Commentaria নামৰ গ্ৰন্থখনৰ ৰচক কোন ?

উত্তৰঃ  Commentaria নামৰ গ্ৰন্থখনৰ ৰচক হল Ciriaco de Pizzicollior Cyriacus ।

৪। প্ৰত্নতত্বৰ পিতৃ বুলিলে কাক বুজা ?

উত্তৰঃ  প্ৰত্নতত্ত্বৰ পিতৃ বুলিলে চিৰিঅকো ডে পিজিকলিওৰ চাইৰিয়াকাছক বুজা হয় ।

৫। প্ৰত্নতাত্বিক সমলসমূহক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ  প্ৰত্নতাত্ত্বিক সমলসমূহক তিনিটা ভাগত ভগাব পাৰি ।

৬। মুদ্ৰা বিষয়ক বিদ্যা কাক বোলে ?

উত্তৰঃ  মুদ্ৰা সংগ্ৰহ আৰু অধ্যয়ন বিষয়ক বিভাগকে মুদ্ৰা বিষয়ক বিদ্যা বোলা হয় । 

৭। কিমান খ্ৰীষ্টাব্দত আমেৰিকাত Royal Numismatic Society প্ৰতিষ্ঠা হৈছিল ?

উত্তৰঃ  ১৮৩৬ খ্ৰীষ্টাব্দত আমেৰিকাত Royal Numismatic Society প্ৰতিষ্ঠা হৈছিল । 

৮। মুদ্ৰা কি ?

উত্তৰঃ মুদ্ৰা হল প্ৰত্নতাত্ত্বিক উদঘাটনৰ এটা অন্যতম সমল । 

৯। মুদ্ৰা তৈয়াৰ কৰা ধাতুসমূহ কিহৰ আছিল ?

উত্তৰঃ মুদ্ৰা তৈয়াৰ কৰা ধাতুসমূহ সাধাৰণতে তাম, ৰূপ , আৰু ব্ৰঞ্জৰ আছিল । 

১০। পুৰালেখ বিদ্যা (Epigraphy) কি ?

উত্তৰঃ পুৰালেখ বিদ্যা হল প্ৰাচীন অনুদানসমূহ অধ্যয়ন কৰা পদ্ধতি । 

১১। Epigraphy শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ?

উত্তৰঃ  Epigraphic শব্দতো লেখন বা অভিলেখ শব্দৰ পৰা উপত্তি হৈছে । 

১২। বেদাংগসমূহ কেতিয়া ৰচনা কৰা হৈছিল ?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব আনুমানিক ৬০০-২০০ ৰ ভিতৰত বেদাংগসমূহ ৰচনা কৰা হৈছিল । 

১৩। আৰ্যসকলৰ ধৰ্মীয় সাহিত্যৰ অন্যতম গ্ৰন্থ কি ?

উত্তৰঃ আৰ্যসকলৰ ধৰ্মীয় সাহিত্যৰ অন্যতম গ্ৰন্থ হল স্মৃতিসমূহ । 

১৪। ভাৰতবৰ্ষৰ প্ৰথমখন স্মৃতি-সাহিত্য কি ?

উত্তৰঃ  ভাৰতবৰ্ষৰ প্ৰথমখন স্মৃতি সাহিত্য হল মনুস্মৃতি । 

১৫। হিৰ'ডটাছৰ গ্ৰন্থখন কি ?

উত্তৰঃ  হিৰ'ডটাছৰ গ্ৰন্থখন হল হিষ্টৰীকা ।  

চমু প্ৰশ্ন উত্তৰ

১। মুদ্ৰাবিষয়ক অধ্য়য়ন কেইটা শিতানত ভাগ কৰিব পাৰি ? আৰু কি কি লিখা ?

উত্তৰঃ মুদ্ৰাবিষয়ক অধ্যয়ন তিনিটা শিতানত ভাগ কৰিব পাৰি । যেনে 

ক) এক্স'নুমিয়া - ধাতুৰ মুদ্ৰা, পদক, শীলমোহৰ আদি সংক্ৰান্তত হোৱা অধ্যয়ন ।

খ)  ন''টাফিলি - কাগজী নোট সম্পৰ্কীয় অধ্যয়ন ।

গ) স্ক্ৰীণফিলি- তহবিল আৰু ঋণপত্ৰ সম্পৰ্কীয় আলোচনা । 

২। বেদাংগ কেইখন আৰু কি কি লিখা ?

উত্তৰঃ  বেদাংগ ছয়খন যেনে 

ক) শিক্ষা, খ) কল্প, গ) ব্যাকৰণ, ঘ) নিৰক্ত, ঙ) ছন্দ আৰু চ) জ্যোতিষ । 

৩। মধ্যাকৰ্ষণ শক্তিৰ সম্পৰ্কে কোনে পোন প্ৰথমে ব্যাখ্যা আগবঢ়াইছিল ? তেওঁৰ এখন গ্ৰন্থৰ নাম লিখা?

উত্তৰঃ  মাধ্যাকৰ্ষণ শক্তিৰ সম্পৰ্কে চাৰ আইজাক নিউটনে পোন প্ৰথমে ব্যাখ্যা আগবঢ়াইছিল । তেওঁৰ এখন গ্ৰন্থৰ নাম হল প্ৰিন্সিপ্ৰিয়া । 

৪। বৰাহমিহিৰৰ অন্যান্য গ্ৰন্থসমূহৰ নাম লিখা ?

উত্তৰঃ  বৰাহমিহিৰৰ অন্যান্য গ্ৰন্থসমূহৰ নাম হল 

ক) বৃহৎ সংহিতা ।

খ) বৃহৎ জাতক ।



৫। প্ৰত্নতাত্ত্বিক সমলসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি লিখা ?

উত্তৰঃ  প্ৰত্নতাত্ত্বিক সমলসমূহক তিনিটা ভাগত ভগাব পাৰি খননকাৰ্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষ, অভিলেখ আৰু মুদ্ৰা । 

ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ

১। ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক সমলসমূহৰ ভূমিকা বিষয়ে লিখা ।

উত্তৰঃ  ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক সমলসমূহৰ বিশেষ ভূমিকা আছে । ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা উপকৰণসমূহ, মঠ-মন্দিৰৰ ধ্বংসাৱশেষ ইত্যাদিৰ মাধ্যমেদি প্ৰাচীন ভাৰতীয় ইতিহাস সৰসভাৱে আলোচনা কৰিব পাৰি । অনস্বীকাৰ্য যে, অন্যান্য সমলবোৰৰ তুলনা ইতিহাস অধ্যয়নৰ বাবে প্ৰত্নতাত্ত্বিক সমল নিৰ্ভৰযোগ্য আৰু অপৰিসীম । কাৰণ প্ৰত্নতাত্ত্বিক সমলসমূহত পক্ষপাতদৃষ্টটা পৰিলক্ষিত নহয় । একেদৰে এইবোৰৰ সময় নিৰুপণ যথাযোগ্য আৰু নিৰ্দিষ্ট । প্ৰাচীন ভাৰতৰ ইতিহাস পুনৰগঠনৰ ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক সমলৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰিবলৈ যাওংতে ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰসংগ অতি উল্লেখযোগ্য । 

পুৰাতত্ত্ববিদ চাৰ উইলিয়াম জনছ আছিল এই সন্থাৰ সূত্ৰকাৰ । তেওঁ ১৭৭৪ খ্ৰীীঃত এছিয়াটিক ছচাইটী অৱ বেংগল স্থাপন কৰি সমগ্ৰ ভাৰতবৰ্ষতে খনন কাৰ্যৰ মাধ্যমেৰে পুৰাতাত্ত্বিক ক্ষেত্ৰৰ আৱিস্কাৰ , সংৰৰক্ষণৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছিল । পৰৱৰ্তী সময়ছোৱাত এই সন্থাৰ মুখ্য বাটকটীয়াসকল আছিল ক্ৰমে চাৰ জন প্ৰিন্সেপ, ফাৰগুচন, কানিংহাম আৰু ৰাজেন্দ্ৰলাল মিশ্ৰৰ দৰে ইতিহাস । আনহাতে ব্ৰিটিছ গৱৰ্ণৰ লৰ্ড কাৰ্জনৰ পৃষ্ঠপোষকতাত প্ৰত্নতত্ত্ব বিভাগ নামৰ এটা সুকীয়া শাখা ১৯০৩ খ্ৰীঃত প্ৰতিষ্ঠা হৈছিল । হৰপ্পা সভ্যতাৰ সম্ভেদ দিয়াৰ ক্ষেত্ৰত এই বিভাগৰ বিশেষ ভূমিকা লৈছিল । 

১১ শতিকাত মহম্মদ গজনীৰ সৈন্যবাহিনীৰ সৈতে অহা মুছলমান ইতিহাসবিদ আলবেৰুণীৰ ভাষ্য এই ক্ষেত্ৰত মন কৰিবলগীয়া আছিল । তেওঁৰ মতে হিন্দুসকল ঐতিহাসিক ঘটনাৰাজি সংৰক্ষণ কৰি থোৱাত অনিচ্ছুক আছিল । ৰাজবংশত একোজন শাসকবৰ্গ, অন্যান্য ঘটনাক্ৰমৰ ক্ষেত্ৰত তেওঁলোকে যথাযোগ্য তথ্য আগবঢ়াব পৰা নাছিল  আৰু এই সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা হলে চালে বেৰে কোবোৱা তথ্যৰে সাধু কোৱাৰ দৰে তেওঁলোকে ইতিহাস ব্যাখ্যা কৰিছিল ।  ইয়াৰ পৰা এইটো প্ৰতীয়মান হয় যে ভাৰতীয় লোকসকলৰ ঐতিহাসিক তথ্য সংৰক্ষণৰ ক্ষেত্ৰত থকা অসচেতনতাই প্ৰাচীন ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ৰ ইতিহাসবিদসকলক যথেষ্ট আহুকালত পেলাইছিল । অৱশ্যে প্ৰাচীন ভাৰতৰ সমাজ সম্পৰ্কে সম্ভেদ লাভ কৰিবলৈ ইতিহাসবিদসকলে বহুক্ষেত্ৰত প্ৰাচীন যুগৰ মহাকাব্য, নিৰপেক্ষ গ্ৰন্থৰাজি, স্তম্ভলেখ, ভ্ৰমণকাহিনী, আদিৰ সহায় লোৱা পৰিলক্ষিত হয় । সি, যি নহওক, খনন কাৰ্যৰ দ্বাৰা যিবোৰ নগৰ, প্ৰাসাদ ভগ্নাৱশেষ, স্থাপত্য-ভাস্কৰ্য উদ্ধাৰ হৈছে, সেইবোৰে সমসাময়িক আৰ্থ-সামাজিক, অৱস্থাৰ সম্পৰ্কে আভাস দিব পাৰে । 

 অৱশ্যে এনে ভগ্নাৱশেষসমূহৰ পৰা পোনপটীয়াকৈ ৰাজনৈতিক ইতিহাসৰ বিষয়ে তথ্য লাভ কৰিব পৰা নাযাবও পাৰে । কিন্তু প্ৰাসাদ, মন্দিৰসমূহৰ ভগ্নাৱশেষবোৰৰ পৰা কোনো এক সভ্যতাই পৰ্যায়ক্ৰমে কেনেদৰে উন্নতিৰ জখলাত আৰোহণ কৰিছে বা কেনেদৰে এইবোৰ নিৰ্মাণত কাৰিকৰী কৌশল ব্যৱহাৰ কৰা হৈছে ইত্যাদি বিষয়বোৰ আলোচনা কৰি সভ্যতাৰ উত্থান -পতন, সমাজ-সংস্কৃতি, ধৰ্মৰ ওপৰত সম্যক ধাৰণা কৰিব পৰা যায় । চীন-ভাৰতৰ ইতিহাস আলোচনাত এনে উপাদানসমূহে প্ৰভূত অৰিহণা আগবঢ়াইছে । হৰপ্পা, মহেঞ্জোদাৰো,ৰ নগৰ নিৰ্মাণশৈলী, স্তূপ, স্তম্ভলেখ, অশোকৰ শিলালিপি,অজন্তা-ইলোলাৰ গুহাত পোৱা চিত্ৰসমূহে সেই সময়ৰ সমৃদ্ধিশালী কলা-সংস্কৃতিক প্ৰতিনিধিত্ব কৰে । কেৱল ভাৰতৰ ভিতৰতে সমকালীন নিৰ্মাণশৈলী সীমাবদ্ধ নাথাকি দক্ষিণ-পূব এছিয়া, পৰ্যন্ত এনে নিৰ্মাণশৈলীয়ে প্ৰসাৰ লাভ কৰিছিল । প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰাসাদৰ ভগ্নাৱশেষ, স্থাপত্য-ভাস্কৰ্য আদিবোৰৰ ঐতিহাসিক গুৰুত্ব সৰ্বাধিক ।  উদাহৰণস্বৰূপে- অজন্তা-ইলোৰাৰ গুহা, বুদ্ধৰ বিভিন্ন ভংগীমাৰ মূৰ্তি আদিবোৰে প্ৰাচীন ভাৰতীয় শিল্প সমৃদ্ধি আৰু কলাৰ ক্ষেত্ৰত থকা দখলৰ বিষয়ে খতিয়ান দাঙি ধৰে । ।

ভাৰতবৰ্ষত প্ৰাক-ঐতিহাসিক সময়ৰ যথেষ্ট প্ৰত্নতাত্ত্বিক আহিলা আৱিস্কাৰ হৈছে এই আহিলাবোৰৰ অধিক অংশয়ে সমল প্ৰত্নপ্ৰস্তৰ যুগৰ ইয়াৰোপৰি বেলুচিস্তান, উত্তৰ-পশ্চিমভাৰত, গংগা-যমুনা অৱবাহিকা, মধ্যভাৰত দাক্ষিণাত্য, এই সকলো প্ৰান্ততে লৌহযুগ, তাম্ৰযুগৰ অনেক প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ উদ্ধাৰ হৈছে । 


Type: Apurba Kakati

Author  Ali rani Kakati ( Ba in History Major) 



Post ID : DABP005394