ষ্ঠ অধ্যায়                


ক্ৰয়োদশ শতিকাৰ অসম

Model Question & Answer 

প্রশ্নাৱলী

» অতি চমু প্রশ্ন (Very Short Questions ) :

১। পুৰাতাত্ত্বিক সমল মানে কি বুজা? (What is archaeological sources?)

Answerঃ  পুৰাতাত্ত্বিক সমল মানে হল অতীতৰ ভাঙি-চিঙি শেষ হৈ যোৱা ভগ্নাৱশেষবোৰ । 

২। কোনজন ৰজাই নামদাং নৈৰ ওপৰত শিলৰ সাঁকো নির্মাণ কৰিছিল? (Who built stone bridge on Mamdang River.)

Answerঃ  স্বৰ্গদেউ ৰুদ্ৰসিংহই নামদাং নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল । 

৩। কছাৰীসকলৰ এটি স্থাপত্যৰ নাম লিখা। (Write the name of one Kachari architecture.)

Answer কছাৰীসকলৰ এটা স্থাপত্যৰ নাম হল ৰূপৰ মুদ্ৰা । 

৪। আহোম যুগৰ এখন শৈললিপিৰ নাম উল্লেখ কৰা। (Mention one rock inscription of Ahom Period)

Answerঃ আহোম যুগৰ এখন শৈললিপিৰ নাম হল কানাইবৰশী শৈললিপি ।

৫। লিপি জাৰি কৰা এজন কছাৰী ৰজাৰ নাম লিখা। (Write the name of one Kachari King who Inscribed inscriptions)

Answerঃ  লিপি জাৰি কৰা এজন কছাৰী ৰজাৰ নাম হল মহামাণিক্য । 

৬। মির্জা নাথনে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? (What is the name of the book written by Mirza Nathan)

Answerঃ মিৰ্জা নাথনে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল বাহৰিস্থান-ই ঘাইবী । 

৭। আহোম মুদ্ৰাসমূহৰ আকৃতি কেনেকুৱা আছিল? (What is the shape of the Ahom Coins?)

Answerঃ আহোম মুদ্ৰাসকলৰ আকৃতি আছিল অষ্টভূজ । 

৮। অসমত আহোম শাসনৰ প্ৰতিষ্ঠাতা কোন আছিল? (Who was the founder of Ahom rule in Assam?)

Answerঃ অসমত আহোম শাসনৰ প্ৰতিষ্ঠাতা আছিল চাওলুং চুকাফা । 

৯। অসমত কোচ শাসনৰ প্ৰতিষ্ঠাতা কোন আছিল? (Who was the founder of Koch rule in Assam)

Answerঃ অসমত কোচ শাসনৰ প্ৰতিষ্ঠাতা আছিল বিশ্বসিংহ । 

১০। বৰপাহি বুৰঞ্জীক অন্য কি নামেৰে জনা যায়? (What is the other name of 'Barpahi Buranji'?)

Answerঃ বৰপাহি বুৰঞ্জীক লাই-লিক বুৰঞ্জী নামেৰে জনা যায় । 

● চমু প্রশ্ন (Short Questions ) :


১। আহোম যুগৰ দুটা গড়ৰ নাম উল্লেখ কৰা। (Mention two ramparts of Ahom period)

Answerঃ আহোম যুগৰ দুটা গড়ৰ নাম হল 

ক) নুমলীগড় ।

খ) শদিয়াগড় । 

২। আহোম যুগৰ দুটা আলিৰ নাম লিখা। (Write the name of two roads of Ahom period)

Answerঃ আহোম যুগৰ দুটা আলিৰ নাম হল 

ক) অকাৰ আলি ।

খ) অসুৰৰ আলি । 

৩। আহোম যুগৰ দুটা পুখুৰীৰ নাম লিখা। (Write the name of two ponds of Ahom period)

Answerঃ আহোম যুগৰ দুটা পুখুৰীৰ নাম হল 

ক) জয়সাগৰ পুখুৰী ।

খ) গৌৰীসাগৰ পুখুৰী । 

৪। চুতীয়াসকলৰ দুখন লিপি উল্লেখ কৰা। (Mention two inscriptions of the Chutias)

Answerঃ চুতীয়াসকলৰ দুখন লিপি হল 

ক) বৰমুতীয়া বিল তাম্ৰশাসন ।

খ) কোঁৱৰগাও তাম্ৰশাসন । 


৫। দুখন বুৰঞ্জীৰ  নাম লিখা। (Write the name of two buranjis.)

Answerঃ দুখন বুৰঞ্জীৰ নাম হল 

ক) লাই-লিক বুৰঞ্জী ।

খ) লিট বুৰঞ্জী । 


→ চমুটোকা (Short Notes) :

১। বুৰঞ্জীসমূহ (Buranjis)

Answerঃ বুৰঞ্জীসমূহত আহোম ৰাজত্বকালৰ বহু তথ্য সন্নিবিষ্ট হৈ আছে । আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চ্যাত চাওলুং চুকাফাৰ সময়ৰ পৰাই তথ্য সংৰক্ষণত গুৰুত্ব দিয়া দেখা গৈছিল । প্ৰথম অৱস্থাত বিভিন্ন ঘটনাৰাজি টাই-আহোম ভাষাত লিপিবদ্ধ কৰা হৈছিল । পাছলৈ আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত অসমীয়া ভাষাত বুৰঞ্জী লিখা প্ৰথাৰ প্ৰচলন হয় । এই বুৰঞ্জীসমূহ সাচি বা অগৰু গছৰ ছালৰ পৰা বিশেষভাৱে প্ৰস্তুত কৰা এবিধ কাগজ বা ফলিত লিখা হৈছিল । এই ফলিসমূহ সাঁচিপাত হিচাপে জনা গৈছিল । এই সাচিপাতৰ ওপৰত ৰং বা চিঞাহীৰে লিখা হৈছিল । টাই-আহোম ভাষাত বুৰঞ্জীসমূহক দুই ধৰণে জনা যায় 

ক) লাই-লিক বুৰঞ্জী ।

খ) লিট বুৰঞ্জী । 

লাই-লিক বুৰঞ্জীত বিভিন্ন দিশ সামৰি লোৱা হয় । অসমীয়াত এইবিধ বুৰঞ্জী বৰপাহি বুৰঞ্জী হিচাপে জনা যায় । 

আহোমৰ লিট বুৰঞ্জীসমূহত কেৱল এটা বিষয়হে সামৰি লোৱা দেখা যায় । এই বুৰঞ্জীক অসমীয়াত কথা-বুৰঞ্জী বা কথা হিচাপে জনা যায় । মধ্য যুগৰ তথ্যৰ যোগান ধৰা বুৰঞ্জীসমূহ হল 

ক) আহোম বুৰঞ্জী ।

খ) পুৰণি অসম বুৰঞ্জী ।

গ) দেওধাই অসম বুৰঞ্জী ।

ঘ) সাতসৰী অসম বুৰঞ্জী ।

ঙ) বেইছালি হুকং বুৰঞ্জী । 


২। মুদ্রাসমূহ (Numismaties)

Answerঃ মুদ্ৰাসমূহৰ অধ্যয়নক  নিউমিচমেটিকছ হিচাপে জনা যায় । মধ্যযুগৰ অসমৰ ইতিহাসৰ পুনৰ নিৰ্মাণৰ বাবে বহুতো মুদ্ৰা পোৱা গৈছে ।  আহোম ৰজাসকলৰ সময়ৰ মুদ্ৰাসমূহৰ পৰা সমসাময়িক অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয় , সামাজিক আদি দিশত বিভিন্ন তথ্য পোৱা গৈছে । এতিয়ালৈকে আৱিস্কাৰ হোৱা আহোম যুগৰ মুদ্ৰাসমূহৰ ভিতৰত আটাইতকৈ পুৰণি মুদ্ৰা হল ;চুক্লেনমুং বা গড়গঞা ৰজাৰ দিনৰ মুদ্ৰা । আহোম যুগৰ মুদ্ৰাসমূহত তিনিটা ভাষাৰ প্ৰয়োগ কৰিছিল যদিও মধ্যৱৰ্তী সময়ছোৱাত সংস্কৃত ভাষা আৰু পাছলৈ লিপিসমূহ অসমীয়া ভাষাত লিপিবদ্ধ কৰিছিল । বৰৰজা ফুলেশ্বৰীৰ সময়ৰ মুদ্ৰাত পাৰ্চী ভাষা আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই জাৰি কৰা মুদ্ৰাত পাৰ্চী আৰু দেৱনাগৰী লিপিৰ প্ৰয়োগ কৰা দেখা যায় । 

আহোম যুগৰ মুদ্ৰাসমূহৰ আকৃতি আছিল অষ্টভূজ । মুদ্ৰাসমূহৰ এপিঠিত ৰজাৰ নামটোৰ লগতে চন-তাৰিখ আৰু অন্য পিঠিত উপাস্য হিন্দু দেৱ-দেৱীৰ ছবি খোদিত কৰা হৈছিল । বৰৰজা ফুলেশ্বৰীয়ে চতুৰ্ভূজ আকৃতিৰ মুদ্ৰা আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই অন্যান্য আকৃতিৰ মুদ্ৰাও জাৰি কৰিছিল । সেই সময়ৰ মুদ্ৰাসমূহ টকা, আদ টকা, মহা, আদ মহা, শিকি, দুৱনী, আদি নামেৰে জনা গৈছিল । সোণৰ মুদ্ৰাৰ প্ৰচলন আছিল । তামৰ মুদ্ৰাৰ ব্যৱহাৰৰ তথ্য পোৱা নাই । 

আহোম ৰাজত্বৰ শেষৰফালে উজনি অসমত মটকসকল শক্তিশালী হৈ উঠিছিল । মটক ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহই নিজৰ নামত মুদ্ৰা জাৰি কৰিছিল । নৱভূজাকৃতিৰ এই মুদ্ৰাসমূহত অসমীয়া ভাষাৰ লিপি ব্যৱহাৰ কৰা হৈছে ।  অন্য এজন মটক ৰজা ভৰত সিংহয়ো নিজৰ নামত মুদ্ৰা জাৰি কৰিছিল । নৱভূজাকৃতিৰ এই মুদ্ৰাসমূহ ভৰত সিংহয়ে নিজকে নৰক-ভগদত্ত বংশৰ বুলি দাবী কৰিছিল । 



৩। চুকাফা (Sukafa)

Answerঃ  চাওলুং চুকাফা আছিল অসমত আহোম  ৰাজ্যৰ প্ৰতিস্থাতা । কিংবদন্তী অনুসৰি তেোঁ আছিল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ বংশধৰ । প্ৰচলিত প্ৰবাদ অনুসৰি চুকাফাৰ পিতৃ চাও-চাং ন্যিও আদিতে বা প্ৰথমতে মুংৰিমুংৰামত      বাস কৰিছিল । কিছুবছৰৰ পাছত তেওঁ মুংৰিমুংৰামৰ পৰা পশ্চিম দিশলৈ আগবাঢ়ি আহি মুংখামুংজা আৰু মংপ-মন-খাম পাৰ হৈয়ে কিয়েং-চেন-মাও লুঙত উপস্থিত হয় । এই কিয়ে-চেন-মাওলুং নামৰ ঠাইখন মংমাও ৰাজ্যৰ ৰাজধানী আছিল । মাওঁলুঙতে চুকাফাৰ পিতৃ চাও-চেং-ন্যিওৱে নাং মং ব্লাক-খাম-চেনক বিবাহ কৰাইছিল । 

১২১৫ খ্ৰীঃত চুকাফাই মংমাও ৰাজ্য এৰি আহিছিল । ঐতিহাসিকসকলৰ মতে মংমৈও এৰি আহিবৰ সময়ত চুকাফাই লগত তিনিগৰাকী পত্নী, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে দুটা হাতী, তিনিশ ঘোঁৰা, আৰু নহেজাৰ টাই লোক লগত লৈ আহিছিল । প্ৰায় ডেৰশবছৰ ধৰি কৰা অভিযানৰ শেষত তেওঁলোকে মংমাওৰ পৰা মং-কোৱাং হৈ পাটকাইত উপস্থিত হৈছিল । চুকাফাই ম্যানমাৰৰ সীমান্তত থকা নগালোকসকলক দমন কৰিছিল । পাটকাই বা দৈওকাওঁ ৰঙৰ পৰা নাামনিমুৱা হৈ নামৰূক নদী পাইছিল । এই নদীয়েদি আগুৱাই গৈ বুঢ়ীদিহিং নদীৰ সংযোগস্থলত উপস্থিত হয়হি । তাৰ পৰা কিছুদূৰ আগুৱাই গৈ তেওঁলোকে মংলা-খেন-তেন চাও এখন প্ৰদেশ স্থাপন কৰি খুন-তাঙক তাৰ শাসনকৰ্তা পাতে । ফলত সেই অঞ্জলৰ নগাসকলে তেনেদৰে তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰিছিল । 

লাখেন-তেলচাৰ পৰা চুকাফাই সহযোগীসকলৰ সৈতে বুঢ়ীদিহিঙেদি ভটিয়াই গৈ নাহৰকটীয়াৰ পূব দিশত থকা টিপাম পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে । টিপামত তিনি বছৰ থকাৰ পাছত চুকাফাই সুবিধাজনক ঠাই বিছাৰি কেইবাবছৰো ঘুৰি ফুৰে । তেওঁ অভয়পুৰ, দিখৌমুখ, চন্টক, শিমলুগুৰি আদি ঠাইত কেইবছৰমান কটোৱাৰ পাছত ডিমৌত ছবছৰ থাকে । ডিমৌৰ পৰা গৈ লাংতে-ফাত এখন নগৰ প্ৰতিষ্ঠা কৰে । কিন্তু তাতো  বানপানীয়ে সমস্যা কৰাত চৰাইদেউত এখন নতুন নগৰ প্ৰতিষ্ঠা কৰি ১২৫৩ খ্ৰীঃত চৰাইদেইত আহোমৰ স্থায়ী ৰাজধানী পাতে । 


৪। চুতীয়াসকল (Chutias)

Answerঃ পালসকলৰ পতনৰ পাছত কামৰূপৰ ভাঙোন আৰম্ভ হওতে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত জনজাতীয় ৰাজ্য গঠনৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই ৰাজ্যসমূহৰ ভিতৰত চুতীয়া ৰাজ্য আছিল অন্যতম । এই চুতীয়াসকলৰ ৰাজ্য পশ্চিমে সোৱণশিৰিৰ উপনদী চিচিৰ পৰা পূবে ব্ৰহ্মপুত্ৰ  আৰু উত্তৰে হিমালয়ৰ পাদদেশৰ পাহাৰ সমূহৰ পৰা দক্ষিণে বুঢ়ীদিহিংলৈকে বিস্তৃত আছিল ।

চুতীয়াসকল মঙ্গোলীয়মূলৰ আৰু ভাষাৰ ফালৰ পৰা বড়ো-কছাৰীসকলৰ ভাষাৰ লগত তেওঁলোকৰ ভাষাৰ বহু মিল দেখা যায় ।

চুতীয়াসকলৰ কেইবাটাও ভাগ থকাৰ কথা জানিব পাৰি । যেনে হিন্দু চুতীয়া, বৰাহী চুতীয়া, দেউৰী চুতীয়া, আহোম চুতীয়া, আৰু মিৰি চুতীয়া । এই ভাগবোৰে অৱশ্যে কোনো গোষ্ঠীগত বিভাজন নাছিল । যিসকল চুতীয়ালোকে প্ৰথমে হিন্দুধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোক হিন্দু চুতীয়া হিচাপে পৰিচিত হৈ পৰিছিল । দেউৰী চুতীয়াসকল আছিল চুতীয়া জাতিৰ পুৰোহিত এই দেউৰী চুতীয়াসকলেই অতীজৰে পৰা চুতীয়া জাতিৰ ধৰ্ম, ভাষা আৰু প্ৰথাসমূহ সংৰক্ষণ কৰি আহিছে । হিন্দু চুতীয়াসকলতকৈ পাছত হিন্দুধৰ্ম গ্ৰহণ কৰা চুতীয়াসকল বৰাহী চুতীয়া হিচাপে জনা গৈছিল । আহোম আৰু চুতীয়াৰ মাজত হোৱা বৈবাহিক সম্পৰ্কৰ ফলত যিসকল চুতীয়াৰ সৃষ্টি হৈছিল তেওঁলোকে আহোম-চুতীয়া হিচাপে জনা গৈছিল । একেদৰেই মিৰি আৰু চুতীয়াৰ বৈবাহিক সম্পৰ্কৰ ফলত উদ্ভৱ    হৈছিল মিৰি চুতীয়াসকলৰ । অৱশ্যে পাছলৈ দেউৰী চুতীয়াসকলৰ বাহিৰে বাকী সকলো কেৱল চুতীয়া নামেৰেই পৰিচিত হৈছিল । চুতীয়াসকলৰ নিজস্ব ভাষা আছিল ।  

৫। ভূঞাসকল (Bhuyans)

Answerঃ পাল ৰাজবংশৰ পতনৰ পাছত কামৰূপ ৰাজ্যৰ ভাঙোন আৰম্ভ হৈ বহুতো সৰু সৰু ৰাজ্যৰ সৃষ্টি হৈছিল । সেইসমূহৰ ভিতৰত ভূঞা নামৰ এচাম নতুন শাসকে মূৰ দাঙি উঠিছিল । পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ মাটি আৰু মাটি চহ কৰিবলৈ বনুৱা মঞ্জৰী হিচাপে পাই অহা সামন্ত শ্ৰেণীটোৰ পৰাই ভূঞাসকলৰ আৱিৰ্ভাৱ হৈছিল বুলি ধাৰণা কৰা হয় । এই সামন্ত শ্ৰেণীটো জনজাতীয় কৰতলীয়া ৰজাসকল আৰু তেওঁলোকৰ অধীনৰ বিষয়াসকল , পূৰ্বৰ শাসন ব্যৱস্থাৰ উচ্চ বিষয়া  আৰু তেওঁলোকৰ বংশধৰসকল আৰু পাছলৈ কনৌজপুৰীয়া কায়স্থসকলকলৈ গঠিত হৈছিল । এই সামন্ত শ্ৰেণীটোৰ হাতত অপৰ্যাপ্ত ধন-সম্পত্তি আৰু সৈন্যবল থকাৰ বাবে কোনো ৰাজশক্তি দুৰ্বল যেন পালেই নিজকে স্বাধীন হিচাপে ঘোষণা কৰিছিল । কিন্তু কোনো শক্তিশালী ৰজা শাসনলৈ আহিলেই তেওঁলোকে ততালিকে বশ্যতা স্বীকাৰ কৰি ৰজাৰ তলত সাধাৰণ সামন্তৰ দৰে থাকিছিল । প্ৰথম অৱস্থাত ভূঞাসকলে উত্তৰ পাৰে দিকৰাই আৰু বৰনদীৰ মাজৰ অঞ্চলত নিজৰ ক্ষমতা বিস্তাৰ কৰিছিল । কামৰূপৰ ৰজা সন্ধ্যাৰ ৰাজত্বকালৰ শেষৰফালে এই ভূঞাসকলে পশ্চিম অসমলৈও নিজৰ ক্ষমতা বিস্তাৰ কৰিছিল । 

ভূঞা শব্দৰ অৰ্থ হল ভূ-স্বামী বা ভূমিৰ গৰাকী বা মাটিৰ মালিক ।  সংস্কৃত ভাষাৰ ভৌমিক আৰু ফাৰ্চী ভাষাৰ জমিদাৰ ভূঞা শব্দৰ সমাৰ্থক শব্দ । অধিক পৰিমাণৰ মাটিৰ মালিক হৈ শক্তিশালী হৈ উঠা যিকোনো লোকেই ভূঞা হব পাৰিছিল । সেইবাবে ভূঞাসকল এটা শ্ৰেণী আছিল , জাতি নাছিল । অসমৰ ভঞাসকলৰ উদ্ভৱ সম্পৰ্কে দুটা মত প্ৰচলিত থকা দেখা যায় । পশ্চিম অসমত প্ৰচলিত এটা মতবাদ অনুসৰি খ্ৰীঃ চতুদৰ্শ শতিকাৰ প্ৰথমভাগত গৌড়ৰ ৰজা ধৰ্মনাৰায়ণ আৰু কামৰূপৰ ৰজা দুৰ্লভনাৰায়ণৰ মাজত হোৱা চুক্তি অনুসৰি ভূঞাসকল গৌড়দেশৰ পৰা কামৰূপলৈ আহিছিল । ভূঞাসকল আদিতে কনৌজত বাস কৰিছিল । তুৰ্কী-মুছলমানসকলে কনৌজ অধিকাৰ কৰাত তেওঁলোক প্ৰথমে গৌড় ৰাজ্যলৈ আৰু তাৰ পাছত কামৰূপলৈ আহে । কমতাৰাজ দুৰ্লভনাৰায়ণে এই ভূঞাসকলক প্ৰথমে হাজোৰ পূবত আৰু বৰনদীৰ পশ্চিমে থকা ভূটান সীমান্তৰ লেঙ্গেনাগুৰি নামৰ ঠাইত স্থাপন কৰিছিল । 

ৰচনাধৰ্মী প্রশ্ন (Essay type questions) :


১। আহোম ৰাজ্য প্ৰতিষ্ঠাৰ সময়ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাজনৈতিক অৱস্থা বর্ণনা কৰা। (Describe the political conditions of the Brahmaputra vally at the time of foundation of the Ahom Kingdom.)

Answerঃ  কামৰূপ ৰাজ্যৰ ভাঙোন ঃ পালসকলৰ পতনৰ লগে-লগে কামৰূপ ৰাজ্যৰ ভাঙোন আৰম্ভ হয় । খ্ৰীঃ দ্বাদশ শতিকাত প্ৰাগজ্যোতিষ কামৰূপত পাল ৰাজবংশৰ পতন আৰু খ্ৰীঃ ত্ৰয়োদশ শতিকাৰ আৰম্ভণিত হোৱা তুৰ্কী-আফগানসকলৰ কামৰূপ আক্ৰমণৰ ফলত প্ৰাচীন অসমৰ ৰাজনৈতিক ক্ষেত্ৰত বহুতো পৰিৱৰ্তন আহি পৰে । পালবংশৰ শেষৰজন ৰজা জয়পালে নগাও আৰু কামৰূপৰ কিছু অংশ সামৰি লৈ আনুঃ ১১৫০ লৈ ৰাজত্ব কৰিছিল বুলি অনুমান কৰা হয় । জয়পালৰ শাসনকালতে গৌড়ৰ ৰজা ৰামপালে সেনাপতি মায়নৰ সহযোগত কামৰূপৰ এটা অংশ অধিকাৰ কৰিছিল ।    এই জয় কৰা অঞ্চল আৰু পুন্দ্ৰবৰ্দ্ধন সামৰি তেওঁ তিংগদেৱ নামৰ এজন লোকক শাসনকৰ্তা পাতে । পাছত তিংগদেৱক হত্যা কৰি বৈদ্যদেৱ নামৰ কামৰূপৰ এজন যুৱক পশ্চিমাঞ্চলৰ ৰজা হয় । সম্ভৱতঃ পালবংশীয় ৰজাসকলৰ নেতৃত্বত স্থানীয়ভাৱে দিয়া ৰাজনৈতিক, হেচাত পৰি বৈদ্যদেৱে বৰ বেছিদিন ৰাজপাটত বহিবলৈ নেপালে । বৈদ্যদেৱৰ পাছৰ কামৰূপ ৰাজ্যৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায় ।

বৈদ্যদেৱৰ মৃত্যুৰ পাছত পূৰ্বৰ পালবংশৰ ৰাজকুমাৰসকলৰ লগতে অন্যান্য স্থানীয় হিন্দুকৃত জনজাতিসকলৰ মুখীয়ালসকলে বিভিন্ন স্থানত নিজৰ অধিকাৰ বা আধিপত্য স্থাপন কৰিছিল । এই সময়ত চন্দ্ৰবংশীয় ৰজাসকলে ৰাজ্যপাতি শাসন কৰাৰ তথ্য পোৱা গৈছে যদিও তেওঁলোকৰ ৰাজ্যৰ অৱস্থিতি আৰু ৰাজধানীসমূহৰ বিষয়ে একো জানিব পৰা নাই । বৈদ্যদেৱৰ মৃত্যুৰ পাছত ভাস্কৰ নামৰ এজন তলতীয়া ৰজাই  প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰাৰ কথা জানিব পৰা গৈছে । 

তুৰ্কী-আফগানসকলৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা বাৰ্তু বা পৃথু আছিল বুলি বিভিন্ন তথ্যসমূহৰ পৰা জানিব পৰা গৈছে । খ্ৰীঃ ১২০৬ ত হোৱা প্ৰথমটো তুৰ্কী আক্ৰমণত পৃথুৰ হাতত তুৰ্কীসকল শোচনীয়ভাৱে পৰাস্ত হৈছিল যদিও পিছত ১২২৮ চনত হোৱা দ্বিতীয়টো আক্ৰমণত পৃথু পৰাস্ত হোৱাৰ লগতে তেওঁৰ মুৃত্যু হয় । নাছিৰুদ্দিনে পৃথুৰ উত্তৰাধিকাৰী এজনক এই ৰাজ্যৰ বা এই অঞ্চলটোৰ শাসনকৰ্তা পাতে । 

এনেদৰেই পূৰ্বৰ বৰ্মন, শালস্তম্ভ আৰু পাল ৰাজবংশৰ সময়ৰ কামৰূপ ৰাজ্যৰ ৰাজনৈতিক ক্ষমতা হ্ৰাস পোৱাৰ লগতে পৰৱৰ্তী পালৰ যুগত কামৰূপ ৰাজ্যৰ ভাঙোন আৰম্ভ হয় । পালসকলৰ পতনৰ পাছত পূৰ্বৰ ৰাজবংশীয় কোঁৱৰ, সামন্ত বিষয়া, জনজাতীয় মুৰব্বী আদি লোকসকলে ঠায়ে-ঠায়ে স্বাধীনভাৱে শাসন কৰিবলৈ লয় । কামৰূপৰ পশ্চিম অংশত তিংগদেৱ, বৈদ্যদেৱ আদি ৰজাসকলে ৰাজত্ব কৰাৰ কথা পোহৰলৈ আহিছে ।    

                                                                                                                    

২। ইতিহাসৰ সমলসমূহৰ ওপৰত এটি টোকা লিখা। (Write a note on the sources of history)

Answerঃ  ইতিহাসে অতীতৰ বিষয়ে অধ্যয়ন কৰে । ইতিহাসৰ প্ৰধান কাম হল মানৱৰ বিৱৰ্তনৰ পৰা আৰম্ভ কৰি  বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে গতি কৰা মানৱ সমাজৰ বিকাশৰ বিভিন্ন ধাৰাৰ পুংখানুপুংখঅধ্যয়ন । যিবোৰ তথ্যৰ সহায়ত অতীতত হৈ যোৱা কোনো এটা ঘটনাৰ সত্যাসত্য নিৰূপণ কৰিব পৰা যায় সেই তথ্যসমূহক ইতিহাসৰ সমল হিচাপে জনা যায় । 

পুৰাতত্ত্বৰ অৰ্থ হল অতীতৰ চিন-মোকামসমূহ । েই অতীতৰ চিন-মোকামসমূহৰ অধ্যয়ন কৰাই হল পুৰাতাত্ত্বিক অধ্যয়ন ।  অসমৰ ইতিহাস পুনৰ নিৰ্মাণৰ বাবে তথ্যৰ যোগান ধৰা পুৰাতাত্ত্বিক সমলসমূহ হল অসমৰ বিভিন্ন স্থানত সিচৰিত হৈ থকা মধ্যযুগৰ অসমৰ স্থাপত্য-ভাস্কৰ্যসমূহৰ লগতে এইসমূহৰ  ধ্বংসাৱশেষ, বিভিন্ন মৈদাম, গড়-প্ৰাঞ্চীসমূহ , আলি-পুখুৰী, বিভিন্ন আহিলা-পাতি আৰু আচবাবসমূহ ইত্যাদি । 

এইসমূহৰ ভিতৰত আহোম ৰজাৰ ৰাজধানী গড়গাঁৱত থকা প্ৰাসাদ আৰু পৰৱৰ্তী সময়ৰ ৰাজধানী ৰংপুৰত থকা ৰঘৰ, তলাতল ঘৰ, মাইবং, খাছপুৰ আদি অঞ্চলত থকা কছাৰী স্থাপত্যসমূহ আৰু আহোম ৰাজত্বকালত বিভিন্ন স্থানত নিৰ্মাণ কৰা মন্দিৰ, দল দেৱালয়সমূহৰ নাম লব পাৰি । আহোম ৰজা, ৰাজ পৰিয়ালৰ লোক তথাডা-ডাঙৰীয়াসকলৰ বা আহোম ৰজাসকলৰ মৈদামসমূহেও মধ্যযুগৰ অসমৰ ইতিহাস ৰচনা কৰাৰ বাবে বিভিন্ন তথ্যৰ যোগান ধৰিছে । 

ইতিহাসৰ সমল হিচাপে লিপিসমূহ হৈছে অন্যতম এটা প্ৰধান কাৰণ । ইতিহাস অধ্যয়নৰ সমল হিচাপে লিপিসমূহৰ যথেষ্ট গুৰুত্ব আছে । এই লিপিসমূহত বহুতো সামাজিক তথ্য সন্নিবিষ্ট হা আছে । ইতিহাস ৰচনাৰ বাবে বহুতো তথ্য বা লিপি বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে । এই লিপিসমূহ শিলাস্তম্ভ, মন্দিৰৰ বেৰ, প্ৰকাণ্ড আকাৰৰ শিলাখণ্ড, তামৰ ফলি, মন্দিৰৰ ঘন্টা আৰু আন সামগ্ৰীও খোদিত কৰা হৈছে । পূৰ্বৰ সংস্কৃত ভাষাৰ উপৰিও এই লিপিসমূহ অসমীয়া, টাই-আহোম, আৰু ফাৰ্চী ভাষাতো খোদিত কৰা হৈছে । সময় বুজাবৰ বাবে তেতিয়াৰ লিপিসমূহত শকাব্দ শব্দটো ব্যৱহাৰ কৰা হৈছিল । অসমৰ ইতিহাস পুনৰনিৰ্মাণৰ বাবে প্ৰাপ্ত লিপিসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি ।

ক) আহোম লিপিসমূহ ।

খ) কোচ লিপিসমূহ ।

গ) কছাৰী -লিপি জয়ন্তীয়া লিপি চুতীয়া-লিপি ।.

ঘ) বৰতোপ লিপি 

ঙ) তাম্ৰশাসন আৰু অন্যান্য লিপিসমূহ 

ইতিহাসৰ সমল বুলি কলে মুদ্ৰাসমূহক বুজোৱা হয় । মুদ্ৰাসমূহক নিউমিচমেটিকছ নামেৰে জনা যায় । আহোম ৰজাসকলৰ সময়ৰ পৰা মুদ্ৰাসমূহৰ সমসাময়িক অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক, আৰু ধৰ্মীয়আৰু সামাজিক দিশত বিভিন্ন তথ্য পোৱা গৈছে । এতিয়ালৈকে আৱিস্কাৰ হোৱা আহোম যুগৰ মুদ্ৰাসমূহৰ ভিতৰত আটাইতকৈ পুৰণি মুদ্ৰা হল চুক্লেনমুং আৰু গড়গঞা ৰজাৰ দিনৰ মুদ্ৰা । 



Apurba Kakati 

Author_ Ali rani Kakati ( Ba in History Major) 






Post ID : DABP005157