ষষ্ঠ অধ্যায়                

ক্ৰয়োদশ শতিকাৰ অসম


Additional Question & Answer

প্রশ্নাৱলী

» অতি চমু প্রশ্ন (Very Short Questions ) :

১। পুৰাতাত্ত্বিক সমল মানে কি বুজা? (What is archaeological sources?)

Answerঃ  পুৰাতাত্ত্বিক সমল মানে অতীতৰ স্থাপত্য আৰু ভাস্কৰ্যসমূহ ।


২। কোনজন ৰজাই নামদাং নৈৰ ওপৰত শিলৰ সাঁকো নির্মাণ কৰিছিল? (Who built stone bridge on Mamdang River.)

Answerঃস্বৰ্গদেউ ৰুদ্ৰসিংহই নামদাং নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল ।


৩। কছাৰীসকলৰ এটি স্থাপত্যৰ নাম লিখা। (Write the name of one Kachari architecture.)

Answer


৪। আহোম যুগৰ এখন শৈললিপিৰ নাম উল্লেখ কৰা। (Mention one rock inscription of Ahom Period)

Answerঃ আহোম যুগৰ এখন শৈললিপিৰ নাম হল কলিয়াবৰ শৈললিপি ।


৫। লিপি জাৰি কৰা এজন কছাৰী ৰজাৰ নাম লিখা। (Write the name of one Kachari King who Inscribed inscriptions)

Answerঃ লিপি জাৰি কৰা এজন কছাৰী ৰজাৰ নাম হল মহামাণিক্য । 


৬। মির্জা নাথনে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? (What is the name of the book written by Mirza Nathan)

Answerঃ


৭। আহোম মুদ্ৰাসমূহৰ আকৃতি কেনেকুৱা আছিল? (What is the shape of the Ahom Coins?)

Answerঃআহোম যুগৰ মুদ্ৰাসমূহৰ আকৃতি হল অষ্টভূজ ।


৮। অসমত আহোম শাসনৰ প্ৰতিষ্ঠাতা কোন আছিল? (Who was the founder of Ahom rule in Assam?)

Answerঃঅসমত আহোম শাসনৰ প্ৰতিষ্ঠাতা হল চাওলুং চুকাফা । 


৯। অসমত কোচ শাসনৰ প্ৰতিষ্ঠাতা কোন আছিল? (Who was the founder of Koch rule in Assam)

Answerঃ অসমত কোচ শাসনৰ প্ৰতিষ্ঠাতা হল বিশ্বসিংহ। 


১০। বৰপাহি বুৰঞ্জীক অন্য কি নামেৰে জনা যায়? (What is the other name of 'Barpahi Buranji'?)

Answerঃ বৰপাহী বুৰঞ্জীক লাই-লিক বুৰঞ্জী নামেৰে জনা যায় ।


● চমু প্রশ্ন (Short Questions ) :


১। আহোম যুগৰ দুটা গড়ৰ নাম উল্লেখ কৰা। (Mention two ramparts of Ahom period)

Answerঃ  আহোম যুগৰ দুটা গড়ৰ নাম হল নুমলীগড় আৰু শদিয়াগড় ।


২। আহোম যুগৰ দুটা আলিৰ নাম লিখা। (Write the name of two roads of Ahom period)

Answerঃ আহোম যুগৰ দুটা আলি হল অকাৰ আলি, আৰু ধোদৰ আলি ।


৩। আহোম যুগৰ দুটা পুখুৰীৰ নাম লিখা। (Write the name of two ponds of Ahom period)

Answerঃ আহোম যুগৰ দুটা পুখুৰীৰ নাম হল 

ক) জয়সাগৰ পুখুৰী ।

খ) গৌৰীসাগৰ পুখুৰী ।


৪। চুতীয়াসকলৰ দুখন লিপি উল্লেখ কৰা। (Mention two inscriptions of the Chutias)

Answerঃ চুতীয়াসকলৰ দুখন লিপিৰ নাম হল 


৫। দুখন বুৰজীৰ নাম লিখা। (Write the name of two buranjis.)

Answerঃ  দুখন বুৰঞ্জীৰ নাম হল 

ক) লাই-লিক বুৰঞ্জী 

খ) দেওধাই অসম বুৰঞ্জী 


→ চমুটোকা (Short Notes) :


১। বুৰঞ্জীসমূহ (Buranjis)

Answerঃ বুৰঞ্জীসমূহত আহোম ৰাজত্বকালৰ বহুতো তথ্য সন্নিবিষ্ট হৈ আছে । আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ সময়ৰ পৰাই তথ্য সংৰক্ষণত গুৰুত্ব দিয়া দেখা গৈছিল । প্ৰথম অৱস্থাত বিভিন্ন ঘটনাৰাজি  টাই-আহোম ভাষাত লিপিবদ্ধ কৰা হৈছিল । পাছলৈ আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত অসমীয়া ভাষাত বুৰঞ্জী লিখা প্ৰথাৰ প্ৰচলন হয় । এই বুৰঞ্জীসমূহ সাচি বা  অগৰু গছৰ ছালৰ পৰা বিশেষবাৱে প্ৰস্তুত কৰা এবিধ ডাঠ কাগজ বা ফলিত লিখা হৈছিল । এই ফলিসমূহ সাচিপাত হিচাপে জনা গৈছিল । এই সাচিপাতৰ ওপৰত ৰংবা চিঞাহীৰে লিখা হৈছিল । টাই-আহোম বুৰঞ্জীসমূহক দুইধৰণে ভাগ কৰা হয় 

ক) লাই-লিক বুৰঞ্জী 

খ) লিট বুৰঞ্জী 

লাই-লিক বুৰঞ্জীত বিভিন্ন দিশ সামৰি লোৱা হয় । অসমীয়াত  এইবিধ বুৰঞ্জীক বৰপাহী বুৰঞ্জী হিচাপে জনা যায় ।


২। মুদ্রাসমূহ (Numismaties)

Answerঃ মুদ্ৰা অধ্যয়নক নিউমিচমেটিকচ নামেৰে জনা যায় । মধ্যযুগৰ অসমৰ ইতিহাসৰ পুনৰ নিৰ্মাণৰ বাবে বহুতো মুদ্ৰা পোৱা গৈছে । আনহাতে আহোম ৰজাসকলৰ সময়ৰ মুদ্ৰাসমূহৰ পৰা সমসাময়িক অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয়, সামাজিক আদি দিশত বিভিন্ন তথ্য পোৱা গৈছে । এতিয়ালৈকে আৱিস্কাৰ হোৱা আহোম যুগৰ মুদ্ৰাসমূহৰ ভিতৰত আটাইতকৈ পুৰণি মুদ্ৰা হল চুক্লেনমুং বা গড়গঞা ৰজাৰ দিনৰ মুদ্ৰা । আহোম যুগৰ মুদ্ৰাসমূহত তিনিটা ভাষাৰ প্ৰয়োগ দেখা যায় । প্ৰথম অৱস্থাত তেওঁলোকে টাই-আহোম ভাষাৰ প্ৰয়োগ কৰিছিল যদিও মধ্যৱৰ্তী সময়ছোৱাত সংস্কৃত ভাষা আৰু পাছলৈ লিপিসমূহ অসমীয়া ভাষাত লিপিবদ্ধ কৰিছিল । বৰৰজা ফুলেশ্বৰীৰ সময়ৰ মুদ্ৰাত পাৰ্চী বাষা আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই জাৰি কৰা মুদ্ৰাত পাৰ্চী আৰু দেৱনাগৰী লিপিৰ প্ৰয়োগ দেখা যায় । 


৩। চুকাফা (Sukafa)

Answerঃ  চাওলুং চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা । কিংবদন্তী অনুসৰি তেওঁ আছিল স্বৰ্গৰ ৰজা লেংদনৰ বংশধৰ ।  প্ৰচলিত প্ৰবাদ অনুসৰি চুকাফাৰ পিতৃ চাও চাং নিও আদিতে মুংৰিমুংৰামত বাস কৰিছিল । কিছুবছৰ পাছত তেওঁ মুংৰিমুংৰামৰ পৰা পশ্চিম দিশলৈ আগবাঢ়ি আহি মুংখামুংজা আৰু  মংপ-মন-খাম- পাৰ হৈ কিয়েং -চেন-মাও -লুঙত উপস্থিত হয় । এই কিয়েং -চেন -মাএ-লুং নামৰ ঠাইখন মং-মাও ৰাজ্যৰ ৰাজধানী আছিল । মাও-লুঙতে চুকাফাৰ পিতৃ চাও- চেং নিওৱে নাংমং ব্লাক -খাম- চেনক বিবাহ কৰাইছিল । ১২১৫ ত চুকাফাই মংখাও ৰাজ্য এৰি আহিছিল । ঐতিহাসিকসকলৰ মতে চুকাফাই মং-মাও ৰাজ্য এৰিবৰ সময়ত তিনিগৰাকী পত্নী, দুজন পুত্ৰ, আৰু এগৰাকী কন্যাৰ লগতে দুটা হাতী, তিনিশ ঘোৰা, আৰু নহেজাৰ টাই লোক লগত লৈ আহিছিল । প্ৰায় ডেৰবছৰ ধৰি কৰা অভিযানৰ অন্তত তেওঁলোক মংমাওৰ পৰা মং-কোৱাং হৈ পাটকাইত উপস্থিত হৈছিল । চুকাফাই ম্যানমাৰৰ সীমান্তত থকা নগাসকলক দমন কৰিছিল । পাটকাই বা দৈ-কাও -ৰঙৰ পৰা নামনিমুৱা হৈ নাম-ৰূক নদী পাইছিল । এই নদীয়েদি আগুৱাই গৈ বুঢ়ীদিহিং নদীৰ সংযোগস্থলত উপস্থিত হয়হি । 


৪। চুতীয়াসকল (Chutias)

Answerঃ পালসকলৰ পতনৰ পাছত কামৰূপৰ ভাভোন আৰম্ভ হওঁতে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত জনজাতীয় ৰাজ্য গঠনত যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই ৰাজ্যসমূহৰ ভিতৰত চুতীয়া ৰাজ্য আছিল অন্যতম । এই চুতীয়াসকলৰ ৰাজ্য পশ্চিমে সোৱনশিৰিৰ উপনদী হিচাপে চিচিৰ পৰা পূবে ব্ৰহ্মপুত্ৰ আৰু উত্তৰে পাদদেশৰ পাহাৰ সমূহৰ পৰা দক্ষিণে বুঢ়ী দিহিং নদীলৈকৈ বিস্তৃ আছিল । চুতীয়াসকল মঙ্গোলীয় মূলৰ আৰু বাষাৰ ফালৰ পৰা বড়ো-কছাৰী সকলৰ ভাষাৰ লগত তেওঁলোকৰ ভাষাৰ বহু মিল দেখা যায় । 

চুতীয়াসকলক কেইবাটাও ভাগ থকাৰ কথা জানিব পাৰি । যেনে হিন্দু চুতীয়া, বৰাহী চুতীয়া, দেউৰী চুতীয়া, আহোম চুতীয়া, আৰু মিৰি চুতীয়া । এই  ভাগবোৰে অৱশ্য কোনো গোষ্ঠীগত বিভাজন নাছিল । যিসকল চুতীয়ালোকে প্ৰথমে হিন্দুধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোক হিন্দু চুতীয়া হিচাপে পৰিচিত হৈ পৰিছিল । দেউৰী চুতীয়াসকল আছিল চুতীয়া জাতিৰ পুৰোহিত এই দেউৰী চুতীয়াসকলেই অতীজৰে পৰা চুতীয়া জাতিৰ ধৰ্ম, ভাষা আৰু প্ৰথাসমূহ সংৰক্ষণ কৰি আহিছে । হিন্দু চুতীয়াসকলতকৈ পাছত হিন্দুধৰ্ম গ্ৰহণ কৰা চুতীয়াসকল বৰাহী চুতীয়া হিচাপে জনা গৈছিল । 



৫। ভূঞাসকল (Bhuyans)

Answerঃ পালৰাজবংশৰ পতনৰ পাছত কামৰূপ ৰাজ্যৰ ভাভোন আৰম্ব হৈ বহুতো সৰু-সৰু ৰাজ্যৰ সৃষ্টি হৈছিল । সেই সমূহৰ ভিতৰত বূঞা নামৰ এচাম নতুন শাসকে মূৰ দাঙি উঠিছিল । পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ মাটি আৰু মাটি চহ কৰিবলৈ বনুৱা মঞ্জৰী হিচাপে পাই অহা সামন্ত শ্ৰেণীটোৰ পৰাই ভূঞাসকলৰ আৱিৰ্ভাৱ হৈছিল বুলি ধাৰণা হয় । এই সামন্ত শ্ৰেণীটো জনজাতীয় কৰতলীয়া ৰজাসকল আৰু তেওঁলোকৰ অধীনৰ বিষয়াসকল , পূৰ্বৰ শাসন ব্যৱস্থাৰ উচ্চ বিষয়া আৰু তেওঁলোকৰ বংশধৰসকল আৰু পাছলৈ কনৌজপুৰীয়া কায়স্থ সকলকলৈ গঠিত হৈছিল । কিন্তু কোনো শক্তিশালী ৰজা শাসনলৈ আহিলেই তেওঁলোকে ততালিকে বশ্যতা স্বীকাৰ কৰি ৰজাৰ তলত সাধাৰণ সামন্তৰ দৰে থাকিছিল প্ৰথম অৱস্থাত ভূঞাসকলে উত্তৰ পাৰে দিকৰাই আৰু বৰনদীৰ মাজৰ অঞ্চলত নিজৰ ক্ষমতা বিস্তাৰ কৰিছিল । কামৰূপৰ ৰজা সন্ধ্যাৰ ৰাজত্বকালৰ শেষৰফালে এই ভূঞাসকলে পশ্চিম অসমলৈও নিজৰ ক্ষমতা বিস্তাৰ কৰিছিল ।

ভূঞা শব্দৰ অৰ্থ হল বূ-স্বামী বা ভূমিৰ গৰাকী বা মাটিৰ মালিক । সংস্কৃত ভাষাৰ ভৌমিক আৰু ফাৰ্চী ভাষাৰ জমিদাৰ ভূ শব্ঞাদৰ সমাৰ্থক শব্দ । বিশাল এলেকাৰ মাটিৰ মালিক হৈ শক্তিশালী হৈ উঠা যিকোনো লোকেই ভূঞা  হব পাৰিছিল । সেইবাবে ভূঞাসকল এটা শ্ৰেণী হৈ আছিল , জাতি নাছিল । বিভিন্ন জাতি, জনজাতি আনকি মুছলমান সকলৰ পৰাও ভূঞা হোৱাৰ উদাহৰণ আছে । তথাপি ভূঞা শ্ৰেণীটোত ব্ৰাহ্মণ আৰু কায়স্থ অধিক দেখা যায় । কাৰণ প্ৰথম অৱস্থাত এই লোক সকলেহে ৰজাৰ পৰা দান হিচাপে বিস্তীৰ্ণ এলেকা লাভ কৰিছিল । অসমৰ ভূঞাসকলৰ সম্পৰ্কে দুটা মত প্ৰচলিত থকা দেখা যায় । পশ্চিম অসমত প্ৰচলিত এক মত অনুসৰি খৃঃ চতুদৰ্শ শতিকাৰ প্ৰথম ভাগত গৌড়ৰ ৰজা ধৰ্মনাৰায়ণ আৰু কামৰূপৰ ৰজা দুৰ্লভ নাৰায়ণৰ মাজত হোৱা চুক্তি অনুসৰি ভূঞাসকল গৌড় দেশৰ পৰা কামৰূপলৈ আহিছিল । তুৰ্কী মুছলমানসকলে কনৌজ অধিকাৰ কৰাত তেওঁলোক প্ৰথমে গৌড় ৰাজ্যলৈ আৰু তাৰ পাছত কামৰূপলৈ আহে । কমতাৰাজ দুৰ্লভনাৰায়ণে এই ভূঞাসকলৰ প্ৰথমে হাজোৰ পূবত আৰু বৰনদীৰ দক্ষিণে থকা ভূটান সীমান্তৰ লেঙ্গেনাগুৰি নামৰ ঠাইত স্থাপন কৰিছিল ।

ৰচনাধৰ্মী প্রশ্ন (Essay type questions) :


১। আহোম ৰাজ্য প্ৰতিষ্ঠাৰ সময়ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাজনৈতিক অৱস্থা বর্ণনা কৰা। (Describe the political conditions of the Brahmaputra vally at the time of foundation of the Ahom Kingdom.)

Answerঃ পালসকলৰ পতনৰ লগে-লগে কামৰূপ ৰাজ্যৰ ভাঙোন আৰম্ভ হয় । খৃঃ দাদশ শতিকাত প্ৰাগজ্যোতিষ কামৰূপত পাল ৰাজবংশৰ পতন হয় আৰু খৃঃ এয়োদশ শতিকাৰ আৰম্ভণীত হোৱা বাৰ-বাৰ তুৰ্কী-আফগান সকলৰ কামৰূপ আক্ৰমণৰ ফলত প্ৰাচীন অসমৰ ৰাজনৈতিক ক্ষেত্ৰত বহুতো পৰিৱৰ্তন আহি পৰে । পালবংশৰ শেষৰজা ৰামপালে নগাওঁ আৰু কামৰূপৰ কিছু অংশ সামৰি লৈ আনুঃ খৃঃ ১১৫০ লৈ ৰাজত্ব কৰিছিল বুলি অনুমান কৰা হয় । জয়পালৰ শাসনকালতে গৌড়ৰ ৰজা ৰামপালে সেনাপতি মায়নৰ সহযোগত কামৰূপৰ এটা অংশ অধিকাৰ কৰিছিল । এই জয় কৰা অঞ্চল আৰু পুন্দ্ৰবৰ্দ্ধন সামৰি তেওঁ তিংগদেৱ নামৰ এজন লোকক শাসনকৰ্তা পাতে । পাছত তিংগদেৱক হত্যা কৰি বৈদ্যদেৱ কামৰূপৰ পশ্চিমাঞ্চলৰ ৰজা হয় । সম্ভৱতঃ পালবংশীয় ৰজাসকলৰ নেতৃতেবত স্থানীয়ভাৱে দিয়া ৰাজনৈতিক হেচাত পৰি বৈদ্যদেৱে বৰ বেছিদিন ৰাজপাটত ৰব নোৱাৰিলে, বৈদ্যদেৱৰ পাছত কামৰূপ ৰাজ্যৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায় । বৈদ্যদেৱৰ মৃত্যুৰ পাচত পূৰ্বৰ পালবংশৰ ৰাজকুমাৰসকলৰ লগতে অন্যান্য স্থানীয় হিন্দুকৃত জনজাতিসকলৰ মুখীয়াল সকলে বিভিন্ন স্থানত নিজৰ আধিপত্য স্থাপন কৰিছিল । এই সময়ত চন্দ্ৰবংশীয় ৰজাসকলে ৰাজ্যপাতি শাসন কৰাৰ তথ্য পোৱা গৈছে যদিও তেওঁলোকৰ ৰাজ্যৰ অৱস্থিতি আৰু ৰাজধানীৰ বিষয়ে একো জানিব পৰা হোৱা নাই । বৈদ্যদেৱৰ মৃত্যুৰ পাছত ভাস্কৰ নামৰ এজন তলতীয়া ৰজাই প্ৰাচীন কামৰূপত ৰাজত্ব কৰাৰ কথা জানিব পৰা গৈছে । তুৰ্কী-আফগান সকলৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা বাৰ্ত্ত বা পৃথু আছিল বুলি প্ৰাপ্ত তথ্যসমূহৰ পৰা জানিব পৰা গৈছে । খৃঃ ১২০৬ত হোৱা প্ৰথমটো তুৰ্কী আক্ৰমণত পৃথুৰ হাতত তুৰ্কীসকল শোচনীয়ভাৱে পৰাস্ত হৈছিল যদিও খৃঃ ১২২৮ত হোৱা দ্বিতীয়টো আক্ৰমণত পৃথু পৰাস্ত হোৱাৰ লগতে মৃত্যু হয় । নাছিৰুদ্দিনে উত্তৰাধিকাৰী এজনক এই অঞ্চলৰ শাসনকৰ্তা পাতে । এনেদৰেই পূৰ্বৰ বৰ্মন, শালস্তম্ভ আৰু পাল ৰাজবংশৰ সময়ৰ কামৰূপ ৰাজ্যৰ ৰাজনৈতিক ক্ষমতা হ্ৰাস পোৱাৰ লগতে পৰৱৰ্তী পালৰ যুগত কামৰূপ ৰাজ্যৰ ভাঙোন আৰম্ভ হয় । পালসকলৰ পতনৰ পাছত পূৰ্বৰ ৰাজবংশীয় কোঁৱৰ, সামন্ত বিষয়া, জনজাতীয় মুৰব্বী আদি লোকসকলে ঠায়ে-ঠায়ে স্বাধীনভাৱে শাসন কৰিবলৈ লয় । কামৰূপৰ পশ্চিম অংশত তিংহদেৱ, বৈদ্যদেৱ, আদি ৰজাসকলে ৰাজত্ব কৰাৰ তথ্য পোহৰলৈ আহিছে ।  সেই সময়ত গুৱাহাটীৰ ওচৰে-পাজৰে সমুদ্ৰপাল নামৰ এজন ৰজাই ৰাজত্ব কৰাৰ তথ্যও পোৱা গৈছে । তুৰ্কী-আফগানসকলৰ উপৰ্যুপৰি হোৱা কামৰূপ আক্ৰমণৰ ফলত কামৰূপ ৰাজ্যৰ ভাঙোন দ্ৰুত বহলৈ ধৰে । কামৰূপ ৰাজ্যৰ ভাঙোনৰ ফলত প্ৰাচীন অসমৰ বিভিন্ন স্থানত মূৰ দাঙি উঠা প্ৰধান সৰু-সৰু ৰাজ্যসমূহ আৰু তাৰ অৱস্থিতি আছিল ।

ভূঞাসকলঃ উত্তৰে দিকৰাই আৰু বৰনদীৰ মাজৰ অঞ্চল আৰু দক্ষিণে কামৰূপ ৰাজ্যৰ পূব সীমা আ্ৰৰু কপিলী উপত্যকা ( নগাওঁ, ল৭ীমপুৰ, অবিভক্ত দৰং আৰু কামৰূপ একাংশ ) ।

চুতীয়াসকলঃ পশ্চিমে সোৱণশিৰিৰ উপনদী চিচিৰ পৰা পূবে ব্ৰহ্মপুত্ৰ , উত্তৰে হিমালয়ৰ পাদদেশৰ পৰা দক্ষিণে বুঢ়ী দিহিং ।

মৰাণসকলঃ উত্তৰে বুঢ়ী দিহিং, দক্ষিণে দিচাং , পূবে চাফ্ৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ ।

বৰাহীঃ উত্তৰে দিচাং, দক্ষিণে দিখৌ, পূবে নগাঘাট, পশ্চিমে বৰাহী ফিচাৰ ।                                                                                                                                                                                                                 

২। ইতিহাসৰ সমলসমূহৰ ওপৰত এটি টোকা লিখা। (Write a note on the sources of history)

Answerঃ ইতিহাস ৰচনাৰ বাবে প্ৰধান উপাদান হল বিভিন্ন সমল বা উ ৎসসমূহ । ঐতিহাসিক সাক্ষী এই সমলবোৰৰ অবিহনে কোনো এখন দেশৰ এটা জাতিৰ বা কোনো এটা ঘটনাৰ বিষয়ে লিখাটো সম্ভৱ নহয় । যিকোনো এখন দেশৰ  ইতিহাস লিখিবলৈ যাওঁতে সেই দেশৰ লিখিত বুৰঞ্জীৰ উপৰিও সাহিত্য, মুদ্ৰা, লিপি, বিদেশী পৰ্যটকৰ বিৱৰণ, বিভিন্ন নথিপত্ৰ, ইত্যদিৰ অধ্যয়ন অপৰিহাৰ্য । ইতিহাস চৰ্চাৰ ক্ষেত্ৰত নতুন নতুন তথ্য সংগ্ৰহৰ বাবে অধ্যয়ন কৰাটো যিমান জৰুৰী, তথ্য়সমূহৰ নেপথ্যত থকা ঐতিহাসিক তা ৎপৰ্যসমূহ বিশ্লেয়ণ কৰাটোও সমানেই জৰুৰী । প্ৰফেচাৰ গ্যাটচাল্ক্য বিজ্ঞাননিৰ্ভৰ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত চাৰিটা প্ৰধান দিশৰ ওপৰত গুৰুত্ব দিছে ।  তথ্যসমূহৰ সংগ্ৰহ, প্ৰকৃত বুলি ধৰিব নোৱাৰা তথ্য সমূহ বৰ্জন । বিশ্বাসযোগ্য তথ্যসমূহ বিচাৰি উলিওৱা াৰু সেই নিৰ্ভৰযোগ্য তথ্যসমূহ সঠিক বিশ্লেষণ । ইতিহাস এখনৰ যুক্তিযুক্ততা আৰু গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰে বুৰঞ্জীবিদৰ দৃষ্টিভংগী আৰু ৰচনাৰীতিৰ ওপৰত । ঐতিহাসিক ই.এইচ.কাৰে কৈছে যে অকল সঠিক তথ্যসংগ্ৰহ আৰু উপস্থাপনেই ইতিহাস নহয় । ইতিহাসৰ সমলসমূহক দুটা প্ৰধান ভাগত ভগাব পাৰি যেনেঃ 

ক) সাহিত্যিক সমল 

ক) পুৰাতাত্ত্বিক সমল 

সাহিত্যিক সমলঃ সাহিত্যিক সমলসমূহে প্ৰাচীন অসমৰ বিভিন্ন তথ্য যোগান ধৰিছে । সেইছোৱা সময়ত প্ৰাচীন অসমত বহুতো সাহিত্য ৰচিত হৈছিল । প্ৰাচীন অসমৰ বিষয়ে তথ্য যোগান ধৰা সাহিত্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে দেশীয় সাহিত্য আৰু বৈদেশিক সাহিত্য । দেশীয় সাহবিত্যসমূহ প্ৰাচীন অসমৰ ভৌগোলিক সীমাৰ ভিতৰত ৰচনা হোৱাৰ উপৰিও বাৰতৰ অন্যান্য প্ৰান্তত ৰচিত বহু সাহিত্যৰ পৰাও প্ৰাচীন অসমত সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাহিত্যিক আদি বহুতো তথ্য সন্নিৱিষ্ট হৈ আছে । বৈদিক সাহিত্যসমূহৰ পৰাও আৰ্যসম্প্ৰসাৰণৰ বিভিন্ন তথ্য পোৱা যায় । সাহিত্য আৰু পৰৱৰ্তী বৈদিক সাহিত্য সমূহত আৰ্যসকলৰ প্ৰব্ৰজন, ভাৰতৰ বিভিন্ন ঠাইত বসতি, আৰ্যসকলৰ লগত অনাৰ্যসকলৰ সম্পৰ্ক আদি বিভিন্ন তথ্য নিহিত হৈ আছে । ভাৰতৰ উত্তৰ পূব প্ৰান্তলৈ আৰ্য সংস্কৃতিৰ আগ্ৰাসনৰ বিষয়ে বিবিন্ন তথ্য এই বৈদিক সাহিত্যসমূহে যোগান ধৰিছে । আৰ্যসকলে সাদানিৰা নৈৰ পূব অংশলৈকৈ বসতি বিস্তাৰ কৰাৰ কথা ব্ৰাহ্মণ্য সাহিত্য শতপথ ব্ৰাহ্মণ গ্ৰন্থত উল্লেখ আছে । বৰ্তমানৰ ঐতিহাসিকসকলে এই সাদানিয়া নৈখনক কৰতোৱা নদী বুলি চিনাক্ত কৰিছে । এই কৰতোৱা নদীখন প্ৰাগজ্যোতিষ ৰাজ্যৰ পশ্চিম সীমা আছিল ।  অন্য এখন সাহিত্য ঐতিৰীয় ব্ৰাহ্মণত কামৰূপ ৰাজ্যলৈ আৰ্য সম্প্ৰসাৰণৰ কথা উল্লেখ আছে। তাৰোপৰি গো-পথ ব্ৰাহ্মণ গ্ৰন্থত কামৰূপ নামৰ উ ৎপত্তি বৰ্ণনা পোৱা যায় । বৈদিক যুগতেই উত্তৰ-পূব বাৰত তথা প্ৰাচীন কামৰূপৰ আৰ্যবসতিৰ সাক্ষ্য এই ব্ৰাহ্মম্য সাহিত্যসমূহে দাঙি ধৰিছে । 

Author_ Ali rani Kakati ( Ba in History Major) 



Post ID :DABP005123