Chapter: 7


খ্ৰীঃ যষ্ঠদশ আৰু খ্ৰীঃ সপ্তদশ শতিকাৰ আৰম্ভণিৰ অসম 


Model Question & Answer

প্ৰশ্নাৱলী

অতি চমু প্রশ্ন (Very Short Questions ) :

১। কোনজন আহোম ৰজাই প্রথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? (Which Ahom King first adopted the title "Swargadeo")

উত্তৰঃ  ; চুহুংমু বা দিহিংগীয়া ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল । 


২। চুহুংমুঙৰ হিন্দু নাম কি আছিল? (What is the Hindu name of Suhungmung ? )

উত্তৰঃ চুহুংমুঙৰ হিন্দু নাম আছিল স্বৰ্গনাৰায়ণ । 


৩। কোনজন আহোম ৰজাৰ দিনত ‘শদিয়াখোৱা গোহাঁই’ পদৰ সৃষ্টি হৈছিল? (During the reign of which Ahom King the post of "Sadiyakhowa Gohain" is created?)

উত্তৰঃ  আহোম ৰজা চুহুংমুঙৰ দিনত শদিয়াখোৱা গোহাই পদৰ সৃষ্টি হৈছিল । 


৪। চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি আছিল? (What was the name of last Chutia King?)

উত্তৰঃ  চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম হল নীতিপাল । 


৫। কোনটো অঞ্চল শাসনৰ বাবে ‘মৰঙীখোৱা গোহাঁই’ পদৰ সৃষ্টি কৰা হৈছিল? (The post "Marangikhowa Gohain" is created to rule which region?)

উত্তৰঃ  ডিমাপুৰ অঞ্চলটো শাসনৰ বাবে মৰঙীখোৱা গোহাই পদৰ সৃষ্টি কৰা হৈছিল । 


৬। কেইজন পাইকৰ ওপৰত এজন ৰাজখোৱা নিয়োগ কৰা হয়? (Above how many paiks, a Rajkhowa is appointed?)

উত্তৰঃ তিনি হেজাৰজন পাইকৰ ওপৰত এজন ৰাজখোৱা নিয়োগ কৰা হয় । 


৭। অসমীয়া ভাষা আহোম ৰাজসভাত কোনজনা স্বৰ্গদেউৰ দিনৰ পৰা প্ৰৱেশ কৰিছিল? (From the reign of which Swargadeo, Assamese language entered to Ahom Court?)

উত্তৰঃ চুহুংমু বা দিহিংগীয়া ৰজাৰ দিনত অসমীয়া ভাষাত আহোম ৰাজসভাত প্ৰৱেশ কৰিছিল । 

৮। মোমাই তামুলী বৰবৰুৱা কোন আছিল? (Who was Momai Tamuli Barbaruah?)

উত্তৰঃ মোমাই  তামুলী বৰবৰুৱা এজন দক্ষ প্ৰশাসক আৰু সেনাপতি আছিল । 


৯। ডেটচুং ক’ৰ ৰজা আছিল? (Detchang was the King of which Kingdom?)

উত্তৰঃ ডেটচুং কছাৰী ৰাজবংশৰ এজন কৰতলীয়া ৰজা আছিল । 


১০। সত্রাজিত কোন আছিল ?( Who was satrajit) 

উত্তৰঃ   সত্ৰাজিত হিন্দুবংশৰ এজন যাদৱ ৰজা আছিল । 

● চমু প্রশ্ন (Short Questions ) :


১। আহোম ৰাজ্যৰ সম্প্ৰসাৰণৰ বাবে চুহুংমুঙে গ্ৰহণ কৰা দুটা কাৰ্যাৱলী উল্লেখ কৰা। (Mention two works of Suhungmung to expan Ahom Kingdom.)

উত্তৰঃ আহোম ৰাজ্যৰ সম্প্ৰসাৰণৰ বাবে চুহুংমুঙে গ্ৰহণ কৰা দুটা কাৰ্যাৱলী হল 

ক) নগা বিদ্ৰোহ দমন ।

খ) চুতীয়া ৰাজ্য জয়ৰ দ্বাৰা পূবলৈ আহোম ৰাজ্যৰ সম্প্ৰসাৰণ । 

২। আহোম আৰু চুতীয়াৰ মাজত হোৱা দুখন যুদ্ধ উল্লেখ কৰা। (Men tion two wars fought between the Ahom and Chutia.)

 উত্তৰঃ  আহোম আৰু চুতীয়াৰ মাজত হোৱা দুখন যুদ্ধ হল 

ক) চেচামুখৰ যুদ্ধ ।

খ) মাথোদাঙৰ যুদ্ধ । 


৩। কোন দুখন যুদ্ধত জয়লাভৰ পাছত আহোম ৰজাই ৰিক্‌খান উৎসৱ পালন কৰিছিল? (After the winning of which two wars, the Ahom King celebrated Rikkhan Festival.)

উত্তৰঃ চেচামুখৰ যুদ্ধ আৰু মাথোদাঙৰ যুদ্ধত জয়লাভৰ পাছত আহোম ৰজাই ৰিকথান উৎসৱ পালন কৰিছিল । 

৪। আহোম-মোগল যুদ্ধৰ দুটা কাৰণ লিখা। (Write two causes of Ahom-Mughal War.)

উত্তৰঃ আহোম-মোগল যুদ্ধৰ দুটা কাৰণ হল 

ক) কোচ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি ।

খ) মোগলৰ সম্প্ৰসাৰণ নীতি । 


→ চমুটোকা (Short Notes) :


১। আহোম-চুতীয়া সংঘর্ষ (Ahom-Chutia War)

উত্তৰঃ  আহোম আৰু চুতীয়াসকলৰ প্ৰায়ে সংঘৰ্ষ হৈছিল । আহোম আৰু চুতীয়াসকলৰ সংঘৰ্ষ হোৱাৰ সময় আহোমৰ ৰজা আছিল চুহুংমু আৰু চুতীয়াসকলৰ ৰজা আছিল ধৰ্মনাৰায়ণ । ১৫১৩ত চুতীয়া ৰাজ্যৰ ৰজা ধৰ্মনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰে । চুতীয়াসকল ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে দিখৌমুখলৈকে আগুৱাই আহিছিল যদিও দিখৌমুখৰ যুদ্ধত আহোমৰ হাতত পৰাস্ত হয় । স্থলযুদ্ধত পৰাজয়ৰ পাছত চিৰাআটিৰ নৌযুদ্ধতো মংখাং নামদাং অঞ্চল অধিকাৰ কৰি নামদাঙত এখন নগৰ পাতে ।

এই পৰাজয়ৰ পাছত চুতীয়া ৰজাই আহোমৰ বিপক্ষে নৰা বা মুংকুং ৰাজ্যৰ সহায় বিচৰাত মুংকঙৰ ৰজাই এটা বিশাল সৈন্যবাহিনী দি চুতীয়াসকলক সহায় কৰে । এইবাৰ নৰা আৰু চুতীয়াসকলৰ সন্মিলিত বাহিনীৰ ওচৰত আহোম সেনা পৰাস্ত হয় । কিন্তু সুচতুৰ চুহুংমুঙে নৰা ৰজালৈ ঘোঁৰা আৰু অন্যান্য পোহনীয়া জন্তু উপহাৰ দি নৰা ৰজাৰ লগত মিত্ৰতা কৰে ।

খ্ৰীঃ ১৫২০ ত চুতীয়াসকলে অকলেই মুংখ্ৰাঙৰ দুৰ্গ অৱৰোধ কৰে । আহোম সেনাই চুতীয়াক প্ৰতিৰোধ কৰিবৰ বাবে আগুৱাই আহিছিল । দুয়োপক্ষৰ মাজত হোৱা যুদ্ধত চুতীয়া সৈন্যবাহিনীৰ ওচৰত আহোম  সেনাপতি মৰাত আহোমসকলে চুতীয়াক তেওঁলোকৰ ৰাজ্যখণ্ড এৰি দিবলগীয়া হয় । 

কিছুমানদিনৰ পাছত চুতীয়া ৰাজ্যত আভ্যন্তৰীণ সমস্যা কিছুমান আহি পৰিছিল । সেই সময়ত চুতীয়া ৰজা ধীৰনাৰায়ণণে জীয়েক সাধনীক নীতিপাল নামৰ সাধাৰণ ঘৰৰ লৰা এজনলৈ বিয়া দিছিল । তাৰোপৰি ধীৰনাৰায়ণে নিজে সিংহাসন ত্যাগ কৰি নীতিপালক চন্দ্ৰনাৰায়ণ নাম দি চুতীয়া ৰাজ্যৰ ৰজা পাতিছিল । কিন্তু ৰজা ধীৰনাৰায়ণৰ এনেবোৰ কাৰ্য ৰাজসভাৰ অন্যান্য ডা-ডাঙৰীয়া সকলে সমৰ্থন কৰা নাছিল । সেই সময়ত ধীৰনাৰায়ণৰ পুত্ৰ সাধক নাৰায়ণৰ বয়স আছিল মাত্ৰ তিনি বছৰ । ৰাজ্যখনৰ ভিতৰত এনে বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱা কাৰণতেই ৰজা ধীৰনাৰায়ণৰ মৃত্যু হৈছিল । এই পৰিস্থিতিৰ সুযোগ বুজি আহোম ৰজা চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰে । দুয়োপক্ষৰ মাজত হোৱা চেচামুখৰ যুদ্ধত আহোম সেনাৰ হাতত চুতীয়াসকল পৰাস্ত হয় । এই বিজয় লাভ কৰাৰ পিছত আহোমসকলে জয় কৰা অঞ্চলটোত শাসন  প্ৰতিষ্ঠা কৰাৰ লগতে ডিব্ৰু নদীৰ পাৰত এটা দুৰ্গ নিৰ্মাণ কৰি সৈন্য ৰাখে । 


২। প্রতাপ সিংহৰ গঠনমূলক কার্যাৱলী (Organised works of Pratap Singha)

উত্তৰঃ  ৰজা প্ৰতাপ সিংহৰ আঠত্ৰিশ বছৰীয়া শাসনকাল সু-শৃংখল প্ৰশাসন ব্যৱস্থা, বিদ্ৰোহ দমন, আৰু গঠনমূলক কাৰ্যাৱলীৰ বাবে বিখ্যাত বা জনাজাত ।

প্ৰতাপ সিংহৰ এক উল্লেখযোগ্য কাৰ্য আছিল পিয়ল ব্যৱস্থা । তেওঁ প্ৰজা-সাধাৰণৰ মুঠ সংখ্যা আৰু তেওঁলোকৰ অৱস্থাৰ বিষয়ে বুজিবলৈ পিয়লৰ ব্যৱস্থা কৰিছিল ।

তেওঁ ঘনবসতিপূৰ্ণ এলেকা অভয়পুৰ, দিহিং আৰু নামদাঙৰ পৰা চাৰিপথৰ মানুহবোৰক স্থানান্তৰিত কৰি কছাৰী ৰাজ্যৰ সীমা মৰঙীত বহুৱাই দিছিল । সেইদৰে নামনি অসমৰ ঘনবসতিপূৰ্ণ অঞ্চলৰ পৰা মানুহ আনি উজনি অসমৰ পাতল বসতিপূৰ্ণ অঞ্চলত বহুৱাইছিল । এই বোৰ কাৰ্যৰ দ্বাৰাই  প্ৰজাসাধাৰণৰ মাজত মিলা-প্ৰীতি বৃদ্ধি পাইছিল । 

প্ৰতাপ সিংহৰ আন এক গঠনমূলক কাৰ্য আছিল নতুন পদবীৰ সৃষ্টি । কলিয়াবৰ অঞ্চলটো শাসন কৰিবৰ কাৰণে তেওঁ বৰফুকন নামৰ এটা নতুন পদৰ সৃষ্টি কৰিছিল । তদুপৰি ৰজাৰ ইচ্ছা আৰু আদেশ কাৰ্যকৰী কৰিবৰ কাৰণে বৰবৰুৱা, জাগীয়াল গোহাই, কাজলীমুলীয়া গোহাই, ৰহিয়াল বৰুৱা আদি পদৰ সৃষ্টি কৰিছিল ।

খেল প্ৰথাৰ প্ৰচলন প্ৰতাপ সিংহৰ সামাজিক তথা অৰ্থনৈতিক জীৱনলৈ এক উল্লেখযোগ্য অৱদান । তেওঁ প্ৰজাসকলক খেল অনুসৰি ভাগ কৰি একোজন মুৰব্বী ঠিক কৰি দিছিল । এই খেল বা পাইক প্ৰথা অনুসৰি ৰাজ্যৰ পোন্ধৰ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সৰ প্ৰতিজন মুনিক বা প্ৰজাক পাইক বুলি কোৱা হৈছিল । চাৰিজন পাইক লগ লগাই একোটা গোট গঠন কৰা হৈছিল । প্ৰতিটো গোটৰ প্ৰত্যেকজন পাইকে বছৰৰ তিনি বা চাৰিমাহ ৰজাঘৰত বিনামুলীয়াকৈ খাটি দিব লাগিছিল । তাৰ বিনিময়ত তেওঁলোকক খেতি কৰিবৰ বাবে মাটি দিয়া হৈছিল । কিছুমান  নিৰ্দিষ্ট কাম সম্পন্ন কৰিবৰ বাবে কেইবাটাও গোটক একত্ৰিত কৰি একোটা খেলৰ সৃষ্টি কৰা হৈছিল । প্ৰতি বিশজন পাইকৰ ওপৰত এজন বৰা, এশজনৰ ওপৰত এজন শইকীয়া, এহেজাৰজনৰ ওপৰত এজন হাজৰিকা, তিনি হেজাৰজনৰ ওপৰত এঝন ৰাজখোৱা আৰু ছহেজাৰজনৰ ওপৰত এজন ফুকনৰ পদমৰ্যাদা দিয়া হৈছিল ।

আহোম ৰাজ্যৰ দাতি-কাষৰীয়া পৰ্বতীয়া পৰ্বতীয়া জনজাতিসকলে মাজে-সময়ে আহোম ৰাজ্যত আহি উপদ্ৰৱ আৰু অত্যাচাৰ চলাইছিল । এই উপদ্ৰব কমাবলৈ প্ৰতাপ সিংহই কটকী নিয়োগ কৰিছিল । আহোম ৰজাই এই কটকীসকলৰ জৰিয়তে নগা, মিৰি, আৰু ডফলাসকলৰ লগত সম্পৰ্ক কৰিছিল । 

৩। খ্ৰীঃ ১৬৩৯ ৰ সন্ধি (Treaty of 1639 A.D) 

উত্তৰঃ  চুচেংফা বা স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত প্ৰত্যক্ষ সংঘাত আৰম্ভ হৈছিল । প্ৰথম পৰ্যায়ত এই আহোম-মোগল সংঘৰ্ষ খ্ৰীঃ ১৬১৬ৰ পৰা খ্ৰীঃ ১৬৩৯ লৈ চলিছিল । এই সংঘৰ্ষৰ প্ৰধান কাৰণ আছিল 

ক) কোচ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি ।

খ) মোগলৰ সম্প্ৰসাৰণ নীতি । 

গ) বাণিজ্যিক কাৰণ ।

ঘ) বলীনাৰায়ণৰ আহোম ৰাজ্যত আশ্ৰয়দান ।

ঙ) সীমাবিবাদ ইত্যাদি ।

কোচ ৰাজ্যত উদ্ভৱ হোৱা ৰাজনৈতিক পৰিস্থিতিয়ে আহোম আৰু মোগলৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি কৰিছিল ।  কাৰণ আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত কোচ ৰাজ্যৰ অৱস্থিতি আছিল । খ্ৰীঃ ষষ্ঠদশ শতিকালৈকে বংগদেশলৈকে অঞ্চলবোৰত মোগলৰ আধিপত্য বিস্তাৰ কৰিছিল । আনহাতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকল শক্তিশালী আছিল । সেই সময়ত এই দুই শক্তিৰ মাজত থকা কোচসকলো শক্তিশালী হৈ থকাত আহোম আৰু মোগলৰ মাজত প্ৰত্যক্ষ সংযোগ নাছিল । পাচলৈ কোচ ৰাজ্যখন দুৰ্বল হৈ অহাৰ উপৰি খ্ৰীঃ ১৫৮১ত কোচ ৰাজ্যখন দ্বি-খণ্ডিত হৈ পৰে । ইয়াৰে পশ্চিমফালে থকা অঞ্চলটো কোচবিহাৰ আৰু পূবফালৰ অংশটো কোচ-হাজো বা কামৰূপ নামেৰে পৰিচিত হয় । কোচবিহাৰৰ ৰজা নৰনাৰায়ণৰ বংশৰ ৰজা লক্ষ্মীনাৰায়ণে মোগলৰ লগত সু-সম্পৰ্ক বজাই ৰাখিছিল । আনহাতে কোচ-হাজোৰ শাসক চিলাৰায়ৰ বংশধৰ পৰীক্ষিত নাৰায়ণে আহোমৰ লগ হৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল । খ্ৰীঃ ১৮০৯ ত কোচবিহাৰ ৰাজ্যখন মোগলৰ কৰতলীয়া ৰাজ্য হিচাপে পৰিগণিত হয় । ইয়াৰ কিছুমানদিনৰ পাছতেই বংগৰ মোগল শাসক ইছলাম খানৰ নিৰ্দেশত মুক্ৰাম খানে কোচবিহাৰৰ মাজেদি আহি কোচ হাজো দখল কৰে । ইয়াৰ ফলতে সমগ্ৰ কোচ ৰাজ্য মোগলৰ অধীনলৈ যায় আৰু মোগল ৰাজ্যৰ সীমাই আহোম ৰাজ্যৰ সীমা স্পৰ্শ কৰে । 

( ৰচনাধৰ্মী প্রশ্ন (Essay type Questions) :

১। চুহুংমুঙৰ দিনত আহোম ৰাজ্যৰ সম্প্ৰসাৰণৰ ওপৰত এটি টোকা লিখা। (Write a note on the expansion of Ahom Kingdom dur ing Suhungmung's Period.)

উত্তৰঃ   চুহুংমুং বা দিহিংগীয়া ৰজাৰ ৰাজত্বকাল আহোম ৰাজ্যৰ সম্প্ৰসাৰণৰ বাবে বিখ্যাত আছিল । চুহুংমুঙৰ সবল নেতৃত্বই আহোম ৰাজ্যখনক উত্তৰ-পূৰ্বাঞ্চলৰ এক শক্তিশালী তথা অপ্ৰতিদ্বন্দী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছিল । 

চুহুংমুঙৰ ৰাজত্বকালৰ কেইটামান অতি উল্লেখযোগ্য বৈশিষ্ট্য আছিল ।

ক) হিন্দু ধৰ্মমতে চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধি হৈছিল । 

খ) পূৰ্বপুৰুষসকলৰ দৰে শিঙৰী ঘৰত উঠি ৰাজ অভিষেক পালন কৰিছিল ।

গ) নিজৰ নামত মোহৰ মৰাইছিল । 

ঘ) প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল । এইজনা ৰজাৰ দিনৰ পৰাই আহোম ৰজাসকলে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰে । 

ঙ) আহোম ৰাজবংশত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল । তেওঁৰ দিনতেই আৰ্যদেৱতা ইন্দ্ৰৰ আহোমসকলৰ আতিগুৰি সম্পৰ্কীয় বাহিনীৰ লগত সংযোজিত কৰা হৈছিল । 

চ) আহোম বছৰ গণনাৰ পদ্ধতিৰ সলনি শকাব্দৰ সহায়ত বছৰ গণনা আৰম্ভ হৈছিল । 

ছ) শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা নামৰ প্ৰথমখন অসমীয়া ভাষাৰ বুৰঞ্জী ৰচিত হৈছিল । 

জ) দিহিঙৰ পাৰৰ বকতালৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিল । সেইবাবেই তেওঁ দিহিংগীয়া ৰজা নামেৰে জনা যায় । 

আহোম ৰাজ্য সম্প্ৰসাৰণৰ বাবে চুহুংমুঙে গ্ৰহণ কৰা কাৰ্যাৱলীসমূহ আছিল 

ক) নগা বিদ্ৰোহ দমন । 

খ) চুতীয়া ৰাজ্য জয়ৰ দ্বাৰা পূবলৈ আহোম ৰাজ্যৰ সম্প্ৰসাৰণ ।

গ) কছাৰী ৰাজ্য আক্ৰমণৰ দ্বাৰা পশ্চিমলৈ আহোম ৰাজ্যৰ সম্প্ৰসাৰণ । 

ঘ) ভূঞাসকলক দমন কৰি আহোমৰ ৰাজনৈতিক ভেটি সুদৃঢ়কৰণ । 

ঙ) কোচ, উৰিষ্যা আৰু মণিপুৰী ৰজাৰ লগত মিত্ৰতাৰ দ্বাৰা আহোম  ৰাজ্যৰ ভেটি সম্প্ৰসাৰণ ।

চ) মুছলমানৰ আহোম ৰাজ্য আক্ৰমণ প্ৰতিহত কৰা । 

নগা বিদ্ৰোহ দমন  খ্ৰীঃ ১৫০৪ত আইটনীয়া নগাসকলে বিদ্ৰোহ কৰিছিল । নগাসকলৰ বিদ্ৰোহ দমনৰ বাবে চুহুংমুঙে বুঢ়াগোহাই আৰু বৰগোহাইৰ নেতৃত্বত এটা শক্তিশালী বাহিনী পঠাইছিল । আহোমৰ হাতত পৰাস্ত হৈ নগাসকলৰে আহোম ৰাজ্যৰ বশ্যতা স্বীকাৰ কৰিছিল । আহোম আৰু নগাসকলৰ মাজত হোৱা সন্ধিৰ প্ৰধান চৰ্ত আছিল 

ক) নগা মুখিয়ালৰ জীয়েকক আহোম ৰজালৈ দিব ।

খ) চাৰিটা হাতী আহোম ৰজাক দিব ।

গ) বছৰি কিছুমান যুদ্ধৰ আহিলা আহোম ৰজাক যোগান ধৰিব । 

চুতীয়া ৰাজ্য জয় ঃ আহোম ৰজা চুহুংমুঙৰ সমসাময়িক চুতীয়া ৰজা আছিল ধৰ্মনাৰায়ণ ।  আহোমসকলৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা শক্তি প্ৰতিৰোধ কৰিবৰ বাবে খ্ৰীঃ ১৫১৩ ত চুতীয়া ৰজা ধৰ্মনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰে । চুতীয়াসকল ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে দিখৌমুখলৈকে আগুৱাই আহিছিল যদিও দিখৌমুখৰ যুদ্ধত আহোমৰ হাতত পৰাস্ত হয় । স্থলযুদ্ধত পৰাজয়ৰ পাছত চিৰাআটিৰ নৈযুদ্ধতো আহোম সেনাৰ হাতত চুতীয়াসকল পৰাস্ত হয় । এই বিজয়ৰ পাছত চুহুংমুঙে মংখাং নামদাং অঞ্চল অধিকাৰ কৰি নামদাঙত এখন নগৰ পাতে । এই পৰাজয়ৰ পাছত চুতীয়া ৰজাই আহোমৰ বিপক্ষে নৰা বা মুংকুং ৰাজ্যৰ সহায় বিচৰাত মুংকঙৰ ৰজাই এটা বিশাস সৈন্যবাহিনী দি চুতীয়াসকলক সহায় কৰে । এইবাৰ নৰা আৰু চুতীয়াসকলৰ সন্মিলিত বাহিনীৰ ওচৰত আহোম সেনা পৰাস্ত হয় । কিন্তু সুচতুৰ চুহুংমুঙে নৰা ৰজালৈ ঘোৰা  আৰু অন্যান্য পোহনীয়া জন্তু উপহাৰ দি নৰা ৰজাৰ লগত মিত্ৰতা কৰে । 

খ্ৰীঃ ১৫২০ ত চুতীয়াসকলে অকলেই মপংখ্ৰাঙৰ দুৰ্গ অৱৰোধ কৰে । আহোম সেনাই চুতীয়াক প্ৰতিৰোধ কৰিবৰ বাবে আগুৱাই আহিছিল । দুয়োপক্ষৰ মাজত হোৱা যুদ্ধত চুতীয়া সৈন্যবাহিনীৰ ওচৰত আহোম সেনাপতি মৰা পৰাত আহোমসকলে চুতীয়াক তেওঁলোকৰ ৰাজ্যখণ্ড এৰি দিবলগীয়া হয় । 

কিছুদিনৰ পাছত চুতীয়া ৰাজ্যত আভ্যন্তৰীণ সমস্যা কিছুমান আহি পৰিছিল । সেইসময়ত চুতীয়া ৰজা ধীৰনাৰায়ণে জীয়েক সাধনীক নীতিপাল নামৰ সাধাৰণ ঘৰৰ লৰা এজনলৈ বিয়া দিছিল । তাৰোপৰি তেওঁ নিজে সিংহাসন ত্যাগ কৰি নীতিপালক চন্দ্ৰনাৰায়ণ নাম দি চুতীয়া ৰজা পাতিছিল । কিন্তু ৰজা ধীৰনাৰায়ণৰ এনে কাৰ্যত অন্যান্য ডা-ডাঙৰীয়াসকলে সমৰ্থন কৰা নাছিল । সেই সময়ত ধীৰনাৰায়ণৰ পুত্ৰ সাধক নাৰায়ণৰ বয়স আছিল মাত্ৰ তিনি বছৰ । 



২। স্বৰ্গদেউ প্রতাপ সিংহৰ দিনৰ আহোম-মোগল সংঘৰ্ষৰ বৰ্ণনা কৰা। (Describe Ahom-Mughal conflict during the reign of Swargadeo Pratap Singha.)

উত্তৰঃ চুচেংফা বা স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত প্ৰত্যক্ষ সংঘাত আৰম্ভ হৈছিল । প্ৰথম পৰ্যায়ত এই আহোম-মোগল সংঘৰ্ষ খ্ৰীঃ ১৬১৬ ৰ পৰা খ্ৰীঃ ১৬৩৯ লৈ চলিছিল । এই আহোম -মোগল সংঘৰ্ষৰ প্ৰধান কাৰণ আছিল 

ক) কোচ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি ।

খ) মোগলৰ সম্প্ৰসাৰণ নীতি ।

গ) বাণিজ্যিক কাৰণ ।

ঘ) বলীনাৰায়ণক আহোম ৰাজ্যত আশ্ৰয়দান ।

ঙ) সীমা-বিবাদ ইত্যাদি ।

কোচ ৰাজ্যত উদ্ভৱ হোৱা ৰাজনৈতিক পৰিস্থিতিয়ে আহোম আৰু মোগলৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি কৰিছিল । কাৰণ আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত কোচ ৰাজ্যৰ অৱস্থিতি আছিল । খ্ৰীঃ ষষ্ঠদশ শতিকালৈকে বংগদেশলৈকে অঞ্চলবোৰত মোগলৰ আধিপত্য বিস্তাৰ হৈছিল । আনহাতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকল শক্তিশালী আছিল । সেই সময়ত এই দুই শক্তিৰ মাজত থকা কোচসকলো শক্তিশালী হৈ থকাত আহোম আৰু মোগলৰ মাজত প্ৰত্যক্ষ সংযোগ নাছিল । পাচলৈ কোচ ৰাজ্যখন দুৰ্বল হৈ অহাৰ উপৰি খ্ৰীঃ ১৫৮১ ত কোচ ৰাজ্যখন দ্বি-খণ্ডিত হৈ পৰে । ইয়াৰে পশ্চিমফালে থকা অঞ্চলটো কোচবিহাৰ আৰু পূবফালৰ অংশটো কোচ-হাজো বা কামৰূপ নামেৰে পৰিচিত হয় । কোচবিহাৰৰ নৰনাৰায়ণৰ বংশৰ ৰজা লক্ষ্মীনাৰায়ণে মোগলৰ লগত সু-সম্পৰ্ক বজাই ৰাখিছিল । আনহাতে কোচ-হাজোৰ শাসক চিলাৰায়ৰ বংশধৰ পৰীক্ষিত নাৰায়ণে আহোমৰ লগ হৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল । খ্ৰীঃ ১৬০৯ ত কোচবিহাৰ ৰাজ্যখন মোগলৰ কৰতলীয়া ৰাজ্য হিচাপে পৰিগণিত হয় । ইয়াৰ কিছুদিনমানৰ পাছত বংগৰ মোগল শাসক ইছলামখানৰ নিৰ্দেশত মুক্ৰাম খানে কোচবিহাৰৰ মাজেদি আহি কোচ-হাজো দখল কৰে । ইয়াৰ ফলত সমগ্ৰ কোচ ৰাজ্য মোগলৰ অধীনলৈযায় আৰু মোগল ৰাজ্যৰ সীমাই আহোম ৰাজ্যৰ সীমা স্পৰ্শ কৰে । 

খ্ৰীঃ ১৫২৬ ত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা মোগলে ভাৰতত ৰাজ্য সম্প্ৰসাৰণৰ নীতি গ্ৰহণ কৰিছিল । খ্ৰীঃ ষষ্ঠদশ শতিকালৈকে বংগত মোগলৰ শাসন গজগজীয়া হৈছিল ।  ইয়াৰ পাছ উত্তৰ-পূৰ্বাঞ্চললৈ মোগল প্ৰশাসনৰ চকু পৰাটো স্বাভাৱিক । তদুপৰি মোগলৰ মোগলৰ সম্প্ৰসাৰণ নীতিত প্ৰতিৰক্ষাৰ লগতে আক্ৰমণাত্মক নীতিত গুৰুত্ব প্ৰদান কৰা হৈছিল । কিন্তু আহোমসকলৰ সম্প্ৰসাৰণ নীতিত প্ৰতিৰক্ষাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হৈছিল । মোগলে কোচ ৰাজ্য দখল কৰাৰ পাছত আহোম ৰাজ্যলৈ মোগল সাম্ৰাজ্য সম্প্ৰসাৰিত কৰাৰ বাবে সুযোগৰ সন্ধানত আছিল । 

মোগলৰ বাণিজ্যিক স্বাৰ্থ আহোম-মোগল সংঘৰ্ষৰ এক অন্যতম কাৰণ । আহোম ৰাজ্যৰ প্ৰাকৃতিক সম্পদ যেনে বিভিন্নধৰণৰ বনজ সম্পদ, সুগন্ধি দ্ৰব্য, ঔষধ, খাদ্য-শস্যৰ লগতে খনিজাত সামগ্ৰীসমূহৰ ওপৰতো পূৰ্বৰে পৰা মোগলৰ চকু পৰিছিল । এই সম্পদসমূহৰ লগতে বাণিজ্যিক ক্ষেত্ৰখনতো মোগলে দখল দিব বিচাৰি আছিল । তদুপৰি মোগলসকলে অসমৰ মাজেদি চীন-তিব্বতলৈ প্ৰত্যক্ষভাৱে এক বাণিজ্যিক পথ স্থাপন কৰি দক্ষিণ-পূব এছিয়াৰ লগত বাণিজ্যিক আদান-প্ৰদানৰ পৰিকল্পনা কৰিছিল । এই কাৰ্যৰ বাবে আহোম ৰাজ্য দখল কৰাটো জৰুৰী হৈ পৰিছিল । 

মোগলসকলে কোচ-হাজো দখল পাছত কোচ-ৰাজপৰিয়ালৰ একাংশ সদস্যই আহোম ৰজাৰ লগত মিত্ৰতা ৰাখিছিল । খ্ৰীঃ ১৬১৫ ত কোচ ৰজা পৰীক্ষিত নাৰায়ণৰ ভায়েক বলী-নাৰায়ণক আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই আশ্ৰয় প্ৰদান কৰাৰ লগতে বৰনদী আৰু ভৰলীৰ মাজত অৱস্থিত দৰং অঞ্চলৰ তলতীয়া ৰজা পাতে । 

Type: Apurba Kakati 

Author_ Ali rani Kakati ( Ba in History Major)