সপ্তম অধ্যায় 

 খ্ৰীঃ যষ্ঠদশ আৰু খ্ৰীঃ সপ্তদশ শতিকাৰ আৰম্ভণিৰ অসম


Additional Question & Answer

প্ৰশ্নাৱলী

অতি চমু প্রশ্ন (Very Short Questions ) :

১। কোনজন আহোম ৰজাই প্রথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? (Which Ahom King first adopted the title "Swargadeo")

উত্তৰঃ  চুহুংমুঙে প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল । 


২। চুহুংমুঙৰ হিন্দু নাম কি আছিল? (What is the Hindu name of Suhungmung ? )

উত্তৰঃ চুহুংমুঙৰ হিন্দু নাম হল স্বৰ্গনাৰায়ণ ।


৩। কোনজন আহোম ৰজাৰ দিনত ‘শদিয়াখোৱা গোহাঁই’ পদৰ সৃষ্টি হৈছিল? (During the reign of which Ahom King the post of "Sadiyakhowa Gohain" is created?)

উত্তৰঃ  চুহুংমুং ৰজাৰ দিনত শদিয়াখোৱা গোহাই পদৰ সৃষ্টি হৈছিল ।


৪। চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি আছিল? (What was the name of last Chutia King?)

উত্তৰঃ চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম হল নিৰ্ভৰনাৰায়ণ ।


৫। কোনটো অঞ্চল শাসনৰ বাবে ‘মৰঙীখোৱা গোহাঁই’ পদৰ সৃষ্টি কৰা হৈছিল? (The post "Marangikhowa Gohain" is created to rule which region?)

উত্তৰঃ  কছাৰী ৰাজ্য ডিমাপুৰ অঞ্চল শাসনৰ বাবে মৰঙীখোৱা গোহাই পদৰ সৃষ্টি কৰা হৈছিল ।


৬। কেইজন পাইকৰ ওপৰত এজন ৰাজখোৱা নিয়োগ কৰা হয়? (Above how many paiks, a Rajkhowa is appointed?)

উত্তৰঃ  তিনিহাজাৰ জন পাইকৰ ওপৰত এজন ৰাজখোৱা নিয়োগ কৰা হৈছিল ।


৭। অসমীয়া ভাষা আহোম ৰাজসভাত কোনজনা স্বৰ্গদেউৰ দিনৰ পৰা প্ৰৱেশ কৰিছিল? (From the reign of which Swargadeo, Assamese language entered to Ahom Court?)

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা আহোম ৰাজসভাত অসমীয়া ভাষা প্ৰৱেশ কৰিছিল ।


৮। মোমাই তামুলী বৰবৰুৱা কোন আছিল? (Who was Momai Tamuli Barbaruah?)

উত্তৰঃ মোমাই তামুলী বৰবৰুৱা হল প্ৰথমজন বৰবৰুৱা আছিল ।


৯। ডেটচুং ক’ৰ ৰজা আছিল? (Detchang was the King of which Kingdom?)

উত্তৰঃ ডেটচুং হল কছাৰী ৰাজ্যৰ কৰতলীয়া ৰজা ।


১০। সত্রাজিত কোন আছিল ?( Who was satrajit?)

উত্তৰঃ সত্ৰাজিত হল মোগলৰ এজন সেনাপতি ।


● চমু প্রশ্ন (Short Questions ) :


১। আহোম ৰাজ্যৰ সম্প্ৰসাৰণৰ বাবে চুহুংমুঙে গ্ৰহণ কৰা দুটা কাৰ্যাৱলী উল্লেখ কৰা। (Mention two works of Suhungmung to expan Ahom Kingdom.)

উত্তৰঃ আহোম ৰাজ্যৰ সম্প্ৰসাৰণৰ বাবে চুহুংমুঙে গ্ৰহণ কৰা দুটা কাৰ্যাৱলী হল 

ক) ৰজা চুহুংমুঙৰ দিনত তত্ত্বাৱধানত মৰঙীত এটা দুৰ্গ সজোৱাৰ লগতে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ হয় ।

খ) আহোম আৰু কছাৰীৰ মাজত হোৱা যুদ্ধত আহোমৰ হাতত কছাৰীসকল পৰাস্ত হয় আৰু ফলত ধনশিৰি উপত্যকালৈ আহোম ৰাজ্যৰ সম্প্ৰসাৰণ হয় ।


২। আহোম আৰু চুতীয়াৰ মাজত হোৱা দুখন যুদ্ধ উল্লেখ কৰা। (Men tion two wars fought between the Ahom and Chutia.)

 উত্তৰঃ আহোম আৰু চুতীয়াৰ মাজত হোৱা দুখন যুদ্ধ হল 

ক) চিৰাআটিৰ যুদ্ধ ।

খ) মাথোদাঙৰ যুদ্ধ ।


৩। কোন দুখন যুদ্ধত জয়লাভৰ পাছত আহোম ৰজাই ৰিক্‌খান উৎসৱ পালন কৰিছিল? (After the winning of which two wars, the Ahom King celebrated Rikkhan Festival.)

উত্তৰঃ মাথোদাঙৰ যুদ্ধ আৰু কছাৰী লগত হোৱা যুদ্ধৰ পাছত আহোম ৰজাই ৰিকত্থান উৎসৱ পালন কৰিছিল ।


৪। আহোম-মোগল যুদ্ধৰ দুটা কাৰণ লিখা। (Write two causes of Ahom-Mughal War.)

উত্তৰঃ আহোম-মোগল যুদ্ধৰ দুটা কাৰণ হল 

ক)  কোচ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি ।

খ) মোগলৰ সম্প্ৰসাৰণ নীতি ।


→ চমুটোকা (Short Notes) :


১। আহোম-চুতীয়া সংঘর্ষ (Ahom-Chutia War)

উত্তৰঃ আহোম ৰজা চুহুংমুঙৰ সমসাময়িক চুতীয়া ৰজা আছিল ধৰ্মনাৰায়ণ । আহোমসকলৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা শক্তি প্ৰতিৰোধ কৰিবৰ বাবে খ্ৰীঃ ১৫১৩ত চুতীয়া ৰজা ধৰ্মনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰে । চুতীয়াসকল ব্ৰহ্মপুত্ৰ পাৰে পাৰে দিখৌমুখলৈকে আগুৱাই আহিছিল যদিও দিখৌমুখৰ যুদ্ধত আহোমৰ হাতত পৰাস্ত হয় । স্থলযুদ্ধত পৰাজয়ৰ পাছত চিৰাআটিৰ নৌযুদ্ধতো আহোম সেনাৰ হাতত চুতীয়াসকল পৰাস্ত হয় । এই বিজয়ৰ পাছত চুহুংমুঙে নংখাং নামদাং অঞ্চল অধিকাৰ কৰি নামদাভত এখন নগৰ পাতে । খ্ৰীঃ ১৫২৩ত পুনৰ চুতীয়াসকলে আহোমৰ দুৰ্গ অৱৰোধ কৰে । কিন্তু আহোম সেনাৰ অতৰ্কিত আক্ৰমণত তিষ্ঠিব নোৱাৰি চুতীয়াসকলে ছত্ৰভংগ দিয়ে । এইবাৰ চুতীয়া ৰজাই আহোম ৰজালৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায় । কিন্তু চুতীয়া ৰজাৰ ৰাজছত্ৰ দণ্ড, সোণৰ মেকুৰী, সোণৰ হাতী, আৰু সোণৰ ছত্ৰ দি আহোমৰ ওচৰত সম্পূৰ্ণ বশ্যতা স্বীকাৰ নকৰিলে সন্ধি কৰিবলৈ অমান্তি হয় । 


২। প্রতাপ সিংহৰ গঠনমূলক কার্যাৱলী (Organised works of Pratap Singha)

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ আঠত্ৰিশ বছৰীয়া শাসনকাল সুশৃংখল প্ৰশাসন ব্যৱস্থা, বিদ্ৰোহ দমন আৰু গঠনমূলক কাৰ্যাৱলীৰ বাবে বিখ্যাত । প্ৰতাপ সিংহৰ এক উল্লেখযোগ্য কাৰ্য আছিল পিয়ল ব্যৱস্থা । তেওঁ প্ৰজাৰ মুঠ সংখ্যা আৰু তেওঁলোকৰ অৱস্থাৰ বুজ লবলৈ পিয়লৰ ব্যৱস্থা কৰিছিল । তেওঁ ঘনবসতিপূৰ্ণ এলেকা, অভয়াপুৰ, দিহিং আৰু নামদাঙৰ পৰা চাৰিশঘৰ, মানুহ স্থানান্তৰিত কৰি কছাৰী ৰাজ্যৰ সীমা মৰঙীত বহুৱাইছিল । সেইদৰে নামনি অসমৰ ঘনবসতিপূৰ্ণ অঞ্চলৰ পৰা মানুহ আনি উজনিৰ পাতল বসতিপূৰ্ণ অঞ্চলত বহুৱাইছিল । এই কাৰ্যৰ দ্বাৰা প্ৰজাৰ মাজত মিলা-প্ৰীতি বৃদ্ধি পাইছিল । প্ৰতাপ সিংহৰ অন্য এক কাৰ্য আছিল নতুন পদবীৰ সৃষ্টি । কলিয়াবৰ অঞ্চল শাসন কৰিবৰ কাৰণে তেওঁ বৰফুকন নামৰ এক নতুন পদৰ সৃষ্টি কৰিছিল । তদুপৰি ৰজাৰ ইচ্ছা আৰু আদেশ কাৰ্যকৰী কৰিবৰ কাৰণে বৰবৰুৱা জাগীয়াল গোহাই, কাজলীমুলীয়া গোহাই, ৰহিয়াল বৰুৱা আদি পদৰ সৃষ্টি কৰিছিল । খেল প্ৰথাৰ প্ৰচলন প্ৰতাপ সিংহৰ সামাজিক তথা অৰ্থনৈতিক জীৱনলৈ এক উল্লেখযোগ্য অৱদান । তেওঁ প্ৰজাসকলক খেল অনুসৰি ভাগ কৰি একোজন মুৰব্বী ঠিক কৰি দিছিল । এই খেল বা পাইক প্ৰথা অনুসৰি ৰাজ্যৰ পোন্ধৰ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সৰ প্ৰতিজন মুনিহ প্ৰজাক পাইক বোলা হৈছিল । চাৰিজন পাইক লগ লগাই একোটা গোট গঠন কৰা হৈছিল । প্ৰতিটো গোটৰ প্ৰত্যেকজন পাইকে বছৰৰ তিনি বা চাৰি মাহ ৰজাঘৰত বিনামূলীয়াকৈ খাটি দিব লাগিছিল । তাৰ বিনিময়ত তেওঁলোকক খেতি কৰিবৰ বাবে মাটি দিয়া হৈছিল । কিছুমান নিৰ্দিষ্ট কাম সম্পন্ন কৰিবৰ বাবে কেইবাটাও গোটক একত্ৰিত কৰি একোটা খেলৰ সৃষ্টি কৰা হৈছিল । 

 

৩। খ্ৰীঃ ১৬৩৯ ৰ সন্ধি (Treaty of 1639 A.D) 

উত্তৰঃ ইতিমধ্যে আহোম আৰু মোগল দুয়োপক্ষই যুদ্ধ কৰি ভাগৰি পৰিছিল । সেয়ে দুয়োপক্ষৰ পাৰস্পৰিক বুজাবুজি অনুসৰি এক সন্ধি কৰি সাময়িকভাৱে যুদ্ধ স্থগিত ৰখা হয় । খ্ৰীঃ ১৬৩৯ ত স্বাক্ষৰ হোৱা এই চুক্তিৰ প্ৰধান চৰ্ত আছিল 

ক) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰনদী আহোম আৰু মোগলৰ মাজৰ সীমা নিৰ্ধাৰণ হয় ।

খ) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অসুৰৰ আলি আহোম আৰু মোগলৰ মাজৰ সীমা নিৰ্ধাৰণ হয় ।

এনেদৰে আহোম-মোগল সংঘৰ্ষৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিছিল । এই সংঘৰ্ষৰ ফলত গুৱাহাটীলৈকে মোগলসকলৰ স্থিতি গজগজীয়া হৈছিল । গুৱাহাটীক কেন্দ্ৰ হিচাপে লৈ কামৰূপত মোগলে নিজৰ প্ৰশাসনিক স্থিতি সুদৃঢ় কৰিছিল । এই যুদ্ধই আহোমসকলৰো প্ৰতিৰক্ষামূলক বৃদ্ধিত সহায় কৰিছিল । আহোম-মোগলৰ সংঘৰ্ষৰ প্ৰথম পৰ্যায়ৰ অভিজ্ঞতাই আহোমক শক্তিশালী ৰাজ্য প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰাৰ লগতে পৰৱৰ্তী সময়ত আহোম এক অপ্ৰতিৰোধ্য তথা অপ্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হৈ পৰিছিল । 



( ৰচনাধৰ্মী প্রশ্ন (Essay type Questions) :

১। চুহুংমুঙৰ দিনত আহোম ৰাজ্যৰ সম্প্ৰসাৰণৰ ওপৰত এটি টোকা লিখা। (Write a note on the expansion of Ahom Kingdom dur ing Suhungmung's Period.)

উত্তৰঃ চুতীয়া ৰাজ্য দখলৰ পিছত আহোম ৰজা চুহুংমুঙে পশ্চিমফালে সম্প্ৰসাৰণৰ নীতি গ্ৰহণ কৰিছিল । পূৰ্বৰ আহোম ৰজা চুডেউফাৰ দিনত দিখৌ আৰু নামদাং নদীৰ মাজৰ অঞ্চলটো আহোমসকলে কছাৰীৰ পৰা কাড়ি লৈছিল । চুহুংমুভে খ্ৰীঃ ১৫২৩ত কছাৰী ৰাজ্যৰ ফালে আহোম ৰাজ্য সম্প্ৰসাৰণৰ উদ্দেশ্য ধনশিৰিয়েদি বৰদুৱাৰলৈ এক সৈন্য প্ৰেৰণ কৰে । ৰজা চুহুংমুঙৰ তত্ত্বাৱধানত মৰঙীত এটা দুৰ্গ সজোৱাৰ লগতে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ হয় । আহোম আৰু কছাৰীৰ মাজত হোৱা প্ৰথমখন যুদ্ধত আহোমৰ হাতত কছাৰীসকল পৰাস্ত হয় । ফলত ধনশিৰি উপত্যকালৈ আহোম ৰাজ্যৰ সম্প্ৰসাৰণ হয় । ইয়াৰ পাছত কেইবাখনো যুদ্ধত কছাৰীসকল পৰাস্ত হোৱাৰ পাছত আহোম সৈন্যই ডিমাপুৰ অধিকাৰ কৰে । অৱশ্যে আহোম ৰজাই কছাৰী ৰাজধানী ডিমাপুৰক আহোমৰ প্ৰত্যক্ষ শাসনৰ অধীনলৈ অনাৰ সলনি কছাৰী ৰাজবংশৰ ডেটছুং নামৰ এজন লোকক কৰতলীয়া ৰজা পাতে । ডেটছুঙে নিজৰ ভনীয়েকক আহোম ৰজালৈ বিয়া দিয়াৰ উপৰি বহু সামগ্ৰী চুহুংমুঙক উপহাৰ হিচাপে দিয়ে । কিছুদিন পাছত ডেটচুঙে বিদ্ৰোহী হৈ নিজকে স্বাধীন ৰজা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলোৱাৰ বাতৰি পাই আহোম ৰজাই পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰিবলৈ সৈন্যবাহিনী প্ৰেৰণ কৰে । এইবাৰ আহোম-কছাৰীৰ মাজত হোৱা যুদ্ধত কছাৰীসকল পৰাস্ত হোৱাৰ লগতে ডেটছুঙক হত্যা কৰা হয় । এই পৰাজয়ৰ পাছত কছাৰী ৰাজ্যৰ এটা বিশাল অংশ আহোম ৰাজ্যৰ অন্তভূক্ৰ হয় । কছাৰীসকলে পিছুৱাই গৈ মাহুৰ নদীৰ পাৰৰ মাইবঙত নতুনকৈ ৰাজধানী পাতি ডেটচুঙৰ পুতেকক নিৰ্ভৰ নাৰায়ণ নাম দি কছাৰী ৰজা পাতে । কছাৰীসকলৰ পৰা জয় কৰা অঞ্চলটোৰ শাসন কৰিবৰ বাবে আহোম ৰজা চুহুংমুঙে মৰঙীখোৱা গোহাই নামৰ এটা পদবীৰ সৃষ্টি কৰি েজন বিষয়া নিযুক্তি দিয়ে । কছাৰী অবিযানৰ ফলত কলং নদীৰ উত্তৰে থকা সমগ্ৰ কছাৰী ৰাজ্যলৈ আহোম ৰাজ্যৰ সম্প্ৰসাৰণ ঘটিছিল । এই বিজয়ৰ পাছতো ৰাজধানীত ৰিকখবান নামৰ এটি বিজয়ৰ প্ৰতীক  পালন কৰা হৈছিল । চুহুংমুঙৰ সময়ত কোচসকলৰ ৰজা আছিল বিশ্বজিত । আহোমৰ সম্ৰ্পসাৰণ নীতিৰ প্ৰতি ভীতিগ্ৰস্ত হৈ বিশ্বসিংহই আহোম ৰাজ্য আক্ৰণণৰ যো-জা চলাইছিল । কিন্তু  এই অভিযানৰ আঁচনি আধাতে সামৰিবলগীয়া  হয় । তদুপৰি বিশ্বসিংহৰ এনে কাৰ্যত চুহুংমুং অসন্তুষ্ট হব পাৰে বুলি আংশকা কৰি তেওঁ চুহুংমুঙৰ লগত মিত্ৰতা কৰে । চুহুংমুভে বিশ্বসিংহক হাতী আৰু হেংদাং উপহাৰ দি তলতীয়া ৰাজ্যৰ মৰ্যাদা দিয়ে । চুহুংমুঙৰ সমসাময়িক উৰিষ্যাৰ ৰজা আছিল প্ৰতাপ ৰুদ্ৰ । তেওঁ প্ৰতাপ ৰুদ্ৰৰ লগত মিত্ৰতা কৰি উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিল । আহোম আৰু উৰিষ্যাৰ মাজত হোৱা এই মিত্ৰতাই বংগৰ চুলতানৰ ক্ৰমবৰ্ধমান শক্তিৰ লগত মুখামুখি হব পৰাকৈ শক্তিশালী কৰিছিল । আহোমসকলে ৰাজ্য সম্প্ৰসাৰণ কৰিবৰ কাৰণে ১৫২৩ খ্ৰীঃত চুতীয়াসকলে আহোমৰ দুৰ্গ অৱৰোধ কৰে । কিন্তু আহোম সেনাৰ অতৰ্কিত আক্ৰমণত তিষ্ঠিব নোৱাৰি চুতীয়াসকলে ছত্ৰভংগ দিয়ে । এইবাৰ চুতীয়া ৰজাই আহোম ৰজালৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায় । কিন্তু চুতীয়া ৰজাৰ ৰাজছত্ৰ দণ্ড, সোণৰ মেকুৰী, সোণৰ হাতী, আৰু সোণৰ ছত্ৰ দি আহোমৰ ওচৰত সম্পূৰ্ণ বশ্যতা স্বীকাৰ নকৰিলে সন্ধি কৰিবলৈ অমান্তি হয় । এইবাৰ পৰাজিত চুতীয়া সেনাই চৌতাং পাহাৰ বা চাওদাং গিৰিত আশ্ৰয় লয় । কিন্তু চাওদাং গিৰিৰ যুদ্ধতো আহোমৰ হাতত চুতীয়াসকল পৰাস্ত হৈ পলাই গৈ জাং-মুং-খাম বা মাথোদাঙত আশ্ৰয় লয়গৈ ।


২। স্বৰ্গদেউ প্রতাপ সিংহৰ দিনৰ আহোম-মোগল সংঘৰ্ষৰ বৰ্ণনা কৰা। (Describe Ahom-Mughal conflict during the reign of Swargadeo Pratap Singha.)

উত্তৰঃ  চুচেংফা বা স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত প্ৰত্যক্ষ সংঘাত আৰম্ভ হৈছিল । প্ৰথম পৰ্যায়ত এই আহোম-মোগল সংঘৰ্ষ খ্ৰীঃ ১৬১৬ৰ পৰা খ্ৰীঃ ১৬৩৯ লৈ চলিছিল । এই সংঘৰ্ষৰ প্ৰধান কাৰণ আছিল 

ক) কোচ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি ।

খ) মোগলৰ সম্প্ৰসাৰণ নীতি ।

গ) বাণিজ্যিক কাৰণ ।

ঘ) বলীনাৰায়ণক আহোম ৰাজ্যত আশ্ৰয়দান ।

ঙ) সীমা -বিবাদ ইত্যাদি ।

কোচ ৰাজ্যত উদ্ভৱ হোৱা ৰাজনৈতিক পৰিস্থিতিয়ে আহোম আৰু মোগলৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছিল । কাৰণ আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত কোচ ৰাজ্যৰ অৱস্থিতি আছিল । খ্ৰীঃ ষষ্ঠদশ শতিকালৈকে বংগদেশলৈকে অঞ্চলবোৰত মোগলৰ আধিপত্য বিস্তাৰ হৈছিল । আনহাতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকল শক্তিশালী আছিল । সেই সময়ত এই দুই শক্তিৰ মাজত থকা কোচসকলো শক্তিশালী হৈ থকাত আহোম আৰু মোগলৰ মাজত প্ৰত্যক্ষ সংযোগ নাছিল । পাছলৈ কোচ ৰাজ্যখন দুৰ্বল হৈ অহাৰ উপৰিও খ্ৰীঃ ১৫৮১ত কোচ ৰাজ্যখন বিখণ্ডিত হৈ পৰে । ইয়াৰে পশ্চিমফালে থকা অঞ্চলটো কোচবিহাৰ আৰু পূবফালৰ অংশটো কোচ হাজো বা কামৰূপ নামেৰে পৰিচিত হয় । কোচবিহাৰৰ নৰনাৰায়ণৰ বংশৰ ৰজা লক্ষ্মীনাৰায়ণে মোগলৰ লগত সু-সম্পৰ্ক বজাই ৰাখিছিল । আনহাতে কোচ-হাজোৰ শাসক চিলাৰায়ৰ বংশৰ ৰজা পৰীক্ষিত নাৰায়ণে আহোমৰ লগ হৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল । খ্ৰীঃ ১৬০৯ত কোচবিহাৰ ৰাজ্যখন মোগলৰ কৰতলীয়া ৰাজ্য হিচাপে পৰিগণিত হয় । ইয়াৰ কিছুদিন পাছতেই বংগৰ মোগল শাসক ইছলাম খানৰ নিৰ্দেশত মুক্ৰাম খানে কোচবিহাৰৰ মাজেদি আহি কোচ-হাজো দখল কৰে । ইয়াৰ ফলত সমগ্ৰ কোচ ৰাজ্য মোগলৰ অধীনলৈ যায় আৰু মোগল ৰাজ্যৰ সীমাই আহোম ৰাজ্যৰ সীমা স্পৰ্শ কৰে ।

খ্ৰীঃ ১৫২৬ত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা মোগলে ভাৰতত ৰাজ্য সম্প্ৰসাৰণৰ নীতি গ্ৰহণ কৰিছিল . খ্ৰীঃষষ্ঠদশ শতিকালৈকে বংগলৈকে মোগলৰ শাসন গজগজীয়া হৈছিল । ইয়াৰ পাছত  উত্তৰ-পূৰ্বাঞ্চললৈ মোগল প্ৰশাসনৰ চকু পৰাতো স্বাভাবিক । তদুপৰি মোগলৰ সম্প্ৰসাৰণ নীতিত প্ৰতিৰক্ষাৰ লগতে আক্ৰমণাত্মক নীতিত গুৰুত্ব প্ৰদান কৰা হৈছিল । কিন্তু আহোমসকলৰ সম্প্ৰসাৰণ নীতিত প্ৰতিৰক্ষাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হৈছিল । মোগলে কোচ ৰাজ্য দখল কৰাৰ পাছত আহোম ৰাজ্যলৈ মোগল সাম্ৰাজ্য সম্প্ৰসাৰিত কৰাৰ বাবে সুযোগৰ সন্ধানত আছিল । মোগলৰ বাণিজ্যিক স্বাৰ্থ আহোম-মোগল সংঘৰ্ষৰ এক অন্যতম কাৰণ । আহোম ৰাজ্যৰ প্ৰাকৃতিক সম্পদ যেনে - বিবিন্ন ধৰণৰ বনজ সম্পদ, সুগন্ধি দ্ৰব্য,ঔষধ, খাদ্যশস্যৰ লগতে খনিজাত সামগ্ৰীসমূহৰ ওপৰতো পূৰ্বৰ পৰাই মোগলৰ চকু পৰিছিল । এই সম্পদসমূহৰ লগতে বাণিজ্যিক ক্ষেত্ৰখনতো মোগলে দখল দিব বিচাৰি আছিল । তদুপৰি মোগলসকলে অসমৰ মাজেদি চীন-তিব্বতলৈ প্ৰত্যক্ষভাৱে এক বাণিজ্যিক পথ স্থাপন কৰি দক্ষিণ-পূব এছিয়াৰ লগত বাণিজ্যিক আদান প্ৰদানৰ পৰিকল্পনা কৰিছিল । এই কাৰ্যৰ বাবে আহোম ৰাজ্য দখল কৰাটো জৰুৰী হৈ পৰিছিল । মোগলসকলে কোচ-হাজো দখল কৰাৰ পাছত কোচ ৰাজপৰিয়ালৰ একাংশ সদস্যই আহোম ৰজাৰ লগত মিত্ৰতা স্থাপন কৰিছিল । খ্ৰীঃ ১৬১৭ৰ যুদ্ধৰ পাছত কিছুবছৰলৈ শান্তি বিৰাজ কৰা দেখা গৈছিল । কিন্তু খ্ৰীঃ ১৬৩৫ ৰ পৰা আহোম আৰু মোগলৰ মাজত পুনৰ সংঘাতৰ সৃষ্টি হয় ।

ইয়াৰ প্ৰধান কাৰণ আছিল ।

ক) আহোম আৰু মোগলৰ মাজত পূৰ্বৰে পৰা চলি অহা সীমা বিবাদ ।

খ) ৰাজনৈতিক আশ্ৰয় প্ৰদান এই সংঘৰ্ষৰ অন্যতম কাৰণ । উদাহৰণস্বৰূপে বেলতলাৰ শাসক মনু গোবিন্দ মোগল শাসকৰ ছত্ৰছায়াত আছিল ।

গ) মোগলৰ সম্প্ৰসাৰণ নীতি অব্যাহত আছিল ।

ঘ) কোচ--হাজো অঞ্চলত ধৰ্মনাৰায়ণৰ প্ৰতিপত্তি বৃদ্ধিয়ে মোগলক সচকিত কৰি তুলিছিল ।



Author- Ali rani kakati ( Ba in History Major) 






Post ID :DABP005126