নেপালীভাষী গোৰ্খাসকল


প্ৰশ্নাৱলীঃ

১। নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্ৰণ?

উত্তৰঃ নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল আৰ্য-মঙ্গোল-কিৰাত নৃ-গোষ্ঠীয় লোকৰ সংমিশ্ৰণ।


২। 'লাল মোহৰীয়া পাণ্ডা' বুলি ক'লে কি বুজা?

উত্তৰঃ লাল মোহৰীয়া পাণ্ডা বুলি কলে নেপালৰ পৰা কামাখ্যা মন্দিৰলৈ অনা পূজাৰীসকলক জনা যায়।


৩। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম লিখা?

উত্তৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকী নাম হৈছে ছবিলাল বাবু।


৪। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত নেপালীভাষী লোকসকলে কেতিয়া সংৰক্ষিত শ্ৰেণী মৰ্যাদা পাইছিল?

উত্তৰঃ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত নেপালীভাষী লোকসকলে  ১৯৪৭ চনত সংৰক্ষিত শ্ৰেণী মৰ্যাদা পাইছিল।


৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক'ত ক'ত সত্ৰ স্থাপন কৰিছিল?

উত্তৰঃ ৰতিকান্ত উপাধ্যায় নেপালী ব্ৰাহ্মণ আছিল আৰু তেওঁ বৰ্তমান টিয়ক আৰু নগাঁৱত সত্ৰ স্থাপন কৰিছিল।


৬। গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?

উত্তৰঃ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ হৈছে তীজ, বড়া দশৈ, তিহাৰ অন্যতম।


৭। জম্বুদ্বীপে, আৰ্যাৱতে, ভাৰতবৰ্ষে, অসম প্ৰান্তে বোলা কথাষাৰ তাৎপৰ্য কি?

উত্তৰঃ এই কথাষাৰ তাৎপৰ্য হল যে প্ৰায় পাঁচ বছৰ পূৰ্বে নেপাল তথা অসমৰ সমস্ত ভূ-খণ্ডক একে লগে জম্বুদ্বীপ বা আৰ্যৱৰ্ত নামেৰে জনা গৈছিল, সেয়েহে তেওঁলোকে নিজৰ পূৰ্বপুৰুষৰ ঠিকনা প্ৰাচীন জম্বুদ্বীপ বা আৰ্যৱৰ্ত হিচাপে বিশ্বাস কৰি এই কথাষাৰ উল্লেখ কৰে।


৮। সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জনসমষ্টি ভাৰতৰ অন্তৰ্ভূক্ত হৈছিল?

উত্তৰঃ সুগৌলী সন্ধি ১৮১৫-১৬ চনত হৈছিল আৰু এই সন্ধিমতে নেপালৰ নাগৰিকৰ সৈতে ভাৰতৰ উত্তৰ নেপালৰ ভূ-ভাগ অন্তৰ্ভূক্ত হৈছিল।


৯। চমুটোকা লিখাঃ 

ক) ছবিলাল উপাধ্যায়          খ) হৰিপ্ৰসাদ গোৰ্খা ৰাই

গ) দলবীৰ সিং লোহাৰ

ক) ছবিলাল উপাধ্যায়ঃ ১৮৮২ চনৰ ১২মে ৰ দিনা বৰ্তমান বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত কাশীনাথ  উপাধ্যায়ৰ ঔৰষত জন্ম গ্ৰহণ কৰা ছবিলাল উপাধ্যায়ৰ আনুষ্ঠানিক মাধ্যমিক পৰ্যায়তে সীমিত আছিল।  কিন্তু তেওঁ অনানুষ্ঠানিক অধ্যয়নৰ বলত আৰু চন্দ্ৰনাথ শৰ্মা, ঘনশ্যাম বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। অসম এছোচিয়েচনৰ লগত যুক্ত ছবিলাল বাবু ৰ সভাপতিত্বত ১৯২১ চনৰ ১৮ এপ্ৰিলৰ দিনা যোৰহাটত অনুষ্ঠিত হোৱা সভাত অসম এছোচিয়েচনক  অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি হয় আৰু ব্ৰিটিছে তেখেতক গ্ৰেপ্তাৰ কৰে।

খ) হৰিপ্ৰসাদ গোৰ্খা ৰাইঃ নাগালেণ্ডৰ ৰাজধানী কহিমাত ধনৰাজ ৰাই আৰু যশোদা ৰাইৰ সন্তানৰূপে ১৯১৫ চনৰ ১৫ মাৰ্চত জন্মগ্ৰহণ কৰা হৰিপ্ৰসাদ ৰাইয়ে পিছত নিজকে হৰিপ্ৰসাদ গোৰ্খা ৰাই হিচাপে চিনাকি দিছিল। আৱাহন যগৰ বিশিষ্ট লেখক হিচাপে পৰিচিত গোৰ্খা ৰাইয়ে ধনবাহাদুৰ সেনা আৰু গোবিন্দ চন্দ্ৰ পৈৰাৰ লগ লাগি সাহিত্য চৰ্চাত আত্মনিয়োগ কৰে। এই ত্ৰিমূৰ্তিয়ে অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰিছিল আৰু অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত ব্ৰতী হৈছিল। ১৯৩৫ চনত অসমীয়া ভাষাত ৰাজনৈতিক প্ৰৱন্ধ লিখিছিল। অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য ৰচনা কৰা গোৰ্খা ৰাই সঁচা অৰ্থত সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক আছিল। তেওঁ গল্পবোৰত পাহাৰৰ জনজাতীয় আৰু অজনজাতীয় জনজীৱনৰ সম্প্ৰীতিৰ চিত্ৰ ফুটি উঠা দেখা যায়। হৰিপ্ৰসাদ ৰাইৰ নামৰ লগত গোৰ্খা শব্দ সংযোজনৰ আঁৰৰ মানুহ গৰাকী আছিল প্ৰখ্যাত সাহিত্যিক মিত্ৰদেৱ মহন্ত। শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰা গোৰ্খা ৰাইয়ে পিছলৈ আকাশবাণীত সেৱা আগবঢ়ায় নেপালী আৰু অসমীয়া সাহিত্যৰ সেৱা কৰি গৈছিল।

ৰাইয়ে কেইবাখনো অভিধান ৰচনা কৰিছিল, যেনে-

ক) মিকিৰ শব্দকোষ

খ) পুমেইতাঙখুল শব্দকোষ

গ) মাৰাম শব্দকোষ,

ঘ) মেইৰিঙ শব্দকোষ

ঙ) অসমীয়া শব্দকোষ

চ) নেপালী শব্দকোষ

তেওঁ নেপালী ভাষাত সৃষ্টি কৰা পুথিসমূহ হল-

১) বাবৰী

২) মনচৰিকো বোলী

৩) য়হা বদনাম হুঞ্চ

গ) দলবীৰ সিং লোহাৰঃ দলবীৰ সিং লোহাৰ জন্ম ১৯১৫ চনৰ ২৬ জানুৱাৰীত ডিব্ৰুগড়ৰ খলিহামাৰীত। তেওঁৰ পিতৃ নাম অনতৰাম লোহাৰ। ১৫ বছৰ বয়সতে লোহাৰে জাতীয় আন্দোলনত স্বেচ্ছাসেৱক বাহিনীত যোগদান কৰে আৰু ১৯৩০ চনত কৰাচীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে। লোহাৰে ১৯৩০ চনত কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ বিৰোধিতা কৰি তিনিমাহ কাৰাবাস খাটে। ১৯৪৬ চনত দলবীৰ সিং লোহাৰ শ্ৰমিক আৰু পিছ পৰা শ্ৰেণীৰ প্ৰতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰ পৰা বিধান সভালৈ নিৰ্বাচিত হয়। দলবীৰ সিং লোহাৰেই হৈছে অসমৰ নেপালীভাষী প্ৰথম বিধায়ক। ২৯ জুলাই ১৯৬৯ চনত তেওঁ মৃত্যু বৰণ কৰে।