মটকসকল


প্ৰশ্নাৱলীঃ 

১। মটক শব্দৰ অৰ্থ লিখা?

উত্তৰঃ মটক শব্দৰ অৰ্থ হৈছে উপযুক্ত, জ্ঞানী, শক্তিশালী, পণ্ডিত লোক।


২। মটক শব্দটিৰ উৎপত্তি সম্বন্ধে লিখা।

উত্তৰঃ মটক শব্দৰ উৎপত্তি বিচাৰি চালে 'ফুখাও' শব্দৰ ইতিহাস চাব লাগিব। ফুখাও হল টাইৰ এটি অন্যতম শাখা। এই শাখাটো টাই মংগোলীয় ফুথাই থালৰ অন্তগৰ্ত। ফু মানে টাই ভাষাত গৰাকী বা সন্মানীয় মানবিশিষ্ট মানুহ আৰু খাও মানে বগা। ফুথাই সকলক তিনিভাগত ভাগ কৰিছে। আহোম বুৰঞ্জী অনুসৰি ফুখাওসকল গুটি সিঁচা বা শস্য সিঁচা মূলৰ পৰা উৎপত্তি হৈছে। শস্য সিঁচা মূলৰ ফুখাও সকলৰ পৰাই মটকৰ উৎপত্তি হৈছে।


৩। মটকসকল  সাধাৰণতে কোন ধৰ্মৰ লোক?

উত্তৰঃ মটকসকল সাধাৰণতে তাও ধৰ্মৰ লোক।


৪। মটকসকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা।

উত্তৰঃ আহোমসকলৰ ৰাজত্বকালত সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মটক সকলো আহোমৰজাঘৰীয়া অত্যাচাৰ বলি হৈছিল,কিয়নো মটক সকলে মায়ামৰা সত্ৰৰ ধৰ্মগুৰুৰ ওচৰত শৰণ লৈছিল। মটক নেতা সৰ্বানন্দ সিংহও মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ অষ্টভূজ গোসাঁইৰ শিষ্য আছিল যিয়ে তেওঁৰ গুৰুৰ লগতে মায়ামৰা বা মোৱামৰীয়া সত্ৰৰ অনুগামীসকলৰ ওপৰত হোৱা দমনৰ বিৰুদ্ধে সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহত নেতৃত্ব বহন কৰিছিল।


৫। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম-কাজসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা?

উত্তৰঃ মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই বিভিন্ন  জনকল্যাণমূলক কাম-কাজ হাতত লৈছিল। আলি-পদূলি নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থাৰ উন্নতি কৰিছিল। ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতীআলি আদি আলি বন্ধোৱাইছিল। প্ৰজাৰ সুবিধাৰ বাবে ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ চৌব্বিশটা পুখুৰী খন্দাইছিল। ইয়াৰ ভিতৰত বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউল ধোৱা পুখুৰী, গোধা পুখুৰী আদিয়েই প্ৰধান। 


৬। চমুটোকা লিখাঃ

ক) শিক্ষাবিদ পৱন নেওগঃ ১৯৩৩ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰগুৰি, তিনিচুকীয়াত পৱন নেওগৰ জন্ম হয়। তেওঁৰ পিতৃ আসাম্বৰ নেওগ আৰু মাতৃ গোলাপী নেওগ। নিজৰ দৃঢ়তাৰে অধ্যয়ন কৰি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। 

  পেশী সঞ্চালন বিভাগত তেওঁ কৃতিত্ব দেখুৱাৰ বাবে ১৯৫৫ চনত Mr. J. B. উপাধি প্ৰদান কৰা হৈছিল। পঢ়াশুনা উপৰিও তেওঁ শৰীৰ চৰ্চা কৰি প্ৰতিযোগিতাত তেওঁক Mr. Cottonian উপাধি, ১৯৫৭ চনত Gymnasium প্ৰতিযোগিতাত Mr. Guwahati University উপাধিৰে প্ৰদান কৰি পুৰস্কৃত হয়। ১৯৫৯ চনত তেওঁ চেনাইৰাম উচ্চতৰ মাধ্য়মিক বিদ্যালয়ত অস্থায়ী শিক্ষক হিচাপে শিক্ষকতা কৰে। ১৯৬০ চনত তেওঁ পুনৰ স্নাতক পৰীক্ষা দিয়ে আৰু ডিগ্ৰী লাভ কৰে। ১৯৬২ চনত D. S. P. পদত নিযুক্তি হৈছিল যদিও তেওঁ শিক্ষকতা বাদ দিব পৰা নাছিল।

১৯৯২ চনৰ ৩০ চেপ্তেম্বৰত তেওঁ চাকৰি পৰা অৱসৰ লয়। ২০০১ চনত বৰগুৰিত স্থাপিত হোৱা Art School-ত তেওঁ আগভাগ লৈছিল।

২০০২ চনৰ ১১ আগষ্ট তাৰিখে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।    

 

খ) ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাইঃ ৰাজকুমাৰ লঙ্কেশ্বৰ গোহাঁই তেতিয়াৰ বোংমৰা ৰাজ্।ৰ প্ৰতিষ্ঠাপক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ  সুযোগ্য পৰিনাতি।

        ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই আনুষ্ঠানিক উচ্চ শিক্ষাৰে শিক্ষিত নাছিল যদিও সাহসী, উচ্চাকাংক্ষী, আৰু চিন্তাশীল ব্যক্তি আছিল। তেওঁ সমাজক নেতৃত্ব দিব পৰা উপযুক্ত গুণৰ অধিকাৰী আছিল। 

তেওঁ ১৯৭৩ চনৰ ৭মাৰ্চত মৃত্যু হয়। 


গ) সৰ্বানন্দ সিংহঃ সৰ্বানন্দ সিংহ আছিল মটকসকলৰ ৰজা। তেওঁৰ পিতৃৰ নাম আছিল মৰুৎনন্দন আৰু মাতৃ নাম আছিল পাতয়। তেওঁৰ পিতৃপ্ৰদত্ত নাম আছিল মেজেৰা। মেজেৰা আছিল অতি ধৰ্মপৰায়ণ ব্যক্তি। 

সৰ্বানন্দই মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব লৈছিল। সৰ্বানন্দই বেংমৰাত ৰাজ্য পাতি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। তেখেতে ৰঙাগড়াত ১৭৮৮ খ্ৰীঃত ৰাজধানী স্থাপন কৰিছিল। ১৭৯১ খ্ৰীঃত বেংমৰা অৰ্থা

বৰ্তনাম তিনিচুকীয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল।  সৰ্বানন্দ সিংহ আছিল অতি দূৰদৰ্শী আৰু বিচক্ষণ বুদ্ধিৰ ৰজা। প্ৰজাসকলৰ মাজত তেওঁ অতি জনপ্ৰিয় আছিল।  ১৮০৫ চনত এই ৰজা জনে ইহলীলা সম্বৰণ কৰে।