মৰাণসকল


প্ৰশ্নাৱলীঃ

১। মৰাণসকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পৰ্কে তিনিটা বাক্যত লিখা ।

উত্তৰঃ মৰাণসকল বৃহৎকিৰাট মঙ্গোলীয় গোষ্ঠীৰ এক অন্যতম জনজাতীয় গোট। মৰাণসকলৰ মাজত বড়োৰূচী নামৰ এটা বড়োমূলীয়া ভাষা আছিল।


২। অসম আৰু অৰুণাচলৰ কোনকেইখন জিলাত মৰাণসকলৰ বসতি বেছি?

উত্তৰঃ অসমৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলাৰ আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত মৰাণসকলৰ বসতি বেছি।


৩। বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ নাম লিখা?

উত্তৰঃ বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ নাম হল- দমচয়, ইনটুহজয়, বিহদয়, জুহল-লুইবা, বাদু সোনলয়, ইনটু মিনখঁয়, দিউনয়, ইনটু-মেচয়, কুচুবয়ঁ, ইনটু-গাৰোয়, ৰাভা কিৰাটয়, বাদু হজয়। 


৪। মৰাণ ভাষাৰ দহোটা শব্দ লিখা।

উত্তৰঃ মৰাণ ভাষাৰ দহোটা শব্দ হল- দি ( পানী), সিম ( নিমখ), মাই (ধান), মাইৰুম ( চাউল), মিয়াম ( ভাত), মহন (মাংস), চান (সূৰ্য), দান (চন্দ্ৰ), হিৱা (মতা), হিচি (মাইকী)।


৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা।

উত্তৰঃ মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা হৈছে- উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূৱে চফ্ৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ।


৬। মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজনা ৰজাৰ নাম কি আছিল?

উত্তৰঃ মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজনা ৰজাৰ নাম আছিল- বদৌছা।


৭। মৰাণসকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে?

উত্তৰঃ বহাগৰ প্ৰথম মঙ্গল বাৰে দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰি বিহু নমাইছিল আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে সাত দিন সাতৰাতি বিহু মাৰিছিল আৰু এনেদৰে অন্যান্য অসমীয়াতকৈ ভিন্ন দিন-বাৰত আজিও তেওঁলোকে বিহু পালন কৰে।


৮। মৰাণসকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আৰু দুটা স্থানবাটক খেলৰ নাম লিখা?

উত্তৰঃ মৰাণসকলৰ দুটা বৃত্তিমূলক খেলৰ নাম হল- তেল পৰা তেলেপীয়া, নাও নিৰ্মাণ কৰাসকলক নাওশলীয়া। দুটা গুণবাচক খেলৰ নাম- দাউচলীয়া, কাড়ী গঞা। দুটা স্থানবাচক খেলৰ নাম হল- মাজুলী গঞা আৰু হালধিবৰীয়া।


৯। মৰাণসকলৰ জাতীয় খেতি কি?

উত্তৰঃ মৰাণসকলৰ জাতীয় খেতি হৈছে- সুমথিৰা বা কমলা খেতি।


১০। মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনেধৰণৰ?

উত্তৰঃ মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব হৈছে- সমাজ পৰিচালনাত আগভাগ লোৱা।


১১। ক'ত ক'ত মৰাণ সকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল?

উত্তৰঃ তিনিচুকীয়া জিলাৰ মাকুমৰ যজ্ঞোখোৱা, দেওশাল, চৰাইদেউত আদিত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল।


১২। চমুটোকা লিখাঃ

ক) সমন্বয়ৰ জনক কিৰাত শৌৰ্য বোদৌচা

খ) বীৰাঙ্গণা ৰাধা-ৰুকুণী

গ) বীৰ সেনাপতি ঝপৰা জগধা

ঘ) মোহন শইকীয়া

ঙ) ৰাঘৱ মৰাণ।


ক) সমন্বয়ৰ জনক কিৰাত শৌৰ্য বদৌচাঃ অসমৰ অন্যতম আদিম অধিবাসী কিৰাত অন্তৰ্গত ঐতিহাসিক যুগৰ অন্তিম জনা ৰজা আছিল বদৌচা। ১২২৮ খ্ৰীষ্টাব্দত চাউল্যুঙে চ্যুকাফাই অসমত প্ৰৱেশ কৰাৰ সময়ত বদৌচাৰ অধীনত উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্ৰাই  আৰু পশ্চিমে ব্ৰক্ষ্মপুত্ৰ মহানদীৰ মাজৰ ভূখণ্ডৰ এখন সমৃদ্ধশালী মৰাণ ৰাজ্য়। অপুত্ৰক বদৌচাই সূলক্ষণযুক্ত, সুদৰ্শন যুৱক চ্যুকাফালৈ নিজৰ কন্যা বিয়া দিয়াৰ সূত্ৰে শহুৰ-জোঁৱাই সম্বন্ধৰে বান্ধ খাইছিল। সেয়েহে বদৌচাই নিজৰ বৃদ্ধ বয়সত জোঁৱায়েেক চ্যুকাফাৰ হাতত অৰ্পন কৰিছিল।


খ) বীৰাঙ্গণা ৰাধা-ৰুকুণীঃ বীৰ ৰাঘৱ মৰাণ ঐআৰু নাহৰখোৱা মৰাণৰ (শইকী়য়া)  অগ্ৰণী ভূমিকাৰ সমানেই প্ৰজা সাধাৰণক সংগঠিত কৰিবৰ বাবে শক্তিশালী অংশ গ্ৰহণ কৰিছিল নাহৰৰ দুই পত্নী ভাতুকী, ভাবুলী ওৰফে ৰাধা-ৰুকুণীয়ে। মোৱামৰীয়া বিপ্লৱৰ বৰ্হিপ্ৰকাশো ঘটিছিল এই দুই থকাৰ সময়তে। ৰজা লক্ষীসিংহই বৰঢাক সাজিবৰ বাবে গছ কাটিবলৈ হাবিলৈ মানুহ পঠাইছিল। ৰাধা-ৰুকুণীয়ে গাঁৱৰ মানুহ একত্ৰিত কৰি 'এইখন থলুৱা জনগণৰ আবহমান কালৰ হাবি, যাউতিযুগীয়া প্ৰকৃতিক সম্পদ, ইয়াত ৰজাৰ অধিকাৰ নাই।' বুলি কৈ ৰজাৰ মানুহক ওভতাই পঠাইছিল। এই বিপ্লৱত বীৰঙ্গণাৰ  অৱদান উল্লেখযোগ্য।


গ) বীৰ সেনাপতি ঝপৰা জগধাঃ ঝপৰা জগধা দশম শতিকাৰ জনজাতিৰ এগৰাকী বীৰ পুৰুষ আছিল। তেওঁৰ পিতৃৰ নাম আছিল দাৰবি। খাওখাই আৰু দাৰবীৰ ছয়জন পুত্ৰ খাদুন, কিচিম, ফেফেলা, হুইলাও, জগধা, খাওখাই আৰু চিকচৌ। জগধা পঞ্চম পুত্ৰ আছিল। তেওঁ সকলোতকৈ পাহুৱাল, বলী আৰু সাহসী আছিল। আন দহজন ল'ৰাতকৈ জগধা সাহস, বল বিক্ৰম আৰু চিন্তাধৰাত বৰ আগবঢ়া আছিল বাবে সকলোৱে তেওঁক মুখ্য স্থান দিছিল। অনেক যুদ্ধত ঝপৰা জগধাই নিজ জাতিক ৰক্ষা কৰি জাতীয় বীৰৰুপে পৰিগণিত হৈছিল।


ঘ) মোহন শইকীয়াঃ মৰাণসকলৰ আধুনিক কালছোৱাৰ পুৰোধা ব্যক্তিসকলৰ অন্যতম প্ৰয়াত মোহন শইকীয়া। তেওঁৰ জন্ম হয় ১৯৩০ চনৰ ২২ নম্বেৱৰ তাৰিখে তিনিচুকীয়া জিলাৰ তালাপৰ এক অতি ভিতৰুৱা অঞ্চলৰ ২২নং তামূলি গাঁৱত। পিতৃৰ নাম আছিল জ্ঞানেন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল শুকানি শইকীয়া। তেওঁ প্ৰস্ত্তত কৰি চৰকাৰক প্ৰদান কৰা 'Moran Development Plan' নামৰ আঁচনিখন মৰাণৰ অগ্ৰণী সমাজত আজিও চৰ্চিত বিষয় ৰুপে পৰিগণিত হৈ আছে অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতো তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল আৰু অশেষ নিৰ্যাতন ভূগিবলগীয়া হৈছিল। এইজনা মহৎ ব্যক্তি মৰাণ সমাজত চিৰকাল স্মৰণীয় হৈ থাকিব।


ঙ) ৰাঘৱ মৰাণঃ অসম মুলুকত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱৰ প্ৰধান নেতাজনৰ নামেই আছিল বীৰ ৰাঘৱ মৰাণ। সাধাৰণ কৃষকে সন্তান ৰাঘৱ মৰাণে যুদ্ধবিদ্যাত অপ্ৰশিক্ষিত সাধাৰণ প্ৰজা, বাঁহৰ লাঠি, যাঠি, ধনু-কাঁড় আদি সাধাৰণ অস্ত্ৰেৰে বিৰাট ৰাজকীয় বাহিনীক পৰাস্ত কৰি ৰাজশাসন ওফৰাই দিয়াৰ দৰে নাজিৰবিহীন আৰু বিষ্ময়কৰ ঘটনা বিশ্বৰ বুৰঞ্জীতে বিৰল।

        বিপ্লৱৰ সমস্ত প্ৰেক্ষাপট অধ্যয়ন-বিশ্লেষণ ৰাধৱ মৰাণৰ মৎ চৰিত্ৰক পোহৰলৈ আনে।





Post ID : DABP004709