অসমীয়া ভাষা উৎপত্তিঃ অসমীয়া ভাষা উত্তৰ-পূৰ্বাঞ্চলৰ এটি মূখ্য ভাষা।প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাবিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম-একাদশ শতিকা মানত অসমীয়া ৰূপ লবলৈ আৰম্ভ কৰে।ভাৰতীয় আৰ্য ভাযাৰ প্ৰাচীন লিখিত ৰূপটো আছিল সংস্কৃত। সংস্কৃত ভাষাৰ বিৱৰ্তন ঘটি পালি আৰু প্ৰাকৃত ভাষাৰ সৃষ্টি হয়। ভাৰতৰ পূৱ অঞ্চলত সংস্কৃত পৰা মাগধী প্ৰাকৃত ভাষাৰ শৃষ্টি হয়। মাগধী প্ৰাকৃতৰ ৰাঢ়, বাঢ়েন্দ্ৰ বংগ আৰু কামৰূপ নামেৰে চাৰিটা শাখাত বিভক্ত হয়। কামৰূপী প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি একাদশ শতিকামানত অসমীয়া ভাষাৰ উৎপত্তি হয়। 


Geetanjali Bora



Post ID :DABP003280