পঞ্চম অধ্যায় ঃ 

প্ৰশাসন ব্যৱস্থা আৰু সাংস্কৃতিক জীৱন 


প্ৰশ্নাৱলী

Additional Question & Answer

অতি চমু প্ৰশ্ন ( Very Short questions )


১। প্ৰাচীন অসমত শাসনৰ সৰ্ব্বোচ ক্ষমতা কাৰ হাতত আছিল ?

( Who was the supreme authority of administration in ancient Assam.)

উত্তৰঃ প্ৰাচীন অসমত শাসনৰ সৰ্ব্বোচ ক্ষমতা ৰজাৰ হাতত আছিল ।


২। প্ৰাচীন অসমৰ বিষয় শাসনকৰ্তাজন কি নামেৰে জনা গৈছিল ?

( By which the administration of Visaya was known )

উত্তৰঃ 


৩। পুৰ শব্দৰ দ্বাৰা কি বুজোৱা হৈছে ?

( What do you know by pura'')

উত্তৰঃ পুৰ শব্দৰ দ্বাৰা নগৰীয়া প্ৰশাসন বুজোৱা হয় ।


৪। মহা প্ৰতিহৰৰ দায়িত্ব কি আছিল ?

( What was the responsiblity of Mahapratihar)

উত্তৰঃ  মহা প্ৰতিহাৰৰ দায়িত্ব আছিল ৰাজপ্ৰসাদৰ চোৱা-চিতা কৰা ।


৫। উ ৎক্ষেতক মানে কি ?

( What is Utkhetak?)

উত্তৰঃ উৎক্ষেতক মানে হল বিশেষ কাৰণত জৰুৰীকালীন ভাৱে লোৱা কৰ ।


৬। উপৰিকৰ মানে কি বুজা ?

( What is Uparikar?)

উত্তৰঃ উপৰিকৰ মানে হল স্থায়ী বা অস্থায়ীভাৱে সকলো শ্ৰেণীৰ খেতিয়কৰ পৰা আদায় কৰা এবিধ অতিৰিক্ত ৰাজহ ।


৭। ক্ষেত্ৰভূমি মানে কি ?

( What was khetrabhumi?)

উত্তৰঃ ৭েত্ৰভূমি মানে হল আবাদী মাটি বা খেতিৰ বাবে উপযুক্ত মাটি ।


৮। ব্ৰাহ্মণক দান দিয়া গাওঁসমূহক কি নামেৰে জনা গৈছিল ?

( By which name the villages donate to the Brahmanas were known  ?)

উত্তৰঃ ব্ৰাহ্মণক দান দিয়া গাওঁসমূহক শাস্তি পাতক নামেৰে জনা যায় ।


৯। দেবোত্তৰ ভূমি কি?

( What is devottara land?)

উত্তৰঃ 

১০। কালিকাপুৰাণ ক'ত ৰচিত হৈছিল ?

(In which places did kalikapurana written?)

উত্তৰঃ কালিকাপুৰাণ অসমত ৰচিত হৈছিল ।


১১। প্ৰাচীন অসমৰ প্ৰশাসন ব্যৱস্থা কিমানটা ভাগত বিভক্ত আছিল ?

( The administration of ancient Assam was divided into how many divisions?)

উত্তৰঃ প্ৰাচীন অসমৰ প্ৰশাসন ব্যৱস্থা ৬ টা ভাগত বিভক্ত আছিল ।


১২। অগ্ৰহাৰ মানে কি ?

( What us agrahara?)

উত্তৰঃ ব্ৰাহ্মণসকলক দান দিয়া  গাওঁসমূহ অগ্ৰহাৰ নামেৰে জনা যায় ।


১৩। প্ৰাচীন অসমৰ এটা মণ্ডলৰ নাম লিখা ।

( Write the name of the Mandala of ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ  এটা মণ্ডলৰ নাম হল হাপিয়কা মণ্ডল .


১৪। প্ৰাচীন অসমৰ প্ৰশাসনৰ আটাইতকৈ সৰু গোটটোৰ নাম কি ?

( What was the smallest unit of administration in ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ প্ৰশাসনৰ আটাইতকৈ সৰু গোটটোৰ নাম হল অগ্ৰহাৰ ।


১৫। প্ৰাচীন অসমৰ প্ৰথমজন ৰজাৰ নাম কি আছিল ?

( What was the name of the king of ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ প্ৰথমজন ৰজাৰ নাম হল মহীৰঙ্গ দানৱ ।


১৬। নৰকে কাক বধ কৰি প্ৰাগজ্যোতিষৰ সিংহাসনত উঠিছিল ?

( By killing whom, Naraka became the king of Pragjyotisa?)

উত্তৰঃ নৰকে ঘটক কিৰাতক বধ কৰি প্ৰাগজ্যোতিষৰ সিংহাসনত উঠিছিল 

.

১৭। প্ৰাচীন অসমৰ এজন ৰাজ পুৰোহিতৰ নাম লিখা ।

( Mention one Royal Priest of ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ এজন ৰাজপুৰোহিতৰ নাম হল শ্ৰী কান্ত ।


১৮। অশ্বমেধ যজ্ঞ মানে কি ?

( What do you mean by ''Aswamedh Sacriface ''?)

উত্তৰঃ অশ্বমেধ যজ্ঞ মানে হল আৰ্যধৰ্মৰ বিভিন্ন ৰীতি-নীতি আৰু পুজা-পাতল ইত্যাদি ।


১৯। প্ৰাচীন অসমত ৰাজহৰ প্ৰধান উৎস কি আছিল ?

( What was the main source of revenue in ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমত ৰাজহৰ প্ৰধান উৎস হল মাটি ।


২০। কৰ আৰু ভাগৰ মাজত পাৰ্থক্য কি ?

( What is the difference between ''kara and Bhaga?)

উত্তৰঃ কৰ আৰু ভাগৰ মাজত পাৰ্থক্য হল ভাগ ব্যৱস্থাত কেৱল উৎপাদিত দ্ৰব্যৰ দ্বাৰাহে ৰাজহ পৰিশোধ কৰিব পাৰি । আনহাতে কৰ ব্যৱস্থাত উৎপাদিত দ্ৰব্য অথবা নগদ ধনৰ দ্বাৰাও ৰাজহ দিব পৰা যায় । কিন্তু  প্ৰাচীন অসমত ভূমি ৰাজহৰ ক্ষেত্ৰত কৰ শব্দটিহে ব্যৱহাৰ হৈছিল আৰু এই কৰ উৎপাদিত দ্ৰব্য, নগদ ধন সেৱাৰ দ্বাৰা পৰিশোধ কৰিব পাৰিছিল । 


২১। প্ৰাচীন অসমত প্ৰচলিত এবিধ অতিৰিক্ত কৰৰ নাম লিখা ।

( Mention one extra-tax of ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমত প্ৰচলিত এবিধ অতিৰিক্ত কৰ হল উপৰিকৰ কৰ ।


২২। প্ৰাচীন অসমত ৰাজকোষৰ দায়িত্বত থকা বিষয়াজনক কি নামেৰে জনা গৈছিল ?

( Mention the official in-charge of Royal treasuryt.)

উত্তৰঃ প্ৰাচীন অসমত ৰাজকোষৰ দায়িত্বত থকা বিষয়াজনক কোষ্ঠাগাৰিক বুলি কোৱা হয় ।


২৩। প্ৰাচীন অসম ৰাজহ সংগ্ৰহৰ লগত জড়িত বিষয়া উল্লেখ কৰা ।

( Mention one official related to tax collection in ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ ৰাজহ সংগ্ৰহৰ লগত জড়িত বিষয়াজন হল গাণণিক ।


২৪। প্ৰাচীন অসমৰ  বিচাৰৰ ক্ষেত্ৰত সৰ্ব্বোচ ক্ষমতা কাৰ হাতত আছিল ?

( Who was the supreme '' Judicial power in ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ বিচাৰৰ ক্ষেত্ৰত সৰ্ব্বোচ ক্ষমতা ৰজাৰ হাতত আছিল ।


২৫। প্ৰাচীন অসমত কি নিয়মৰ ওপৰত ক্ষিত্তি কৰি বিচাৰসমূহ কৰা হৈছিল ?

( The judicial procedure of ancient Assam was based on which rule?)

উত্তৰঃ 

২৬। প্ৰাচীন অসমত ৰচিত এখন পুৰাণৰ নাম লিখা ।

( Mention one purana written in ancient Assam ?)

উত্তৰঃ প্ৰাচীন অসমত ৰচিত এখন পুৰাণৰ নাম হল কালিকাপুৰাণ ।


২৭। মুদ্ৰাৰাক্ষসৰ ৰচক কোন ?

(Who was the author of mudrarakshwa''?)

উত্তৰঃ মুদ্ৰাৰাক্ষসৰ ৰচক হল বিশাখাদত্ত ।


চমু প্ৰশ্ন( Short questions)

২৮। ৰজা হবৰ বাবে থাকিবলগীয়া দুটা গুণ উল্লেখ কৰা ।

( Mention two qualities of a king.)

উত্তৰঃ ৰজা হবৰ বাবে থাকিবলগীয়া দুটা গুণ হল 

ক) ৰজা হবৰ বাবে যুৱৰাজ অৱস্থাতে তেওঁ সকলো যোগ্যতা অৰ্জন কৰিব লাগিছিল ।


খ) ৰাজনীতিৰ জ্ঞানৰ লগতে বেদ-বেদান্তৰ জ্ঞান থকাটো অতি জৰুৰী ।

২৯। প্ৰাচীন অসমৰ ৰজাসকলে গ্ৰহণ কৰা দুটা উপাধি লিখা ।

( Mention two titles by the kings of ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ ৰজাসকলে গ্ৰহণ কৰা দুটা উপাধি হল 

ক) পৰমেশ্বৰ পৰমভট্টাৰক ।

খ) মহাৰাজাধিৰাজ ।


৩০। প্ৰাচীন অসমত অশ্বমেধ যজ্ঞ সম্পাদন কৰা দুজন ৰজাৰ নাম উল্লেখ কৰা ।

( Mention two kings who peformed asvamedha sacrifice in ancient Assam.)

উত্তৰঃ প্ৰাচীন অসমত অশ্বমেধ যজ্ঞ সম্পাদন কৰা দুজন ৰজাৰ নাম হল 

ক) মহেন্দ্ৰ বৰ্মন ।

খ) স্থিত বৰ্মন ।

৩১। প্ৰাচীন অসমত সৰু সৰু বিচাৰৰ বাবে কি শাস্তি বিহা হৈছিল ?

( Mention two punishment.)

উত্তৰঃ প্ৰাচীন অসমত সৰু সৰু বিচাৰৰ বাবে জৰিমণা লোৱা হৈছিল ।


৩২। চৌৰধাৰণ, চাট আৰু ভাটৰ দায়িত্ব কি আছিল ?

( What were the responsibilities of chauradharan chata and Bhata.)

উত্তৰঃ চৌৰধাৰণ, চাট আৰু ভাটৰ দায়িত্ব হল 

চোৰাংচোৰা হিচাপে নজৰ কৰি ফুৰা ।


৩৩। প্ৰাচীন অসমৰ দুজন স্মৃতিকাৰৰ নাম লিখা ।

( Mention two Smritikaras of ancient Assam.)

উত্তৰঃ প্ৰাচীন অসমৰ দুজন স্মৃতিকাৰৰ নাম হল 

ক) নীলাম্বৰাচাৰ্য ।

খ) বেদচাৰ্য ।


চমু টোকা ( ShORT NOTES)

৩৪। ৰজাৰ যোগ্যতা ( Qualities of king)

উত্তৰঃ প্ৰাচীন অসমত যি ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল তাত শাসনৰ মুৰব্বী আছিল ৰজা । বংশানুক্ৰমিক ৰাজতন্ত্ৰৰ প্ৰচলন আছিল যদিও ৰজা হবৰ বাবে কিছুমান বিশেষ জ্ঞান বা যোগ্যতা থকাটো বাঞ্চনীয় আছিল । কালিকা পুৰাণত ৰজা হবৰ বাবে আৱশ্যকীয় গুণসমূহৰ বৰ্ণনা পোৱা যায় । শাৰীৰিক শক্তি, বুদ্ধিমত্তা আদিৰ লগতে ৰজাজন আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হব লাগিছিল । তাৰোপৰি ৰজাজন নম্ৰ আৰু সৰল মনৰ হোৱাটো সকলো প্ৰজাই বিছাৰিছিল । ৰাজনীতিৰ জ্ঞানৰ লগতে বেদ- বেদান্তৰ জ্ঞান থকাটোঅতিকৈ জৰুৰী । হাতী, ঘোৰা, আদি পৰিচালনা আৰু সমৰ কলাত পাকৈত হোৱা ৰাজকুমাৰসকলৰ ৰাজ পাটৰ বাবে উপযুক্ত বিবেচনা কৰা হৈছিল । ধৰ্মশাস্ত্ৰৰ জ্ঞান আৰু সত্যনিষ্ঠ ৰজাৰ গুমসমূহৰ ভিতৰত অন্যতম আছিল । ৰজা হবৰ বাবে যুৱৰাজ অৱস্থাতে তেওঁ সকলো যোগ্যতা অৰ্জন কৰিব লাগিছিল । তেওঁ যুৱৰাজ হৈ থকা অৱস্থাত সকলো শিক্ষা আৰু জ্ঞান লাভ কৰি সকলো প্ৰকাৰৰ প্ৰশিক্ষণ লৈ নিজকে ৰজা হোৱাৰ বাবে যোগ্যতা হিচাপে গঢ়ি তুলিব লাগিব । প্ৰাচীন অসমৰ বহুকেইজন ৰজাই পৰম ভট্টাৰক, পৰমেশ্বৰ, আৰু মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰি নিজৰ যোগ্য়তা প্ৰতিপন্ন কৰিব বিচাৰিছিল । 

ভাস্কৰ বৰ্মনৰ ডুবি তাম্ৰশাসনত উল্লেখ থকামতে ৰজা সমুদ্ৰ বৰ্মন সকলো ৰাজচিত গুণৰ অধিকাৰী আছিল আৰু ৰজা ভাস্কৰ বৰ্মন নিজে শাস্ত্ৰজ্ঞ পণ্ডিত আছিল । হৰ্জৰ বৰ্মনৰ তেজপুৰ লিপিত তেওঁক যুধিষ্ঠিৰৰ দৰে ধৰ্মপৰায়ণ আৰু ভীম আৰু অৰ্জুনৰ দৰে সাহসী আছিল বুলি উল্লেখ কৰা হৈছে । পালবংশৰ ৰজা ৰত্নপালক স্কন্দগুপ্তৰ লগত তুলনা কৰা হৈছে ।


৩৫। ৰজাৰ ক্ষমতা আৰু কৰ্তব্য 

( Duties and responsibilities of king )

উত্তৰঃ ৰজাৰ ক্ষমতা আৰু কৰ্তব্য 

প্ৰাচীন অসমৰ ৰজাৰ ক্ষমতা আছিল 

১। ৰাজ আজ্ঞা জাৰি কৰা ।

২। কৰ আৰোপ কৰা ।

৩। ব্ৰাহ্মণক ভূমি দান কৰা আৰু অন্যান্য দ্ৰব্য দান কৰা ।

৪। জৰিমণা বিহা ।

৫। কোনো কামত নিষেধাজ্ঞা জাৰি কৰা ইত্যাদি ।

ৰজা নিজে সুৰক্ষিত হোৱাৰ লগতে প্ৰজাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে কাম কৰাটো প্ৰধান কৰ্তব্য আছিল । সামাজিক শৃংখলা বজাই ৰখাৰ লগতে জনকল্যাণ, মূলক কাম কৰাটো ৰজাৰ এক অন্যতম কৰ্তব্য । অন্যান্য প্ৰশাসনিক বিভাগ সমূহৰ কাম-কাজৰ পৰ্য্যবেক্ষণ আৰু তত্ত্বাৱধান কৰাটো ৰজাৰ কৰ্তব্য ভিতৰত পৰিছিল । সামাজিক শৃংখলা ৰক্ষাৰ বাবে বৰ্ণাশ্ৰম ধৰ্ম ৰক্ষা কৰা আৰু ৰজাৰ কৰ্তব্য আছিল । ধৰ্মৰ লগতে শিক্ষা আৰু সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আছিল ৰজাৰ ওপৰত । সকলো প্ৰজাকে পুত্ৰৰ দৰে পালন কৰা, শোষণ অত্যাচাৰ নিৰ্বাৰণ কৰা, ধৰ্ম ৰক্ষা, আৰু প্ৰজাৰ সুৰক্ষা আছিল উল্লেখযোগ্য কৰ্তব্য । ৰজা বনমাল বৰ্মনৰ ফলিসমূহত ৰাজ্যৰ ভৌগোলিক পৰিসীমাৰ ৰক্ষণাবেক্ষণ দিয়া আৰু প্ৰজা সাধাৰণৰ জীৱন ৰক্ষা কৰাটো প্ৰজাৰ প্ৰধান কৰ্তব্য বুলি উল্লেখ কৰা হৈছে । ৰজা মহেন্দ্ৰ বৰ্মনে প্ৰজাসকলক নিজৰ সন্তানৰ দৰে পালন কৰিছিল । প্ৰাচীন অসমৰ অন্য এজন ৰজা চন্দ্ৰমুখ বৰ্মনে প্ৰজাসকলক চোৰ-ডকাইতৰ উপদ্ৰৱ, দুৰ্ভিক্ষ, আৰু উৎপীড়ণৰ পৰা ৰক্ষা কৰিছিল বুলি তথ্য পোৱা গৈছে । 


৩৬। প্ৰাচীন অসমৰ প্ৰশাসনৰ বৈশিষ্ট্য 

( Characteristic of administration of ancient Assam.)

উত্তৰঃ প্ৰাচীন অসমৰ প্ৰশাসনৰ বৈশিষ্ট্যসমূহ হল 

ক) ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন । জনজাতীয় আৰ্হিত গঢ়ি উঠা প্ৰাচীন অসমৰ সমাজত জনজাতীয় নেতাৰ উত্তৰণ ঘটি ৰজাৰ সৃষ্টি হৈছিল বুলি বেছিবাগ ঐতিহাসিকে মতপোষণ কৰিছে ।     

খ) প্ৰাচীন অসমৰ ৰাজতন্ত্ৰত ভগৱানৰ প্ৰভাৱ দেখা যায় । ৰজাসকলে নিজকে ইশ্বৰ প্ৰেৰিত দূত বা উচ্চ বংশজাত বুলি প্ৰতিপন্ন কৰিব বিচাৰিছিল । কিংবদন্তী অনুসৰি ৰজা নৰকক ভগৱান বিষ্ণুৱে প্ৰাগজ্যোতিষৰ সিংহাসনত অধিষ্ঠিত কৰিছিল । তেওঁ ঘটক কিৰাতক বধ কৰি নৰকক ৰজা পাতিছিল । 

৩। ৰজাৰ পদবীটো বংশানুক্ৰমিক হোৱা দেখা গৈছিল ।

৪। বিশেষ পৰিস্থিতিত ৰজাক মনোনীত বা নিৰ্বাচিত কৰাও হৈছিল ।

৫। খৃঃ সপ্তম শতিকাৰ পৰা অৰ্থাৎ শালস্তম্ভ ৰজাসকলৰ ৰাজত্বৰ সময়ৰ পৰা ৰাজতন্ত্ৰত সাম্ৰাজ্যবাদী প্ৰভাৱ দেখা যায় ।

ডুবি তাম্ৰলিপিত উল্লেখ থকা মতে ৰজা পুষ্যবৰ্মণ আৰু ব্ৰজদত্তৰ ইন্দ্ৰৰ লগত, সুপ্ৰতিষ্ঠিত বৰ্মনক কাৰ্তিকৰ লগত আৰু ভাস্কৰ বৰ্মনক গনেশৰ লগত তুলনা কৰা দেখা গৈছে ।

শালস্তম্ভ বংশৰ শেষৰজন ৰজা ত্যাগসিংহ নিঃসন্তান হোৱাৰ বাবে তেওঁৰ পৰৱৰ্তী শাসক হিচাপে ব্ৰহ্মপালক নিৰ্বাচিত কৰা হৈছিল । ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰা ৰাজ বংশটোৰ নাম আছিল পালবংশ । 


৩৭। প্ৰাচীন অসমৰ সাহিত্যৰাজি

( Literature of ancient Assam)

উত্তৰঃ প্ৰাচীন অসমত বহুতো সাহিত্য ৰচনা কৰা হৈছিল । প্ৰাচীন অসমত ৰচিত সাহিত্যৰাজীৰ বিতৰত আটািতকৈ প্ৰাচীন গ্ৰন্থ হল মুনি পালকাপ্যই ৰচনা কৰা হৰ্স্তায়ুবেদ নামৰ গ্ৰন্থখন । এইখন হাতীৰ চিকিৎসাৰ গ্ৰন্থ আছিল । সংস্কৃত ভাষাত লিখা এই গ্ৰন্থখন হিমালয়ৰ পাদদেশৰ কোনোবা স্থানত লৌহিত্যৰ পাৰত ৰচনা কৰা হৈছিল বুলি উল্লেখ আছে । মুনি পালকাপ্য আছিল মুনি সামগায়নৰ পুত্ৰ । পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰীয়ে এই গ্ৰন্থৰ ৰচনাকাল খৃঃ পঞ্চম -ষষ্ঠ শতিকা বুলি মতপোষণ কৰিছে । আনহাতে, মুকুন্দ মাধৱ শৰ্মাই এই গ্ৰন্থৰ ৰচনাকাল খৃঃ প্ৰথম শতিকা বুলি ঠাৱৰ কৰিছে ।

মুদ্ৰাৰাক্ষস নামৰ সংস্কৃত নাটকখন প্ৰাচীন অসমত জড়িত, কাৰণ এই গ্ৰন্থৰ ৰচক বিশাখাদত্ত প্ৰাগজ্যোতিষৰ বাসিন্দা আছিল বুলি বেছিবাগ পণ্ডিতেই মতপোষণ কৰিছে ।  এই গ্ৰন্থত বৰ্ণিত ৰজা অৱন্তিবৰ্মাক বহুতে প্ৰাগজ্যোতিষৰ ভৌম বংশীয় ৰজা বুলি কৈছে । ৰত্নাৱলী নামৰ সংস্কৃত নাটকখন প্ৰাচীন অসমত ৰচিত । এই নাটকৰ ৰচক শ্ৰী হৰ্ষক বহু পণ্ডিতে ৰজা শ্ৰী হৰ্ষদেৱ বুলি কৈছে । পুৰাণসমূহৰ বহুতো উপ-পুৰাণ ৰচিত হৈছিল । প্ৰাচীন অসমত ৰচিত এক পুৰাণ হল কালিকা পুৰাণ । খৃঃ নৱম-দশম শতিকাত সংস্কৃত ভাষাত ৰচিত এই গ্ৰন্থত শাক্ত ধৰ্মৰ বিভিন্ন মতবাদ, দৰ্শন আৰু ৰীতি-নীতি পোৱা যায় । প্ৰাচীন অসম তন্ত্ৰ উপাসনাৰো স্থান আছিল । বৌদ্ধ তান্ত্ৰিক গ্ৰন্থও এই অঞ্চলত ৰচিত হৈছিল । সেই সমূহৰ ভিতৰত মীন নাথৰ দ্বাৰা ৰচিত কৌল জ্ঞান নিৰ্ণয় আকুলবীৰ তন্ত্ৰ আৰু কামাখ্যাগুহাসিদ্ধি তন্ত্ৰ উল্লেখনীয় । অনংগব্ৰজই ৰচনা কৰা প্ৰজ্ঞোপায় বিনিশ্বয় সিদ্ধি আৰু হেব্ৰজতন্ত্ৰ নামৰ গ্ৰন্থ দুখন অসমত ৰচিত বুলি অনুমান কৰা হৈছে । কাৰণ বহুতো পম্ডিতৰ মতে অনংগব্ৰজ আছিল পালবংশৰ ৰজা গোপালৰ পুত্ৰ । ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰেই প্ৰাচীন অসমতো স্মৃতিশাস্ত্ৰ ৰচিত হৈছিল । খৃঃ দশম শতিকা মানৰ পৰা প্ৰাচীন ্সমত স্মৃতিশাস্ত্ৰ ৰচনা কৰাৰ তথ্য পোৱা গৈছে । প্ৰাচীন অসমৰ কেিজনমান উল্লেখযোগ্য স্মৃতিকাৰ আছিল নীলাম্বৰাচাৰ্য , বেদচাৰ্য, বিশ্বেশ্বৰ, ধবলেশ্বৰ, বিমলবোধ, নাৰায়ণ সৰ্বজ্ঞ, শংখধৰ, যুগলোকাচাৰ্য ইত্যাদি । স্মৃতি গ্ৰন্থকাৰ নীলাম্বৰাচাৰ্যই ৰচনা কৰা গ্ৰন্ছ কেইখন মান হল ্ংশ প্ৰকাশিকা, শ্ৰাদ্ধ প্ৰকাশ, আৰু কলাকৌমুদী ।

 

ৰচনাধৰ্মী প্ৰশ্ন ( Essay type question)

৩৮। প্ৰাচীন অসমৰ শাসন ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰি ৰজাৰ যোগ্যতা, ক্ষমতা আৰু কৰ্তব্য আৰু ৰাজকীয় যজ্ঞ সমূহৰ বিষয়ে আলোচনা কৰা ।

( Discuss about the advinistratic Characteristic of ancient Assam and the qualities, duties, and responsibilities of a king.)

উত্তৰঃ প্ৰাচীন অসমৰ শাসন ব্যৱস্থাৰ বৈশিষ্যসমূহ হল 

ক) ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন । জনজাতীয় আৰ্হিত গঢ়ি উঠা প্ৰাচীন অসমৰ সমাজত জনজাতীয় নেতাৰ উত্তৰণ ঘটি ৰজাৰ সৃষ্টি হৈছিল বুলি বেছিভাগ ঐতিহাসিকে মতপোষণ কৰিছে ।

খ) প্ৰাচীন অসমৰ ৰাজতন্ত্ৰত ভগৱানৰ প্ৰভাৱ দেখা যায় । ৰজাসকলে নিজকে ইশ্বৰ প্ৰেৰিত দূত বা উচ্চ বংশজাত বুলি প্ৰতিপন্ন কৰিব বিচাৰিছিল । 

গ) ৰজাৰ পদবীটো বংশানুক্ৰমিক হোৱা দেখা গৈছিল ।

ঘ) বিশেষ পৰিস্থিতিত ৰজাক মনোনীত বা নিৰ্বাচিত কৰাও হৈছিল ।

ঙ) খৃঃ সপ্নতম শতিকাৰ পৰা অৰ্থা ৎ শালস্তম্ভ ৰজাসকলৰ ৰাজত্বৰ সময়ৰ পৰা ৰাজতন্ত্ৰত সামন্তবাদী প্ৰভাৱ দেখা যায় .

ৰজাৰ ক্ষমতা আৰু কৰ্তব্য

ক) ৰাজ আজ্ঞা জাৰি কৰা ।

খ) কৰ আৰোপ কৰা ।

গ) ব্ৰাহ্মণক ভূমিদান কৰা আৰু অন্যান্য দ্ৰব্য দান কৰা ।

৪। জৰিমণা বিহা ।

ঙ) কোনো কামত নিষেধাজ্ঞা জাৰি কৰা ।

ৰজা নিজে সুৰক্ষিত হোৱাৰ লগতে প্ৰজাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে কাম কৰাতো প্ৰধান কৰ্তব্য আছিল । সামাজিক শৃংখলা বজাই ৰখাৰ লগতে জনকল্যাণমূলক কাম কৰতো ৰজাৰ এক অন্যতম কৰ্তব্য । অন্যান্য প্ৰশাসনিক বিভাগসমূহৰ কাম-কাজৰ পৰ্যবেক্ষণ আৰু তত্ত্বাৱধান কৰাতো ৰজাৰ ভিতৰত পৰিছিল । সামাজিক শংখলা ৰক্ষাৰ বাবে বৰ্ণাশ্ৰম ধৰ্ম ৰক্ষা কৰা ৰজাৰ কৰ্তব্য আছিল । ধৰ্মৰ লগতে শিক্ষা আৰু সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আছিল ৰজাৰ ওপৰত । সকলো প্ৰজাকে পুত্ৰৰ দৰে পালন কৰা, শোষণ অত্যাচাৰ নিবাৰণ কৰা, ধৰ্ম ৰক্ষা আৰু প্ৰজাৰ সুৰক্ষা আছিল উল্লেখনীয় কৰ্তব্য । ৰজা বনমাল বৰ্মনৰ ফলিসমূহত ৰাজ্যৰ ভৌগোলিক পৰিসীমাৰ ৰক্ষণাবেক্ষণ দিয়া আৰু প্ৰজা সাধাৰণৰ জীৱন ৰক্ষা কৰাটো ৰজাৰ প্ৰধান কৰ্তব্য বুলি উল্লেখ কৰা হৈছে । ৰজা মহেন্দ্ৰ বৰ্মনে প্ৰজাসকলৰ নিজৰ সন্তানৰ দৰে পালন কৰিছিল । প্ৰাচীন অসমৰ অন্য এজন ৰজা চন্দ্ৰমুখ বৰ্মনে প্ৰজাসকলক চোৰ-ডকাইৰ উপদ্ৰৱ, দুৰ্ভিক্ষ আৰু উ ৎপীড়নৰ পৰা ৰক্ষা কৰিছিল বুলি তথ্য পোৱা গৈছে ।

ৰাজকীয় যজ্ঞ ঃ প্ৰশাসনৰ লগত জড়িত দুটা উল্লেখযোগ্য যজ্ঞ আছিল ৰাজসূয় যজ্ঞ আৰু বাজপেয় যজ্ঞ । এজন ব্যক্তি ৰজা হবৰ বাবে ৰাজসূয় যজ্ঞ আৰু সম্ৰাট হবৰ বাবে বাজপেয় যজ্ঞ সম্পাদন কৰিব পাৰিছিল । কিন্তু প্ৰাচীন অসমৰ এনে ৰাজকীয় যজ্ঞ সম্পন্ন কৰাৰ তথ্য এতিয়ালৈকৈ পোৱা হোৱা নাই । 

প্ৰাচীন অসমৰ ৰজাসকলে সম্পাদন কৰা এক উল্লেখযোগ্য যজ্ঞ আছিল অশ্বমেধ যজ্ঞ । সেই সময়ৰ ৰজাসকলে সমসাময়িক অন্যান্য ৰজাসকলৰ ওপৰত নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে এই যজ্ঞ কৰিছিল । এই যজ্ঞৰ দ্বাৰা দিগবিজয়ৰ পূৰ্বেই বৈদিক নিয়মমতে যজ্ঞ পাতি সেই যজ্ঞৰ ঘোঁৰা মেলি দি চুবুৰীয়া ৰজাসকলৰ ওপৰত নিজৰ একছত্ৰী শাসন প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছিল । প্ৰাচীন অসমৰ ৰজা মহেন্দ্ৰ বৰ্মে দুটা, ভূতি বৰ্মনে এটা , আৰু স্থিত বৰ্মনে দুটা অশ্বমেধ যজ্ঞ সম্পাদন কৰাৰ তথ্য পোৱা গৈছে । 

৩৯। প্ৰাচীন অসমৰ প্ৰাদেশিক প্ৰশাসনৰ ওপৰত এটি টোকা লিখা ।

( Write a note on the provincial administrational ancient  Assam.)

উত্তৰঃ প্ৰাচীন অসমৰ ৰাজতান্ত্ৰৰ প্ৰচলন আছিল যদিও ৰাজ্যৰ সম্প্ৰসাৰণৰ লগে-লগে প্ৰশাসনৰ বিভাজন আৱশ্যকীয় হৈ পৰিছিল । প্ৰশাসনৰ ক্ষেত্ৰত ক্ষমতাৰ কেন্দ্ৰীয়কৰণ, বিকেন্দ্ৰীকৰণ আৰু স্থায়ী শাসনৰ মাজত ভাৰসাম্য ৰক্ষা কৰা দেখা গৈছিল । প্ৰাচীন অসমৰ প্ৰশাসনৰ সুবিধাৰ বাবে কিছুমান প্ৰশাসনিক ভাগ কৰা হৈছিল । এই ভাগসমূহৰ ভাগসমূহৰ ওপৰত এক নিৰ্দিষ্ট তথ্য পোৱা হোৱা নাই । কিছুমান লিপিত উত্তৰকূল আৰু দক্ষিণকূল শব্দদুটা ব্যৱহাৰ হোৱালৈ চাই, এই দুটা প্ৰশাসনিক বিভাগ যেন অনুমান হয় । কিছুমান লিপিত উল্লেখ থকা ভূক্তি, বিষয়, মণ্ডল, পুৰ, গ্ৰাম অগ্ৰহাৰ আদি প্ৰশাসনিক বিভাগ আছিল বুলি ঐতিহাসিক সকলে মতপোষণ কৰিছে । প্ৰাচীন কালত অসমৰ বিস্তৃ পূৰ্ববঙ্গৰ পৰা ভূটান পৰ্য্যন্ত হোৱা দেখা গৈছিল । প্ৰাচীন অসমত ৰচিত সাহিত্য কালিকা পুৰাণত কামৰূপ ৰাজ্য ( প্ৰাচীন অসমৰ) সোমাজত কামাখ্যা দেৱীৰ মন্দিৰ আছিল বুলি উল্লেখ আছে । বিষ্ণু পুৰাণত উল্লেখ থকা মতে  কামাখ্যা মন্দিৰৰ চাৰিওদিশে এশ যোজনা জুৰি কামৰূপ ৰাজ্য বিস্তৃ আছিল । 

প্ৰাচীন অসমৰ প্ৰধান প্ৰশাসনিক ভাগবোৰ তলত থুলমূলকৈ আলোচনা কৰা হল 

ক) ভূক্তিঃ প্ৰাচীন অসমৰ প্ৰশাসনৰ আটাইতকৈ ডাভৰ ভাগটোৰ নাম আছিল ভূক্তি । বৈদ্যদেৱৰ কমৌলি লিপিত প্ৰাগজ্যোতিষৰ এটা ভূক্তি বুলি উল্লেখ কৰিছে । প্ৰাচীন অসমৰ অন্য এখন ভূক্তিৰ নাম আছিল পুন্দ্ৰ বৰ্দ্ধন । অৱশ্য এই ভূক্তি সমূহৰ সময়ে সময়ে সলনি হোৱা দেখা যায় । উচ্চ প্ৰাগেশিক শাসনকৰ্তাই ভূক্তিসমূহ শাসন কৰিছিল ।

খ) মণ্ডলঃ কমৌলি লিপিত উল্লেখ থকা কামৰূপ মণ্ডল শব্দৰ পৰা মণ্ডলসমূহে বিষয়ৰ সমপৰ্যায়ৰ প্ৰশাসনিক বিবাগ আছিল বুলি অনুমান কৰা হৈছে । কেবাখনো বিষয় লগ-লাগি মণ্ডলসমূহ গঠিত হৈছিল । বল্লভদেৱৰ লিপিত হাপিয়কা মণ্ডলৰ বিষয়ে উল্লেখ আছে । পৰৱৰ্তী সময়ৰ ইন্দ্ৰপালৰ লিপিত উল্লেখ থকা হাপিয়কা মণ্ডলকেই বহুতো পণ্ডিতে হাপিয়মা মণ্ডল বুলি চিনাক্ত কৰিছে । 

খ) বিষয়ঃ প্ৰাচীন ্সমৰ প্ৰশাসনৰ অন্য এটা বাগ আছিল বিষয়সমূহ । বিষয়সমূহৰ শাসনকৰ্তাক বিষয়পতি হিচাপে জনা গৈছিল বিষয়ৰ অধীনত অগ্ৰহাৰসমূহ ৰখা হৈছিল । প্ৰাচীন অসমৰ কেইখনমান উল্লেখযোগ্য বিষয় আঐছিল চন্দ্ৰপুৰী, দিজ্জিনা, দান্দি, পৰিজি ইত্যাদি ।

গ) পুৰঃ প্ৰাচীন অসমত নগৰসমূহ পুৰ হিচাপে জনা গৈছিল । পুৰ শব্দৰ দ্বাৰা নগৰীয়া প্ৰশাসন বুজায় । প্ৰাৰীন লিপি সমূহৰ পৰা প্ৰাগজ্যোতিষপুৰ, হাৰুপেশ্বৰ, দুৰ্জয়া নগৰী, কামৰূপ নগৰ আদি নগৰ সমূহৰ কথা জানিব পাৰি ৰাজধানী নগৰ শাসন কেন্দ্ৰীয়ভাৱে চলিছিল । ৰাজধানী নগৰৰ চাৰিওফালে পহৰা দিবৰ বাবে সৈন্য ৰখা হৈছিল । নগৰৰ শাসনকৰ্তাজন অধিকৰণ হিচাপে জনা গৈছিল । 

ঘ) গ্ৰামঃ প্ৰাচীন অসমৰ প্ৰশাসনৰ আটাইতকৈ সৰু গোটতো আছিল গ্ৰাম । গ্ৰাম শব্দৰ দ্বাৰা গাওঁ বুজোৱা হৈছে । বস্তু( ঘৰ-দুৱাৰ সাজিবৰ বাবে উপযোগী মাটি) ক্ষেত্ৰ ( উৰ্বৰা) , খিলা ( পতিত মাটি) গোপচাৰ ভূমি( চৰণীয়া পথাৰ ) , বনভূমি জলাশয় আদি বৈ গাঁওসমূহ গঠন কৰিছিল । গাওঁৰ প্ৰশাসনৰ দায়িত্বত থকা লোকজন  গাওঁবুঢ়া হিচাপে জনা গৈছিল । গাওঁবুঢ়াৰ প্ৰশাসনৰ ক্ষেত্ৰত গাঁৱৰ বয়সস্থ লোকৰ দ্বাৰা গঠিত পৰিষদে সহায় কৰিছিল । প্ৰাচীন অসমৰ  কেইখনমান উল্লেখযোগ্য গ্ৰামৰ নাম হল হাপোচা, অভিণ্ডৰ বাটক, ভবিচা, কানজিয়া ইত্যাদি । নগাজৰী খনিকৰ লিপিত ব্ৰহ্মদত্ত নামৰ এজন গাওঁবুঢ়াৰ নাম উল্লেখ আছে । 

ঙ) অগ্ৰহাৰঃ ব্ৰাহ্মণসকলক দান দিয়া গাওঁসমূহ অগ্ৰহাৰ হিচাপে জনা গৈছিল । এই অগ্ৰহাৰসমূহ আছিল কেবাখনো গাৱৰ সমষ্টি । প্ৰাচীন অসমৰ দুখন অগ্ৰহাৰ হল মযুৰচালমলগ্ৰহ আৰু শ্ৰী গাতিকাগ্ৰাহ ।

৪০। প্ৰাচীন অসমৰ ৰাজহ ব্যৱস্থাৰ ওপৰত বৰ্ণনা কৰি ৰাজহৰ উ ৎস আৰু ৰাজসংগ্ৰহৰ লগত জড়িত বিষয়াসকলৰ আলোচনা আগবঢ়োৱা ।

( Describe revenue administration of ancient Assam with special reference to the source of revenue and revenue officials.)

উত্তৰঃ প্ৰশাসনৰ এক অপৰিহাৰ্য অংগ হৈছে ৰাজহ প্ৰশাসন । ৰাজহৰ ওপৰতে ৰাজহ এখনৰ উন্নয়ন আৰু সামাজিক শান্তি-শৃংখলা নিৰ্ভৰ কৰে । প্ৰাচীন কালত ৰজাৰ প্ৰধান কাম আছিল ধৰ্ম-অৰ্থ, কাম এই  ত্ৰিবূৰ্গ সাধন আৰু পালন কৰা । ৰজা বিভিন্ন ব্যৱস্থাৰদ্বাৰা অৰ্থ সংগ্ৰহ কৰি ৰাজভৰাল টনকিয়াল কৰি ৰাখিব লাগিছিল । ৰাজহৰ পৰা ন্যায় অনুসৰি ৰজাই ৰাজহ সংগ্ৰহ কৰিছিল আৰু সেইসমূহ প্ৰজাই উন্নয়নৰ কামত খৰচ কৰিছিল । প্ৰাচীন অসম ৰাজহ প্ৰশাসনৰ বিষয়ে বিভিন্ন উ ৎসৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰি । সমসাময়িক লিপি সমূহে এই ক্ষেত্ৰত বহু তথ্যৰ যোগান ধৰিছে । তলত প্ৰাচীন অসমৰ ৰাজহৰ উ ৎস, ৰাজহ, সংগ্ৰহকাৰী বিষয়া আৰু বূমি বন্দোবস্তিৰ বিষয়ে আলোচনা কৰা হল

ৰাজহ উ ৎসঃ

প্ৰাচীন অসমত ৰাজহৰ প্ৰধান ুউ ৎস আছিল ভূমি । সেইসময়ত সকলো ভূমি ৰ মালিক আছিল ৰজা নিজে । সেয়ে ৰজাই প্ৰজাৰ পৰা ভূমি ৰাজহ সংগ্ৰহ কৰিছিল । খেতিয়কসকলৰ দখলত থকা ভূমি সমূহৰবিবিন্ন দিশ পৰ্যবে৭ণ কৰি সেই ভূমিৰ ওপৰত ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল । প্ৰজাই ব্যৱহাৰ কৰা ভূমিৰ বাবদ ৰজাি নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দ্ধাৰিত কৰ পৰিশোধ কৰিব লাগিছিল । এনেদৰে নিৰ্ধাৰিতবাৱে বূমি ৰাজহ আদায় দিয়া লোকজন বংশানুক্ৰমিকভাৱে মাটি ভোগ কৰি থাকিব লাগাছিল । সাধাৰণতে উ ৎপন্ন দ্ৰব্যৰ দ্বাৰা বা নগদ ধনেৰে আদায় দিয়া এই ভূমিৰাজহক কৰ হিচাপে জনা গৈছিল । প্ৰাচীন অসমত ভূমি ওপৰত নিয়মিতভাৱে আৰোপ কৰা ৰাজহৰ নাম আছিল কৰ ।  এই কৰৰ পৰিমাণ সম্বন্ধে নিৰ্দিষ্ট তথ্য পোৱা হোৱা নাই । । নিধানপুৰ লিপি আৰু কমৌলি লিপিত কৰা সংগ্ৰহৰ কথা উল্লেখ াআছে যদিও তাৰ নিৰ্দিষ্ট পৰিমামৰ বিষয়ে উল্লেখ নাই । প্ৰাচীন বাৰততো বূমিৰ বাবদ কৰ লোৱাৰ ব্যৱস্থা আছিল আৰু ইয়াক ভাগ হিচাপে জনা গৈছিল ।সেই সময়ত উৎপন্ন ১ভাগৰ ৬ অংশ বা ভাগ হ্চাপে দিব লাগিছিল । বূমিৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি ঠায়ে ঠায়ে বিভিন্ন সময়ত এই ৰাজহৰ পৰিমাণৰ তাৰতম্য দেখা যায় । বৰ্তমানৰ ঐতিহবাসিক সকলৰ মাজত কৰ আৰু ভাগ সম্পৰ্কে মতবিৰোধ দেখিবলৈ পোৱা যায় । বেছিবাগ ঐতিহাসিকৰ মতে যদিও দুয়োবিধ ভূমি ৰাজহেই আছিল, তথাপি কৰ আৰু ভাগৰ মাজত পাৰ্থক্য আছিল । তেওঁলোকৰ মতে বাগ ব্যৱস্থাত কেৱল উৎপাদিত দ্ৰব্যৰ দ্বাৰাহে ৰাজহ পৰিশোধ কৰিব পাৰি । আনহাতে, কৰ ব্যৱস্থাত উৎপাদিত দ্ৰব্য অথবা নগদ ধনৰ দ্বাৰাও ৰাজহ দিব পৰা যায় । কিন্তু প্ৰাচীন অসমত ভূমি ৰাজহৰ ক্ষেত্ৰত কৰ শব্দটিহে ব্যৱহাৰ হৈছিল আৰু এই কৰ উ ৎপাদিত দ্ৰব্য, নগদ ধন সেৱাৰ দ্বাৰা পৰিশোধ কৰিব পাৰিছিল । প্ৰাচীন অসমত ৰজা যিহেতু ৰাজ্যৰ সকলো ভূমিৰ মালিক আছিল. সেয়েহে তেওঁ ইচ্ছানুসৰি ব্ৰাহ্মণ বা অন্যান্য মন্দিৰ আদিলৈ দান কৰিব পাৰিৰ্ছিল । এনেদৰে ৰজাই দান কৰা  মাটিসমূহৰ কৰমুক্ত আছিল । ব্ৰাহ্মণক দান কৰা অগ্ৰহাৰ সমূহ কৰমুক্ত আছিল । অন্য কিছুমান সম্প্ৰদায়ৰ লোককো ৰজাই ভূমিদান দিয়াৰ তথ্য পোৱা গৈছে । এই ভূমিসমূহো কৰমপক্ত আছিল । কৱৌলি লিপিত উল্লেখ থকামতে শাস্তি পাটক আৰু মন্দৰাৰ দুখন গাওঁ ৰজাই ব্ৰাহ্মণক দান কৰিছিল আৰু এই দুখন গাওঁ কৰমুক্ত আছিল । নিয়মিতকৰণৰ উপৰি অন্যান্য কিছুমান উৎসৰ পৰাও ৰাজহ সংগ্ৰহ কৰা হৈছিল । এই সমূহ হল সাময়িক কৰ, বামিজ্যিক কৰ, জৰিমণা কৰ, সম্পত্তি কৰ, সামন্তসকলৰ পৰা পোৱা কৰ ইত্যাদি । বিবিন্ন সময়ত বিবিন্ন প্ৰকাৰৰ কৰ প্ৰজাৰ ওপৰত সাময়িকভাৱে আৰোপ কৰা হৈছিল । এনে কিছুমান কৰৰ উদাহৰণ হল

উপৰিকৰঃ ভূমি বা অস্থায়ীবাৱে সকলো শ্ৰেণীৰ খেতিকৰৰ পৰা আদায় কৰা এবিধ অতিৰিক্ত কৰ ।

উৎক্ষেটনাঃ বিশেষ কাৰণত জৰুৰীকালীন ভাৱে লোৱা কৰ ।

চৌৰকৰণঃ চোৰ-ডকাইতৰ পৰা ৰক্ষা কৰিবলৈ গাওঁবাসীয়ে প্ৰতিৰক্ষাৰ নামত আদায় দিয়া কৰ ।

সামগ্ৰীকৰঃ প্ৰাচীন অসমৰ ৰাজহৰ এক গুৰুত্বপূৰ্ণ উৎস আছিল সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰ । নাৱেৰে বেপাৰ কৰা সামগ্ৰীসমূহৰ পৰা কৰ সংগ্ৰহ কৰা হৈছিল । মাছমৰীয়াসকলৰ পৰাও কৰ সংগ্ৰহ কৰা হৈছিল । তামৰ খনিসমূহৰ পৰাও কৰ সংগ্ৰহ কৰা হৈছিল । এই কৰ ৰচনাকৰ হিচাপে জনা গৈছিল । সেইদৰে নদীৰ পৰা সোণ-লোণ আদি কমোৱাৰ বাবদ কৰ লোৱা হৈছিল । হৰ্জৰ বৰ্মনৰ তেজপুৰ লিপিত উল্লেখ থকা মতে সেইসময়ত নাৱত বেপাৰৰ বাবে কঢ়িয়াই অনা সামগ্ৰীৰ বাবে কৰ লোৱা হৈছিল । উক্ত লিপিতে  ব্ৰহ্মপুত্ৰৰ পাৰৰ কৈৱৰ্ত্তসকলৰ পৰা কৰ সংগ্ৰহৰ কথা উল্লেখ আছে । বৰগাওঁ লিপিত তামৰ খনিৰ পৰা কমলা কৰ সংগ্ৰহৰ কথা উল্লেখ আছে । 

ৰাজহ সংগ্ৰহকাৰী বিষয়াঃ প্ৰাচীন অসমত ৰাজহ প্ৰশাসনৰ মুৰব্বী আছিল ৰজা । ৰাজ্যৰ সকলো আয় ব্যয়ৰ ওপৰত ৰজাই চকু ৰাখিছিল । ৰাজ্যৰ বিত্তমন্ত্ৰীজনে এই ক্ষেত্ৰত ৰজাক সহায় কৰিছিল । ৰাজহ সম্পৰ্কীয় সকলো নথিপত্ৰ সংৰক্ষণ কৰা হৈছিল । ৰাজহ নিৰ্ধাৰণৰ প্ৰণালী আৰু ৰাজহ আদায়ৰ  হিচাপে ৰখা হৈছিল । স্থানীয় প্ৰশাসনৰ জৰিয়তে ভূমি ৰাজহ সংগ্ৰহ কৰা হৈছিল । সংগৃহীত ৰাজহ ৰাজকোষত জমা কৰা হৈছিল । ৰজাই আয়ৰ এক নিৰ্দিষ্ট অংশ ব্যয় কৰাৰ বিপৰীতে সকলো সময়তে ৰাজকোষ সম্পূৰ্ণ কৰি ৰখাটো ৰজাৰ প্ৰধান কাম আছিল । ৰাজহ প্ৰশাসনৰ বিভিন্ন পৰ্যায়ত সহায় কৰিবৰ বাবে বহুতো বিষয়া নিয়োগ কৰা হৈছিল । প্ৰাচীন অসমৰ ৰাজহ প্ৰশাসনৰ লগত জড়িত কেইজনমান উল্লেখযোগ্য বিষয়া আছিল ।

ভণ্ডগাৰাধিকৃতঃ জমাকক্ষৰ দায়িত্ববাহী বিষয়া ।

কোষ্ঠাগাৰিকঃ ৰাজকোষৰ দায়িত্বত থকা বিষয়া ।

মহাসামন্তঃ ভাণ্ডাগাৰৰ নেতৃত্বত থকা বিষয়া ।

 ৎক্ষেটকঃ উ ৎক্ষেটন নামৰ অতিৰিক্ত কৰ সংগ্ৰহৰ বাবে নিয়োজিত বিষয়া ।

ঔপৰিকাৰিকঃ উপৰিকৰ নামৰ অতিৰিক্ত কৰ সংগ্ৰহৰ বাবে নিয়োজিত বিষয়া ।

হস্তীবদ্ধিকঃ হস্তীকূপবিলাকৰ লীজত দিবৰ বাবে কৰ্তৃত্ব প্ৰাপ্ত বিষয়া ।

নৌকাবন্ধিকঃ নাৱত বেপাৰ কৰা সামগ্ৰীসমূহৰ কৰা আদায়ৰ দায়িত্বত থকা বিষয়া ।

কেৰাণী, গাণণিক, লিখকঃ ৰাজহ বিবাগৰ হিচাপ দায়িত্ব ।

৪১। প্ৰাচীন অসমৰ বিচাৰ ব্যৱস্থাৰ বিষয়ে লিখা ।

( Write on the Judicial system of ancient Assam)

উত্তৰঃ প্ৰাচীন অসমৰ বিচাৰ ব্যৱস্থাসমূহ হল বিচাৰ ব্যৱস্থা ঃ প্ৰাচীন অসমৰ বিচাৰ ব্যৱস্থাৰ বিষয়ে বৰ বেছি তথ্য পোৱা হোৱা নাই । প্ৰাচীন লিপিসমূহত উল্লেখ থকা কিছুমান পদবী আৰু বিষয়াৰ নামৰ ওপৰত ভিত্তি কৰি সেইসকল বিচাৰৰ লগত জড়িত আছিল বুলি অনুমান কৰা হৈছে । কিন্তু বিচাৰ বিবাগৰ সংগঠন আৰু কাৰ্য্যব্যৱস্থাৰ ওপৰত ষ্পষ্ট ধাৰণা কৰিব পৰা নাযায় । তলত বিচাৰৰ ওপৰত চমুকৈ আলোচনা কৰা হল

ক) দোষীৰ বিচাৰঃ প্ৰাচীন অসমত বিচাৰৰ ৭েত্ৰত ৰজাই আছিল সৰ্বেসৰ্বা । ৰজাই নিজকে ন্যায় আৰু ধৰ্মৰ ৰক্ষক হিচাপে আখ্যা দিছিল । অৱ্শ্য গাওঁ অঞ্চল আৰু জনজাতীয় বসতিৰ এলেকা সমূহৰ পৰম্পৰাগতভাৱে চলি অহা নিয়ম আৰু গোষ্ঠীগত নিয়মকানুনৰ দ্বাৰা বিচাৰ হৈছিল । এনে বিচাৰ সমূহত সামাজিক বিশ্বাস আৰু প্ৰচলিত প্ৰবাদৰ প্ৰভাৱ আছিল ।কালক্ৰমত ৰজাঘৰীয়া পৃষ্ঠপোষকতাত প্ৰাচীন হিন্দু ধৰ্মশাস্ত্ৰ সমূহৰ ওপৰত বিত্তি কৰি এক বিচাৰ ব্যৱস্থা গঢ়ি উঠা দেখা গৈছিল । এই ব্যৱস্থা দ্বাৰা ৰজাই বিচাৰকাৰ্য্য সম্পাদন কৰিছিল । ৰজাৰ অধীনত বিচাৰ বিভাগটোক সাংগঠনিক ৰূপ দিয়া হৈছিল । প্ৰাদেশিক আৰু জিলা পৰ্য্যায়ত একোজন শাসনকৰ্তাৰ তলত একোখন বিচাৰসভা আছিল ।বিচাৰসভা বিলাকত দোষীক বিচাৰ কৰোতে সাক্ষী লোৱাৰ ব্যৱস্থা আছিল ।

শাস্তি ঃ বিচাৰৰ অন্তত দোষীক শাস্তি প্ৰদান কৰা হৈছিল । প্ৰাচীন অসমৰ বিচাৰ ব্যৱস্থাত শাস্তিসমূহ কেনেধৰণৰ আছিল তাৰ সঠিক তথ্য পোৱা হোৱা নাই । সৰু-সৰু দোষৰ কাৰণে জৰিমণা লোৱা হৈছিল । শাস্তি সমূহ অতি কঠোৰ আছিল আৰু তাৰ দ্বাৰা সমাজত পুনৰবাৰ যাতে দোষীৰ কাৰ্য্যবৃদ্ধি নাপায় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । 

বিচাৰৰ দায়িত্বত থকা বিষয়া 

প্ৰাচীন অসমৰ বিচাৰৰ মূল অধিপতি ৰজা আছিল । তেওঁক বিচাৰকাৰ্য্যত সহায় কৰা অন্যান্য বিষয়াসকল আছিল 

ধৰ্মাধিকাৰঃ বিচাৰক 

বিষয়ধীকৰণঃ জিলাৰ মুখ্য কাৰ্যালয়ৰ বিষয়া 

দণ্ডপাশিক আৰু দণ্ডিক ঃ পুলিছ বিষয়া 

চাট আৰু ভাটঃ চোৰাংচোৱা 

                                       

Author  Ali Rani Kakati