অধ্যায় ৭

চুডাংফা


চমু প্ৰশ্নউওৰঃ

১) কিমান খ্ৰিষ্টাব্দত ত্যাওখামথিক আহোম ৰাজ্যৰ ৰজা পতা হয়?

উওৰঃ ১৩৮০ খ্ৰিষ্টাব্দত।

২) আহোমৰ প্ৰায় ৬00 বছৰীয়া শাসন কালত মন্ত্ৰী পৰিষদে কেইবাৰ শাসন কৰিছিল?

উওৰঃ চাৰিবাৰ।

৩)কিমান খ্ৰিষ্টাব্দৰ পৰা কিমানলৈ প্ৰথমবাৰৰ বাবে মন্ত্ৰী পৰিষদৰ শাসন চলিছিল?

উওৰঃ ১৩৭৬ খ্ৰিষ্টাব্দৰ পৰা ১৩৮০ খ্ৰিষ্টাব্দলৈ।

৪)শিঙৰি শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উওৰঃ চেংৰী।

৫)শিঙৰি ঘৰত উঠাৰ আগতে ৰাজাই এটা মানুহক কিহেৰে কাটিব লাগিছিল?

উওৰঃ হেংদাঙেৰে।

৬)আহোম আৰু নৰাৰ দুয়োজনা বৰগোহঁয়ে কুকুৰা কাটি শপত খোৱাৰ পৰ্বতটো নাম কি?

উওৰঃ পাট-কাই-চেং-কান।

৭) ডয় কাও-ৰঙৰ অৰ্থ কি?

উওৰঃ নটা পৰ্বত গোট খোৱা।

৮)চেংৰী শব্দৰ অৰ্থ কি?

উওৰঃ দেৱতাৰ ঘৰ বা মন্দিৰ।

৯)পাটকাই শব্দৰ অৰ্থ কি?

উওৰঃ কুকুৰা কাটি শপত লোৱা।

১০)চুডাংফাই কোন ৰাজ্যৰ ৰজাৰ জীয়েকক বিবাহ কৰাইছিল?

উওৰঃ কমতা ৰাজ্যৰ।

১১)কাৰ দিনৰ পৰাই মানুহ বলি দিয়া প্ৰথা অৱসান ঘটে?

উওৰঃ ৰুদ্ৰসিংহ।

১২)চুডাংফাই বিবাহ কৰা ৰাজ কন্যাগৰাকীৰ নাম কি?

উওৰঃ ভাজনী।

১৩) চুডাংফাক অসমৰ ইতিহাসত কি কোঁৱৰ বুলি জনা যায়?

উওৰঃ বামুণী।

১৪) চুডাংফাই কাৰ ঘৰত প্ৰতিপালিত হৈছিল ?

উওৰঃ চুচাংফাই বামুণৰ ঘৰত প্ৰতিপালিত হৈছিল।



Author : Pompi Hazarika