অসমীয়া ৰেমাণ্টিক কবিতাৰ এক চমু অবলোকন


১। কাৰ্লাইলে কিমান চনত এটা প্ৰৱন্ধত কবিতাৰ ক্ষেত্ৰত ৰোমাণ্টিক শব্দটো ব্য়ৱহাৰ কৰে ?

উত্তৰঃ কাৰ্লাইলে ১৮৩১ চনত এটা প্ৰৱন্ধত কবিতাৰ ক্ষেত্ৰত ৰোমাণ্টিক শব্দটো ব্য়ৱহাৰ কৰে।

২। ৰোমাণ্টিক কবিতাৰ যুগে অসমীয়া সাহিত্য়ত কিমান বছৰ কাল আধিপত্য় বিস্তাৰ কৰে ?

উত্তৰঃ ৰোমাণ্টিত কবিতাৰ যুগে অসমীয়া সাহিত্য়ত প্ৰায় পঞ্চাশ বছৰ কাল আধিপত্য় বিস্তাৰ কৰে।

৩। ঊনবিংশ  শতিকাৰ শেষ দশকৰ পৰা যি নতুন কবিতা অসমীয়াত ৰচিত হৈছিল তাক কি বোলা হৈছিল ?

উত্তৰঃ ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা যি নতুন কবিতা অসমীয়াত ৰচিত  হৈছিল তাক ৰোমাণ্টিক কবিতা বোলা হয়।

৪। অসমীয়া নতুন কবিতাৰ যিসকলে প্ৰথম প্ৰৱৰ্তন কৰিলে সেই আটাইকেইজন ক'ৰ নিবাসী আছিল ?

উত্তৰঃ অসমীয়া নতুন কবিতাৰ যিসকলে প্ৰথম প্ৰৱৰ্তন  কৰিলে সেই আটাইকেইজন কলিকতাৰ নিবাসী অসমীয়া ডেকা ছাত্ৰ আছিল।

৫। জোনাকীৰ প্ৰথম সংখ্য়াত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটোৰ নাম কি ?

উত্তৰঃ জোনাকীৰ প্ৰথম সংখ্য়াত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটো হ'ল - বনকুৱৰী।

৬। ৰমন্য়াসিক কবিসকলে প্ৰকৃতিক কি স্বীকৃতি দিয়ে ?

উত্তৰঃ ৰমন্য়াসিক কবিসকলে প্ৰকৃতিক এক মহান শক্তিৰূপে স্বীকৃতি দিয়ে।

৭। 'Romantic Imagination' নামৰ গ্ৰন্থখন কাৰ আছিল ?

উত্তৰঃ 'Romantic Imagination' নামৰ গ্ৰন্থখন চি. এম বাওৰাৰ আছিল।

৮। ৰোমাণ্টিক কবিতাৰ প্ৰধান লক্ষণ কি ?

উত্তৰঃ সাধাৰণ প্ৰাণী বা পদাৰ্থৰ প্ৰতি উদাৰ দৃষ্টিভংগী ৰোমাণ্টিক কবিতাৰ প্ৰধান লক্ষণ।

৯। ৰোমাণ্টিক কবিৰ বাবে পূজা জীৱনৰ মহৎ দিশ কি কি ?

উত্তৰঃ ৰোমাণ্টিক কবিৰ বাবে প্ৰেম আৰু সৌন্দৰ্য্য়ৰ পূজা জীৱনৰ মহৎ দিশ।

১০। অসমীয়া সাহিত্য়ত ৰমন্য়াসবাদৰ প্ৰথম হোতা কোন আছিল ?

উত্তৰঃ অসমীয়া সাহিত্য়ত ৰমন্য়াসবাদৰ প্ৰথম হোতা আছিল কবি চন্দ্ৰকুমাৰ আগৰৱালা।

১১। জোনাকী যুগৰ ৰমন্য়াসিক অন্য়তম কবি এজনৰ নাম লিখা।

উত্তৰঃ জোনাকী যুগৰ ৰমন্য়াসিক অন্য়তম কবি এজনৰ নাম হ'ল হেমচন্দ্ৰ গোস্বামী।

১২। প্ৰকৃতিৰ কবি বুলিলে সাৰ্থকভাৱে খাপ খায় কাৰ নাম ক'ব পাৰি ?

উত্তৰঃ প্ৰকৃতিৰ কবি বুলিলে সাৰ্থকভাৱে খাপ খায় ৰঘুনাথ চৌধাৰীৰ নাম ক'ব পাৰি।



Type Janmoni Hazarika