অধ্য়ায়-১
বাগিচালৈ যাও ব'লা
১) উত্তৰ লিখা
(ক) চাৰিবিধ বৃক্ষ জাতীয় উদ্ভিৰ নাম
উত্তৰঃ শাল, হোলোং, বনচোম আৰু তিতাচঁপা।
(খ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম-
উত্তৰঃ শাল আৰু চেগুণ।
(গ) দুবিধ লতাজাতীয় উদ্ভিদৰ নাম
উত্তৰঃ দুবিধ লতাজাতীয় উদ্ভিদৰ নাম হ'ল- ভেদাইলতা আৰু জালুক।
(ঘ) দুবিধ গোন্ধ নথকা ফুলৰ নাম
উত্তৰঃ দুবিধ গোন্ধ নথকা ফুলৰ নাম প'ল- পাত ফুল আৰু কলা ফুল।
(ঙ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম
উত্তৰঃ তিনিবিধ গোন্ধ থকা ফুলৰ নাম হ'ল- গোলাপ, তগৰ আৰু নাহৰ।
(২) লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি?
উত্তৰঃ এই গছবোৰৰ গা-গছ কোমল আৰু লেহুকা, এইবোৰে আনৰ সহায় লৈহে বগাই যাব পাৰে। বগাই যাবৰ বাবেহে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয়।
(৩) খালী ঠাই পূৰ কৰা
(ক) গছে _____ ৰ দ্বাৰা পানী শুহি লয়।
উত্তৰঃ শিপাৰ।
(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি______ তৈয়াৰ কৰে।
উত্তৰঃ মৌ-জোল ।
(গ) _____ আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল।
উত্তৰঃ পদুম ফুল।
(ঘ) কপৌ ফুল _______ কালত ফুলে।
উত্তৰঃ বসন্ত।
(৪) শুদ্ধ উত্তৰত চিন দিয়া
(ক) বাঁহ গছ গুল্ম/বৃক্ষ/তৃণজাতীয় উদ্ভিদ।
উত্তৰঃ বাঁহ গছ তৃণজাতীয় উদ্ভিদ।
(খ) গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ডাঙৰ।
উত্তৰঃ গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু।
(গ) বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান/কোমল।
উত্তৰঃ বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান।
(ঘ) তাল/আম/নিম গছৰ পাতেৰে বিচনী সজা হয়।
উত্তৰঃ তাল গছৰ পাতেৰে বিচনী সজা হয়।
(৫) পার্থক্য লিখা- বৃক্ষ আৰু গুল্ম
উত্তৰঃ বৃক্ষ জাতিয় উদ্ভিদ বৰ টান আনহাতে, গুল্ম জাতিয় উদ্ভিদবোৰ কুমল। বৃক্ষ জাতিয় উদ্ভিদ বোৰ বৰ ডাঙৰ আনহাতে, গুল্ম জাতিয় উদ্ভিদ বোৰ বৰ সৰু।
Author- Bikash Bora
Edit By Dikha Rani Bora
0 Comments