প্ৰথম গোট 

শংকৰ-মাধৱৰ বৰগীত 

1. কাৰ কাৰ ৰচিত গীতসমূহক বৰগীত বুলি কোৱা হয় ? 
উত্তৰ: শংকৰ-মাধৱৰ ৰচিত গীতসমূহক বৰগীত বুলি কোৱা হয়।

2. বৰ মানে কি ?
উত্তৰ: বৰ মানে হ'ল শ্ৰেষ্ঠ কামৰূপী উপভাষৰা।

3. বৰ শব্দই মাণ্য় ভাষাত কি বুজায় ?
উত্তৰ: বৰ শব্দই মাণ্য় ভাষাত বিবাহযোগ্য় 'দৰা'ক বুজায়।

4. বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কি বিশেষণেৰে নামকৰণ কৰিছে ?
উত্তৰ: বাণীকান্ত কাকতিয়ে বৰগীতবোৰক Noble Numbers বিশেষণেৰে নামকৰণ কৰিছে ।

5. কোনে বৰগীতবোৰক 'Songs Celestial' বিশেষণেৰে নামকৰণ কৰিছে ? 
উত্তৰ: কালি ৰাম মেধিয়ে বৰগীতবোৰক 'Songs Celestial' বিশেষণেৰে নামকৰণ কৰিছে।

6. দেবেন্দ্ৰ নাথ বেজবৰুৱাই বৰগীতবোৰক কি বিশেষণেৰে নামকৰণ কৰিছে ?
উত্তৰ: দেবেন্দ্ৰ নাথ বেজবৰুৱাই Holy Song বিশেষণেৰে নামকৰণ কৰিছে।

7. শংকৰদেৱে কিমান কুৰি বৰগীত ৰচনা কৰিলে ?
উত্তৰ: শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিলে।

8. শংকৰদেৱে মনৰ বেজাৰত গীত ৰচিবলৈ এৰি কাক গীত ৰচিবলৈ আদেশ দিলে ?
উত্তৰ: শংকৰদেৱৰ প্ৰিয় শিষ্য় মাধৱদেৱক গীত ৰচিবলৈ আদেশ দিলে।  

9. মাধৱদেৱে কিমানটা গাত ৰচিলে ?
উত্তৰ: মাধৱদেৱে একশ সাতাৱন্নটা গীত ৰচিলে।

10. শংকৰ-মাধৱৰ গীতৰ সংখ্য়া লগ লাগি সৰ্বমুঠ কিমান হ'ল।
উত্তৰ: শংকৰ-মাধৱৰ গীতৰ সংক্য়া লগ লাগি সৰ্বমুঠ ১৯১ টা হ'ল।

11. গুৰু দুজনাৰ বৰগীতক কেইটা ভাগত বিভক্ত কৰা হৈছে ? আৰু কি কি ? 
উত্তৰ: গুৰু দুজনাৰ বৰগীতক ৬ টা ভাগত বিভক্ত কৰা হৈছে। সেইকেইটা হ'ল-
    1. পৰম পুৰুষ ভগৱানৰ লীলা।
    2. যসোদা আৰু গোপ-গোপিনীসকলৰ কৃষ্ণ বিদায়ত বিৰহ-বেদনা।    3. বিৰক্তি ভাব।
    4. পৰমাৰ্থ।
    5. গোপ-গোপিনী আৰু যশোদাৰ ঘৰত চোৰ প্ৰণ্ডিত।
    6. গোপ-গোপিনী আৰু যশোদাৰ ঘৰত চাতুৰিৰে ঘিউ, মাখন, লবণু খোৱা কাৰ্য।

12. লীলা বিষয়ক গীতবোৰক কি কি ভাগত ভাগ কৰা হৈছে ?
উত্তৰ: লীলা বিষয়ক গীতবোৰক (ক) জাগৰণ, (খ) চালন, (গ) নৃত্য় আৰু (ঘ) খেলন আদি অৱতাৰী কাৰ্যত ভাগ কৰা হৈছে।

13. জাগৰণ গীতত কি বৰ্ণনা পোৱা যায় ?
উত্তৰ: জাগৰণ গীতত যশোদাই শিশু কৃষ্ণক দোক-মোকালিতে নিদ্ৰাৰ পৰা জগাই দিয়াৰ বৰ্ণনা পোৱা যায়।

14. খেলন গীতত কি কাৰ্য প্ৰকাশ পোৱা যায় ?
উত্তৰ: খেলন গীতত গোপ-বালক আৰু গোপিনীসকলৰ লগত ৰং ধেমালি কৰা কাৰ্য প্ৰকাশ পোৱা যায়।

15. বৰগীতৰ ভাষা কি ?
উত্তৰ: বৰগীতৰ ভাষা হ'ল ব্ৰজাৱলী বা ব্ৰজবুলি।

16. ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি ?
 উত্তৰ: ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা।

17. ব্ৰজবুলি কাৰ ভাষা ?
উত্তৰ: ব্ৰজবুলি শ্ৰীকৃষ্ণৰ জন্ম ঠাই ব্ৰজধামৰ ভাষা।

18.  অবৈষ্ণৱৰ কবিকেইগাৰী কোন কোন ?
উত্তৰ: অবৈষ্ণৱৰ কবিকেইগাৰী হ'ল- পীতাম্বৰ কবি, দুৰ্গাবৰ, মনকৰ আৰু সুকবি নাৰায়ণ দেৱ।

19. পাঁচলী কবি হিচাপে আখ্য়া দিয়া লোকসকলৰ ৰচিত গীত-পদক কি বোলা হয় ?
উত্তৰ: পাঁচলী কবি হিচাপে আখ্য়া দিয়া লোকসকলৰ ৰচিত গীত-পদক পাঁচলী বোলা হয়।

20. পাঁচলী শব্দটো সংস্কৃতৰ কি শব্দৰ পৰা আহিছে ?
উত্তৰ: 'পাঁচলী' শব্দটো সংস্কৃতৰ 'পাঞ্চালী' বা 'পাঞ্চালিকা' শব্দৰ পৰা আহিছে।
21. অসমৰ ওজাপালি অনুষ্ঠানত কেইজন গায়ক আৰু বায়ন থাকে ?
উত্তৰ: অসমৰ ওজাপালি অনুষ্ঠানত পাঁচজন গায়ক আৰু বায়ন থাকে।
22. বিষয়বস্তুৰ ফালৰ পৰা পাঁচলী সাহিত্য়ৰাজিক কেইটা ভাগত বিভক্ত কৰা হৈছে ?
উত্তৰ: বিষয়বস্তুৰ ফালৰ পৰা পাঁচলী সাহিত্য়ৰাজিক দুটা ভাগত বিভক্ত কৰা হৈছে।
23. পাঁচলী কাবা কেইখন কিহৰ সমষ্টি ?
উত্তৰ: পাঁচলী কাবা কেইখন গীত আৰু বৰ্ণনাত্মক পদৰ সমষ্টি।
24. মনসা বা পদ্মা কিহৰ দেৱী ?
উত্তৰ: মনসা বা পদ্মা সৰ্পৰদেৱী।
25. ঋকবেদত থকা কি শব্দৰ পৰা 'মনসা' নামটোৰ সৃষ্টি হৈছে?
উত্তৰ: ঋকবেদত থকা 'মহামানস্' শব্দৰ পৰা 'মনসা' নামটোৰ সৃষ্টি হৈছে।
26. অসমৰ কোন কোন জিলাত মনসা পূজাৰ প্ৰচলন আছে ?
উত্তৰ: অসমৰ কামৰূপ, গোৱালপাৰা আৰু দৰং জিলাত মনসা পূজাৰ প্ৰচলন আছে।
27. মনসা পূজা বিশেষকৈ কি কালত আৰু কি কি মাহত বেছিকৈ হয়?
উত্তৰ: মনসা পূজা বিশেষকৈ বাৰিষা কালত আৰু আহাৰ-শাওণ মাহত বেছিকৈ হয়।
28. মনসা পূজাত গোৱা গীত-পদক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?
উত্তৰ: মনসা পূজাত গোৱা গীত-পদক প্ৰদানকৈ দুটা ভাগত ভগোৱা হৈছে আৰু সেইকেইটা হ'ল-
    1. মনসা বা পদ্মাৰ জন্ম বৃত্তান্ত
    2. বেউলা আখ্য়ান।
29. পাঁচলী কাব্য়ৰ অন্য়তম কবি কোন ?
উত্তৰ: পাঁচলী কাব্য়ৰ অন্য়তম কবি হ'ল সুকবি নাৰায়াণদেৱ।
30. নাৰায়ণদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ: নাৰায়ণদেৱৰ পিতৃৰ নাম হ'ল নৰসিংহ।
31. সংস্কৃতৰ 'পাঞ্চালিকা' শব্দটোৰ মূল অৰ্থ কি ?
উত্তৰ: সংস্কৃতৰ 'পাঞ্চালিকা' শব্দটোৰ মূল অৰ্থ হ'ল 'পুতলা'।
32. পাঁচলী কাক বোলে ?
উত্তৰ: পুতলা নাচৰ লগত যুক্ত গীতকে পাঁচলী বোলে।
33. পাঁচলী গীত বা সাহিত্য়বোৰক কেইটা ভাগত ভগোৱা হৈছে?
উত্তৰ: পাঁচলী গীত বা সাহিত্য়বোৰক দুটা ভাগত ভগোৱা হৈছে।
34. লখিন্দাৰ পিতৃ কোন আছিল ?
উত্তৰ: লখিন্দাৰ পিতৃ চন্দ্ৰ বণিক বা চান্দ সদাগৰ আছিল।


Author: - Rajashri Bora