Paid Answer (Only 50 Rupees All Chapter)
STEP--1
STEP--2
ই যে অগ্নি- বীণাৰ তান
👉Download Read Book PDF
👉Short Question Answer
👉MCQs Online Exam
👉Chapter 3 MCQs Answer
👉Paid Answer (Buy Now)
প্ৰশ্নাৱলীঃ
১। কবিতাটোত প্ৰকাশ পোৱা দেশপ্ৰেমৰ আভাস দাঙি ধৰা। (২০১১, ২০১৩, ২০১৫, ২০১৭)
উত্তৰঃ কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত ই যে অগ্নি-বীণাৰ তান নামৰ কবিতাটিত স্বদেশ প্ৰেমৰ ভাৱ সুন্দৰ ভাৱে প্ৰকাশ পাইছে। স্বদেশৰ বাবে আন্দোলন কৰি কেইবাবাৰো কাৰাবাস খটা কবি- অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰায়বোৰ লিখনিতে স্বদেশপ্ৰেমৰ নিদৰ্শন পোৱা যায়।
"ই যে অগ্নি-বীণাৰ তান" নামৰ কবিতাটোত প্ৰকাশ পোৱা মতে কবিৰ অন্তত এটি 'অগ্নি বীণাৰ' অৰ্থাৎ উত্তপ্ত সুৰ বাজি আছে। এই সুৰ ‘হাঁহি–টামাচাৰ ভাগৰ জুৰোৱা গান’ৰ সুৰ নহয়। এই সুৰ হৈছে স্বদেশ প্ৰেমৰ। এই সুৰ হৈছে স্বদেশৰ হকে মৰণপন কৰাৰ সুৰ। এই সুৰত অনুৰণিত হৈছে প্ৰাধিনতাৰ শত অপমান, লাঞ্ছনা-গঞ্জনা আৰু আত্মবেদনা। ইয়াৰ প্ৰচ্ছন্ন তাপে যেন তেওঁৰ অন্তৰ অগ্নিদগ্ধ কৰিব লাগিছে ।
সেয়ে দেশ মাতৃৰ চৰণ পূজিবলৈ হৃদয়ৰ ৰক্তদান কৰি সকলো এক হবলৈ তেওঁৰ অন্তৰ বীণা বাজি উঠিছে । সকলো ভয়-শংকা , নিশ্চতা , হীনমন্যতা মনৰ পৰা দলিয়াই পেলাই সকলোকে দেশৰ হকে আগবাঢ়িবলৈ তেওঁৰ অগ্নি – বীণাই আহ্বান জনাইছে । স্বদেশ স্বজাতি মহামানৱতা মূৰ্চ্চিত কৰি ঘোৰ অপমান , উৎপীড়ন কৰা সেই গৰ্বীসকলৰ গৰ্বক চুৰমান কৰি মানৱৰ অধিকাৰ সাব্যস্ত কৰিবলৈ এই গীতৰ তানে অহৰহ তেওঁক সকীয়াই আছে ।
ভাৰতৰ লাঞ্ছিত জনতাৰ ইতিহাস মচি দিবলৈ, মানৱতাৰ অৱমাননাকাৰীক নিঃশেষ কৰিবলৈ, শত আঘাতৰ ৰক্ত ধুই দিবলৈ আৰু মাতৃৰ হকে প্ৰাণ বলিদান দিব আগবাঢ়ি আহিবলৈ এই অগ্নি-বীণাৰ তানে সকলোকে আহ্বান জনাইছে।
এই কবিতাটোৰ মাজেৰে এনেদৰেই দেশপ্ৰেমৰ ভাৱ প্ৰকাশ পোৱা গৈছে।
২। 'ই যে মাতৃ আদেশ, সন্তান- প্ৰাণ দিবলকে বলিদান'
- কথাখাৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা। (২০০৯, ২০১২)
উত্তৰঃ উক্ত কথাফাকি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ 'ই যে অগ্নি-বীণাৰ তান' শীৰ্ষক কবিতাটিৰ অন্তৰ্গত। কবিৰ মতে দেশমাতৃৰ প্ৰতি, মাতৃভূমিৰ প্ৰতি প্ৰতিজন সন্তানৰে গভীৰ দায়িত্ব থাকে। আমাৰ জীৱনটো কেৱল হাঁহি-তামচাৰ আগৰ জোৰোৱা গাণ নহয়, জীৱন কালছোৱাত দেশ আৰু দহৰ বাবে কৰিবলগীয়া বহুখিনি কৰণীয় কাম আছে। দেশ তথা দেশবাসীৰ শত অপমান, লাঞ্ছনা আমিয়ে আঁতৰ কৰিব লাগিব। দেশ আৰু দহক সুখ-শান্তি দিবলৈ কষ্ট বা বিপদ দেখি কেতিয়াও থমকি ৰ'ব নালাগে।
দেশমাতৃৰ সন্তান হিচাপে মাতৃঋণ পৰিশোধৰ প্ৰয়োজনত বুকুৰ তেজ দি হলেও ঐক্যভাৱেৰে বিপদ দূৰ কৰিব লাগে। দেশৰ বুকুৰ পৰা হীণতা-নীচতা, ভীৰুতা-দীনতাৰ ভাব আঁতৰাই পেলাব লাগে। দেশমাতৃৰ বুকুত যিসকলে মানৱতাক ঘোৰ অপমান কৰিছে, সেইসকলৰ ঘৃণনীয় উৎপীড়ন আৰু সৰ্বনাশ কৰি দেশত শান্তি প্ৰতিষ্ঠা কৰিব লাগে। যাতে সকলোতে মানৱতা সু-প্ৰতিষ্ঠিত হয়। সুক্ত জীৱনক বান্ধোনত ৰাখি যিসকলে মানৱতাক অৱমাননা কৰিব খোজে, সেইবোৰক কঠোৰভাৱে দমন কৰিব লাগে বুলি কবিয়ে সকলোৰে প্ৰতি আহ্বান জনাইছে। এনেবোৰ কৰিবলৈ যাওঁতে কেতিয়াবা মৃত্যুকো আঁকোৱালি লবলগীয়া হব পাৰে। তেনে ক্ষেত্ৰত দেশমাতৃৰ সন্তান হিচাপে আমি সকলোৱে প্ৰাণ বলিদান দিবলৈকো কুণ্ঠাবোধ কৰিব নালাগে।
৩/ 'এইটো নহয় হাঁহি তামচাৰ ভাগৰ জুৰোৱা গান
ইযে জীৱন-মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান।' (২০১০)
উত্তৰঃ উদ্ধৃত কবিতাফাকি অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত 'ই যে অগ্নিবীণাৰ তান' শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহৰ জীৱনৰ প্ৰকৃত কৰ্তব্য, অৰ্থ আৰু উদ্দেশ্য কি তাকেই প্ৰকাশ কৰাৰ উদ্দেশ্যত উক্ত কবিতাফাকি অৱতাৰণা কৰিছে।
কবিৰ মতে আমাৰ জীৱনটো অতি ণূল্যবান। জীৱনত আমি বহুখিনি কৰ্তব্য সাধন কৰিবলগীয়া আৰু কষ্ট সহ্য কৰিবলগীয়া থাকে। হাঁহি-তামচাৰে অনাসায়ভাৱে জীৱন পাৰ কৰি দিয়াৰ চেষ্টা নকৰি আমি দুখ-কষ্ট স্বীকাৰ কৰি হলেও নিহিত লক্ষ্য প্ৰাপ্তিৰ চেষ্টা কৰিব লাগে।
চমু উত্তৰ দিয়া
১/ অসম সাহিত্যত 'অসম কেশৰী' আখ্যা কাক দিয়া হৈছে ? (২০১০,২০১২)
উত্তৰঃ অসম সাহিত্যত 'অসম কেশৰী' আখ্যা অম্বিকাগিৰী ৰায়চৌধুৰীক দিয়া হৈছে।
২/ সাহিত্য অকাদেমী বঁটা লাভ কৰা অম্বিকাগিৰী ৰায়চৌধুীৰ কবিতা পুথিখনৰ নাম লিখা । (২০১৪)
উত্তৰঃ সাহিত্য অকাদেমী বঁটা লাভ কৰা অম্বিকাগিৰী ৰায়চৌধুীৰ কবিতা পুথিখনৰ নাম হল 'বেদনাৰ উল্কা'।
(ক) অতি চমু প্রশ্ন:
১। 'ই যে অগ্নি-বীণাৰ তান' নামৰ কবিতাটিৰ ৰচক কোন?
উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰী।
২। অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাৰ প্ৰধান সুৰ কি?
উত্তৰ: গভীৰ স্বদেশপ্ৰেম।
৩। অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখন কবিতাপুথিৰ নাম লিখা।
উত্তৰ: 'বীণা'।
৪। অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ পুথি এখনৰ নাম লিখা।
উত্তৰ: 'চেতনাৰ কণ্ঠ'।
৫। কোনখন গ্ৰন্থৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'বেদনাৰ উল্কা'।
৬। 'ই যে অগ্নি-বীণাৰ তান'ত কবিৰ কোনটো সুৰ ফুটি উঠিছে?
উত্তৰ: স্বদেশপ্ৰেম আৰু মানবতা।
৭। কিহৰ কাৰণে কবি ৰায়চৌধুৰীয়ে বেদীত হৃদয় ৰক্তদান দিয়াৰ কথা কৈছে?
উত্তৰ: মাতৃৰ পূজাৰ বাবে।
৮। কবি ৰায়চৌধুৰীয়ে কি ভাব জোকাৰি পেলাই দিয়াৰ কথা কৈছে?
উত্তৰ: হীনতা, ভীৰুতা, আৰু দীনতা।
৯। কবি ৰায়চৌধুৰীয়ে কিহক ঘোৰ অপমান বুলি কৈছে?
উত্তৰ: নৰনাৰায়ণৰ লাঞ্ছনা।
১০। কবি ৰায়চৌধুৰীয়ে কিহক মাতৃ আদেশ বুলি কৈছে?!
উত্তৰ: সন্তানৰ প্ৰাণ দিবলৰ বাবে মাতৃৰ আদেশ।
(খ) চমু প্রশ্নঃ
১। অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা আৰু গীতত কি কি সুৰ শুনিবলৈ পোৱা যায়?
উত্তৰ: ৰহস্যবাদী প্ৰেম আৰু গভীৰ স্বদেশপ্ৰেম।
২। অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰকাশিত কবিতা পুথিসমূহৰ নাম লিখা।
উত্তৰ: 'বীণা', 'তুমি', 'অনুভূতি', 'বেদনাৰ উল্কা', 'বন্দো কি ছন্দেৰে'।
৩। 'অসম কেশৰী' কোন? তেওঁ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল?
উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰী। তেওঁ ১৯৫০ চনত সভাপতি হৈছিল।
৪। ই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ই যে ৰুদ্ধ আত্ম-বেদনা নিজৰি ওলোৱা অনল তাপ। ইয়াত কাৰ আৰু কিহৰ কথা কোৱা হৈছে, বুজাই লিখা।
উত্তৰ: ইয়াত নৰনাৰায়ণৰ অপমান আৰু অত্যাচাৰৰ কথা কোৱা হৈছে।
৫। "ই যে হীনতা-নীচতা, ভীৰুতা-দীনতা জোকাৰি পেলোৱা ভাব, ই যে এক ৰূপ-ৰসে, একে ৰঙে চঙে এক কৰি দিয়া ছাৱ।"
উত্তৰ: ইয়াত মানৱতাৰ বিপৰীতে থকা নীতিহীনতাৰ কথা কোৱা হৈছে।
৬। "ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, ই যে জীৱনৰ হকে মৰিবৰ হেতু প্রাণভৰা অভিলাষ।” - ইয়াত কিহৰ ইতিহাসৰ কথা কোৱা হৈছে?
উত্তৰ: ইয়াত ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ কথা কোৱা হৈছে। মৰিবৰ কাৰণে প্রাণভৰা অভিলাষ মানে স্বাধীনতাৰ বাবে আত্মবলিদান।
(গ) ৰচনাধৰ্মী প্রশ্ন:
১। কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ চমু পৰিচয় দি 'ই যে অগ্নি-বীণাৰ তান' নামৰ কবিতাটিৰ মূলভাব লিখা।
উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰী অসমৰ এগৰাকী বিশিষ্ট কবি আৰু লেখক। 'ই যে অগ্নি-বীণাৰ তান' কবিতাত স্বাধীনতা, মানৱতা আৰু সামাজিক ন্যায়ৰ কথা কোৱা হৈছে। এই কবিতাত আকৰ্ষণীয়ভাবে দেশৰ প্রতি গভীৰ প্ৰেম আৰু একাত্মতাৰ অনুভূতি প্ৰকাশ পাইছে।
২। 'ই যে অগ্নি-বীণাৰ তান' নামৰ কবিতাটোত কবিৰ কি ভাব প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰ: কবিতাটোত কবিয়ে সমাজৰ দ্বন্দ্বৰ বিপক্ষে একতা আৰু মুক্তিৰ বাবে আত্মবলিদানৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে। তেওঁ মানৱতাৰ অধিকাৰ আৰু মুক্তিৰ ক্ষেত্ৰত হোৱা যুঁজৰ কথা উল্লেখ কৰিছে।
৩। "ই যে অগ্নি-বীণাৰ তান' নামৰ কবিতাটো কবি ৰায়চৌধুৰীৰ দেশপ্ৰেমমূলক কবিতাৰ অন্যতম নিদর্শন।" আলোচনা কৰা।
উত্তৰ: 'ই যে অগ্নি-বীণাৰ তান' কবিতাটোতে দেশৰ স্বাধীনতা আৰু সমাজৰ ন্যায়ৰ প্ৰতিনিধিত্ব হৈছে। কবি জাতীয় বোধ, আত্মত্যাগ আৰু একতাৰ মূল্য বুজাইছে। এই কবিতা স্বাধীনতাৰ সপোন আৰু ভাৰতৰ প্ৰত্য়কজন নাগৰিকক সজাগ কৰাৰ আহ্বান জনাইছে, যাৰ মাধ্যমেৰে কবিয়ে দেশৰ প্রতি গভীৰ প্রেম প্ৰকাশ কৰিছে।