চতুৰ্থ গোট

কথা সাহিত্য়

1. অসমীয়া গদ্য়ৰ জনক কোন ?

উত্তৰঃ অসমীয়া গদ্য়ৰ জনক হ'ল- ভট্টদেৱ।

2. ভট্টদেৱৰ জন্ম ক'ত হৈছিল ?

উত্তৰঃ বৰ্তমান বৰপেটা ভেৰা গাঁৱত ভট্টদেৱৰ জন্ম হৈছিল।

3. পূৰ্বপুৰুষসকলৰ মতে ভট্টদেৱ ক'ত বসবাস কৰিছিল ?

উত্তৰঃ পূৰ্বপুৰুষসকলৰ মতে ভট্টদেৱ অসমৰ পিঙ্গলা গাঁৱত বসবাস কৰিছিল।

4.  কবি সৰস্বতীৰ পত্নীৰ নাম কি ?

উত্তৰঃ কবি সৰস্বতীৰ পত্নীৰ নাম হ'ল- তাৰাদেৱী।

5. তাৰাদেৱীৰ পুত্ৰ সন্তান দুটাৰ নাম কি ?

উত্তৰঃ তাৰাদেৱীৰ পুত্ৰ সন্তান দুটাৰ নাম হ'ল- ৰামকান্ত আৰু বৈকুণ্ঠনাথ।

6. বৰ নগৰৰ ব্ৰাহ্মণ সমাজে বৈকুণ্ঠনাথক কি উপাধি প্ৰদান কৰে ?

উত্তৰঃ বৰ নগৰৰ ব্ৰাহ্মণ সমাজে বৈকুণ্ঠনাথক 'ভাগৱত ভট্টাচাৰ্য' উপাধি প্ৰদান কৰে।

7. ভট্টদেৱে গদ্য়ত ৰচনা কৰা গ্ৰন্থ কেইখন আৰি কি কি ?

উত্তৰঃ ভট্টদেৱে ৰচনা কৰা গ্ৰন্থ তিনিখন। সেইকেইখন হ'ল-

    1. কথা ভাগৱত।

    2. কথাগীতা।

    3. ৰত্নাৱলী।

8. কৌৰৱে কি কাৰণে ভীষ্মক কিনি লৈছিল ?

উত্তৰঃ কৌৰৱে অৰ্থৰ বিনিময়ৰ কাৰণে ভীষ্মক কিনি লৈছিল।

9. স্থিতপ্ৰজ্ঞ কাক বোলে ?

উত্তৰঃ যেতিয়া পুৰুষে আত্ম সুখত তুষ্ট হৈ ক্ষুদ্ৰ বিষয় সুখ ত্য়াগ কৰে তাকেই স্থিতপ্ৰজ্ঞ বোলে।

10. স্থিতপ্ৰজ্ঞৰ লক্ষণবোৰ কি কি ?

উত্তৰঃ স্থিতপ্ৰজ্ঞৰ লক্ষণবোৰ হ'ল- দুখতো ক্ষোভ নকৰে, সুখতো স্পৃহা নকৰে, ক'তো প্ৰীতি বা ভয় নকৰে এয়াই স্থিতপ্ৰজ্ঞৰ লক্ষণ। 

11. সংস্কৃত সাহিত্য়ৰ অগাধ পণ্ডিত কোন আছিল ?

উত্তৰঃ ভট্টদেৱ সংস্কৃত সাহিত্য়ৰ অগাধ পণ্ডিত আছিল।

12. ৰঘুনাথ মহন্তৰ পূৰ্বপুৰুষৰ শিষ্য় কোন আছিল ? 

উত্তৰঃ ৰঘুনাথ মহন্ত পূৰ্বপুৰুষৰ শিষ্য় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল।

13. হৰিকৃষ্ণৰ পুত্ৰ নাম কি ?

উত্তৰঃ হৰিকৃষ্ণৰ পুত্ৰৰ নাম হ'ল- কৃষ্ণনাথ।

14. কৃষ্ণনাথৰ পুত্ৰ নাম কি ?

উত্তৰঃ কৃষ্ণনাথৰ পুত্ৰ নাম হ'ল- ৰঘুনাথ মহন্ত।  

15. ৰঘুনাথ মহন্তৰ কীৰ্তিস্তম্ভস্বৰূপ কি ?

উত্তৰঃ ৰঘুনাথ মহন্তৰ কীৰ্তিস্তম্ভস্বৰূপ হ'ল- 'কথা ৰামায়ণ'।

16. ৰামৰ বন গমনৰ কাহিনীভাগ কেতিয়া পৰা আৰম্ভ হৈছে ? 

উত্তৰঃ ৰামৰ বন গমনৰ কাহিনীভাগ ৰামৰ ৰাজ অভিষেকৰ ঘোষণা হোৱাৰ পৰা আৰম্ভ হৈছে।

17. ৰামৰ মাকৰ নাম কি ?

উত্তৰঃ ৰামৰ মাকৰ নাম হ'ল-কৌশলা।


Type-Rajashri Bora





Post ID : DABP005092