Paid Answer (Only 50 Rupees All Chapter)

STEP--1


STEP--2


  মোৰ গাওঁ

    👉Download Read Book PDF
    👉Short Question Answer
    👉MCQs Online Exam
    👉Chapter 4 MCQs Answer
    👉Paid Answer         (Buy Now)

প্ৰশ্নাৱলীঃ

১। 'মোৰ গাওঁ' কবিতাটিত প্ৰকাশ পোৱা কবিৰ অতীত  ৰোমন্থনৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ 'মোৰ গাঁও' কবিতাটিৰ কবি ডিম্বেশ্বৰ নেওগৰ নিজৰ ওপজা গাওঁ কমাৰফদিয়াক সোঁৱৰণ কৰি লিখা এটি আকৰ্ষণীয় কবিতা। কবিতাটিৰ মাজেৰে কবিৰ গাওঁখনৰ প্ৰতি থকা আন্তৰিকতা, ভালপোৱা উজ্বল ৰূপত প্ৰতিফলিত হৈ উঠিছে। 

কবি ডিম্বেশ্বৰ নেওগে নিজৰ জন্মস্থান কমাৰফদিয়া গাওঁখনক প্ৰাণভৰি ভালপায়। সময়ৰ গতিত গাওঁখনৰ পৰা আঁতৰি  জীৱন অতিবাহিত কৰিলেও তেওঁ জীৱনৰ বিয়লি বেলাতো সদায় গাওঁৰ কথা মনত পেলায়। কমাৰফদিয়া গাঁও খনত কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰো প্ৰথমছোৱা কাল অতিবাহিত কৰিছিল। কবিৰ বাবে তেওঁৰ গাওঁখন 'বিশ্বৰ সৌন্দৰ্যখিনি' স্বৰূপ, সকলো ফালৰ পৰাই সমৃদ্ধিশালী আছিল। মানুহবোৰৰ মাজত আছিল মিলাপ্ৰীতি আৰু আত্মীয়তাৰ ভাৱ। পুহমহীয়া জাৰত কঁপি মেজি সাজিবৰ বাবে কবিয়ে লগৰীয়াসকলৰ সৈতে খৰি গোটাইছিল আৰু লগৰীয়াৰ সৈতে পথাৰত গৰু যুঁজ, ম'হ যুঁজ আদি চাই আনন্দ লাভ কৰিছিল। জীৱনৰ চকু মেলি যিখন গাঁৱত কবিয়ে প্ৰথমে বিনন্দীয়া সৃষ্টিৰ পোহৰ দেখা পাইছিল, সেই গাঁৱৰ সকলোবোৰ মানুহকে কবিয়ে আপোন বাই-ভনীৰ দৰে জ্ঞান কৰিছিল। লগ-সমনীয়াৰ সৈতে উমলি-জামলি ডাউৰ হোৱা, আত্মীয়তাৰ সৈতে পতা মনৰ কথাবোৰ আজিও কবিৰ মনত স্মৃতিৰ পটত উজ্বল হৈ ধৰা দিয়ে। কবিয়ে অতীত ৰোমান্থক কৰি নিজৰ গাঁৱৰ সৌন্দৰ্য সমৃদ্ধিলৈ মনত কৰিছে। 

২। কবিয়ে কবিতাটিত কমাৰফদিয়া গাঁৱৰ কেনেধৰণৰ পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে লিখা।

উত্তৰঃ 'ইন্দ্ৰধনু'ৰ কবি ডিম্বেশ্বৰ নেওগৰ 'মোৰ গাওঁ' কবিতাটো তেওঁৰ নিজ গাঁও কমাৰফদিয়াৰ স্মৃতি ৰোমন্থক কৰি লিখা এটা সুন্দৰ কবিতা। কমাৰফদিয়া গাঁৱত তেওঁ শৈশৱ আৰু যৌৱনৰ কিছু কাল পাৰ কৰিছিল যদিও সময়ৰ গতিত তেওঁ জীৱনৰ পৰৱৰ্তী সময়ছোৱাত গাঁৱৰ পৰা আতৰি থাকিব লগীয়া হয়। কবিয়ে নিজৰ গাঁও খন ইমানেই ভাল পাইছিল যে তেওঁ জীৱনৰ বিয়লি বেলাতো গাওঁখনৰ প্ৰতিটো স্মৃতি সজীৱ কৰি ৰাখিছে আৰু গাঁওখনৰ পৰিৱৰ্তনৰ প্ৰতিটো খবৰ তেওঁ ৰাখিছে। 

                কবিৰ বাবে তেওঁৰ গাওঁখন 'বিশ্বৰ সৌন্দৰ্য' স্বৰূপ । গাওঁখন বিনন্দীয়া সৃষ্টিৰ সকলো সৌন্দৰ্যৰে পৰিপূৰ্ণ আছিল আৰু কবিৰ মনত গাওঁখনৰ মানুহবোৰো আপোন ভাই-ককাই, বাই-ভনীৰ নিচিনা আছিল। সেইখন গাঁৱতে শৈশৱত মেজি-খৰি গোটোৱাৰ পৰা আদি কৰি সকলোবোৰ উৎসৱ-পাৰ্বণতে লগৰীয়া-সমনীয়াৰে সৈতে কবিয়ে আগ্ৰহেৰে ভাগ লৈছিল। কিন্তু কবিয়ে লক্ষ্য কৰিছে যে গাঁওখনত আৰু আগৰ দৰে সেই ৰূপ পাবলৈ নাই । সকলোবোৰ পৰিৱৰ্তনৰ ঢৌত উটি গৈছে। ফলত গাওঁখনৰ স্বৰূপেই সলনি হৈ পৰিছে। গহীন দিখৌ নৈ আগৰ নিচিনাকৈ বৈ আছে যদিও ইয়াৰ মানুহবোৰ সলনি হৈছে লগতে মানুহৰ মনবোৰো সলনি হৈছে । কবিৰ বহুজন লগৰীয়াৰ চিতাৰ জুইৰ ধোঁৱাই নদীৰ কাষ ধুঁৱলী-কুঁৱলী হৈ পৰিল তাৰ হিচাব নাই। আগৰ ৰজনজনাই থকা গাওঁখন বৰ্তমান নিতাল পৰিল। আগত গাঁৱত ভাওনা-সৱাহ পাতিবলৈ ডোকা ল'বোৰ দল বান্ধি ওলাই আহিছিল, গাভৰুবিলাক ঢোলৰ মাতত মতলীয়া হৈ উঠিছিল। কিন্তু এতিয়া আৰু সেই দৃশ্য গাঁৱত দেখিবলৈ পোৱা নাযায়। আগৰ নিছিনাকৈ মানুহবোৰৰ মাজত এতিয়া আৰু মিলা-প্ৰীতিৰ ভাৱো নোহোৱা হল। মানুহবোৰৰ মনবোৰো কপটতাৰে ভৰি পৰিল। ধনৰ মোহত দয়া-মৰমো বিসৰ্জন দিছে। ফলত এসময়ৰ প্ৰাচুৰ্যৰে ভৰা গাঁওখনৰ বহুতকেই দৰিদ্ৰই কোঙা কৰি পেলাইছে আৰু খোৱামুঠিৰ তাড়নাত বহুতেই গাঁও এৰি অনাই-বনাই ঘূৰি ফৰিছে। এই ধৰণৰ অবাঞ্চিত পৰিৱৰ্তন দেখি কবিৰ মনত আশংকাৰ সৃষ্টি হৈছে।  

৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

    (ক) বিশ্বৰ সৌন্দৰ্য্য খনি!                 জন্মভূমি তই মাথোঁ

                            এচমকা ব্ৰহ্মাণ্ডৰ হিয়া;   (২০১১)

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুঠিত থকা কবি ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত 'মোৰ গাও' নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। 

সংগতিঃ কবিতাফাকিৰ জৰিয়তে কবিয়ে নিজ গাওঁখনৰ গৰিমা প্ৰকাশ কৰিছে। নিজ গাওঁখনক কবিয়ে বিশ্বৰ সৌন্দৰ্য স্বৰূপ বুলি কৈছে।

ব্যাখ্যাঃ নিজৰ গাওঁখন অৰ্থাৎ 'কমাৰফদিয়া' গাওঁখন কবিৰ অতি মৰমৰ। সোণালী, শৈশৱ আৰু যৌৱনৰো কিছুকাল সেই গাঁৱতে অতিবাহিত কৰিছিল। কবিৰ দৃষ্টিত তেওঁৰ ওপজা গাওঁখন ব্ৰহ্মাণ্ডৰ সকলো সৌন্দৰ্যৰে ভৰা। কিন্তু সময়ৰ গতিত গাওঁখনৰ স্বৰূপ সলনি হৈ পৰাত, সেইবোৰ দেখি শুনি কবিৰ অন্তৰ দুখত হাহাকাৰ কৰি উঠিছে। গাওঁখনৰ সুখ-শান্তি, সমৃদ্ধি সময়ৰ গতিত নোহোৱা হৈ যোৱাৰ বাবে কবিৰ অন্তৰত গভীৰ দুখৰ সৃষ্টি হৈছে, তাকেই কবিতা ফাকিৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে।

চমু প্ৰশ্নৰ উত্তৰ  

১/ 'কমাৰফদিয়া' গাওঁ, অসমৰ কোনখন নদীৰ পাৰত অৱস্থিত ? (২০০৯)

উত্তৰঃ দিখৌ নদীৰ পাৰত অৱস্থিত। 

২/  'থুপিতৰা' কাৰ ৰচনা ? (২০১১, ২০১৩, ২০১৪) 

উত্তৰঃ 'থুপিতৰা' ডিম্বেশ্বৰ নেওগৰ ৰচনা।

৩/ ডিম্বেশ্বৰ নেওগৰ জন্ম কোন গাঁৱত হৈছিল ?  (২০১২)

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ জন্ম কমাৰফদিয়া গাঁৱত হৈছিল।

৪/ ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল ?  (২০১৩, ২০১৬)

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম আছিল মানিকচন্দ্ৰ নেওগ।

৫/ 'ইন্দ্ৰধনু'ৰ কবি বুলি কাক কোৱা হয় ?  (২০১৪)

উত্তৰঃ  'ইন্দ্ৰধনু'ৰ কবি বুলি ডিম্বেশ্বৰ নেওগক কোৱা হয়।

৬/ ডিম্বেশ্বৰ নেওগে ৰচনা কৰা দুখন কবিতাপুথিৰ নাম লিখা ।

উত্তৰঃ (ক) ইন্দ্ৰধনু

            (খ) দীপাৱলী।

৭/ ডিম্বেশ্বৰ নেওগে কেতিয়া আৰু কোনখন অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগ ১৯৬৫ চনত বহা অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনৰ সভাপতি হৈছিল।

৮/ কবিয়ে নিজৰ গাওঁখনক কিয় ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ আভৰণ বুলি কৈছে ?

উত্তৰঃ কবিৰ দৃষ্টিত ব্ৰহ্মাণ্ডৰ সকলো সম্পদ তেওঁৰ মৰমৰ গাওঁখনত আছিল কাৰণে গাওঁখনত 'ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ আভৰণ' বুলি অভিহিত কৰিছে।

৯/  বিশ্বৰ সৌন্দৰ্য                জন্মভূমি তই মাথোঁ

                    এচমকা ব্ৰহ্মাণ্ডৰ হিয়া,

___ কবিয়ে কাক 'বিশ্বৰ সৌনেদৰ্যখনি' বুলিছে বুজাই লিখা।  (২০১০)

উত্তৰঃ কবিয়ে তেওঁৰ ওপজা গাওঁ 'কমাৰফদিয়া'ক 'বিশ্বৰ সৌন্দৰ্যখনি' বুলি কৈছে। কবিৰ দৃষ্টিত ব্ৰহ্মাণ্ডৰ সকলো সম্পদ তেওঁৰ মৰমৰ গাওঁখনত আছে। কবিৰ গাওঁখনৰ মানুহবোৰৰ মাজত মিলাপ্ৰীতি, প্ৰৱণতাৰ ভাৱ বিৰাজমান কৰে। সেয়েহে তেওঁ নিজৰ গাওঁখনক "বিশ্বৰ সৌন্দৰ্যখনি' বুলি অভিহিত কৰিছে।

১০/ কঠিন শব্দৰ অৰ্থ

বিনন্দীয়া   -------    অতি ধুনীয়া, আনন্দপূৰ্ণ ।

বঙহ         -------   বংশ, গোত্ৰ।

ছকঠীয়াখিনি ----   গাত লোৱা আলোৱান।

জন্মান্তৰ    -------   এই জন্মৰ আগৰ বা পাছৰ কোনো জন্ম।

কুৰ্চ্চুত    ---------   হিংসা, কুটিলতা।

কপট      ---------   চাতুৰী, প্ৰতাৰণা, ছলনা, কৃত্ৰিমতা।


                                  Additional question and previous paper solve


অতিৰিক্ত প্রয়োজনীয় প্রশ্ন

(ক) অতি চমু প্রশ্ন:


১। 'মোৰ গাঁও' নামৰ কবিতাটিৰ ৰচক কোন?

উত্তৰ: ডিম্বেশ্বৰ নেওগ।


২। কবি ডিম্বেশ্বৰ নেওগক কি কবি নামেৰে জনা যায়?

উত্তৰ: ইন্দ্রধনুৰ কবি।


৩। কবি ডিম্বেশ্বৰ নেওগৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰ: কমাৰফদিয়া গাঁৱত, ১৮৯৯ চনত।


৪। কবি ডিম্বেশ্বৰ নেওগৰ প্ৰথম প্রখ্যাত গ্ৰন্থৰ নাম লিখা।

উত্তৰ: 'ইন্দ্ৰধনু'।


৫। কবি ডিম্বেশ্বৰ নেওগৰ দুখন কবিতাপুথিৰ নাম লিখা।

উত্তৰ: 'মালিকা', 'সঁফুৰা'।


৬। কবি ডিম্বেশ্বৰ নেওগে 'মোৰ গাঁও'ত উল্লেখ কৰা গাঁওখনৰ নাম কি?

উত্তৰ: কমাৰফদিয়া।


৭। কবি ডিম্বেশ্বৰ নেওগে আজিও শতবাৰ কাক ভাল পাওঁ বুলি কৈছে?

উত্তৰ: গাঁওখনক।


(খ) চমু প্রশ্নঃ


১। কবি ডিম্বেশ্বৰ নেওগে কেতিয়া আৰু ক'ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

উত্তৰ: ১৯৬৫ চনত নলবাৰী অধিৱেশনত।


২। "বনৰ ছাঁয়াৰ দৰে কত স্মৃতি আহে যায়, মনৰ মাজত" - এই কথাৰ অৰ্থ কি?

উত্তৰ: স্মৃতিসমূহ হৃদয়ত সজীৱ হৈ থাকে, যিয়ে কবিৰ জীৱনৰ অঙ্গ।


৩। "ধনকে মাথোঁন চিনি, মৰম নিচিনা হ'ল" - এই কথাফাকিৰে কিহৰ কথা বুজোৱা হৈছে।

উত্তৰ: আধুনিক সমাজত মৰম আৰু স্নেহৰ অভাৱৰ কথা, য'ত ধনৰ গুৰুত্ব বৃদ্ধি পাইছে।


(গ) ৰচনাধৰ্মী প্রশ্ন:


১। কবিজনাৰ চমু পৰিচয় দি 'মোৰ গাঁও' নামৰ কবিতাটিৰ মূলভাব লিখা।

উত্তৰ: ডিম্বেশ্বৰ নেওগ অসমৰ বিশিষ্ট কবি। 'মোৰ গাঁও' কবিতাত কবি তেওঁৰ গাঁও, স্মৃতি আৰু শৈশৱৰ সৌন্দৰ্য্যৰ বৰ্ণনা কৰিছে। তেওঁ গাঁওখনৰ অতীতৰ সুখ-দুখ, নৈতিকতা আৰু বৰ্তমানৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিছে, যিয়ে সমাজৰ আন্তঃসম্পর্ক আৰু আন্তৰিকতাৰ অভাৱক প্ৰকাশ কৰে।


২। কবিতাটিত কবিৰ দুখবোধ অতি সন্তৰ্পণে প্রাণ পাইছে, আলোচনা কৰা।

উত্তৰ: কবিতাত কবি গাঁওখনৰ পৰিৱৰ্তনৰ বিষয়ে দুখ প্ৰকাশ কৰিছে। গাঁওৰ সুৰক্ষা, একতা আৰু মৰমৰ অভাৱই কবিৰ অন্তৰ গভীৰতাত দুখৰ সৃষ্টিৰে ভৰা। তেওঁ সমকালীন সমাজৰ মূল বিষয়বোৰৰ বিষয়ে ব্যথিত হৈ পৰিছে।


৩। কবি 'মোৰ গাঁও' নামৰ কবিতাত কমাৰফদিয়া গাঁৱৰ কেনেধৰণৰ পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে লিখা।

উত্তৰ: কবিতাত গাঁওখনৰ পৰিৱৰ্তন আৰু সমাজৰ একতা-ভঙ্গুৰতাৰ কথা উল্লেখ কৰা হৈছে। আগৰ সময়ত যিবোৰ পৰম্পৰা, মৰম আৰু স্নেহৰ ভাৱ আছিল, সেয়া লাহে লাহে হেৰাই গৈছে। সমাজৰ আধুনিকতাৰ ফলত অৰ্থনৈতিক বিষয়বোৰে মনৰ স্নেহ আৰু বন্ধনসমূহক চাপি ৰাখিছে।

 

Paid Answer (For Membership User)


Answer by Dikha Bora