অন্বেষণ

    👉Download Read Book PDF
    👉Short Question Answer
    👉MCQs Online Exam
    👉Chapter 6 MCQs Answer
    👉Paid Answer         (Buy Now)

প্ৰশ্নাৱলীঃ

১। কবি পৰিচয়সহ কবিতাটিৰ সাৰাংশ লিখা।

উত্তৰঃ কবি পৰিচয়ঃ সীতানাথ ব্ৰহ্মচৌধুৰী ১৯০৮ চনত গোৱালপাৰাৰ ভালুকমাৰীত জন্ম হৈছিল। পুথিমাৰী মাইনৰ স্কুলত বিদ্যা-শিক্ষা আৰম্ভ কৰি ব্ৰহ্মচৌধুৰীৰ ১৯৩০ চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰে। ১৯৩৬ চনত তেওঁ বি এ ডিগ্ৰী লাভ কৰে। 

    সীতানাথ ব্ৰহ্মচৌধুৰী ৰোমান্টিক কবিসকলৰ ভিতৰৰে এজন উল্লেখযোগ্য কবি। নিচেই শিশুকালতেই তেওঁৰ কাব্য প্ৰতিভাই প্ৰকাশৰ বাট বিচাৰি লয়। তেওঁৰ কাব্যকৃতিৰ ভিতৰত উল্লেখযোগ্য হ'ল 'কদমকলি'। 'আৱেগ', 'চকুলো' আৰু 'ফুলেশ্বৰী দৈমাৰী' তেওঁৰ আন তিনিখন কবিতাৰ পুথি। 'গাওঁ সংগঠন' নামৰ তেওঁ আন এখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ৰোমান্টিক ভাবাদৰ্শ, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে ব্ৰহ্মচৌধুৰীৰ কবিতাত। তেওঁৰ কাব্যৰ সুৰ কোমল আৰু নিহৰ-নিপানী। অসম সাহিত্য সভাৰ তিনিচুকীয়া আৰু ডিফু অধিৱেশনৰ সভাপতি ব্ৰহ্মচৌধুৰীৰ ১৯৮২ চনত মৃত্যু হয়। 

কবিতাটিৰ সাৰাংশঃ ৰোমান্টিক ভাবাদৰ্শৰ কবি সীতানাথ ব্ৰহ্মচৌধুৰীৰ 'অম্বেষণ' এটি প্ৰেমৰ কবিতা। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিয়ে পূৰ্বজন্মৰ লগৰী প্ৰিয়তমাক বিচাৰি এই জীৱনত চলাথ কৰিছে। প্ৰিয়তমাক বিচাৰি নাপাই তেওঁৰ হৃদয়ৰ গভীৰৰ পৰা বিৰহৰ কৰুণ সুৰ বিৰিঙি ওলাইছে। কবিৰ জীৱনৰ প্ৰেমৰ বাণী, অনুপমা সৌন্দৰ্যৰ-প্ৰতিমা, যিগৰাকীয়ে পূৰ্বজন্মত যৌৱনৰ প্ৰথম ঢৌ তুলি কবিক জোকাৰি দিছিল সেই গৰাকী প্ৰেয়সীক বিচাৰি তেওঁ সমস্ত জগত ঘৃূৰি ফুৰিছে। কিন্তু এই জনমত কবিয়ে প্ৰিয়তমা লাহৰীক বিচাৰি পোৱা নাই। কবিয়ে সোঁৱৰণ কৰিছে --- তেওঁৰ সৌন্দৰ্যময়ী প্ৰিয়তমাৰ লাৱণী দেহত যৌৱন বসন্তই খেলা কৰিছিল, প্ৰেমত ৰঙেৰে জিলিকি উঠিছিল প্ৰিয়তমাৰ দেহত প্ৰতিটো ভাগ, কবিৰ ওঁঠৰ এটি প্ৰেমভৰা চুমা--- এটি মাথোঁন মৰমৰ আলিংগনতে প্ৰিয়তমা গৰাকী কবিৰ ওচৰত অধীন আকুল হৈ পৰিছল। অথচ সেই গৰাকী প্ৰিয়তমাকে কবিয়ে এই জন্মত বিচাৰি নাপাই বিৰহত কাতৰ হৈ পৰে।  

        কবি আৰু প্ৰিয়তমাৰ পূৰ্বজন্মৰ বিদায়লগ্নত দুয়োৰে দুচকু চকুলোৰে ভৰি পৰিছিল। বিহৰ-কাতৰ কবিয়ে প্ৰাণপ্ৰিয়াক বিচাৰি যাবলৈ আকুল হৈ পৰিছে, কিজানি ক'ৰবাত লগ পায়েই।   

২। কবিৰ বিৰহৰ কাৰণ কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে লিখা।

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ 'অম্বেষণ' এটি প্ৰেমৰ কবিতা। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিয়ে পূৰ্বজন্মত প্ৰেমত সোঁৱৰণ কৰি বৰ্তমান জীৱনত তেওঁৰ প্ৰেয়সীক বিচাৰি সমস্ত জগত ঘূৰি ফুৰিছে। কিন্তু ঘূৰি ক'তো প্ৰিয়তমাক বিচাৰি নাপাই কবিৰ মনত গভীৰ দুখৰ সৃষ্টি হৈছে। 

    নিৰূপম সৌন্দৰ্যৰ আকৰ কবিৰ প্ৰেমত ৰাণীগৰাকী পূৰ্বৰ জনমত কবিৰ যৌৱনৰ প্ৰথম লহৰী স্বৰূপ আছিল। কবিয়ে অনুভৱ কৰিছিল তেতিয়া যেন প্ৰিয়তমাৰ লৱণু দেহাত বসন্তৰ ফুল ফলিছিল আৰু কবিৰ প্ৰেমভৰা এটি চুমা বা এটি আলিংগনতে তেওঁ উন্মত্ত যৌৱনা হৈ কবিৰ লগত মিলি যাবলৈ আকুল হৈ পৰিছিল। কিন্তু বৰ্তমান জনমত অনেক বিচাৰিও প্ৰেয়সীক লগ নোপোৱাত কবিৰ অন্তৰত বিৰহৰ ঢৌ উঠিছে।

            প্ৰিয়তমাৰ ভাৱনাত কাতৰ হৈ পৰা কবিৰ বিৰহৰ অন্যতম কাৰণ হিচাবে কবিতাটিৰ কবিৰ স্মৃতি ৰোমন্থনকে দেখিবলৈ পোৱা যায়। সোঁৱৰণীয়ে কবিক সকলো মনত পেলাই দিছে। প্ৰিয়তমাৰ ৰূপ-যৌৱন, আকুলতা, মিলনৰ মধুৰ পৰিৱেশ আদিবোৰ যেতিয়া পূৰ্বজন্মৰ বিদায় লগ্নত কবি আৰু প্ৰিয়তমাৰ অশ্ৰুসিক্ত দুচকুৰ কথা মনত পৰাত কবি দুখত কাতৰ হৈ পৰিছে। কাৰণ বৰ্তমান কবিয়ে তেওঁৰ প্ৰিয়তমা ক'ত আৰু পৰিৱেশত আছে নাজানে। 

 এই অধ্যায়টোৰ পৰা যোৱা দহ বছৰত অহা সৰু-ডাঙৰ প্ৰশ্নবোৰ ঃ        

১/ 'সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছোঁ বিচাৰি।' --- কবিয়ে ইয়াত কাক বিচাৰি ফুৰাৰ কথা কৈছে।   (২০০৯, ২০১১)

উত্তৰঃ কবিয়ে ইয়াত তেওঁৰ পূৰ্বজন্মৰ লগৰী অৰ্থাৎ প্ৰেয়সীক বিচাৰি ফুৰাৰ কথা কৈছে।

২/ 'অম্বেষণ' কবিতাটিৰ ৰচক কোন ?   (২০০৯)

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী।

৩/ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

    (ক) বিৰহ কাতৰ মই, বিৰহত মৰোঁ দেই-পুৰি,

        অ' মোৰ প্ৰাণৰ প্ৰিয়া, কত যাম তোমাক বিচাৰি।'  (২০১০)

উত্তৰঃ প্ৰসংগঃ- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি 'উচ্চতৰ সাহিত্য সংকলন'ৰ                      অন্তৰ্গত সীতানাথ ব্ৰহ্মচৌধুৰীৰ দ্বাৰা ৰচিত 'অম্বেষণ' নামৰ কবিতাটিৰ পৰা পৰা তুলি           দিয়া হৈছে।

          সংগতিঃ- প্ৰিয়া বিৰহৰ কাতৰ কবিয়ে সমস্ত জগত ঘূৰিও প্ৰিয়তমাক বিচাৰি নাপাই              কবিতাফাকিৰ জৰিয়তে অন্তৰৰ গভীৰ দুখ প্ৰকাশ কৰিছে।

          ব্যাখ্যাঃ- প্ৰিয়তমাৰ লগত পূৰ্বজন্মত কবিৰ সম্পৰ্ক অতি মধুৰ আছিল। কবিৰ                  প্ৰিয়তমাজনী দেখাতো বৰ আকৰ্ষণীয় আছিল। পূৰ্বজন্মৰ প্ৰেম সোঁৱৰণ কৰি                      কবিয়ে এই জন্মত সমস্ত জগতত বিচাৰি চলাথ কৰিও প্ৰিয়তমাক দেখা পোৱা নাই।              তাৰ ফলত কবিৰ হৃদয়ত যি দুখ-বোধৰ সৃষ্টি হৈছে তাকেই এই কবিতাফাকিৰ                      মাজেৰে প্ৰকাশ কৰিছে।

 ৪/ 'বিৰহ কাতৰ মই, বিৰহত মৰো দেই পুৰি,

      অ' মোৰ প্ৰাণৰ প্ৰিয়া, ক'ত যাম তোমাক বিচাৰি।'

----- কবিৰ বিৰহৰ চিত্ৰ ইয়াৰ মাজেৰে কিদৰে প্ৰকাশ পাইছে লিখা। (২০১৫, ২০১৬)

উত্তৰঃ প্ৰিয়তমাৰ লগত কবিৰ সম্পৰ্ক অতি মধুৰ আছিল। কবিৰ প্ৰিয়তমাজনী দেখাতো বৰ আকৰ্ষণীয় আছিল।  পূৰ্বজন্মৰ প্ৰেম সোঁৱৰণ কৰি কবিয়ে এই জন্মত সমস্ত জগতত বিচাৰি চলাথ কৰিও প্ৰিয়তমাক দেখা পোৱা নাই। কবিয়ে দুখতে ভাগি পৰিছে আৰু এই জন্মত তেওঁক ক'ত বিচাৰি ফুৰিব তাৰেই কথা কৈ দুখত ভাগি পৰিছে।

 ৫/ 'নিজ মনে গাই গাই বিৰহৰ কৰুণ সংগীত

      সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছোঁ বিচাৰি।'

    --- কবিয়ে কিদৰে বিৰহৰ কৰুণ সংগীত গাই ঘূৰি ফুৰিছে, লিখা।    (২০১৭)

উত্তৰঃ কবিতাফাকিত কবি সীতানাথ ব্ৰহ্মচৌধুৰীয়ে তেওঁৰ পূৰ্বজন্মৰ প্ৰেয়সীক বিচাৰি ফুৰিছে। সমস্ত জগত ঘূৰিও প্ৰেয়সী গৰাকীক বিচাৰি নাপায় কবিয়ে বিৰহৰ কৰুণ গীত গাই ঘূৰি ফুৰিছে।  

 চমু প্ৰশ্নৰ উত্তৰঃ    

১/ সীতানাথ ব্ৰহ্মচৌধুৰী কোন যুগৰ কবি ?

উত্তৰঃ ৰোমান্টিক যুগৰ।

২/ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা দুখন কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ কমলকলি, চকুলো ।

৩/ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা গল্প সংকলনখনৰ নাম কি ?

উত্তৰঃ গাওঁ সংগঠন। 

৪/ সীতানাথ ব্ৰহ্মচৌধুৰীৰ কিমান চনত মৃত্যু হয় ?

উত্তৰঃ ১৯৮২ চনত।

৫/ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কলেজীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিল ?

উত্তৰঃ গুৱাহাটীৰ কটন কলেজত। 

৬/ সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম ক'ত, কেতিয়া হৈছিল ?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ গোৱালপাৰাৰ ভালুকমাৰীত ১৯০৮ চনত জন্ম হৈছিল।

৭/ সীতানাথ ব্ৰহ্মচৌধুৰী কোন দুখন 'অসম সাহিত্য সভা'ৰ সভাপতি নিৰ্বাচিত হৈছিল ?

উত্তৰঃ ১৯৮১ চনত বহা 'তিনিচুকীয়া অধিৱেশন আৰু ১৯৮২ চনত বহা ডিফু অধিৱেশনৰ সভাপতি হৈছিল।


Additional question and previous paper solve

(ক) অতি চমু প্রশ্ন

১। 'অন্বেষণ' কবিতাটিৰ ৰচক কোন?  [HS'09]

উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰী।

২। সীতানাথ ব্রহ্মচৌধুৰীৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল?

উত্তৰঃ গোৱালপাৰাৰ ভালুকমাৰীত, ১৯০৮ চনত।

(খ) চমু প্রশ্ন

১। "সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছোঁ বিচাৰি।" কবিয়ে ইয়াত কাক বিচাৰি ফুৰাৰ কথা কৈছে?  [HS'09,11]

উত্তৰঃ কবিয়ে তেওঁৰ প্ৰেমৰ ৰাণী বিচাৰি ফুৰাৰ কথা কৈছে।

২. সীতানাথ ব্রহ্মচৌধুৰীৰ কাব্যকৃতিৰ ভিতৰত উল্লিখনীয় কি?

উত্তৰঃ তেওঁৰ কাব্যকৃতিৰ ভিতৰত উল্লেখযোগ্য হ'ল 'কমলকলি'।

৩. সীতানাথ ব্রহ্মচৌধুৰীৰ দুখন কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ 'আৱেগ', 'চকুলো'।

৪. সীতানাথ ব্রহ্মচৌধুৰীৰ এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ'গাঁও সংগঠন'।

৫. সীতানাথ ব্রহ্মচৌধুৰীৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ ১৯৮২ চনত।

৬. বিৰহৰ কৰুণা সংগীত কোনে গাইছে?

উত্তৰঃ কবিয়ে নিজে গাইছে।

৭. সমস্ত জগতত কবিয়ে কাক বিচাৰি ফুৰিছে?

উত্তৰঃ কবিয়ে তেওঁৰ প্ৰেমৰ ৰাণী বিচাৰি ফুৰিছে।

৮. হৃদয়ে কি খোজে বুলি কবি ব্রহ্মচৌধুৰীয়ে কৈছে?

উত্তৰঃ হৃদয়ে একান্ত লগৰী বিচাৰে।

(গ) ৰচনাধৰ্মী প্রশ্ন

১। 'অন্বেষণ' কবিতাটিৰ মাজেৰে কবিৰ বিৰহৰ ভাৱ কেনেদৰে প্ৰকাশ পাইছে, লিখা।  [HS'12]

উত্তৰঃ 'অন্বেষণ' কবিতাত কবিয়ে বিৰহৰ গভীৰ অনুভৱ প্ৰকাশ কৰিছে। তেওঁ নিজৰ প্ৰিয়াৰ অভাৱত বিৰহৰ সংগীত গাইছে, আৰু সমস্ত জগতৰ মাজে তেওঁ প্ৰেমিকাক বিচাৰি ফুৰা অনুভৱ কৰিছে। কবিৰ অন্তৰৰ কষ্ট আৰু আকুলতা সকলো পংক্তিত স্পষ্ট, যিয়ে তেওঁক এক এলোমেলো মানসিক অবস্থাত ৰাখিছে।

২। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত কি কি ভাব প্ৰকাশ পাইছে চমুকৈ লিখা।

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত প্ৰেম, বিৰহ, সৌন্দৰ্য, আৰু ৰোমাণ্টিক অনুভূতি প্ৰকাশ পাইছে। তেওঁ বিৰহৰ যন্ত্রণা আৰু প্ৰেমৰ কষ্টৰ বিষয়ে গভীৰ অনুভৱ প্ৰকাশ কৰিছে।

৩। সীতানাথ ব্রহ্মচৌধুৰীয়ে ক'ত ক'ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

উত্তৰঃ তেওঁ তিনিচুকীয়া আৰু ডিফু অধিৱেশনৰ সভাপতি আছিল।

৪। সীতানাথ ব্রহ্মচৌধুৰীৰ কাব্যত প্ৰকাশ পোৱা সুৰক কি বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰীৰ কাব্যত প্ৰকাশ পোৱা সুৰক কোমল আৰু নিৰহ-নিপানী বুলি অভিহিত কৰিব পাৰি।

৪। 'প্রেমভৰা এটি চুমা, এটি মাত্র আলিঙ্গনে যাৰ উন্মত্ত যৌৱন আনি কৰি দিয়ে অধীৰ আকুল।' ইয়াত কাৰ আৰু কিহৰ কথা কোৱা হৈছে?

উত্তৰঃ  ইয়াত প্ৰেমিকাৰ কথা কোৱা হৈছে, যাৰ চুমা আৰু আলিঙ্গনে কবিৰ উন্মত্ততা আৰু আকুলতা বৃদ্ধি কৰে। এই পংক্তিত প্রেমৰ শক্তি আৰু প্ৰেমিকাৰ সৈতে সংযোগৰ গভীৰ অনুভৱ প্ৰকাশ হৈছে।

৫। “বিৰহ কাতৰ মই, বিৰহত মৰোঁ দেই-পুৰি, অ' মোৰ প্ৰাণৰ প্ৰিয়া, ক'ত যাম তোমাক বিচাৰি।” কবিৰ বিৰহৰ চিত্ৰ ইয়াৰ মাজেৰে কিদৰে প্ৰকাশ পাইছে, লিখা। [HS'16]

উত্তৰঃ এই উক্তিত কবিৰ বিৰহৰ গভীৰতা আৰু আকুলতা অত্যন্ত স্পষ্ট। "বিৰহ কাতৰ মই" বুলিয়েই কবি বুজাইছে যে তেওঁ কি পৰিমাণে বিষাদিত। বিৰহৰ অবস্থা তেওঁক "মৰোঁ দেই-পুৰি" বুলি বুজাইছে, যাৰ অৰ্থ তেওঁ প্ৰিয়াৰ অভাৱত কতটুকু দুখী। "অ' মোৰ প্ৰাণৰ প্ৰিয়া" অংশত তেওঁ নিজৰ প্ৰেমিকাক চিনাক্ত কৰি, তেওঁত থকা গভীৰ আত্মীয়তা প্ৰকাশ কৰিছে। "ক'ত যাম তোমাক বিচাৰি" বুলি কৈ, তেওঁ নিজৰ প্ৰতিজ্ঞা কৰে যে তেওঁ প্ৰেমিকাক বিচাৰি চলিব। এই সকলো পংক্তিৰ মাজেৰে কবিৰ বিৰহৰ কষ্ট, প্ৰেমৰ আকাংক্ষা আৰু হৃদয়ৰ গভীৰ অনুভূতি প্ৰকাশ পাইছে।

(ঘ)  প্ৰসংগ সংগতি দৰ্শাই ব্য়াখ্য়া কৰাঃ

(ক) "বিৰহ কাতৰ মই, বিৰহত মৰোঁ দেই-পুৰি, অ' মোৰ প্ৰাণৰ প্ৰিয়া, ক'ত যাম তোমাক বিচাৰি।"   [HS'10]

উত্তৰঃ 

প্ৰসংগ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সীতানাথ ব্ৰহ্মচৌধুৰীৰ দ্বাৰা ৰচিত অম্বেষণ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

সংগতি- কবিৰ বিৰহ আৰু প্ৰেমৰ দুখ প্ৰকাশ পায়। তেওঁ তেওঁৰ প্ৰিয়াৰ অনুপস্থিতিত কষ্ট অনুভৱ কৰি আছে আৰু তেওঁক বিচাৰি ফুৰাৰ আকুলতা প্ৰকাশ কৰিছে।

ব্য়াখ্য়া- উক্ত কবিতাফাকিৰ দ্বাৰা কবিৰ বিৰহ প্ৰেমৰ দুখ প্ৰকাশ কৰাৰ লগতে তেওঁৰ প্ৰিয়াৰ অনুপস্থিতিত কষ্ট অনুভৱ কৰি আছে আৰু তেওঁৰ বিচাৰি ফুৰাৰ আকুলতা প্ৰকাশ কৰিছে। 

(খ) "নিজ মনে গাই গাই বিৰহৰ কৰুণ সংগীত সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছোঁ বিচাৰি।"

 উত্তৰঃ 

প্ৰসংগ- উক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত সীতানাথ ব্ৰহ্মচৌধুৰীৰ দ্বাৰা ৰচিত অম্বেষণ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

     সংগতি-  কবিয়ে বিৰহৰ সংগীত গাইছে আৰু তেওঁ সকলো ঠাইতে নিজৰ প্ৰেমিকাক বিচাৰি ফুৰাৰ কষ্ট প্ৰকাশ কৰিছে।

ব্য়াখ্য়া- উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে বিৰহৰ সংগীত গাইছে আৰু তেওঁ সকলো ঠাইতে নিজৰ প্ৰেমিকা বিচাৰি ফুৰাৰ কষ্ট প্ৰকাশ কৰিছে। 



Paid Answer (For Membership User)


Answered By Dikha Bora