Paid Answer (Only 50 Rupees All Chapter)

STEP--1


STEP--2


  বহাগ বিহুৰ পৰম্পৰা

    👉Download Read Book PDF
    👉Short Question Answer
    👉MCQs Online Exam
    👉Chapter 3 MCQs Answer
    👉Paid Answer         (Buy Now)

প্ৰশ্নাৱলীঃ

১। বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি, তোমাৰ পাঠ্য প্ৰবন্ধৰ সহায়ত আলোচনা কৰা। 2013)

উত্তৰঃ বিহু আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ। সমন্বয়ৰ বৰভেঁটি ৰচনা কৰা বিহু আমাৰ জাতীয় জীৱনৰ সংহতিৰ এনাজৰী। বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জনগোষ্ঠীৰ জাতিগত সংমিশ্ৰণ আৰু সহিষ্ণুতা আৰু পাৰস্পৰিক ভাৱৰ বিনিময়ত বিহু উৎসৱ গঢ় লৈ উঠিছে। সকলোৰে সামূহিক বৰঙণি লৈ বিহু সংস্কৃতি শ্ৰীবৃদ্ধি কৰিছে। বিহু আমাৰ বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে এই উৎসৱ পালন কৰা হয় বাবে বিহুক অসমৰ জাতীয় উৎসৱ বুলি জনা যায়।     

২। বিহুৰ উৎপত্তি আৰু বিহুনৃত্য সম্বন্ধে ভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলোচনা কৰা।  (2017)

উত্তৰঃ নতুন বছৰৰ আৰম্ভণিতে খেতি-বাতিৰ সূচনা কৰিবৰ সময়ত পুৰণিকলীয়া কৃষিজীৱী মানুহে কিছুমান নিয়ম পালন কৰা আৰ্হি বহুত দেশত লক্ষ্য কৰিব পাৰি। এই আচাৰৰ ভিতৰত নৃত্য-গীত, পূজা-পাতল আদি অপৰিহাৰ্য অংগ। এই ফালৰ পৰা চাব গ'লে অসমৰ বহাগ বিহুৰ পৰম্পৰা প্ৰাচীন। অসমৰ জনজাতীয় লোকসকলেও বিহু নাইবা এনে ধৰণৰ আচাৰ পালন কৰে। পণ্ডিতসকলৰ মতে বিহু শব্দৰ উৎপত্তি সংস্কৃত 'বিষুবন' শব্দৰ পৰা হৈছে। অৰ্থববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আদি পুৰণি শাস্ত্ৰত পায় যে বিষুৱণ যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰিণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। অৰ্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনৰ যাগ-যজ্ঞৰ আয়োজন। 

            বিহু উৎসৱত আৰ্য অনাৰ্যৰ সুঁতি লগ লাগিছে। সম্ভৱ সপ্তদশ শতিকাত এক মুছলমান ভ্ৰমণকাৰীয়ে থৈ যোৱা বৰ্ণনাই প্ৰথম বৰ্ণনা। এই মুছলমানসকলে 'নওৰোজ' বা নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ-স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে যি ৰং-ধেমালি কৰিছিল তাৰ বৰ্ণনা দিছে। ঢোল,পেঁপা, টকা আদি ব্যৱহাৰ কৰিছিল। আকৌ কৈছে যে ডেকা-গাভৰুৰ মনত আদান-প্ৰদানো এই সময়ত হয়। সম্ভৱ আহোম ৰজাসকলে এই উৎসৱৰ পৰিপোষক কৰি বিহুক  জাতীয় ৎসৱ হিচাপে গঢ় দিয়াত সহায় কৰে। সময়ত আহোম শাসন লোপ পোৱাত আৰু হিন্দু ধৰ্মৰ বিধি-ব্যৱস্থাই প্ৰাধ্যন্য লাভ কৰাত (বিশেষকৈ ঊনবিংশ শতিকাত বংগদেশীয় গোড়া ব্ৰাহ্মণ্য ধ্যান-ধাৰণাৰ প্ৰভাৱত) বিহু উৎসৱে আগৰ দৰে পৰিপোষক নোপোৱা হ'ল।  

            ১৮৯৬ খ্ৰীষ্টাব্দত গাৰ্ডন চাহাবে বিহুৰ প্ৰসংগত মন্তব্য কৰিছিল যে অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায়। মজাৰ কথা এয়ে যে ঢেকিয়াল ফুকন আদি লোকৰ বিবেচনাত বিহুৰ যিবিলাক বেয়া লক্ষণ সেইবিলাকেই মূল বিহু উৎসৱৰ কেন্দ্ৰীয় সামগ্ৰী ! অৰ্থাৎ প্ৰাচীন ভাৰতত খেতি-বাতিৰ মংগলৰ হকে চলিছিল যাগ-যজ্ঞ, অসমত তাৰ পৰিৱৰ্তে চলিল যৌনমূলক নৃত্য-গীত আৰু দুয়োবিধ ক্ৰিয়াৰ উদ্দেশ্য কিন্তু একেটাই। গণেশচন্দ্ৰ হাজৰিকাই ১৯১৮ খ্ৰীষ্টাব্দত 'বিহু আৰু তাৰ প্ৰাকৃতিৰ চিত্ৰ' নামেৰে পুস্তিকা এখন ছপাই তাত অসমীয়া বিহুকেইটিৰ এটি সৰল বৰ্ণনা দিছিল। এই একে সময়তে বেজবৰুৱাই 'বাঁহী'ৰ জৰিয়তে বিহুৰ সপক্ষে একাধিকবাৰ ওকালতি কৰিছিল চোকা আৰু ব্যংগ সুৰত। এইদৰে ক্ৰমে বিহুসম্পৰ্কীয় ধাৰণা সলনি হ'বলৈ ধৰে। ১৯৩১ খ্ৰীষ্টাব্দত গুৱাহাটীৰ নাগৰিকসকলৰ চেষ্টাত বহুত ৰং-ধেমালি আৰু খোৱা-বোৱাৰে বিহু পতা হৈছিল। পিছলৈ ই অসমীয়া জাতীয় উৎসৱত পৰিণত হয়।      

৩। 'বিহু এক ধৰ্মীয় অনুষ্ঠান' - বিহুক ধৰ্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা।  (2009)

উত্তৰঃ আমি জানো, অসমত বিহুৰ পৰম্পৰা অতি প্ৰাচীন। বিহু কৃষিমুখী উৎসৱ। পুৰণি অসমৰ অষ্ট্ৰিকসকলৰ বিকাশেই বিহু উৎসৱৰ পাতনি বুলি আধুনা পণ্ডিতসকলে কয়। অৱশ্যে ক'ব লাগিব বৰ্তমানৰ বিহু উৎসৱত কেইবাটাও উপাদান লগ লাগিছে।

        বহা'গ বিহুক পৰম্পৰাত এফালে আৰ্যসংস্কৃতিৰ এটি সুঁতি আনফালে আৰ্যভিন্ন সুঁতিও জাহ গৈছে। বিহু নৃত্যত থকা যৌন ইংগিতধৰ্মী মুদ্ৰাই প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ নিৰ্দেশ কৰে। এই উৰ্বৰা অনুষ্ঠান মূলত ধৰ্মীয়। তদুপৰি বৰ্তমান বিহুত যিবিলাক আচাৰ-নীতি বৰ্তমান ঘৰ-বাৰী শুচি কৰা, নতুন কাপোৰ পিন্ধা, গৰু-গাইৰ যতন লোৱা, গোঁসাইক পূজা-পাতল দিয়া, নৃত্য আৰু গীত- এই আৰ্য আৰু আৰ্যভিন্ন আচাৰৰ উদ্দেশ্য একেই । এই সকলোবোৰ উদ্দেশ্য় একেটাই---- মানুহ, জীৱ-জন্তু আৰু খেতি-বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা লোৱা। 

৪। অসমত বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা যায় নে, আলোচনা কৰা।   (2011,2018,2014)

উত্তৰঃ অসমত বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত  দেখা পোৱা যায়। দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক 'বিষু' বোলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো 'বিষু' উৎসৱ (মেলা) আছে মধ্যপ্ৰদেশৰ ওৰাওঁসকলে গ্ৰীষ্মকালত 'বিষু চিকাৰ'ৰ ব্যৱস্থা কৰে। আমি যেনেকৈ মাঘবিহুৰ সময়ত সমূহীয়াকৈ মাছধৰা বা পহুচিকাৰৰ ব্যৱস্থা কৰোঁ। কিছুমান অঞ্চলত 'বিষু' নুবুলি 'বৈশাখী' বোলা হয়। 

চমু প্ৰশ্নৰৰ উত্তৰঃ

১/ বিহুৰ শব্দৰ উৎপতি কৰ পৰা হৈছে ?

উত্তৰঃ বিহুৰ শব্দৰ উৎপতি সংস্কৃত বিষুৱণ শব্দৰ পৰা হৈছে। 

২/ 'বহাগ' বিহুৰ পৰম্পৰা' প্ৰৱন্ধটিৰ লিখক লোক ?

উত্তৰঃ ড° প্ৰফুল্ল দত্ত গোস্বামী।

৩/ লক্ষ্মীধৰ শৰ্মাৰ এখন গল্প পুথিৰ নাম লিখা।

উত্তৰঃ ব্যৰ্থতাৰ দান।

৪/ ড° প্ৰফুল্ল দত্ত গোস্বামী ক'ত জন্ম হৈছিল ?

উত্তৰঃ দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত।

৫/ ড° প্ৰফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন গৱেষনামূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ 'অসমীয়া জন সাহিত্য' আৰু 'সাহিত্য আৰু জীৱন'।

৬/ দক্ষিন ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ ৎসৱক কি বোলে ?

উত্তৰঃ বিষু।

৭/ অসমীয়া কোনগৰাকী ঔপন্যাসিকৰ উপন্যাসত প্ৰথম বিহুৰ নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা আছে ?

উত্তৰঃ ৰজনীকান্ত বৰদলৈৰ উপন্যাসত।

৮/ বিহু নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

উত্তৰঃ ৰজনীকান্ত বৰদলৈৰ 'মৰি জীয়ৰী'।

Additional question and previous paper solve


 ১। অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পাতিছিল?  [HS '99]

উত্তৰঃ অসমৰ গুৱাহাটীত প্ৰথমে বিহু উৎসৱ পাতিছিল।

 ২। কোনখন উপন্যাসত বিহুনাচ আৰু গীত সম্পর্কে প্রথম আভাস পোৱা যায়? [HS 2000, '02, '03,'05,'12,'13, '17]

উত্তৰঃ 'মিৰিজীয়ৰী' উপন্যাসত বিহুনাচ আৰু গীত সম্পর্কে প্ৰথম আভাস পোৱা যায়

৩। 'বিষুৱণ' কি? [HS '01] | 

উত্তৰঃ বিষুৱণ মানে দিন ৰাতি সমান হোৱা কাল।

৪। মধ্যপ্ৰদেশৰ ওৰাওঁসকলে কোন সময়ত 'বিষু চিকাৰ'ৰ ব্যৱস্থা কৰে? [HS '02]

উত্তৰঃ মধ্যপ্ৰদেশৰ ওৰাওঁসকলে গ্ৰীষ্মকালত 'বিষু চিকাৰ'ৰ ব্যৱস্থা কৰে।

৫। 'বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র' নামৰ পুস্তিকাখনৰ ৰচক কোন? [HS '04]

উত্তৰঃ 'বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র' নামৰ পুস্তিকাখনৰ ৰচক গণেশচন্দ্ৰ হাজৰিকা।                                                                                                                                                                                                    দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে?  [HS '05, '06, '10] |

উত্তৰঃ দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক 'বিষু' বোলে।

৭। হলিৰাম ঢেকিয়াল ফুকনে বিৰ বিষয়ে কি মন্তব্য দিছিল? ।      [HS '06]

উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য-গীতক অশোভন বুলি মন্তব্য দিছিল।

৮। 'কেঁচা পাতৰ কঁপনি' উপন্যাস কোনে ৰচনা কৰিছিল?        [HS '07]

উত্তৰঃ 'কেঁচা পাতৰ কঁপনি' উপন্যাস ড° প্রফুল্লদত্ত গোস্বামীয়ে ৰচনা কৰিছিল।

৯। 'আসাম বন্ধু' আলোচনীখন কেতিয়া প্রকাশ পায়?             [HS '07]

উত্তৰঃ 'আসাম বন্ধু' আলোচনীখন ১৮৮৫ খ্ৰীষ্টাব্দত প্ৰকাশ পায়।

১০। 'লাইহাৰাওবা নৃত্য' ভাৰতৰ কোন ঠাইত প্রচলিত?         [HS '09]

উত্তৰঃ 'লাইহাৰাওবা নৃত্য' ভাৰতৰ মণিপুৰত প্রচলিত।

 ১১। 'বাঁহী'আলোচনীৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল?        [HS'09]

উত্তৰঃ 'বাঁহী' আলোচনীৰ প্ৰথম প্ৰকাশ ১৯১৭ খ্ৰীষ্টাব্দত হৈছিল।

১২। বিহুৰ আগদিনাক কি বোলে?       [HS'11]

উত্তৰঃ বিহুৰ আগদিনাক 'গৰুৰ বিহু' বোলে।

১৩। ড° প্রফুল্লদত্ত গোস্বামীৰ জন্মস্থানৰ নাম লিখা।                    [HS'14]

উত্তৰঃ ড° প্রফুল্লদত্ত গোস্বামীৰ জন্মস্থান নাম নহিৰা সত্ৰ।

১৪। 'অসমৰ স্কট' ৰূপে কাক কোৱা হয়?                       [HS'15]

উত্তৰঃ 'অসমৰ স্কট' ৰূপে চন্দ্রকুমাৰ আচার্যক কোৱা হয়।

১৫। 'হুঁচৰি'কি?                             [HS'16]

উত্তৰঃ'হুঁচৰি' হৈছে এক ধৰণৰ নৃত্য, যি সাধাৰণতে উৎসৱসমূহত অনুষ্ঠিত হয়।

(খ) চমু প্রশ্ন:

১। ব্যাখ্যা কৰা :

(ক) বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেই।

দেখি বিহুক লোকে হাঁহে, বেয়া পায়।                                       [HS '01, '05, '06]

উত্তৰঃ  প্ৰসংগ- উক্ত বাক্য়ফাকি আমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত ডঃ প্ৰফুল্লদত্ত গোস্ৱামীৰ দ্বাৰা ৰচিত ব'হাগ বিহুৰ পৰম্পৰা পাঠটোৰ পৰা তুলি দিয়া হৈছে। 

সংগতি- বিহু আহিলে মানুহৰ মনটো ভাল লাগি থাকে। মানুহৰ ঘৰখন পৰিপূৰ্ণ হৈ থাকে। মানুহৰ যদি দুখ হৈ থাকে বিহু অহাৰ লগে লগে মানুহৰ মনটো ভাল লাগি যায়। বিহুৱে মানুহক দুখ নিদিয়ে। 

ব্য়াখ্য়া- উক্তিটোৰ অৰ্থ হৈছে যে বিহু উৎসৱৰ সময়ত মানুহে আনন্দ, ৰঙ আৰু উৎসাহৰ সৈতে অংশগ্রহণ কৰে। বিহুৱে সৰ্বসাধাৰণৰ মাজত দুখ-দুৰ্দশাৰ অনুভৱ মচি দিয়ে, সকলোৰে মুখত হাঁহি আনিছে। তথাপি, কিছুমান লোক বিহুক অশ্লীল বা বেয়া বুলি গণ্য কৰে, যাৰ বাবে তেওঁলোক বিহুৰ আনন্দৰ বাবে বিতৃষ্ণা প্ৰকাশ কৰে। এই উক্তি পায় যে বিহুৰ মূখ্য উদ্দেশ্য হৈছে সামাজিক আনন্দ আৰু মিলনৰ প্ৰতি জোর দিয়া।

মুঠতে, বিহু এক ইতিবাচক শক্তিৰ প্ৰতীক, যিয়ে সকলোৰে মাজত আনন্দ আৰু ঐক্য সৃষ্টি কৰে, যদিও কিছুমান লোকৰ ধাৰণা তাৰ বিপৰীত।

২। চমুটোকা লিখা।

হলিৰাম ঢেকিয়াল ফুকন।                          [HS '07, '10,'15]

উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২) অসমৰ এজন উল্লেখযোগ্য ব্যক্তিত্ব। তেওঁৰ পিতৃ পৰশুৰাম বৰুৱা আৰু মাতৃ কামেশ্বৰী আছিল। ১৮২৫ চনত কোম্পানীৰ আমোলত নিযুক্তি লাভ কৰি, হোৱাইট চাহাবৰ সৈতে মতানৈক্যৰ বাবে পদ এৰি দিয়ে। ১৮৩২ চনত গুৱাহাটীত এছিষ্টেন্ট মেজিস্ট্রেট হিচাপে নিযুক্ত হয়। ১৮২৯ চনত তেওঁ 'আসাম বুৰঞ্জী' বঙলা ভাষাত ৰচনা কৰে। তেওঁৰ 'তীর্থ যাত্ৰা পদ্ধতি' নামৰ পুথি সংস্কৃতত লিখা আৰু কেইবাটাও উল্লেখযোগ্য প্ৰবন্ধ 'সমাচাৰ চন্দ্রিকা' আৰু 'সমাচাৰ দর্পণ'ত প্ৰকাশিত হৈছে।

অথর্ববেদ                                               [HS '08, '11,'14] |

উত্তৰঃ অথর্ববেদ চাৰিখন বেদৰ চতুৰ্থখন, যাৰ মূল নাম 'অথর্বাংগিৰসবেদ'। বেদখন ২০ টা কাণ্ডত ৭৩১ টা সূক্তত প্ৰায় ৬০০০ মন্ত্ৰৰে ৰচিত। ইয়াক 'ক্ষাত্ৰবেদ' বুলিও জনা যায়। যাজ্ঞবল্ক্য, গৌতম আৰু মনুৰ দৰে স্মৃতিকাৰসকলে ৰজাৰ পক্ষে অধ্যয়নক অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। ইয়াৰ শাখা দুটা হৈছে পৈপ্ললাদ আৰু শৌনকীয়।

ইন্দ্রধ্বজ পূজা                                       [HS '08, '10] |

উত্তৰঃ ইন্দ্রধ্বজ পূজা ভাৰতৰ এক প্রাচীন উৎসৱ। ভাদ মাহৰ প্ৰথম পক্ষত বৰষুণৰ বাবে পুৰণি কালত ৰজাসকল দ্বাৰা পালন কৰা হৈছিল। 'কালিকা পুৰাণ'ত এই উৎসৱৰ বিৱৰণ পোৱা যায়। জনশ্রুতিৰ মতে, ইন্দ্রধ্বজ পূজা কৰা ৰজাৰ ৰাজ্যত ৰোগ নাশ হয় আৰু শস্যৰ সমৃদ্ধি ঘটে।

Paid Answer (For4v Membership User)


Answered By Dikha Bora