Lesson: 2

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ


১। জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা?

উত্তৰঃ জনসংখ্য়া বৃদ্ধি বুলিলে সাধাৰণতে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মানুহৰ সংখ্য়াগত পৰিৱৰ্তনগক বুজায়।

২। জনসংখ্যাৰ গুণগত বিকাশ মানে কি?

উত্তৰঃ যিসকল লোক শাৰীৰিক, মানসিকভাৱে সুস্থ, শিক্ষা দীক্ষা আহৰণ কৰি নিজৰ কৰ্মদক্ষতাৰ দ্বাৰা দেশৰ সম্পদৰ বিকাশ সাধন কৰিব পাৰে তাকে জনসংখ্য়াৰ গুণগত বিকাশ বোলে।

৩। জনসংখ্যাৰ বৃদ্ধিয়ে কেনে ধৰণৰ সমস্যা সৃষ্টি কৰে?

উত্তৰঃ জনসংখ্য়া বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্য়া সমূহ হ'ল-

    ১) সম্পদৰ চাহিদা বৃদ্ধি।

    ২) পৰিৱেশৰ অৱক্ষয়।

    ৩) বৰ্ধিত দৰিদ্ৰতা আৰু অৱক্ষয়।

    ৪) স্বাস্থ্য়জনিত সমস্য়া।

    ৫) সম্পদক লৈ সংঘাত।

    ৬) সামাজিক সমস্য়া।

৪।  জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত যিধৰণে জনসংখ্য়া সিঁচৰিত হৈ আছে তাকে জনসংখ্য়াৰ বিতৰণ বুলি জনা যায় ।

৫।জনসংখ্যাৰ বিতৰণৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ কি কি?

উত্তৰঃ জনসংখ্য়া বিতৰণৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ হ'ল-

    ১) প্ৰাকৃতিক কাৰক 

    ২) অৰ্থনৈতিক কাৰক

    ৩) সামাজিক-সাংস্কৃতিক কাৰক।

৬। ঘনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যাবোৰ কি কি? সেই সমস্যাবোৰ দূৰ কৰাৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰি?

উত্তৰঃ ঘন বসতিৰ বাবে উদ্ভৱ হোৱা সমস্য়া বোৰ তলত উল্লেখ কৰা হ'ল-

১) মাটিৰ পৰিমাণ কমি আহে। যাৰ ফলত কম পৰিমাণ কমি আহে। যাৰ ফলত কম পৰিমাণৰ মাটিতে বাসস্থান সাজি অতি ঠেক পৰিৱেশত থাকিবলগীয়া হয়।

২) বিশুদ্ধ বায়ুৰ অভাৱ।

৩) পৰিৱেশৰ ভাৰসাম্য়তাৰ অৱনটি ঘটা দেখা যায়।

৪) মুকলি ঠাইৰ অভাৱ হয়।

এই সমস্য়াসমূহ দূৰ কৰিবৰ বাবে ল'বলগীয়া ব্য়ৱস্থাসমূহ তলত উল্লেখ কৰা হ'ল-

১) শিক্ষা,স্বাস্থ্য় কৰ্ম সংস্থাপনৰ সুবিধা থকা ঠাইত বসতি ঘন হয়। সেয়ে চৰকাৰে এই সুবিধাসমূহ বিকেন্দীকৰণ কৰিলে জনসাধাৰণো কেন্দ্ৰীভূত নহৈ বিভিন্ন ঠাইত বসবাস কৰিব আৰু বসতি পাতল হ'ব।

২) জনসাধাৰণে কেৱল নিজৰ অধিকাৰ দাবী কৰি চৰকাৰক ব্য়তি ব্য়স্ত নকৰি নিজৰ কৰ্তব্য় সুচাৰুৰূপে পালন কৰি নিজ এলেকাৰ সমস্য়া মুক্ত কৰিব পাৰে।

৭। জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা?

উত্তৰঃ কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰ মাটিকালিৰ অংশত স্থায়ীভাৱে বসবাস কৰা লোকৰ সংখ্য়াকে জনসংখ্য়াৰ ঘনত্ব বোলে ।

৮। পৃথিৱীৰ অধিক জনসংখ্যাৰ ঘনত্বৰ অঞ্চলকেইটা উল্লেখ কৰা।

উত্তৰঃ পৃথিৱীৰ অধিক জনসংখ্য়াৰ অঞ্চলকেইটা হ'ল- পূৱ এছিয়া, দক্ষিণ-পূৱ এছিয়া, পশ্চিম আৰু মধ্য় ইউৰোপ আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ উত্তৰ-পূৱ উপকূলীয় অঞ্চল।

৯। জন-প্ৰব্ৰজন বুলিলে কি বুজা? জন-প্ৰব্ৰজনৰ প্ৰধান কাৰণবোৰ কি কি?

উত্তৰঃ কৰ্মসূত্ৰে বা অন্য় কাৰণত মানুহে যেতিয়া নিদৰ বাসস্থান এৰি অন্য় ঠাইত বাস কৰিবলৈ যায় তাকে জন প্ৰব্ৰজন বোলে ।

            জনপ্ৰব্ৰজনৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ'ল-

১) সামাজিক কাৰক।

২) কৃষিভূমিৰ প্ৰাচুৰ্য।

৩)উন্নত শিক্ষা আৰু কৰ্ম সংস্থাপনৰ ব্য়ৱস্থা।

৪)সম্পদৰ প্ৰাচুৰ্য।

৫) ধৰ্মীয় কাৰক।

৬) ৰাজনৈতিক কাৰক।

৭) প্ৰাকৃতিক কাৰক।

৮) উদ্য়োগ আৰু নগৰ।

৯) বল প্ৰয়োগ। 

১০। জনসংখ্যাৰ বিস্ফোৰণ মানে কি বুজাই লিখা।

উত্তৰঃ কোনো এখন দেশৰ জনসংখ্য়া অতি উচ্চ হাৰত বৃদ্ধি হোৱা অৱস্থাটোক জনসংখ্য়া বিস্ফোৰণ বুলি কোৱা হয়। 

১১। জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি?

উত্তৰঃ জনসংখ্য়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্য়াবোৰ হ'ল-

১) পৰিৱেশৰ ভাৰসাম্য়তাৰ অৱনতি।

২) খাদ্য়ৰ অভাৱ।

৩) মূল্য়বৃদ্ধি ।

৪) অৰ্থনৈতিক অনগ্ৰসৰতা।

৫) প্ৰাকৃতিক সম্পদৰ ওপৰত অত্য়াধিক হেঁচা।

৬) সংস্থাপনহীনতা।

৭) বাসস্থানৰ অভাৱ।

৮) শিক্ষা আৰু স্বাস্থ্য়ৰ দিশত অভাৱ।

৯) মানৱ সম্পদ উন্নয়নৰ অন্তৰায় আদি।            

১২। মানৱ সম্পদ হ’বলৈ কি কি গুণৰ প্ৰয়োজন?

উত্তৰঃ মানৱ সম্পদ হ'বলৈ প্ৰয়োজন হোৱা গুনসমূহ হ'ল- শাৰীৰিক, মানসিক,বুদ্ধি-বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা, শিক্ষাৰ বৃদ্ধি হোৱা লোক।

১৩। মানৱ সম্পদক কিয় শ্রেষ্ঠ সম্পদ আখ্যা দিয়া হয়?

উত্তৰঃ মানুহেই  হৈছে পৃথিৱীৰ একমাত্ৰ জীৱ যাৰ চিন্তা-শক্তি আছে। চিন্তা শক্তি থকাৰ বাবেই মানুহে ভাল-বেয়াৰ ব্য়ৱধান জানে। শিক্ষা, দীক্ষা গ্ৰহণ কৰি বুদ্ধিবৃত্তিৰ জৰিয়তে কৰ্মদক্ষতা অৰ্জন কৰি উচ্চস্তৰীয় চিন্তা-চৰ্চাৰে কাৰিকৰী কৌশল আয়ত্ব কৰি দেশ, জাতি, মানৱ সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াব পাৰে। এই সমূহ গুণৰ ববে মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ আখ্য়া দিয়া হয়।  

১৪। আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ বাবে কেনে ধৰণৰ ব্যৱস্থা লোৱা হৈছে?

উত্তৰঃ আমাৰ দেশত মানৱ সম্পদ উন্নতিৰ বাবে লোৱা ব্য়ৱস্থা সমূহ হ'ল-

১) খাদ্য় সুৰক্ষা আঁচনি।

২) ইন্দিৰা আৱাস যোজনা।

৩)প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা।

৪) সৰ্বশিক্ষা অভিযান।

৫) ৰাষ্ট্ৰীয় গ্ৰাম্য় স্বাস্থ্য় অভিযান আদি। 

১৫। আমাৰ দেশত মানৱ সম্পদৰ বাহিৰৰ দেশলৈ যোৱা প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ কি বুলি ভাবা?

উত্তৰঃ বৰ্তমান বিশ্বায়নৰ সময়ত গোটেই পৃথিৱীতে মুক্ত বাণিজ্য় সম্ভৱ হৈ উঠিছে। ৰাজনৈতিক, বাণিজ্য়িক গোষ্ঠীবোৰে কাৰিকৰী দিশত পাৰদৰ্শী লোকসকলক নিযুক্তি দি বিশ্বত বাণিজ্য়িক প্ৰসাৰ ঘটাইছে। এনে ধৰণৰ নিযুক্তি লাভৰ বাবে আমাৰ দেশৰ মানৱ সম্পদৰ বাহিৰৰ দেশলৈ যোৱা প্ৰৱণতা বৃদ্ধি পাইছে।

১৬। চমুটোকা লিখা

মানৱ সম্পদ উন্নয়ন, জনসংখ্যাৰ বিস্ফোৰণ

উত্তৰঃ মানৱ সম্পদৰ উন্নয়নঃ- সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক,মানসিক অৰিহণা আগৱঢ়াব পৰা মানুহবোৰে হৈছে দেশৰ মানৱ সম্পদ। মানৱ সম্পদ হ'বলৈ বহুতো গুণৰ প্ৰয়োজন। যেনে- শিক্ষা, সু-স্বাস্থ্য়, উপযুক্ত কৰ্ম সংস্থাপন আদি। মানৱসম্পদত উন্নত দেশ সমূহৰ ভিতৰত পৰা দেশসমূহ হ'ল- আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ফ্ৰান্স, জাৰ্মানী, চীন, ৰাছিয়া, কানাডা আদি।

    আমাৰ দেশ ভাৰতবৰ্ষ হৈছে এখন উন্নয়নশীল দেশ। ভাৰতবৰ্ষক মানৱ সম্পদত চহকী দেশসমূহৰ লগত নিজৰ স্থান এতিয়াও স্থাপন কৰিব পৰা নাই। সেয়েহে ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। সেইবোৰ হ'ল- খাদ্য় সুৰক্ষা আঁচনি, ইন্দিৰা আৱাস যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় গ্ৰাম্য় স্বাস্থ্য় অভিযান আদি।

জনসংখ্য়াৰ বিস্ফোৰণঃ- কোনো এখন দেশৰ জনসংখ্য়া অতি উচ্চ হাৰত বৃদ্ধি হোৱা অৱস্থাটোকে জনসংখ্য়াৰ বিস্ফোৰণ বোলা হয়। ১৯৫০ চনৰ পৰা পৃথিৱীৰ জনসংখ্য়া দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে। ২০০১ চনত ৬১৩ কোটিৰ পৰা ২০০৮ চনত ৬৬৮ কোটিলৈ বৃদ্ধি পাইছে। জনসংখ্য়া ফালৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ প্ৰথম স্থানত আছে। ২০০১ চনত ভাৰতৰ দনসংখ্য়া ১০২ কোটি আছিল ২০০৮ চনত ১১৪ কোটি আৰু ২০১১ চনত বৃদ্ধি হৈ ১২১.১ কোটি হয়গৈ। জনসংখ্য়া বিস্ফোৰণৰ ফলত ভৱিষ্য়তে পৃথিৱীত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে।

১৭। মানুহক কিয় সম্পদ বুলি গণ্য কৰা হয়?

উত্তৰঃ মানুহেই হৈছে পৃথিৱীৰ একমাত্ৰ জীৱ যাৰ চিন্তা-শক্তি আছে। মানুহে ভাল-বেয়া বিচাৰ কৰিব পাৰে। মানুহে শিক্ষা-দীক্ষা গ্ৰহণ কৰি বুদ্ধি-বৃত্তিৰ জৰিয়তে কৰ্মদক্ষতা অৰ্জন কৰি উচ্চস্তৰীয় চিন্তাচৰ্চাৰে কাৰিকৰী কৌশল আয়ত্ব কৰি দেশ, জাতি,মানৱ সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াব পাৰে বাবে মানুহক সম্পদ হিচাপে গণ্য় কৰা হয়।

১৮। জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি কি?

উত্তৰঃ জনসংখ্য়া বৃদ্ধিৰ মূল কাৰণ হ'ল--

১) খাদ্য় সুৰক্ষা আঁচনি।

২) ইন্দিৰা আৱাস যোজনা।

৩)প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা।

৪) সৰ্বশিক্ষা অভিযান।

৫) ৰাষ্ট্ৰীয় গ্ৰাম্য় স্বাস্থ্য় অভিযান আদি। 


২০। শুদ্ধ উত্তৰটো লিখা—

ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি—

১। ৰিক্ষিয় অঞ্চল ২। মেৰু অঞ্চল ৩। পূব এছিয়া ৪। আফ্ৰিকাৰ চাহাৰা মৰুভূমি।

উত্তৰঃ ৩। পূব এছিয়া 

খ) কোনখন মহাদেশৰ জনসংখ্যা সর্বাধিক—

১। ইউৰোপ ২। আফ্রিকা ৩। এছিয়া ৪। অষ্ট্রেলিয়া। 

উত্তৰঃ ৩। এছিয়া

গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল—

১। ২.২৪ কোটি ২। ৩.১২ কোটি ৩। ২.৩৫ কোটি ৪। ২.৮৬ কোটি।

উত্তৰঃ ২। ৩.১২ কোটি 

ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই— 

১। এছিয়া ২। দক্ষিণ আমেৰিকা ৩। কুমেক ৪। ইউৰোপ।

উত্তৰঃ ৩। কুমেক


২১। খালী ঠাই পূৰ কৰা—

ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ বৃদ্ধিক বুজায়__________

উত্তৰঃ সংখ্য়াগত।

খ) পৃথিৱীৰ বেছিভাগ মানুহে_______ গোলার্ধত বসতি কৰে।

উত্তৰঃ উত্তৰ।

গ) প্রতি বর্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যাক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ_______।

উত্তৰঃ ঘনত্ব।

ঘ) ২০১১ চনৰ হিচাপ মতে ভাৰতৰ মুঠ জনসংখ্যা_______

উত্তৰঃ ১২১.১ কোটি।

ঙ) উন্নত দেশসমূহৰ জনবসতি অতি _______।

উত্তৰঃপাতল ।

চ) জনসংখ্যাৰ অভাৱনীয় বৃদ্ধিক _______ বোলা হয়।

উত্তৰঃ জনসংখ্য়াৰ বিস্ফোৰণ।

ছ) জনসংখ্যাৰ বৃদ্ধি মানে ইয়াৰ _______ আৰু বিকাশ মানে ইয়াৰ বিকাশ মানে ইয়াৰ________

উত্তৰঃ  সংখ্য়াগত বৃদ্ধি, গুণগত উৎকৰ্ষ

জ) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিঃমিঃ _______ জন।

উত্তৰঃ ৩৯৮ 



Type by - Ishan Bora

Answered by - Mampi Kakati

Answer type by- Mandira Saha

Check by - Mukesh Borah