Lesson: 1

প্ৰাকৃতিক সম্পদ


১। প্রাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰঃ- যিবোৰ সামগ্ৰী মানুহে বিজ্ঞান প্ৰযুক্তি বা কৌশলৰদ্বাৰা মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ ব্য়ৱহাৰ উপযোগী কৰি তোলে তেনে  সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বোলে।

২। সম্পদৰ দুটা প্রধান বৈশিষ্ট্য কি কি?

উত্তৰঃ- সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য় হ'ল 一

(i) সম্পদৰ কাৰ্যকাৰী গুন থাকিব লাগিব।

(ii) সম্পদৰ উপকাৰীতা গুন থাকিব লাগিব। 

৩। সম্পদৰ শ্ৰেণীবিভাজন কৰা।

উত্তৰঃ- সম্পদ সমূহক প্ৰধানকৈ ৩ টা ভাগত ভাগ কৰিব পাৰি যেনে ―

(i) প্ৰাকৃতিক সম্পদ।

(ii) মানৱসৃষ্ট সম্পদ।

(iii) মানৱ সম্পদ।

৪। ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে?

ত্তৰঃ- বৰ্তমান পৃথিৱীত জনসংখ্য়া দ্ৰুত হাৰত বৃদ্ধিপোৱাৰ লগে লগে মাটিৰ চাহিদাও দ্ৰুত হাৰত বাঢ়িছে। বৰ্ধিত জনসংখ্য়াৰ চাহিদা পূৰণ কৰিবলৈ কৃষিভূমি দখল কৰি ব্য়ৱসায়-বাণিজ্য়, ঘৰ-দুৱাৰ নিৰ্মাণ, উদ্য়োগ আদি স্থাপন কৰিবলৈ লৈছ। আনহাতে খাদ্য়শস্য়ৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ অৰণ্য় ধ্বংস কৰি কৃষিভূমিৰ প্ৰসাৰণ ঘটাইছে। এই সমূহ কাৰণতে ব্য়ৱহাৰযোগ্য় ভূমি সম্পদৰ চাহিদা দিনক দিনে বাঢ়িছে।                                              

৫। ভূমি সম্পদৰ প্ৰধান সমস্যাসমূহ কি কি?

উত্তৰঃ- ভূমি সম্পদৰ প্ৰধান সমস্য়াসমূহ হ'ল ―

(i) ভূমিৰ অৱক্ষয়।

(ii) ভূৃমিস্খলন।

(iii) মাটিৰ ক্ষয়ীভৱন।

(iv) গৰাখহনীয়া।

(v) মৰূকৰণ।

(vi) ভূমি প্ৰদূষণ। 

৬। কি কি কাৰণত ভূমিৰ অৱক্ষয় হয়?

উত্তৰঃ- অপৰিকল্পিত কৃষিকাৰ্য, চৰণীয়া পথাৰৰ অত্য়ধিক ব্য়ৱহাৰ, অৰণ্য় ধবংস,নগৰীকৰণ, ঔদ্য়োগীকৰণ আদিৰ ফলত মাটিৰ অৱক্ষয় হয়। কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ, কীটনাশক আদিৰ অত্য়ধিক প্ৰয়োগে মাটি প্ৰদূষিত আৰু ইটা ভাটা স্থাপনৰ বাবে ভূমিৰ অৱক্ষয় হয়।

৭। ভূমি সংৰক্ষণৰ বাবে কেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰি?

উত্তৰঃ- ১) বৃক্ষৰোপণৰদ্বাৰা মাটিৰ গুণাগুণ বৃদ্ধিৰ উপৰিও মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পাৰি। 

৮। চমুটোকা লিখা —

    ভূমিস্খলন, গৰাখহনীয়া, মৰূকৰণ, ভূমি প্ৰদূষণ।

উত্তৰঃভূমিস্খলনঃ- ভূমিস্খলন হৈছে এক প্ৰকাৰৰ প্ৰাকৃতিক বা সামাজিক সমস্যা। সাধাৰণতে পাহাৰীয়া অঞ্চলত প্ৰাকৃতিক কাৰণতে ভূমিস্খলন হয় যদিও বৰ্তমান মানুহৰ কাৰ্য- কলাপৰ ফলত বেছিকৈ ভূমিস্খলন সংঘটিত হয়। নেৰানেপেৰা  বৰষুণ, ভূমিকম্প আদিৰ ফলত ভূ- খণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বুলি কোৱা হয়। বৰ্তমান সময়ত মানুহে পাহাৰীয়া অঞ্চলত ঘৰ- দুৱাৰ নিৰ্মাণ কৰিবৰ বাবে তাত থকা গছ- গছনি, হাবি আদি কাটি পেলোৱাৰ ফলত বৰ্তমান সমসত ভূমিস্খলন মাত্ৰা অতিকৈ বৃদ্ধি পাইছে।

        গৰাখহনীয়াঃ- নদীৰ ক্ৰিয়াৰ ফলত পাৰৰ মাটি খহি পৰাকে গৰাখহনীয়া বুলি কোৱা হয়। গৰাখহনীয়া হৈছে এক প্ৰকাৰৰ প্ৰাকৃতিক সমস্যা। কিন্তু বৰ্তমান সময়ত মানুহৰ কাৰ্য- কলাপৰ ফলতো গৰাখহনীয়া হয়। বানপানীৰ পাছত গৰাখহনীয়াৰ মাত্ৰা অখিল বৃদ্ধি পায় । অসমত প্ৰতি বছৰে বাৰিষাৰ দিনত গৰাখহনীয়াৰ ফলত বহুতো গাওঁ খেতি- পথাৰ, ঘৰ- দুৱাৰ, গৰু- ছাগলী আদি নদীৰ বুকুৰ জাহ যায়।

        মৰূকৰণঃ- মৰুভূমিৰ সদৃশ প্ৰসাৰণকে মৰূকৰণ বুলিব পাৰি। কম পৰিমাণে বৰষুণ হােৱা আৰু অধিক মাত্রাত বাষ্পীভৱন হােৱা পৃথিৱীৰ যিবিলাক অঞ্চলত উদ্ভিদ , মানুহ আৰু অন্যান্য প্রাণীৰ জীৱন ধাৰণ কষ্টকৰ তেনে অঞ্চলসমূহকে মৰুভূমি বুলি জনা যায়। পৃথিৱীৰ ভূভাগৰ প্রায় ২০ শতাংশ মাটিকালি মৰুভূমি অঞ্চলসমূহে আগুৰি আছে। মৰুভূমিৰ আশে – পাশে থকা এলেকা বোৰলৈ মৰূসদৃশ অৱস্থাৰ সম্প্ৰসাৰণ ঘটাকে মৰূকৰণ হিচাপ সংজ্ঞাৱদ্ধ কৰা হয়।

         ভূমি প্ৰদূষণঃ- ভূমি অৰ্থাৎ মাটি। ভূমি প্ৰদূষণ মানে হৈছে মাটি প্ৰদূষণ। ভূমি প্ৰদূষণ প্ৰাকৃতিক আৰু মানৱসৃষ্ট এই দুয়োটা কাৰণতে হয়। ভূমি প্ৰদূষণৰ প্ৰধান কাৰণসমূহ হল বিভিন্ন ধৰণৰ কলকাৰখানা উদ্যােগ বাসগৃহ, কৃত্ৰিম কৃষি পদ্ধতি আদি। উদ্যোগ- সমূহৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা, বাসস্থানৰ পৰা পেলোৱা আৱৰ্জনা, কৃষিকাৰ্যত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ, খনন কাৰ্যৰ সময়ত বৰ্জনীয় পদাৰ্থ, প্লাষ্টিক আদি মাটিত মিহলি হৈ মাটি প্ৰদূষণ হয়। মাটি প্ৰদূষণ হলে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পোৱাৰ লগতে মাটিৰ স্বাভাৱিক গুণাগুণো লোপ পায়।   

৯। পৃথিৱীত ব্যৱহাৰযোগ্য নির্মল পানীৰ অভাৱ হোৱাৰ কাৰণ কি?

উত্তৰঃ- পৃথিৱীত জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পানীৰ প্ৰয়োজনো দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যাৰ অনুপাতে পৃথিৱীত পানীৰ যোগান বঢ়া নাই। কিয়নো পৃথিৱীত ৭০ শতাংশ পানীৰে আৱৰি আছে যদিও নিৰ্মল ব্যৱহাৰে যোগ্য পানীৰ পৰিমাণ হৈছে মাত্ৰ ২.৫ শতাংশ।

        সেইবাবে পৃথিৱীত ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হৈছে।

১০। পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ কি কি?

উত্তৰঃ- পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ হল 一 

(i) নদীৰ, বিলৰ পানীত গা- ধোৱা, কোপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা, গৰু- মহৰ গা- ধোৱাৰ ফলত পানী প্ৰদূষিত হয়।

(ii) কল- কাৰখানাসমূহৰ পৰা নিৰ্গত হোৱা লেতেৰা আৰু বিষাক্ত ৰাসায়নিক পদাৰ্খসমূহ নদী, বিল, পুখুৰী, সাগৰ- মহাসাগৰত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়।

(iii) আৱাৰ্জনা, মৰাশ আদি পানীত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়।

১১। পানী প্ৰদূষণ ৰোধ কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'ব পাৰি?

উত্তৰঃ- পানী প্ৰদূষণ ৰোধ কৰিবৰ বাবে লব পাৰা ব্যৱস্থাসমূহ হল 一

(i) আৱৰ্জনা মৰাশ আদি পানীত পেলোৱা বন্ধ কৰা।

(ii) কল- কাৰখানাৰ পৰা নিৰ্গত হোৱা লেতেৰা আৰু বিষাক্ত ৰাসায়নিক  পদাৰ্থসমূহ নদী, বিল, সাগৰ-মহগসাগৰৰ পানীত নেপেলায় অন্য ঠাইত পেলোৱাৰ ব্যৱস্থা কৰা।

(iii) নদী, পুখুৰী, বিল, নলা- নৰ্দমা, সাগৰ- মহাসাগৰ আদিত জাৱৰ-জোথৰ পেলোৱা বন্ধ কৰা।

১২। পানী সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা হাতত ল’ব পাৰি?

উত্তৰঃ- পানী সংৰক্ষণৰ বাবে হাতত লব পৰা ব্যৱস্থাসমূহ হল 一

(i) পানী প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা লব লাগিব।

(ii) পাহাৰীয়া অঞ্চলত বেদিকা কৃষিৰ জড়িয়তে পাহাৰৰ ঢালত পানী সংৰক্ষণ কৰিব পাৰি।

(iii) কৃষিক্ষেত্ৰেত জলসিঞ্চন ব্যৱস্থা এনেদৰে কৰিব লাগে যাতে পানীৰ অপচয় নহয়। 

(iv) খৰাং অঞ্চলত দ নলীনাদৰ দ্বাৰা জলসিঞ্চন ব্যৱস্থা কৰিব লাগে যাতে বাস্পীভৱনৰ যোগেদি পানীৰ অপচয় নহয়।

(v) পানীৰ পুনৰ চক্ৰায়নৰ যোগেদি পানীৰ সংৰক্ষণ কৰিব পাৰি।

১৩। বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰঃ- জনসংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যা যিমানে বৃদ্ধি পাবলৈ ধৰিছে সিমানেই মানুহৰ থকা ঠাইৰ অভাৱ হবলৈ ধৰিছে। যাৰ বাবে মানুহে হাবি-বন কাটি সেই ঠাইত নিজৰ বাসস্থান সাজিছে। কেৱল ঘৰ- দুৱাৰ বনাৱৰ বাবেই নহয় বিভিন্ন ধৰণৰ উদ্যোগ- প্ৰতিষ্ঠান, কল-কাৰখানা, দোকান- বজাৰ আদি বনাৱৰ বাবেও হাবি- বন, উদ্ভিদ আদি ধ্বংস কৰিছে। এনে কৰাৰৰ ফলত বৰ্তমান সময়ত উদ্ভিদৰ পৰিমাণ হ্ৰাস পাইছে যাৰ ফলত বৰষুণ কমিছে। বৰষুণৰ পৰিমাণ কমাৰ ফলত ঠায়ে ঠায়ে খৰাং বতৰৰ সৃষ্টি হৈছে। যাৰ ফলত গোলকীয় উওাপ বৃদ্ধি পাবলৈ ধৰিছে। যদি এই হাৰতে উওাপ বৃদ্ধি পায় ঠাকে তেনেহলে পৃথিৱীৰ দুয়ো মেৰুত থকা বৰফ গলি সাগৰ পৃষ্ঠৰ উচ্চতা পাব। যাৰ ফলত কেইবছৰ- মানৰ পাছত পৃথিৱী পানীৰ তলত বুৰ যাব।

        এনে নহবৰ বাবে আমি বনজ সম্পদ সংৰক্ষণ কৰিব লাগে।

১৪। বনজ সম্পদ সংৰক্ষণ কৰিবলৈ কি কি ব্যৱস্থা ল'ব পাৰি?

উত্তৰঃ- বনজ সম্পদ সংৰক্ষণ কৰিবৰ বাবে লব পৰা ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হল 一

(i) বিভিন্ন উদ্ভিদ আৰু প্ৰাণী ভঁৰালস্বৰূপ বিল জলাহভূমিবিলাক ৰক্ষণাৱেক্ষণৰ ব্যৱস্থা লোৱা উচিত। 

(ii) সামাজিক বননীকৰণৰ যোগেদি গছ- গছনি নথকা অঞ্চলত বিশেষকৈ ৰাস্তাৰ কাষে কাষে, নদীৰ পাকত, পতিত মাটিত গছ-গছনি ৰোপন ব্যৱস্থা যোগেদি বনজ সম্পদ সংৰক্ষণ কৰিব পাৰি। 

(iii) বিশেষকৈ দৰিদ্ৰতা দূৰীকৰণৰ জৰিয়তেও বনজ সম্পদৰ ধ্বংস কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি।

(iv) আইন প্ৰণয়ন কৰি বন ধ্বংস আৰু বন্য- প্ৰাণীৰ হত্যা বন্ধ কৰা।

১৫। শক্তি সম্পদ মানে কি?

উত্তৰঃ- কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, বতাহ, সৌৰশক্তি, জৈৱ গেছ আদিবোৰেই হল শক্তি সম্পদ।

১৬। জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি?

উত্তৰঃ- জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নাথাকে কাৰণ এই ইন্ধনসমূহ হৈছে অনৱীকৰণযোগ্য সম্পদ। যিবোৰ এবাৰ খৰচ হোৱাৰ পাছত সেই নাইকিয়া হৈ যোৱা ঠাই পূৰণ কৰিব পৰা ক্ষমতা জীৱাশ্ম ইন্ধনৰ নাই। সেইবাবে জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নাথাকে।

১৭। পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তি সম্পদ কি বুজা?

উত্তৰঃ- যিবোৰ শক্তি সম্পদ অতীজৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে তাক পৰম্পৰাগত শক্তি সম্পদ বোলা হয়।

             যিবোৰ সম্পদ অতীজৰ পৰা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা হোৱা নাই তাক অপৰম্পৰাগত শক্তি সম্পদ বোলা হয়।

১৮। শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূর্ণ?

উত্তৰঃ- পৰম্পৰাগত সম্পদসমূহ অত্যাধিক হাৰত ব্যৱহাৰ কৰাৰ ফলত এই সম্পদ বিধৰ নাটনি হোৱা দেখা গৈছে। এই নাটনি দূৰ কৰিবৰ বাবে মানুহ অপৰম্পৰাগত শক্তি সম্পদৰ সন্ধান কৰিছে আৰু নতুন নতুন উৎসৰ পৰা শক্তি আহৰণ কৰি নতুন নতুন কৌশল- প্ৰয়োগ কৰি ব্য়ৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। যদি বৰ্তমানৰ হাৰত জীৱাশ্ম ইন্ধন বা পৰম্পৰাগত শক্তিৰ ব্য়ৱহাৰ কৰি থকা হয়  তেনেহলে অতি সোনকালে জীৱাশ্মসম্পদ পৃথিৱীৰ পৰা নিঃশেষ হৈ যাব। ইয়াৰ উপৰিও জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ, পৰিৱেশ প্ৰদূষণ হয়। সেয়ে এইবোৰ সমস্য়া ৰোধ কৰিবৰ বাবে মানুহে পৰম্পৰাগত শক্তিৰ পৰিৱৰ্তে অপৰম্পৰাগত শক্তি ব্য়ৱহাৰ কৰাটো অতি প্ৰয়োজন।

১৯। শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰঃ- পৃথিৱীৰ প্ৰায় সকলো ঠাইতে শক্তি সম্পদ বিয়পি আছে। কিন্তু এই সম্পদবোৰ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদি কাৰকবোৰ জড়িত হৈ আছে। এইবোৰ সম্পদ যি হাৰত বৰ্তমানৰ প্ৰব্ৰন্মই ব্য়ৱহাৰ কৰিবলৈ ধৰিছে, যদিহে এই হাৰত শক্তি সম্পদ ব্যৱহাৰ কৰি থকা হয় তেনেহলে ভৱিষ্য়ত প্ৰজন্মলৈ এই সম্পদ নাথাকিব। কাৰণ শক্তিসম্পদসমূহ হৈছে অনবীকৰণযোগ্য সম্পদ। সেইবাবে শক্তি সম্পদসমূহ ব্য়ৱহাৰৰ ক্ষেত্ৰত মিতব্য়য়ী হব লাগে আৰু সংৰক্ষণ কৰিব লাগে।

২০। পার্থক্য লিখা —

ক) নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ।

উত্তৰঃ- নৱীকৰণযোগ্য় সম্পদ আৰু অনবীকৰণযোগ্য় সম্পদৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হল- 

(i) যিবোৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ বুকুৰ পৰা পুনৰুদ্ধাৰ কৰা সম্ভৱ সেইবোৰক নবীকৰণযোগ্য় সম্পদ বোলে।

                        আনহাতে, যিবোৰ প্ৰাকৃতিক সম্পদ ব্য়ৱহাৰৰ পাছত প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব নোৱাৰে নাইবা অতি মন্থৰ গতিত সৃষ্টি হয় সেইবোৰক অনবীকৰণযোগ্য় সম্পদ বোলে।

(ii) নৱীকৰণযোগ্য় সম্পদসমূহ হল উদ্ভিদ প্ৰাণী, সোণ, ৰূপ আদি।

                          আনহাতে, অৱীকৰণযোগ্য সম্পদসমূহ হল জীৱাশ্ম ইন্ধন।

খ) পৰম্পৰাগত শক্তি সম্পদ আৰু অপৰম্পৰাগত শক্তি সম্পদ।

উত্তৰঃপৰম্পৰাগত শক্তি সম্পদ আৰু অপৰম্পৰাগত শক্তি সম্পদৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হল-

(i) যিবোৰ শক্তি সম্পদ অতীজৰে পৰা ব্য়ৱহাৰ কৰি অহা হৈছে তাকে পৰম্পৰাগত শক্তি সম্পদ বোলা হয়।

                           আনহাতে, যিবোৰ সম্পদ অতীজৰ পৰা পৰম্পৰাগতভাৱে ব্য়ৱহাৰ কৰা হোৱা নাই তাকে অপৰম্পৰাগত শক্তি সম্পদ বোলা হয়।

(ii) পৰম্পৰাগত শক্তিসমূহ হৈছে অনৱীকৰণযোগ্য় সম্পদ।

                   আনহাতে, অপৰম্পৰাগত শক্তি হৈছে নৱীকৰণযোগ্য সম্পদ।

(iii) পৰম্পৰাগত শক্তি সম্পদসমূহ হল কয়লা পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি।

                        আনহাতে, অপৰম্পৰাগত শক্তি সম্পদসমূহ হল বতাহ শক্তি, জোৱাৰ শক্তি, জৈৱ গেছ, সৌৰ শক্তি আদি।

২১। চমুটোকা লিখা —

    জীৱাশ্ম ইন্ধন, সৌৰশক্তি, পাৰমাণৱিক শক্তি, জোৱাৰ শক্তি, জৈৱ গেছ।

উত্তৰঃ-জীৱাশ্ম ইন্ধনঃ- জীৱাশ্ম ইন্ধনসমূহ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্য়ক্ষ বা পৰোক্ষভাৱে জড়িত। জীৱাশ্ম ইন্ধনসমূহ হল কয়লা, পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি। জীৱাশ্ম ইন্ধনসমূহৰ ব্ৰাপক ব্য়ৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি যাব ধৰিছে। সেয়েহে আমি এই ইন্ধনসমূহ ব্য়ৱহাৰ কৰোতে মিতব্য়য়ী হব লাগে। এইসমূহ সম্পদ ভৱিষ্য়ৎ প্ৰজন্মলৈ বচায় থোৱাতো আমাৰ কৰ্তব্য় আৰু দায়িত্ব। 

২২। কোনো এখন ঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা?

উত্তৰঃ-

২৩। বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।

উত্তৰঃ-

২৪। কি কি প্ৰক্ৰিয়াৰে পানী উৎসসমূহত জমা হয়? 

উত্তৰঃ-

২৫। বনজ সম্পদক কি কি কাৰকে ক্ষতি কৰে?

উত্তৰঃ-

২৬। বতাহ শক্তি কি?

উত্তৰঃ-

২৭। সৌৰশক্তি ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাবোৰ কি কি?

উত্তৰঃ-

২৮। পেট্র'লিয়াম কি? ইয়াক কিয় পনীয়া সোণ বুলি কোৱা হয়?

উত্তৰঃ-

২৯। জোৱাৰ শক্তিৰপৰা কেনেদৰে বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি? 

উত্তৰঃ-

৩০। খালী ঠাই পূৰ কৰা —

ক) মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবোৰ উপাদানকেই_________।

উত্তৰঃ-

খ) পৃথিৱীৰ উপৰিভাগৰ _________শতাংশ হৈছে ভূমি। 

উত্তৰঃ-

গ) নদীৰ ক্ৰিয়াৰ বাবে পাৰৰ মাটি খহি পৰাকে _________বোলে।

উত্তৰঃ

ঘ) পানী এবিধ_________ অজৈৱিক সম্পদ।

উত্তৰঃ-

ঙ) আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ_________।

উত্তৰঃ-

চ) চিৰসেউজীয়া ক্রান্তীয় অৰণ্যসমূহক _________ বুলিও কোৱা হয়।

উত্তৰঃ-

ছ) সৌৰকোষৰ জৰিয়তে_________ উৎপন্ন কৰা হয়।

উত্তৰঃ-

৩১। আমি কি কি উপায়েৰে পানী সংৰক্ষণ কৰিব পাৰোঁ।

উত্তৰঃ-


Type by- Ishan Bora