Lesson: 15
সম্ৰাজ্যবাদ আৰু অসম
১। উত্তৰ লিখা
ক) কোনজন স্বৰ্গদেউৰ দিনত প্রথম মোৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল?
উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত ।
খ) কোন চনত কেপ্টেইন ৱেলছ অসমলৈ আহিছিল?
উত্তৰঃ ১৭৯২ চনত ।
গ) কেপ্টেইন ৱেলছ অসমলৈ অহাৰ সময়ত বংগৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰঃ লর্ড কর্ণৱালিছ ।
ঘ) কোনখন ঠাইত মান আৰু আহোমৰ মাজত শেষ যুদ্ধখন হৈছিল?
উত্তৰঃযােৰহাটৰ ওচৰৰ মহগড় নামে ঠাইত ।
ঙ) কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ১৮২৬ চনত ।
২। খালী ঠাই পূৰণ কৰা
ক) ________চনত প্ৰথম মোৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল।
উত্তৰঃ ১৭৬৯ ।
খ) লক্ষ্মী সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ________আহোম সিংহাসনত বহে।
উত্তৰঃ গৌৰীনাথ সিংহ ।
গ) কৃষ্ণনাৰায়ণ দৰঙত আহোমৰ________ ৰজা আছিল।
উত্তৰঃ কৰতলীয়া ।
ঘ)________ চনত মানৰ প্ৰথম আক্রমণ হয়।
উত্তৰঃ ১৮১৭ ।
ঙ) ইয়াণ্ডাবু সন্ধি ইংৰাজ আৰু________ মাজত হৈছিল।
উত্তৰঃ মানৰ ।
৩। শুদ্ধ উত্তৰ বাছি উলিওৱা—
ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা বৈষ্ণৱপন্থী/শাক্তপন্থী আছিল।
উত্তৰঃশাক্তপন্থী
খ) কেপ্টেইন ৱেলছে বাণিজ্যিক চুক্তি কৰিছিল লক্ষ্মী সিংহ/গৌৰীনাথ সিংহৰ লগত।
উত্তৰঃ গৌৰীনাথ সিংহৰ লগত
(গ) মানসকলক অসমলৈ আনিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা/বদন চন্দ্ৰ বৰফুকন/পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে।
উত্তৰঃবদন চন্দ্ৰ বৰফুকন
ঘ) মানৰ প্ৰথম আক্ৰমণৰ সময়ত মানসকলৰ ৰজা আছিল বদোপায়া/আলুমিংগি/বাগীদোৱা।
উত্তৰঃবদোপায়া
ঙ) ইয়াণ্ডাবু সন্ধি হৈছিল মান আৰু আহোম/আহোম আৰু ইংৰাজ/মান আৰু ইংৰাজৰ মাজত।
উত্তৰঃ মান আৰু আহোম
৪। চমুটোকা লিখা—
ক) কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাঃ
উত্তৰ: কীৰ্ত্তিচন্দ্ৰ বৰুৱা পূর্বে এজন সাধাৰণ প্ৰজা আছিল। এওঁৰ নাম আছিল গেন্ধেলা। প্রমত্ত সিংহই এওঁক বৰ বৰুৱা পদত নিযুক্তি দিয়াৰ পিছত এওঁ ক্রমান্বয়ে ক্ষমতাশালী হৈ উঠে। ডফলা, মিকিৰ কছাৰী আদি বিদ্রোহী সকলক দমন কৰি এওঁ ৰজাৰ অধিক প্রিয় পাত্ৰ হৈছিল। মণিপুৰৰ পৰা মান খেদিবলৈ গৈ সগৌৰৱে বটা বাহন আৰু ৰজালৈ মণিপুৰী ৰাজকন্যা লৈ উভতি আহিব পৰাৰ বাবে ৰাজেশ্বৰ সিংহই এওঁৰ নাম ৰাখিছিল কীর্ত্তিচন্দ্র। পিছলৈ কীর্ত্তিচন্দ্র ইমান ক্ষমতাশালী হৈছিল যে প্রধান তিনিজনা গোঁহাইকো উলাই কৰিবলৈ দ্বিধাবোধ নকৰিছিল। ৰজায়ো ৰাজ শাসনৰ ভাৰ তেওঁৰ ওপৰতে এৰি দিছিল। কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ শাক্ত পন্থী লোক আছিল আৰু সুবিধা পালেই বৈষ্ণৱ মহন্ত সকলক অপমান কৰিছিল। ফলস্বৰূপে মোৱামৰীয়া বিদ্ৰোহৰ বীজ অঙ্কুৰিত হৈছিল।
(খ) পূর্ণানন্দ বুঢ়াগোহাঁই:
উত্তৰঃ ঘনশ্যাম বুঢ়া গোহাঁইৰ মৃতুৰ পিছত পূর্ণানন্দ নামৰ এজন অতি বিচক্ষণ আৰু ৰাজনীতিজ্ঞ পুৰুষক বুঢ়া গোহাঁই পতা হৈছিল। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক চন্দ্ৰকান্ত সিংহ ৰজা হোৱাৰ সময়ত নিচেই কম বয়সীয়া আছিল বাবে তেওঁৰ হৈ পূর্ণানন্দ বুঢ়াগোহাঁয়ে দেশৰ শাসন কার্য চলাইছিল। সেই সময়ত গুৱাহাটীত বৰফুকন আছিল বদন চন্দ্র। পূর্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্র বৰফুকনৰ মনোমালিন্যৰ ফলত বদনে মান আনে।
(গ) কেপ্তেইন রেলছঃ
উত্তৰঃ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত মোৱামৰীয়া সকলৰ বিদ্ৰোহৰ উপৰিও দৰঙৰ কৰতলীয়া ৰজা কৃষ্ণ নাৰায়ণে বিদ্রোহ ঘোষণা কৰিছিল। গৌৰীনাথ সিংহই উপায় নাপাই বৃটিছৰ ওচৰত সহায় ভিক্ষা কৰিলে। সুযোগৰ অপেক্ষা কৰি থকা বৃটিছে গৌৰীনাথ সিংহৰ আমন্ত্রণ আনন্দ মনেৰে গ্ৰহণ কৰিলে। সেই সময়ৰ বঙ্গৰগৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছে কেপ্তেইন বেলছৰ নেতৃত্বত এদল বৃটিছ সেনা-বাহিনী অসমলৈ পঠালে। ১৭৯২ চনত কেপ্তেইন বেলছ অসমলৈ আহিছিল। ওবেলছে দৰঙী ৰজাক পৰাস্ত কৰি উঠি মোৱামৰীয়াসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু পৰাজিত কৰি ৰংপুৰ নগৰ উদ্ধাৰ কৰি গৌৰীনাথ সিংহক গতাই দিয়ে।গৌৰীনাথ সিংহক পুনৰ সিংহাসনত স্থাপন কৰাৰ আগেয়ে তেওঁৰ লগত ওৱেলছে এটা বাণিজ্যিক চুক্তি কৰি ইংৰাজৰ বাহিৰে কোনো ইউৰোপীয় সদাগৰে ইংৰাজ আৰু অসম চৰকাৰৰ বিনা অনুমতিত অসমত থাকিব নোৱাৰা ব্যৱস্থা কৰে। ফলত বৃটিছে অসমত এটা দৃঢ় খোপনি পুতিলে।
(ঘ) মিঙ্গিমাহাঃ
উত্তৰ: মিঙ্গিমাহা তিলোৱা এগৰাকী মান সকলৰ সেনাপতি আছিল। মানৰ দ্বিতীয়বাৰ অসম আক্ৰমণৰ সেনাপতি আলু মিঙ্গিয়ে আহোম সেনাক পৰাজিত কৰি মিঙ্গিমাহা তিলোৱাৰ অধীনত এদল সৈন্য এৰি নিজে ব্রহ্মদেশলৈ গুছি যায়। মান সকলে চন্দ্ৰকান্ত সিংহক ৰাজ সিংহাসনত বহুৱাই থৈ গৈছিল যদিও প্রকৃততে মান সেনাপতি মিঙ্গিমাহা তিলোৱাইহে আহোম ৰাজ্যৰ হৰ্তা কৰ্ত্তা হৈ পৰিছিল। মিঙ্গিমাহাৰ অধীনত মান সেনাই অসমীয়া লোকৰ ওপৰত অকথ্য নির্যাতন চলাইছিল।
৫। মোৱামৰীয়া বিদ্রোহ কিয় সংঘটিত হ’বলৈ পালে? প্রথম মোৱামৰীয়া বিদ্রোহ সম্পর্কে কি জানা লিখা।
উত্তৰঃ আহােম ৰাজত্ব কালত স্বৰ্গদেউ লক্ষ্মীনাথ সিংহৰ দিনৰ পৰা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনলৈকে যি মােৱামৰীয়া বিদ্রোহ সংঘটিত হ’ল সেয়া এদিন দুদিনতে ঘটা ঘটনা নহয় । আহােম ৰজাসকল প্রধানকৈ শাক্ত ধর্মী আছিল । কিন্তু পঞ্চদশ শতিকাত মহাপুৰুষ শঙ্কৰদেৱৰ নেতৃত্বত চলা একশৰণ মহাপুৰুষীয়া ধর্মত লাখ লাখ লােক শৰণাপন্ন হৈছিল আৰু তেওঁলােকে বৈষ্ণৱ ধৰ্ম পালিছিল । লক্ষ্মী সিংহৰ ৰাজত্বকালত বিদ্রোহ সংঘটিত হলেও বৈষ্ণৱ মহন্তসকলে বহুদিনৰ পৰাই বিভিন্ন কাৰণত ৰজাঘৰীয়া অপমান আৰু নির্যাতন পাই আহিছিল । স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰ ৰজা ফুলেশ্বৰী কুৱৰীয়ে দুর্গা পূজা পাতি বৈষ্ণৱ মহন্তসকলক মাতি আনি জোৰকৈ পূজাৰ নিৰ্মালি আৰু বলিৰ তেজৰ ফোট দিয়াত তেওঁলােকে অপমান বােধ কৰিছিল আৰু সুবিধা পালে ই পােটক তুলিবলৈ ৰৈ আছিল । কীৰ্ত্তিচন্দ্র বৰবৰুৱা নামৰ এজন ঘােৰ শাক্ত পন্থী বিষয়াই সুবিধা পালেই বৈষ্ণৱ মহন্তসকলক অপমান কৰিছিল । এইবােৰ কাৰণতে প্ৰধানকৈ মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল ।
স্বৰ্গদেউ লক্ষ্মীনাথ সিংহৰ ৰাজত্ব কালত ১৭৬৯ চনৰ নবেম্বৰ মাহত প্রথম মােৱামৰীয়া বিদ্রোহ সংঘটিত হয় । এই বিদ্রোহত প্রথমে মােৱামৰীয়া সকলেই জয় লাভ কৰিছিল । কিন্তু পিছলৈ ৰজাঘৰীয়া সেনাৰ হাতত তেওঁলােক পৰাজিত হয়। এই বিদ্ৰোহৰ কিছুদিন পিছতেই লক্ষ্মীনাথ সিংহৰ মৃত্যু হয় ।
৬। কেপ্টেইন ৱেলছক কিয় অসমলৈ পঠোৱা হৈছিল? তেওঁ অহাৰ উদ্দেশ্য সফল হৈছিলনে?
উত্তৰঃ [FOR STUDENTS]
৭। ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ কি আছিল লিখা।
উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ হ’ল—
1. ব্রহ্মদেশৰ বৰবােৰত ইংৰাজে অবাধে বেহা – বেপাৰ কৰাৰ সুযােগ লাভ কৰিব ।
2.মান ৰজাই ইংৰাজ কোম্পানীক যুদ্ধৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰিও আৰাকান , টেনাচৌৰম আৰু য়েহ আদি ঠাই এৰি দিব লাগিব ।
3.এই সন্ধিৰ চৰ্ত অনুসৰি মান ৰজাই অসম আৰু তাৰ অধীনত থকা ৰাজ্যবােৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব লাগিব ।
Check by - Mukesh Borah