Lesson: 14
ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত
ভাৰতত হোৱা সংস্কাৰসমূহ
১। উত্তৰ লিখা :
ক) লর্ড কর্ণবালিছৰ কাৰ্যবিধিখনক কি বোলা হৈছিল?
উত্তৰঃ কর্ণাৱালিছ সংহিতা ।
খ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতীয় লোকক চৰকাৰী চাকৰিত মকৰল আৰু পদোন্নতিৰ ব্যৱস্থা কৰিছিল ?
উত্তৰঃ লর্ড হেষ্টিংছে ।
গ) কাৰ দিনত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন হৈছিল?
উত্তৰঃ লর্ড কর্ণৱালিছৰ দিনত ।
ঘ) কাৰ দিনত সৰ্বপ্ৰথমে মাটিৰ পট্টাৰ ব্যৱস্থা ভাৰতত প্ৰচলিত হৈছিল?
উত্তৰঃ লর্ড হেষ্টিংছৰ দিনত ।
ঙ) চাৰ্লছ উডৰ শিক্ষা সম্পৰ্কীয় প্ৰেৰণ পত্ৰখন কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত গৃহীত হৈছিল?
উত্তৰঃ লর্ড ডেলহাউচীৰ দিনত ।
চ) কোনজন অসমীয়াই ব্ৰিটিছ শাসনৰ আমোলত সংস্কৃত সাহিত্যৰ উৎকৰ্ষ সাধন কৰিছিল।
উত্তৰঃ আনন্দৰাম বৰুৱাই ।
২। 'ক' অংশৰ লগত ‘খ’ অংশ মিলোৱা :
উত্তৰঃ ‘ ক ’ অংশ- ‘ খ ’ অংশ
দয়ানন্দ সৰস্বতী---------------------আর্য সমাজ
ছাৰ ছৈয়দ আহমদখান------------আলিগড় আন্দোলন
গােবিন্দ ৰাণাডে-------------------- প্রার্থনা সমাজ
ৰাজা ৰামমােহ ৰায়----------------ব্রাহ্ম সমাজ
ৰাম কৃষ্ণ পৰমহংস-----------------ৰামকৃষ্ণ মিছ
৩। শুদ্ধ/অশুদ্ধ বিচাৰি উলিওৱা
ক) কোম্পানী চৰকাৰৰ শাসনৰ আৰম্ভণিলৈকে ভাৰতত মহলৱাৰী/ৰায়তৱাৰী ব্যৱস্থাৰ প্ৰচলন আছিল।
উত্তৰঃ শাক্ত পন্থী আছিল ।
খ) সপ্তদশ/অষ্টাদশ শতিকাত ইংলেণ্ডত ঔদ্যোগিক বিপ্লৱে প্ৰসাৰতা লাভ কৰিছিল।
উত্তৰঃ অষ্টাদশ ।
গ) স্বামী বিবেকানন্দ/গোবিন্দ ৰাণাডে/দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ।
উত্তৰঃদয়ানন্দ সৰস্বতীৰ ।
ঘ) ৰাজা ৰামমোহন ৰায়ৰ প্ৰধান সহযোগী আছিল দেবেন্দ্ৰনাথ ঠাকুৰ/ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ/ৰাজসুন্দৰী দেৱী।
উত্তৰঃদেবেন্দ্রনাথ ঠাকুৰ
৪। চমুটোকা লিখা (৫০ টা মান শব্দৰ ভিতৰত) :
ক) ব্রাহ্ম সমাজ
উত্তৰঃ ব্রাহ্মসমাজৰ প্রতিষ্ঠাতা আছিল বঙ্গদেশৰ ৰাজা ৰামমােহন ৰায় । তেওঁ কু – সংস্কাৰ মুক্ত , জাতিভেদ শূন্য ভাৰতীয় সমাজ এখন গঢ়াৰ মানসেৰে ১৮২৮ চনত ব্রাহ্মসভা নামে এটি অনুষ্ঠান গঢ় দিয়ে । সেই অনুষ্ঠানটোৱেই ৰাইজৰ সহযােগত ১৮৩০ চনত ব্রাহ্ম সমাজ নামে খ্যাত হয় । এই সমাজৰ মূল লক্ষ্য আছিল সেই সময়তপ্রচলিত কন্যা শিশু হত্যা , সতীদাহ প্রথাৰ দৰে কু – প্রথাবােৰ সমাজৰ পৰা নাশ কৰা । স্ত্রী শিক্ষা , বিধবা বিবাহৰ ওপৰতাে এই সমাজে গুৰুত্ব প্রদান কৰিছিল ।
খ) আর্য সমাজ
উত্তৰঃ আর্য সমাজৰ প্রতিষ্ঠাতা আছিল স্বামী দয়ানন্দ সৰস্বতী । এওঁ একেশ্বৰ বাদত বিশ্বাসী আৰু মূৰ্ত্তি পুজাৰ বিৰােধী আছিল । ১৮৭৫ খ্রীষ্টাব্দত স্থাপিত হােৱা এই অনুষ্ঠানটিৰ ব্রাহ্ম সমাজৰ আদৰ্শ আৰু নীতিৰ সৈতে মিল আছিল । এই সংগঠনে জাতি ভেদ প্রথা আৰু বাল্যবিবাহৰ বিৰােধিতা কৰিছিল । বিধবা বিবাহ সমর্থন কৰিছিল । দয়ানন্দ সৰস্বতীয়ে অই ধৰ্মৰ মানুহক ‘ শুদ্ধি’ প্ৰথাৰে হিন্দু ধৰ্মলৈ ধর্মান্তকৰণ কৰিছিল ।
গ) প্রার্থনা সমাজ
উত্তৰঃ প্রার্থনা সমাজৰ গুৰি ধৰোঁতা আছিল মহাদেৱ গােবিন্দ ৰাণাড়ে । ১৮৬৭ খ্রীষ্টাব্দত মহাৰাষ্ট্ৰত স্থাপিত এই অনুষ্ঠানটোৱে সমাজ সংস্কাৰত দৃঢ় পদক্ষেপ লৈছিল । এই অনুষ্ঠানৰ সদস্যসকল যথেষ্ট কঠোৰ আছিল আৰু এওঁলােকে সংস্কাৰৰ কাম কাজত ব্রাহ্মসমাজক চেৰ পেলাইছিল । এই অনুষ্ঠানৰ মূল কাৰ্যসূচী আছিল সাধাৰণ শ্ৰেণীৰ মাজত শিক্ষাৰ ধাউতি বঢ়োৱা , অনাথ আশ্রম স্থাপন , জাতি – ভেদ প্রথা নির্মুল কৰণ আৰু অনুন্নত শ্ৰেণীৰ জাতিবােৰৰ সামাজিক আৰু অর্থনৈতিক উন্নতি সাধন কৰা ।
ঘ) আলিগড় আন্দোলন
উত্তৰঃ আলিগড় আন্দোলনৰ গুৰি ধৰােতা আছিল ঘৰ – ছৈয়দ আহমদ খান । এই আন্দোলন প্রধানকৈ মুছলমান সমাজক পাশ্চাত্য শিক্ষাৰে উদ্বুদ্ধ কৰাৰ মানসেৰে আৰম্ভ কৰা হৈছিল । ১৮৫৭ খ্রীষ্টাব্দত মুছলমান ছাত্র – ছাত্রীসকলৰ বাবে “ এংলাে অৰিয়েণ্টেল কলেজ ” নামে এখন মহাবিদ্যালয় ছাৰ ছৈয়দ আহমদ খানৰ নেতৃত্বত গঢ়ি তােলা হৈছিল । ফলস্বৰূপে মুছলমান সমাজতাে সমাজ আৰু ধর্ম সংস্কাৰৰ মনােভাব গঢ়ি উঠিছিল ।
ঙ) লর্ড উইলিয়াম বেণ্টিং
উত্তৰঃ লর্ড উইলিয়াম বেন্টিং ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল । ইংৰাজ সকলে ভাৰতত কেৱল শাসন , শােষণ কৰিয়েই ব্যস্ত থকা নাছিল , তেওঁলােকে সমাজ সংস্কাৰৰ কামতাে মনােনিবেশ কৰিছিল । তেওঁলােকে ভাৰতীয় সকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তুলিব বিচাৰিছিল । ভাৰতত সেই সময়ত প্রচলিত কু – সংস্কাৰবােৰ ভাৰতীয় শিক্ষিত লােকৰ সহায়ত দূৰীণৰ বাবে তেওঁলােকে চেষ্টা কৰিছিল । লর্ড উইলিয়াম বেন্টিঙে ৰাজা ৰামমােহন ৰায়ৰ সহযােগত সতীদাহ প্রথা বন্ধ কৰিবলৈ সক্ষম হৈছিল ।
চ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
ছ) ৰাজহ সংস্কাৰ
উত্তৰঃ উনৈশ শতিকাত ইংৰাজ কোম্পানীৰ ভাৰত শাসনৰ সময়ত বহু ভাৰতীয় লােকে পাশ্চাত্য শিক্ষাৰে শিক্ষিত হােৱাৰ সুযােগ পাইছিল । তাৰ ভিতৰত ঈশ্বৰ চন্দ্র বিদ্যা সাগৰৰ এজন । পাশ্চাত্য শিক্ষাৰে শিক্ষিত আদর্শবান ব্যক্তি ঈশ্বৰ চন্দ্র বিদ্যাসাগৰে ব্যক্তিগত প্রচেষ্টাৰে সমাজৰ কু – আচাৰবােৰ আঁতৰােৱাৰ চেষ্টা কৰিছিল । স্ত্রী – শিক্ষা অবিহনে যে সমাজ সংস্কাৰিত নহয় এই কথা বুজি তেওঁ স্ত্রী শিক্ষাৰ প্ৰচলন আৰু বিধবা বিবাহ প্রচলনত অধিক গুৰুত্ব দিছিল ।
0 Comments