Chapter 10

উৎসৱ আৰু উদ্ যাপন


মনালীৰ নৃত্য

(ক) মানুহবোৰ জাক পাতি ক’লৈ আহিছিল?
উত্তৰ: 
মানুহবোৰ জাক পাতি বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠান চাবলৈ আহিছিল।

(খ) মনালীক নাচিবলৈ কোনে শিকাইছিল?
উত্তৰ: 
মনালীক নাচিবলৈ নবীন খুৰাই শিকাইছিল।

(গ) মনালীয়ে কোনটো গীতত নৃত্য কৰিছিল?
উত্তৰ:
 মনালীয়ে “টিলাই টিলাই ঘূৰি ফুৰে...” গীতটোত নৃত্য কৰিছিল।

(ক) মনালীহঁতৰ গাঁৱত কি দিৱস পাতিছিল?
উত্তৰ:
 মনালীহঁতৰ গাঁৱত বিষ্ণু ৰাভা দিৱস পাতিছিল।

(খ) নবীন খুৰাই মনালীক কি শিকাইছিল?
উত্তৰ: 
নবীন খুৰাই মনালীক ৰাভাদেৱৰ গীতত নৃত্য শিকাইছিল।

(গ) মনালীৰ কেতিয়া সাহস ঘূৰি আহিল?
উত্তৰ: 
মনালীয়ে নবীন খুৰাক মঞ্চৰ আগত নাচিবলৈ দেখা পাইতেই তাইৰ সাহস ঘূৰি আহিল।

(১) মনালীয়ে প্ৰথমবাৰৰ বাবে কি কৰিবলৈ ভাবিলে?
উত্তৰ: মনালীয়ে প্ৰথমবাৰৰ বাবে এটা নৃত্য পৰিৱেশন কৰিবলৈ ভাবিলে।

(২) মনালীৰ নৃত্য শিকাৰ ব্যৱস্থা কোনে কৰিলে?
উত্তৰ: মনালীৰ মায়ে নবীন খুৰাৰ ওচৰলৈ লৈ গৈ নাচ শিকাৰ ব্যৱস্থা কৰিলে।

(৩) বিষ্ণু ৰাভা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: বিষ্ণু ৰাভা দিৱস প্ৰতিবছৰে ২০ জুন তাৰিখে পালন কৰা হয়।

(৪) মনালী নাচি থাকোতে হঠাৎ কিয় ৰৈ গ'ল?
উত্তৰ: মনালী নাচি থাকোতে হঠাৎ নাচৰ ভংগিমা পাহৰি গ'ল আৰু লাজে-ভয়ে ৰৈ গ'ল।

(৫) নবীন খুৰাৰ কি সহায়ত মনালীৰ সাহস ঘূৰি আহিল?
উত্তৰ: নবীন খুৰাই গীতৰ তালে-তালে নাচি মনালীক সাহস দিলে, আৰু মনালীয়ে পুনৰ নাচ কৰিবলৈ সক্ষম হ'ল।

(৬) গাঁৱৰ ৰাইজে মনালীৰ নৃত্য কেনেকৈ গ্ৰহণ কৰিলে?
উত্তৰ: গাঁৱৰ ৰাইজে মনালীৰ লগতে নবীন খুৰাৰ নৃত্যো উপভোগ কৰিলে আৰু জাউবিয়ে জাউৰিয়ে হাত-চাপৰি বজালে।


আমাৰ ৰবীন মামা

ক) গাঁৱৰ সংঘটোত কোনে চিত্রপ্রদর্শনী পাতিছিল?
উত্তৰ: গাঁৱৰ সংঘটোত চিত্রপ্ৰদর্শনী রবীন মামাই পাতিছিল।

খ) তোমালোকৰ গাঁৱত সংঘ আছেনে?
উত্তৰ: হয়, আমাৰ গাঁৱতো এটা সংঘ আছে।

গ) সংঘত তোমালোকে কি কি কথা?
উত্তৰ: সংঘত আমি খেল-ধেমালি কৰো, পাঠ্যক্ৰমিক অনুষ্ঠান পাতো আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী উদযাপন কৰো।

ঘ) মামাই সংঘটো কেনেকৈ সজাইছিল?
উত্তৰ: মামাই সংঘৰ পদুলিমুখত কলপুলি পুতি বঙীন কাগজৰ মালা লগাইছিল।

ঙ) মামাই তেওঁলোকক ইংগিতেবে কি কৈছিল?
উত্তৰ: মামাই ইংগিতে তেওঁলোকক ছবিবোৰ সাৱধানে খুলি বেৰত আঁৰিবলৈ কৈছিল।


অতিৰিক্ত প্ৰশ্ন উত্তৰ

প্ৰশ্ন ১: ৰবীন মামা কোন?
উত্তৰ: ৰবীন মামা এজন বঁটাপ্রাপ্ত শিল্পী। তেওঁ গাঁৱৰ সংঘটোত এখন চিত্র প্রদর্শনী পাতিছে আৰু গাঁৱত তেওঁৰ এখন চিত্রকলাৰ বিদ্যালয় আছে।

প্ৰশ্ন ২: ৰবীন মামাই কথা ক’ব নোৱাৰে আৰু নুশুনেও — তেন্তে তেওঁ কেনেকৈ শিশুসকলক ছবি আঁকিবলৈ শিকায়?
উত্তৰ: যদিও মামাই কথা ক’ব নোৱাৰে আৰু নুশুনেও, তেওঁ ইংগিতৰে সকলো বুজায় আৰু বৰ যত্নেৰে শিশুসকলক ছবি আঁকিবলৈ শিকায়।

প্ৰশ্ন ৩: শিশুসকলে ৰবীন মামাক কিয় মৰম আৰু শ্রদ্ধা কৰে?
উত্তৰ:
 শিশুসকলক মামাই মৰমেৰে ছবি আঁকিবলৈ শিকায় আৰু তেওঁ বৰ যত্নেৰে শিকাই, সেয়ে শিশুসকলে মামাক মৰম আৰু শ্রদ্ধা কৰে।

প্ৰশ্ন ৪: সংঘটো কেনেকৈ সজোৱা হৈছিল?
উত্তৰ: 
সংঘৰ পদুলিমুখত কলপুলি পুতি বঙীন কাগজৰ মালা লগাই সজোৱা হৈছিল।

প্ৰশ্ন ৫: মামাৰ পুৰস্কাৰ পোৱা ছবিসমূহ কোনে আনিছিল আৰু কেনেকৈ সজোৱা হৈছিল?
উত্তৰ: 
প্রদীপ দাদাই ছবিসমূহ গাড়ীত তুলি সংঘলৈ আনিছিল। পিছত আটাইয়ে ছবিবোৰ সাৱধানে খুলি বেৰত টাঙিবলৈ সহায় কৰিছিল। মামাই ইংগিতৰে এই কথা বুজাই দিছিল।








old

----------------------------------------------------


পাঠ-১০

বেলি  আৰু বতাহ

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer 

১) কওঁ আহা

👉 বেলি আৰু বতাহে গছৰ তলত ৰৈ কি কথা পাতিছিল?

উত্তৰঃ বেলি আৰু বতাহৰ কাৰ কিমান  শক্তিৰ  আছে সেইবিষয়ত কথা পাতিছিল।

👉বেলি আৰু বতাহৰ  কথা-বতৰা শুনি গছজোপাই কি কৈছিল?

উত্তৰঃ বেলি আৰু বতাহৰ কথা শুনি গছজোপাই কৈছিল তোমালোকে এনেদৰে তৰ্ক কৰি লাভ নাই তাতকৈ তোমালোকৰ দুয়ো ভিতৰত  কাৰ বল বেছি জানিবলৈ প্ৰমান চাওঁ আহা।

👉 গছে কি কৰিবলৈ দিছিল?

উত্তৰঃ গছে এটা বাটেৰে আহি থকা মানুহক দেখিলে আৰু কলে তোমালোকৰ ভিতৰত মানুহজনৰ গাৰ পৰা যিজনে এৰী চাদৰখন গোচাব পাৰিবা সিয়ে বলিৱান।

👉নাটিকাখনত বেলি আৰু বতাহৰ মাজত কোন বেছি বলিৱান ?

উত্তৰঃ নাটিকাখনত বেলি আৰু বতাহৰ মাজত বেলি বেছি বলিৱান।

👉 শেষত গছে কি বুলি কলে?

উত্তৰঃ শেষত গছে কৈছিল যে বেলি, তুমি যদিও আজি জিকিলা অন্য় পৰিস্থিতিত বতাহো জিকিব পাৰে। প্ৰকৃততে নিজ নিজ কামত সকলো ডাঙৰ। জীৱৰ জগতত বেলিৰ যিমান প্ৰয়োজন বতাহৰো সিমানে প্ৰয়োজন।

২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা 

উদ্ভিদ     দ্ভ = দ+ ভ     দই  ভই  দ্ভ

দ্ভ        দ  + ভ         দই  ভই          দ্ভ 一 উদ্ভিদ, উদ্ভৱ, সদ্ভাৱ

ম্ভ        ম + ভ           মই  ভই         ম্ভ  一 ৰম্ভা, কুম্ভ, সম্ভৱ

হ্য়        হ + য়            হই  য়ই          হ্য়  一 সহ্য়, অসহ্য়, দাহ্য়

'হ' ৰ  লগত 'য়' যোগ হলে 'হ' উচ্চাৰণ 'জ' ৰ নিচিনা হয়।

৩ যুক্তাক্ষৰ গঠন কৰোঁ আহা 

     দ  + ভ         দই  ভই          দ্ভ 

     ম + ভ           মই  ভই         ম্ভ  

     হ + য়            হই  য়ই          হ্য়  

৪) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা 

ৰক্ত        ক্ত = ক  + ত   কই তই     ক্ত

ক্ত       ক  + ত   কই তই     ক্ত 一 ৰক্ত, ভ্ক্ত , ৰিক্ত।

ক্ৰ      ক  +  ৰ     কই  ৰই     ক্ৰ 一 চক্ৰ, ক্ৰীড়া, ক্ৰিয়া।

৫) যুক্তাক্ষৰ গঠন কৰোঁ আহা 

 ক  + ত       কই      তই     ক্ত

 ক  + ত       কই     তই     ক্ত

৬) কাষৰ পৰা যুক্তাক্ষৰ আনি শব্দ সাজা।

দ্ভ     ক্ত    প্ত                    ৰক্ত         সমাপ্ত       উদ্ভিদ

ন্ত    হ্য়    প্ৰ                     অন্ত        সহ্য়            প্ৰেম

ক্ৰ    ম্ভ    দ্ব                      ক্ৰিয়া       সম্ভৱ        দ্বাদশ

৭)  কাষত থকা শব্দৰে বাক্য় সম্পূৰ্ণ কৰোঁ আহা 

👉 ৰাতিৰ আকাশত ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ ওলাই।                           দিৱাকৰ, পোহৰ, জোন , তাপ

উত্তৰঃ জোন।

👉 বেলিৰ আন এটা নাম  ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ ।

উত্তৰঃ দিৱাকৰ।

👉 বেলিয়ে আমাক  ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ আৰু   ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ দিয়ে।

উত্তৰঃ পোহৰ, তাপ

৮) যুক্তাক্ষৰ ভাঙি লিখা।

দ্ভ          দ + ভ         দই      ভই          দ্ভ 

ম্ভ         ম + ভ           মই      ভই         ম্ভ  

হ্য়         হ + য়           হই      য়ই          হ্য়

ক্ত         ক  + ত         কই     তই        ক্ত 

ক্ৰ        ক  +  ৰ         কই      ৰই         ক্ৰ

৯) তলৰ তালিকাখনৰ পৰা বৰ্ণ আৰু যুক্তাক্ষৰ আনি শব্দ গঠন কৰা

        ঙ্ক                        বে        বা

দ্য়        ঠা                        ন্দ        ল্লা  

          লি       গো       ৰ্য        স্কে      স্তা

  সূ         ৰ        ৰ্ব        ল        প         ণ্ডা

উত্তৰঃ ১) ৰসগোল্লা        ২) সূৰ্য        ৩) ঠাণ্ডা         ৪) স্কেল        ৫) অঙ্ক        ৬) বস্তা          

      ৭) বাবৰ     ৮) বন্দৰ              ৯) অলপ    ১০) বেঠা 

১০) বাক্য় লিখা

ৰাতি 一 ৰাতিৰ আকাশত তৰা বোৰ জিলিকি থাকে।

জোন 一  জোন ৰাতি ওলায়।

বেলি 一  বেলিৰ আন এটা নাম দিৱাকৰ।

তৰা 一  তৰাবোৰ দেখিলে মনটো বৰ ভাল লাগে।

গছ 一  গছে আমাক বায়ু দিয়ে


 

Post ID: DABP001828