পাঠ-১৬

মোগল ৰাজত্ৱ কালত ভাৰতবৰ্ষ

অনুশীলনীঃ


১। উত্তৰ দিয়া —

(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকার্য আৰম্ভ কৰিছিল? 

উত্তৰঃ ১২০৬ খ্ৰীঃ পৰা।

(খ) পাণিপত্ৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

উত্তৰঃ ১৫২৬ খ্ৰীঃত প্ৰথম যুদ্ধ সংঘটিত হৈছিল।

(গ) ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল?

উত্তৰঃ বংগৰ চুবেদাৰ মিৰজোমলাক অসমলৈ পঠিয়াইছিল।

(ঘ) মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল?

উত্তৰঃ মোগল সম্ৰাটসকলৰ হাতত আছিল।

(ঙ) মনচবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ মহামতি আকবৰে মোগল শাসন ব্য়ৱস্থাত এই প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল।

২। শুদ্ধ/অশুদ্ধ নির্ণয় কৰা 

(ক) ভাৰতবৰ্ষত মোগলসকলে ১২০৬ খ্ৰীঃৰপৰা ১৮৫৭ খ্ৰীঃলৈ ৰাজত্ব কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ চুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল।

উত্তৰঃ শুদ্ধ।

(গ) বাবৰৰ ৰাজ্য বংগৰপৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল।

উত্তৰঃ অশুদ্ধ।

(ঘ) মিৰজুলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ।

উত্তৰঃ শুদ্ধ।

(ঙ) মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়।

উত্তৰঃ অশুদ্ধ।

৩। খালি ঠাই পূৰণ কৰা 

(ক) ______ মোগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।

উত্তৰঃ আকবৰ।

(খ) মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল_______নীতি-নির্দেশনা মতে।

উত্তৰঃ কোৰানৰ।

(গ) মোগলসকলে কৰ-কাটলৰ বাবে মাটিক _______ ভাগত ভাগ কৰিছিল৷ 

উত্তৰঃ চাৰি।

(ঘ) _______ খ্ৰীঃত মহামতি ‘আকবৰে' মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।

উত্তৰঃ ১৫৭৭।

(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল________ জন।

উত্তৰঃ ২৯।

৪। চমু উত্তৰ লিখা—

(ক) একত্ৰিত ভাৰতবৰ্ষৰ সপোন আশিংকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্রাট দুজন কোন কোন আছিল?

উত্তৰঃ মহামতি অশোক আৰু আকবৰ।

(খ) ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল?

উত্তৰঃ পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ।

(গ) মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন?

উত্তৰঃ ফৌজদাৰ, দিৱান আৰু ফটোৱাল।

(ঘ) মোগলসকলৰ শাসন কালত মাটিক কেই ভাগত ভাগোৱা হৈছিল আৰু ভাগবোৰ কি কি?

উত্তৰঃ (১) পোলাজ।

            (২) পাৰাউটি।

            (৩) চাচ্চাৰ।

            (৪) বানজাৰ।

(ঙ) মনচবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল?

উত্তৰঃ মনচবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্ৰাটৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। পদমৰ্যাদা অনুসৰি মনচবদাৰসকলৰ পৰিতোষিক হৈছিল বুলি জনা যায়।

(চ) মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল।

উত্তৰঃ মোগল সাম্ৰাজ্য়ত কৰ সংগ্ৰহৰ বাবে চাৰিটা পদ্ধতিৰ প্ৰচলন আছিল। এই চাৰিটা হ'ল- 

(১) দহচাল বা দহবছৰীয়া পদ্ধতি।

(২) জাবটি পদ্ধতি।

(৩) ঘালা বকচী পদ্ধতি।

(৪) নাচাক বা কাণকূট পদ্ধতি।

৫।৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা —

(ক) মোগলসকলৰ বিচাৰ ব্যৱস্থা। 

উত্তৰঃ মোগল ৰাজত্ব কালত বিচাৰ ব্য়ৱস্থা সু-শৃখল নীতি নাছিল। সুকীয়া বিচাৰালয়ো নাছিল। সম্ৰাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ বিচাৰ ব্য়ৱস্থা পৰিচালিত হৈছিল কোৰানৰ নীতি-নিৰ্দেশনাৰমতে। প্ৰদেশবোৰৰ শাসনকৰ্তা চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা আছিল অতি কম। বেছিভাগ ক্ষেত্ৰতে চুবেদাৰসকলে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল। গাওঁ পঞ্চায়ত পৰ্যায়ত পঞ্চায়তে বেছি দিয়া লোকৰ পৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল।

(খ) মনচবদাৰী প্ৰথা।

উত্তৰঃ মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য় ব্য়ৱস্থা হৈছে মনচবদাৰী প্ৰথা। মনচব হ'ল এটা আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হ'ল পদ বা স্থান সেয়ে মনচবদাৰ শব্দটোৰে পদ মৰ্যাদা বা উপাধি বুজোৱা হৈছিল। ইতিহসবিদসকলৰ মতে ১৫৭৭ খ্ৰীঃত মহামতি আকবৰ শাসন ব্য়ৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল। সম্ভৱতঃসামৰিক বাহিনী শক্তিশালী, পৰিকল্পিত আৰু নিয়মানুবৰ্তী কৰাৰ উদ্দেশ্য়ে ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল।


Type- Bhaskar Jyoti Nath


Spelling Check By - Rajashri Bora