অধ্য়ায়-১৭

মোগলযুগঃ সমাজ আৰু সংস্কৃতি 

অনুশীলনী ঃ


১। উত্তৰ দিয়া ─

(ক) চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ ছেৰচাহে চাচাৰামৰ সমাধি নিৰ্মাণ কৰিছিল।

(খ) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্য়ৱহাৰ কৰা হৈছিল ?

উত্তৰঃ আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে ৰঙা শিলৰ গুৰি ব্য়ৱহাৰ কৰিছিল।

(গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত ?

উত্তৰঃ তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত।

(ঘ) ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি ? 

উত্তৰঃ ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ'ল- বেবদন খাঁ।

(ঙ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায় ?

উত্তৰঃ অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায়।

(চ) কি দুটা ভাষাৰ সংমিশ্ৰনত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল ? 

উত্তৰঃ হিন্দুস্থানী আৰু পাৰ্ছী ভাষাৰ সংমিশ্ৰনত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা 

(ক) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে/ আকবৰে/ বাবৰে।

উত্তৰঃ আকবৰে।

(খ) তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে/ শুধ বগা মাৰ্বলেৰে/ ইটা-চিমেণ্টেৰে।

উত্তৰঃ শুধ বগা মাৰ্বলেৰে।

(গ) অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল ৰমানন্দ/ গুৰু নানক/ শংকৰদেৱ।

উত্তৰঃ ৰমানন্দ।

(ঘ) মোগল চিত্ৰশিল্পই চৰম উকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ/ ছাহজাহানৰ/ ঔৰংগজেৱ শাসন কালত।

উত্তৰঃ জাহাংগীৰৰ।

(ঙ) তুৰ্কী ভাষাৰ 'তুজুক-ই-বাবৰী' নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ/ আকবৰ/ হুমায়ুন।

উত্তৰঃ বাবৰ।

৩। খালী ঠাই পূৰ কৰা 

(ক) পণিপতৰ কাবুলবাগ আৰু চম্বলৰ                       বাবৰে নিৰ্মাণ কৰিছিল।

উত্তৰঃ জমা মছজিদ।

(খ)                       ৰ শাসন কালক মোগল স্থাপত্য় শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায়।

উত্তৰঃ ছাহজাহান

(গ) জাহাংগীৰৰ দিনত                       শিল্পৰ চৰম বিকাশ হৈছিল

উত্তৰঃ মোগল চিত্ৰ।

(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম                      

উত্তৰঃ পাৰ্ছী প্ৰকাশ।

(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য় প্ৰৱৰ্তক আছিল                      

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

৪। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা 

(ক) এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্ৰকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল ?

উত্তৰঃ

(খ) মোগলযুগৰ স্থাপত্য়, কলা-সংস্কৃতিলৈ ছাহজাহানৰ অৱদান।

উত্তৰঃ ছাহজাহানে চিত্ৰশিল্পৰ জগতলৈ আগবঢ়োৱা অৱদান নগন্য় তেওঁৰ পুত্ৰ দাৰা এজন চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষক আছিল। দাৰা নিজেও এজন চিত্ৰকৰ আছিল। আজিও ভাৰতীয় সংস্কৃতিত মোগল চিত্ৰকলাই সমাদৰ লাভ কৰে। ছাহজাহানৰ শাসন কালত মোগল স্থাপত্য় শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁ সৌন্দৰ্যৰ সাধক আছিল। ছাহজাহানৰ ৰাজত্বকাল কলা-সংস্কৃতিৰ যোগেদি নদন-বদন হৈ পৰিছিল বাবে এই কালছোৱাক মোগল স্থাপত্য়ৰ 'স্বৰ্ণযুগ' বুলি কোৱা হয়। কিন্তু স্থাপত্য়-ভাস্কৰ্য নিৰ্মাণত মুক্তহস্তে খৰচ কৰি শেষৰফালে তেওঁ সৰ্বস্বান্ত হৈ পৰিছিল। ছাহজাহানে নিৰ্মাণ কৰা তাজমহল তেওঁ পন্তী প্ৰেমৰ তেওঁ অমৰ সাক্ষী। স্থাপত্য়-ভাস্কৰ্য আকবৰে মাৰ্বল ব্য়ৱহাৰৰ সূচনা কৰিছিল।

(গ) আকবৰৰ ধৰ্ম নীতিয়ে মোগলযুগক কেনেদৰে প্ৰভাৱিত কৰিছিল ?

উত্তৰঃ আকবৰে তেওঁ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থা প্ৰাৰ্থনা গৃহ সজাইছিল। আদিতে এই ইবাদতখানাত সমবেত হোৱা গোড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পাছলৈ অন্য় ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। সম্ৰাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলদ্ধি কৰিছিল। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধৰ্মমত উলিয়াইছিল। ইয়াকে আমি দিন-ই-ই লাহী বুলি জানো। প্ৰথম এই ধৰ্মমতৰ নাম আছিল তউহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্য়ৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ই-ইলাহীক প্ৰয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাধীনতা দিয়াতো তেওঁ ধৰ্ম নীতিৰ এক প্ৰধান বৈশিষ্ট আছিল।

(ঘ) মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য় মহিলাৰ নাম লিখা।

উত্তৰঃ মোগলযুগৰ ৰাজ পৰিয়ালৰ মহিলাসকলৰ বহুকেইগৰাকী মহিলাৰ নাম আমি ইতিহাসৰ পাতত পাওঁ। বিশেষকৈ সাহিত্য়ৰ ক্ষেত্ৰত হুমায়ুনৰ ভগ্নী তথা হুমায়ুন-নামাৰ লেখিকা গুলবেদন বেগম উল্লেখযোগ্য়। জাহাংগীৰৰ সম্ৰাজ্ঞী নুৰজাহান বেগম আৰু ছাহজাহানৰ দুই জীয়ৰী জাহানাৰা আৰু ৰৌচনাৰাই ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল বুলি জনা যায়। আনহাতে ছাহজাহানে তেওঁৰ পন্তী মমতাজ মহলৰ নাম তাজমহলৰ ৰূপত অমৰ কৰি থৈ গৈছে। সম্ৰাটসকলৰ হিন্দু পন্তীৰ ভিতৰত যোধাবাই, মানবাই জগত গোঁসাই ইত্য়াদিৰ নাম উল্লেখ পোৱা যায়।

৫। মোগলযুগৰ ভাৰতৰ স্থাপত্য়সমূহ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ



Question Type Janmoni Hazarika 

Spelling Check By - Rajashri Bora