👉MCQ Online Exam Click Here
👉Download Chapter 6 PDF File
👉Click Here YouTube Video
👉Chapter 6 MCQs Answer
👉Paid Answer (Only For Membership User)
অধ্য়ায়-৬
মানৱসৃষ্টি পৰিৱেশ আৰু মানৱ সম্পদ
অনুশীলনী
১। কেৱল উত্তৰ লিখা---
(ক) পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ পৰিৱেশক ঘাইকৈ দুটা ভাগত ভগাব পাৰি।
(খ) মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে ?
উত্তৰঃ মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য় থকা বস্তুবোৰক সম্পদ বোলে।
(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্রণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।
উত্তৰঃ ভাৰত চৰকাৰৰ 'শিক্ষা মন্ত্ৰালয়' য়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।
(ঘ) ভূপ্রকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে ?
উত্তৰঃ ভূপ্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত ভগোৱা হৈছে।
(ঙ) উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বর্তমান কি নামেৰে জনা যায় ?
উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বর্তমান ডিমা হাছাও নামেৰে নাম কৰণ কৰা হৈছে।
২। খালী ঠাই পূৰ কৰা---
(ক) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক _________ সম্পদ বোলে।
উত্তৰঃ মানৱ সম্পদ বোলে।
(খ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ _________ সম্পদ।
উত্তৰঃ শ্ৰেষ্ঠ সম্পদ।
(গ) অসম দক্ষিণ ________ মৌচুমী জলবায়ুৰ গতি পথত অৱস্থিত।
উত্তৰঃ দক্ষিণ-পশ্চিম।
(ঘ) অসমৰ কৃষি উৎপাদিত শস্যক _________ প্রধান ভাগত ভাগ কৰিব পাৰি।
উত্তৰঃ তিনটা।
৩। শুদ্ধ উত্তৰটো বাছি লিখা ------
(ক) মানৱসৃষ্ট পৰিৱেশৰ উপাদান এটা হ’ল গছ-গছনি/বাসগৃহ।
উত্তৰঃ মানৱসৃষ্ট পৰিৱেশৰ উপাদান এটা হ’ল বাসগৃহ।
(খ) জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্যোগ প্রধান / কৃষি প্রধান দেশ।
উত্তৰঃ জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্য়োগ প্ৰধান দেশ।
(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি/ কৃষি।
উত্তৰঃ অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা কৃষি।
(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন/সেৰেঙা।
উত্তৰঃ পাহাৰীয়া অঞ্চলত জনবসতি সেৰেঙা।
(ঙ) কাৰ্বি আংলং/উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা-হাছাও।
উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য় জিলাৰ বৰ্তমান ডিমা-হাছাও।
৪। শুদ্ধ-অশুদ্ধ লিখা--
(ক) মানৱসৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়।
উত্তৰঃ শুদ্ধ।
(খ) প্রাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদান সমূহ সৃষ্টি কৰা হয়।
উত্তৰঃ শুদ্ধ।
(গ) মানৱসৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।
উত্তৰঃ শুদ্ধ।
(ঘ) শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।
উত্তৰঃ শুদ্ধ।
(ঙ) ভূপ্রকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।
৫। চমু উত্তৰ লিখা – (৪০টা মান শব্দৰ ভিতৰত)
(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা।
উত্তৰঃ যিসকল ব্য়ক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰি সমাজৰ বিকাশত অৰিহণা আগবঢ়াবলৈ সক্ষম সেইসকল ব্য়ক্তি মানৱ সম্পদ। মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্য়তাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন-ধাৰণৰ মান উন্নত কৰি তুলিছে। ছপাযন্ত্ৰ কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতা দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁওলৈ পৰ্যবসিত কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। উদাহৰণ হিচাপে, তুলনামূলকভাৱে প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়। কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মানৱ সম্পদ। অন্য দেশৰ পৰা আমদানি কৰা কেচা সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদে জাপানত পৃথিৱীৰ ভিতৰত এখন আগশাৰীৰ উদ্যোগ প্ৰধান আৰু ধনী দেশত পৰিণত কৰিছে।
(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্য়কাৰ সমভূমিৰ প্ৰভাৱ।
উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান। এই দুয়োটা উপত্যকা নদীৰ পলসুৱা মাটিৰে গঠিত আৰু কৃষি-কাৰ্যৰ উপযোগী। ইয়াত মানুহৰ মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিৱহণ উন্নত। ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প-উদ্যেগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যৰ চহৰ, মহানগৰ সমূহো অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱা কাৰণে জনবসতি অতি ঘন।
৬। বহলাই লিখা-- (৮০ টা মান শব্দৰ ভিতৰত)
(ক) মানৱসৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদান সমূহ কি কি ? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা।
উত্তৰঃ মানুহে জ্ঞান বুদ্ধি, কৌশল খটুৱাই প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম-কাজে কোনো এখন ঠাইত যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে আৰু ইয়াৰ উপাদানসমূহ হ’ল- ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা-ব্যৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান।
(খ) কি কি কাৰণত অসমত বানপানী হয় ? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দি দুটা ব্য়ৱস্থাৰ কথা উল্লেখ কৰা।
উত্তৰঃ অসমত বানপানী হোৱাৰ কাৰণ হ’ল –
Type- janmoni Hazarika