👉MCQ Online Exam Click Here
👉Download Chapter 14 PDF File
👉Click Here YouTube Video
👉Chapter 14 MCQs Answer
অধ্য়ায়-১৪
মধ্য়যুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্য়য়নৰ সমলসমূহ
অনুশীলনী ঃ
১) উত্তৰ দিয়া-
ক) সমল বুলিলে কি বুজা ?
উত্তৰঃ আমি সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য় তথ্য়ৰ আহৰণ কৰব পাৰো তাকেই সমল বোলে।
খ) লিখিত সমল মানে কি ?
উত্তৰঃ অধ্য়য়ন কিৰব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য়, আন নথিভূক্ত তথ্য়ক লিখিত সমল বোলে।
গ) তুৰ্কী-আফগানসকল ক'ৰপৰা ভাৰতলৈ আহিছিল ?
উত্তৰঃ মধ্য় এছিয়াৰ পৰা তুৰ্কী-আফগানসকল ভাৰতলৈ আহিছিল।
ঘ) UNESCO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা।
ঙ) ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে ?
উত্তৰঃ ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহেও সমলসমূহৰ ৰক্ষণাবেক্ষণত বিষেশ ভূমিকা পালন কৰি আহিছে।
২। খালী ঠাই পূৰ কৰা-
ক) আবুল ফজলে ________ ৰচনা কৰিছিল।
উত্তৰঃ আইন ই আকবৰী।
খ) ইবন বটুটা ________ দেশৰ পৰিব্ৰাজক আছিল।
উত্তৰঃ মৰক্কোৰ।
গ) প্ৰাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান ________ চহৰত আছে।
উত্তৰঃ হাম্পী
ঘ) ৰংঘৰ _______ জিলাত আছে।
উত্তৰঃ শিৱসাগৰ।
ঙ) ৰূপী নামৰ মুদ্ৰা চুলতান ________ প্ৰচলন কৰিছিল।
উত্তৰঃ ছেৰছাহ।
৩। শুদ্ধনে অশুদ্ধ বিচাৰ কৰা--
ক) জয়পুৰৰ দূৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য প্ৰকাশ নকৰে।
উত্তৰঃ অশুদ্ধ।
খ) গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থৰ ৰচনা কৰিছিল।
উত্তৰঃ অশুদ্ধ।
গ) কানাই বৰশী শিলালিপি মিজোৰামত আছে।
উত্তৰঃ অশুদ্ধ।
ঘ) মুদ্ৰা হ'ল এক প্ৰত্নতাত্বিক সমল।
উত্তৰঃ শুদ্ধ।
ঙ) ৰাইগড় দূৰ্গ মাৰাথসকলৰ ঐতিহাসিক স্মৃতিচিহ্ন।
উত্তৰঃ অশুদ্ধ
৪। পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা--
তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম | মধ্য়যুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্ন | তিনিজন দেশীয় লেখকৰ নাম |
উত্তৰঃ
তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম | মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্ন | তিনিজন দেশীয় লেখকৰ নাম |
মৰক্কোৰ ইবন বটুটা | স্মৃতিসৌধ | জিয়াউদ্দিন বাৰানী |
উজবেকিস্তানৰ আলবেৰুনী | দিল্লীৰ কুটুবক্ষেত্ৰ | আবুল ফজল |
ইউৰোপৰ মাৰ্ক প’ল’ | লোডী গাৰ্ডেন | জাহাংগীৰ |
৫। ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি বিজয়নগৰ, কোচ ৰাজ্য়, আহোম ৰাজ্য় আৰু মাৰাথসকলৰ অৱস্থিতি নিৰ্ণয় কৰা।
উত্তৰঃ FOR STUDENTS
৬) মধ্য়যুগত নিৰ্মিত পাচঁটা বিশ্ব ঐতিহ্য় ক্ষেত্ৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ তাজমহল, আগ্ৰাফ'ৰ্ট, হাম্পীৰ, স্মৃতিচিহ্নসমূহ, ফাটেহপুৰ চিক্ৰি ইত্য়াদি হল উল্লেখনীয় বিশ্ব ঐতিহ্য় ক্ষেত্ৰ।
Q. Type- Janmoni Hazarika