Class 4 Environment
আমি আৰু আমাৰ পৰিৱেশ
চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ কিতাপ খনৰ প্ৰশ্ন আৰু উত্তৰ


বায়ু আৰু আমাৰ চৌপাশ


    👉Text Book PDF 
    👉MCQ Online Exam 
    👉Click Here YouTube Video
    👉MCQ Answer

অনুশীলনী

১। উত্তৰ লিখা –

(ক) বায়ু কি ?

উত্তৰঃবায়ু এবিধ গেছীয় মিশ্ৰ পদাৰ্থ ।


(খ) জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি ?

উত্তৰঃ জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম হ'ল- অক্সিজেন গেছ। 


(গ) উশাহত লোৱা বায়ু কেনে হব লাগে?

উত্তৰঃ উশাহত লোৱা বায়ু নিৰ্মল আৰু স্বচ্চ হ'ব লাগে।        

    

(ঘ) বতাহ কাক বোলে ?

উত্তৰঃ চলাচল কৰা বায়ুকে  বতাহ বোলে।


২। খালী ঠাই পূৰ কৰা –

(ক) বায়ু আমি চকুৰে দেখা _________

উত্তৰঃ নাপাওঁ। 


(খ) জোৰেৰে বলা বতাহক _____ বোলে ।

উত্তৰঃ ধুমুহা। 


(গ) উদ্ভিদে বায়ুপৰা ______ গেছ সংগ্ৰহ কৰি প্ৰ’টিন তৈয়াৰ কৰে ।

উত্তৰঃ নাইট্ৰ'জেন


(ঘ)_____ বায়ু স্বাস্থ্য়ৰ বাবে হানিকৰাক ।

উত্তৰঃ দূষিত বায়ু



৩। শুদ্ধ উত্তৰটো বাছি‘উলিওৱা চিন দিয়া

(ক) নিৰ্মল বায়ুৰ বৰণ আছে /নাই

উত্তৰঃ নাই।


(খ) বায়ু আমি দেখোঁ/ অনুভৱ কৰোঁ ।

উত্তৰঃ অনুভৱ কৰো।


(গ) জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু উদ্ভিদক বায়ু লাগে / নালাগে।

উত্তৰঃ লাগে। 


(ঘ) প্ৰদূষিত বায়ু স্বাস্থ্য়ৰ বাবে হানিকাৰক হয় /নহয় ।

উত্তৰঃ হানিকাৰক হয়।



৪। বায়ু চাৰিটা ব্যৱহাৰৰ বিষয়ে লিখা ।


উত্তৰঃ বায়ু আমি বিভিন্ন কামত ব্য়ৱহাৰ কৰো ।

(১) উশাহ লবলৈ আমি বায়ু ব্য়ৱহাৰ কৰো।

(২) বেলুনত আমি বায়ু ভৰোৱাও।

(৩) চাইকেল, ৰিক্সা, গাডী, আদি চকাতো বায়ু ভৰোৱাও।

(৪) বায়ু থকাৰ বাবে চকৰি ঘূৰে।


৫। (ক) দূষিত বায়ুৰপৰা হব পৰা তিনিটা বেমাৰৰ নাম লিখা ?

উত্তৰঃ দূষিত বায়ুৰ পৰা হ'ব পৰা তিনিটা বেমাৰ হ'ল一 এলাৰ্জি, চৰ্দি, কাহ-জ্বৰ।


(খ) বায়ু প্ৰদূষণ ৰোধ কৰাৰ চাৰিটা উপায় লিখা ।

উত্তৰঃ বায়ু প্ৰদূষন ৰোধ কৰা চাৰিটা উপায় হ'ল

(১) গছ-গছনি বেছিকৈ ৰোপন কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰো।

(২) গাড়ী-মটৰ কমকৈ ব্য়ৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়।

(৩) মৰা জীৱ-জন্তু আদি গাঁতত পুতিও বায়ু প্ৰদূষণ ৰোধকৰিব পৰা য়ায়।

(৪) কল-কাৰাখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থ বোৰ নিয়ন্ত্ৰনৰ উপযুক্ত ব্য়ৱস্থা গ্ৰহণ কৰি বায়ু প্ৰদূষণ কমাব পাৰি।


(গ) পাৰ্থক্য লিখাঃ ধুমুহা আৰু ফিৰফিৰীয়া বতাহ ।

উত্তৰঃ ধুমুহা বতাহ一 যেতিয়া কোনো এজাক বতাহ জোৰেৰে বলে আৰু গছ-গছনিৰ ,লগতে ঘৰ-দুৱাৰো ক্ষতি দায়ক হয় সেই বতাহক ধুমুহা বতাহ বোলে।

ফিৰফিৰীয়া বতাহ一যেতিয়া কোনো এজাক  বতাহ লাহে লাহে বলি কাৰো ক্ষতি নকৰে সেই বতাহক ফিৰফিৰীয়া বতাহ বোলে


৬। পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি ইঠে কিয় ?

উত্তৰঃ পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি হয় কাৰণ মাটিৰ চপৰাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহে আৰু সেই ঠাই পানীৰে পূৰ হয়।


 

Question Type By: Dikshita konwar 

Author By: Bikash Bora 

Edit By Dikha Rani Bora

Post ID: DABP002056