Class 4 Environment
আমি আৰু আমাৰ পৰিৱেশ
চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ কিতাপ খনৰ প্ৰশ্ন আৰু উত্তৰ


অধ্য়ায়-৭ 

আমাৰ সামাজিক অনুষ্ঠান



অনুশীলনী

১। উত্তৰ দিয়া ।


(ক) তোমাৰ বিদ্য়ালয়খনৰ নাম কি ?

উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়খনৰ নাম নিজে লিখিবা। 


(খ) ডাক-ঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক কি বোলে ?

উত্তৰঃ ডাক-ঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক ডাকোৱাল (পিয়ন) বোলে।


(গ) ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় ?

উত্তৰঃৰোগীবিলাকক চিকিৎসালয়ৰ প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়।


(ঘ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে ?

উত্তৰঃ  চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ, নাৰ্চ আদি থাকে  



২। তোমাৰ বিদ্য়ালয়ৰ ক্ষেত্ৰত তলত দিয়া বাক্য়বোৰৰ, যিটো হয় সেইটোত '✔' চিন দিয়া ।

(ক) বিদ্য়ালয়ত জাবৰ-জোথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নিদিষ্ট কৰি দিয়া আছে / নাই।

(খ) শৌচ-প্ৰস্ৰাব কৰাৰ বাবে শৌচাগাৰ শৌচাগাৰ আৰু প্ৰস্ৰাব ঘৰ আছে /নাই 

(গ) খোৱা পানীৰ কাৰণে কুঁৱা / দমকল / পুখুৰী / নলী আছে / নাই ।

(ঘ) আমি চৌহদত গছ-গঠনি ৰোওঁ / নোৰোওঁ ।

(ঙ) বিদ্য়ালয় ঘৰটোৰ ভেটি ওখ / চাপৰ ।

(চ) বিদ্য়ালয়ৰ ঘৰটো ৰ'দ পৰা / জোকা লগা ।

(ছ) পানী ওলাই যাবৰ বাবে নলা-নৰ্দমাৰ ব্য়ৱস্থা আছে / নাই ।

উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্য়ালয়ৰ ক্ষেত্ৰত যিটো হয় সেইটোত '✔' চিন দিবা। 



৩। তলৰ খালী ঠাইত উপযুক্ত শব্দ বহুওৱা ।

(ক) ডাক-ঘৰত চিঠি-পত্ৰৰ উপৰিও _________  ৰ আদান প্ৰদান কৰা হয় ।

উত্তৰঃ টকা-পইচা। 

 

(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে __________ চিকিৎসালয় থাকে ।

উত্তৰঃ পশু। 

 

(গ) চিকিৎসালয়ত _____ আৰু _________ ৰোগীৰ চিকিৎসা কৰে ।

উত্তৰঃ  ডাক্তৰ আৰু নাৰ্চে।


(ঘ) আৰক্ষীৰ লোকে দেশৰ ________ ৰক্ষাত সহায় কৰে।

উত্তৰঃ শান্তি-শৃংখলা। 


৪। কাগজেৰে চিঠিৰ খাম এটা সাজি উলিওৱা ।

উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে এটা চিঠিৰ খাম সাজি উলিওৱা। 













Question Type By- Bhaskar Jyoti Nath

Author By: Bikash Bora 

Edit By Dikha Rani Bora 




Post ID: DABP002055