পাঠঃ ১৯

পৰিকল্পনা, বাজেট আৰু উন্নয়ন

    👉MCQ Online Exam
    👉Text Book PDF
    👉Click Here YouTube Video
    👉MCQs Answer

অনুশীলনীঃ


১। চমু উত্তৰ লিখা -

(ক) সঞ্চয়ৰ অৰ্থ কি ?

উত্তৰঃ সঞ্চয় মানে হ'ল ধন, টকা-পইচা খাচি থোৱা।

(খ) পৰিকল্পনা কাক বোলে ?

উত্তৰঃ কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ চিন্তা আগতিয়াকৈ কৰা হয় সেইবোৰকে পৰিকল্পনা বোলে।

(গ) বাজেট মানে কি ?

উত্তৰঃ পৰিকল্পনাৰ মতে কাম কৰিবলৈ পৰিয়ালে এক নিজস্ব টকা, পইচাৰ খৰচৰ এক তালিকা প্ৰস্তুত কৰে তাকে বাজেট বোলে।

(ঘ) কল্য়াণমূলক কাম কাক বোলে ?

উত্তৰঃ যিবোৰ কাম কৰিবলে কদেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংল হয়। সেইবোৰ কামক কল্য়ানমূলক কাম বোলে।

(ঙ) নিতি আয়োগ কোন চনত গঠন কৰা হয় ?

উত্তৰঃ ২০১৫ চনত নিতি আয়োগ গঠন কৰা হয়।


২। উত্তৰ লিখা -

(ক) কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামত গুৰুত্ব দিয়া হয় ? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে ?

উত্তৰঃ চৰকাৰী পৰিকল্পনাত দেশৰ উন্নয়নমূলক কাম-কাজসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। চৰকাৰৰ কাম-কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থৰ প্ৰয়োজন হয়। ইয়াৰ ওপৰি আইন-সৃংখলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু দেশৰ প্ৰতিৰক্ষা ব্য়ৱস্থা শক্তিশালী কৰিবলৈ চৰকাৰে বৃহৎ পৰিমানৰ ব্য়য় বহন কৰিব লাগে। এই সমূহৰ পৰা চৰকাৰে অৰ্থ আহৰণ কৰে।

(খ) ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষত উপনীত হব বিচৰা হৈছিল ?

উত্তৰঃ ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে পাঁচটা লক্ষত উপনীত হব বিচৰা হৈছিল। এইবোৰ হ'ল-

(i) উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা।

(ii) অৰ্থনীতিৰ বিভিন্ন খণ্ডত অধুনিকীকৰণ সুনিশ্চিত কৰা।

(iii) সামাজিক ন্য়ায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰিকৰণৰ লক্ষ্য়ত উপনীত হোৱা। 

(iv) আত্মনিৰ্ভৰশীলতা অৰ্জন।

(v) অৰ্থনীতিত অব্য়ৱহৃত বা অৰ্থ ব্য়ৱহৃিত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা।


৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা -

(ক) নিতি আয়োগৰ অধ্য়ক্ষ -        (i) ৰাষ্ট্ৰপতি            (ii) বিত্তমন্ত্ৰী

                                                          (iii) প্ৰধানমন্ত্ৰী        (iv) গৃহমন্ত্ৰী।

উত্তৰঃ (iii) প্ৰধানমন্ত্ৰী।

(খ) পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল -        (i) ৪ বছৰ        (ii) ৬ বছৰ

                                                                           (iii) ৮ বছৰ       (iv) ৫ বছৰ

উত্তৰঃ (iv) ৫ বছৰ।

(গ) পৰিকল্পনাৰ কাম-কাজ ৰূপায়নৰ বাবে চৰকাৰক প্ৰয়োজন হয় -                                                                                                                                     (i) কৃষি        (ii) উদ্য়োগ

                                                                                                          (iii) অৰ্থ       (iv) বাণিজ্য়

উত্তৰঃ (iii) অৰ্থ।

(ঘ) তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ - (i) আয়কৰ      (ii) নিগম কৰ

                                                                              (iii) দ্ৰব্য় আৰু সেৱা কৰ     (iv) জৰিমনা

উত্তৰঃ (iv) জৰিমনা।

(ঙ) দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল -           (i) সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি        (ii) কৃষি

                                                  (iii) উদ্য়োগিকৰণ                              (iv) পথ পৰিবহন

উত্তৰঃ (i) সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি।


৪। খালী ঠাই পূৰ কৰা -

(ক) পৰিয়ালটো সুখে-সন্তোসে থাকিব হ'লে পৰিয়ালৰ আটাইৰে সদিচ্ছবোৰক          দিব লাগে।

উত্তৰঃ গুৰুত্ব।

(খ) অৰুণিমা এগৰাকী              মহিলা।

উত্তৰঃ মিতব্য়য়ী।

(গ) প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট               থাকে।

উত্তৰঃ পৰিকল্পনা।

(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ                প্ৰস্তুত কৰি লোৱা হয়।

উত্তৰঃ বাজেট।

(ঙ) কোনো প্ৰত্য়ক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্য়তামূলকভাৱে দিবলগীয়া ধনেই হৈছে               ।

উত্তৰঃ কৰ।

 


Check by - Mukesh Borah

Post ID: DABP001902