পাঠঃ ২০

অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা


    👉MCQ Online Exam
    👉Text Book PDF
    👉Click Here YouTube Video
    👉MCQs Answer

অনুশীলনীঃ


১। চমু উত্তৰ লিখা -

(ক) স্বাস্থ্য়ৱান ব্য়ক্তি বুলিলে কাক বুজায় ?

উত্তৰঃ যিবিলাক ব্য়ক্তিয়ে দেশৰ উন্নয়নত অৰিহণা যোগাোই সেইবিলাককে স্বাস্থ্য়ৱান ব্য়ক্তি বোলে।

(খ) আশাকৰ্মী নিয়োগৰ উদ্য়েশ্য় কি ?

উত্তৰঃ আশা কৰ্মী নিয়োগৰ উদ্য়েশ্য় হ'ল- গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সু-পৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে এই নিয়োগৰ সৃষ্টি কৰিছিল।

(গ) ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্য়ৱস্থাৰ নাম লিখা ?

উত্তৰঃ ভাৰত চৰকৰে ছোৱালী শিক্ষাৰ বাবে ২০০৪ চনতে কস্তুৰবা গান্ধী বালিকা বিদ্য়ালয় নামেৰে এখন আবাসিক বিদ্য়ালয়ৰ স্থাপন কৰিছিল।

(ঘ) কিষান কলচেন্টাৰৰপৰা কি সেৱা উপলদ্ধ হয় ?

উত্তৰঃ কিষান কলচেন্টাৰৰপৰা আমাৰ দেশৰ কৃষকসকলে ২৪ ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা-পৰামৰ্শ লাভ কৰিবলৈ সক্ষম এই সেৱাত উপলদ্ধ হয়।


২। উত্তৰ লিখা -

(ক) আন্তগাঁথনিমূলক কাম-কাজ মানে কি ? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে ?

উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়ত ব্য়ৱস্থা, যোগায়োগ ব্য়ৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্য়ালয়, বিজুলি যোগান, টেলিফোন সেৱা আদি প্ৰধান। এইবোৰকে আমি আন্তগাঁঠনিমূলক কাম-কাজ বুলি কওঁ।

        আন্তগাঁঠনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদি আৰু অত্য়ন্ত আৱশ্য়কীয় সা-সুবিধা, যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভব হব নোৱাৰে। সেইবাবে চৰকাৰে প্ৰধান কাম হিছাপে আন্তগাঁঠনি উন্নত কৰাৰ প্ৰচেষ্ট লয় যাতে কৃষি, উদ্য়োগ, সেৱাকে ধৰি সকলো দিশৰ কাম-কাজবোৰ সফলতাৰে সম্পন্ন হয়।

(খ) যাতায়ত আৰু যোগাযোগ ব্য়ৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ যাতায়াত ব্য়ৱস্থা সমাজ এখনৰ প্ৰথম খলপ। কৃষি, উদ্য়োগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্য়ৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্য়ৱস্থাক চৰকাৰে আগস্থান দিয়ে। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযোক্তিবিদ্য়াই বিস্তৰ প্ৰভাৱ পেলাইছে। বেপাৰ-বানিজ্য়, শিক্ষা স্বাস্থ্য়খণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্য়ৱস্থাৰ উন্নত সাধনসমূহৰ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায়।

(গ) প্ৰযুক্তি বিদ্য়াৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলদ্ধ হৈছে ?

উত্তৰঃ প্ৰযুক্তিবিদ্য়াৰ সহায়ত বৰ্তমান কম্পিউটাৰ বা ম'বাইল ফোনৰ জৰিয়তে বহুতো সুবিধাৰ লাভ কৰিবলৈ আমি সক্ষম হৈছো। সুলভ ইন্টাৰনেটৰ সেৱাৰ জৰিয়তে ব্য়ৱসায় আৰু বিত্তিয় অনুস্থান-প্ৰতিস্থানবোৰে কম সময়তে ব্য়াপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছো।


৩। খালী ঠাই পূৰ কৰা -

(ক)               মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদি আৰু অত্য়ন্ত অৱশ্য়কীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হব নোৱাৰে।

উত্তৰঃ আন্তগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদি আৰু অত্য়ন্ত অৱশ্য়কীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে।


(খ) দেশৰ মুঠ               উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অবদান অন্য়তম।

উত্তৰঃ দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অবদান অন্য়তম।


(গ) সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধীকাৰ হিছাপে স্বীকৃতি দিছে।

উত্তৰঃ সংবিদানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধীকাৰ হিছাপে স্বীকৃতি দিছে।


(ঘ) উন্নত যোগাযোগ ব্য়ৱস্থাই কম সময়তেই আমাক অধিক তথ্য়ৰ যোগান ধৰে।

উত্তৰঃ উন্নত যোগাযোগ ব্য়ৱস্থাই কম সময়তেই আমাক অধিক তথ্য়ৰ যোগান ধৰে। 


(ঙ) বিদ্য়োতৰ ব্য়ৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে।

উত্তৰঃ বিদ্য়োতৰ ব্য়ৱহাৰে আমাক জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে।


 


Question And Answer Type By- Kishor Nath

Check  by - Mukesh Borah 

Post ID: DABP001929