কিনো ৰূপত অ' কিনো সাজত

 

কিনো ৰূপত অ' কিনো সাজত 
সেন্দূৰৰে ৰঙা শিখা জ্বলিলে শিৰতে
পিন্ধিছোঁ আজিৰে সাজ
কাঁচি জোনৰ ৰেখা মোৰ আঁকো কপালতে 
অ' মোৰে লাজে লাগে 
(সখীসকলঃ সখী তোমাৰ কিয়নো লাজ লাগে
আজিহে তোমাৰ ভাগ্য জাগে)

 

কপালতে কপালী ডিঙিত গলপতা
দহো আঙুলিত জ্বলে হীৰাৰ কি মুকুতা 
কাণত এয়া লোকাপাৰ হাতত মুঠিখাৰু 
সিংখাপে বনকৰা কত কি যে আৰু 
ৰাণী ৰাণী আজি যেন লাগিছে ছাগে
অ' মোৰ লাজ লাগে
(সখীসকলঃ সখী, তোমাৰ কিয়নো লাজে লাগে 
আজিহে তোমাৰ ভাগ্য জাগে)


লাজ নে কিবা এক নতুন আমনি 
বাৰে বাৰে ঢাকে আহি চকুৰ চাৱনি 
মনৰ মাজত অচিন মধুৰ কঁপনি 
হাঁহো হাঁহো কৰি কিয় সৰে চকুপানী 
নতুন জীৱন আদৰিলোঁ বুলি ছাগে 
অ' মোৰ লাজ লাগে

 

(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-ভবেন বৰঠাকুৰ)



Post Id:DABP002344