Chapter 1

অৰ্থনৈতিক ভূগোল ঃ বিষয়বস্তু আৰি সম্পদ

১) অৰ্থনৈতিক ভূগোেল মানে কি ?
উত্তৰ ঃ
ভূগোলৰ যিটো শাখাত শম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকালাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে ।


২) ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি ?
উত্তৰ ঃ
ভূগোল বিষয়টো প্ৰধানকৈ দুটা ভাগত বিভক্ত সেইয়া হল (i) প্ৰাকৃতিক ভূগোল  (ii) মানৱ ভূগোল।


৩) অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেোশ্য কি ?
উত্তৰ ঃ
এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য ।


৪) মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ ?
উত্তৰ ঃ
মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য চাৰি প্ৰকাৰৰ ।


৫) প্ৰাথমিক বৃত্তি কাক বোলে ?
উত্তৰ ঃ
যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে।


৬) দ্বিতীয়ক বৃত্তি কাক বোলে ?
উত্তৰ ঃ
যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতিয়ক বৃত্তি বোলে ।


৭) সম্পদ মানে কি ?
উত্তৰঃ
মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয় ।


৮) পৃথিৱীত পোৱা সকলোবোৰ বস্তুৱে সম্পদ হয়নে ?
উত্তৰঃ
পৃথিৱীত পোৱা সকলোবোৰ বস্তুৱে সম্পদ নহয় ।


৯) মানুহে সম্পদৰ লগত কি ধৰণেৰে জড়িত ?
উত্তৰঃ
মানুহে সম্পদৰ লগত দুই ধৰণেৰে জড়িত সেয়া হল সম্পদৰ উ
ৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে।


১০) নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে ?
উত্তৰঃ
যিবোৰ মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা 
নিষ্ক্ৰিয় সামগ্ৰী বোলে।



১১) প্ৰতিৰোধক মানে কি ?
উত্তৰঃ 
যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধকবোলা হয় ।


১২) সম্পতি কাক বোলে ?   
উত্তৰঃ
অৰ্থনূতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলা হয়।


১৩) সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহলভাৱে কি হিচাপে বিভক্ত কৰিব পাৰি ?
উত্তৰঃ 
সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহলভাৱে প্ৰাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি 


১৪) সোণক কি সম্পদ বুলি কোৱা হয়?   
উত্তৰঃ
সোণক অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত বা জাতীয় সম্পদ বুলিও কব পাৰি ।


১৫) জীৱীয় সম্পদ কাক বোলে ?
উত্তৰঃ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জাৱীয় সম্পদ বোলি কোৱা হয় ।


১৬) মানৱ সৃষ্ট সম্পদ বোলিলে কি বুজা ?
উত্তৰঃ মানুহৰ প্ৰচেষ্টাৰ ফলচত উৎপাদিত  সামগ্ৰীসমূহকে মানৱ সৃষ্ট সম্পদ বোলি কোৱা হয়।


১৭) সম্পদ সংৰক্ষণ কাক বোলে ?
উত্তৰ ঃ কোনো ধৰণৰ বিনাশ আৰু অপ্যব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয় ।


১৮) কিমান তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ?
উত্তৰ ঃ ৫জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।


১৯) সম্পদ কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰ ঃ সম্পদ প্ৰধানকৈ তিনিটা শ্ৰেণীত বিভক্ত কৰা হয় 
(i) প্ৰাকৃতিক সম্পদ 
(ii) মানৱ সৃষ্ট সম্পদ
(iii) মানৱ সম্পদ


২০) সম্পদৰ প্ৰধান বৈশিষ্ট্য কি ?
উত্তৰ ঃ সম্পদৰ প্ৰধান 
বৈশিষ্ট্য হল - উপকাৰিতা , কাৰ্যকাৰিতা আৰু পৰৱৰ্তনশীল ধৰ্ম । 




Type : Dimpi Bora



Post ID : DABP005787