গোট ১৪
উৎসৱ অনুষ্ঠান বিষয়ক লোকগীত
অতি চমু প্রশ্নোত্তৰ:
১। অসমৰ জাতীয় উৎসব কি?
উত্তৰঃ বিহু।
২। 'গগনা' অসমৰ কোনটো লোক উৎসবত ব্যৱহাৰ কৰা হয়?
উত্তৰঃ বিহু উৎসৱত।
৩। বিহু কেনেধৰণৰ লোক উৎসৱ?
উত্তৰঃ বিহু মূলতঃ কৃষিমূলীয় বসন্ত উৎসব।
৪। হুঁচৰি গীত কি?
উত্তৰঃ ব'হাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ প্ৰত্যেক গৃহস্থৰ ঘৰত সামুহিকভাবে গোৱা বিহুগীতেই হুঁচৰি গীত।
৫। 'ভঠেলি' কি?
উত্তৰ: নামনি অসমত ব'হাগ মাহত পালন কৰা এটি লোক উৎসৱ। ভঠেলি মূলতঃ এটা প্রজনন উৎসব।
৬। 'ভঠেলি 'উৎসব কোন অঞ্চলত প্রচলিত?
উত্তৰঃ নামনি অসমৰ বিশেষকৈ নলবাৰী, দৰং, দক্ষিণ কামৰূপ, গোৱালপাৰা আদি।
৭। বড়োসকলৰ জাতীয় উৎসব কি?
উত্তৰঃ বৈশাণ্ড।
৮। 'মহোহো গীত' কেতিয়া পালন কৰা হয়?
উত্তৰ: আঘোণ মাহৰ শুক্লা পূৰ্ণিমাৰ দিনা নিশা এই উৎসৱ পালন কৰা হয়।
৯। 'মহখেদা গীত' কোন অঞ্চলত বেছিকৈ প্রচলিত?
উত্তৰ: নামনি অসমত
১০। 'বাম্বোলপিটা গীত' কোন অঞ্চলত প্রচলিত?
উত্তৰঃ বাস্কা-তামুলপুৰ অঞ্চলত।
১১। 'এউৰি মাগা গীত' কোন অঞ্চলত প্রচলিত?
উত্তৰ: গোৱালপাৰা অঞ্চলত।
১২। 'এউৰি মাগা' অনুষ্ঠানটো কেতিয়া পালন কৰে?
উত্তৰঃ এই অনুষ্ঠানটো আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতিত উদ্যাপন কৰা হয়।
১৩। 'চগ্রামিছাৱা' কি?
উত্তৰঃ তিৱা জনগোষ্ঠীৰ কৃষিৰ লগত জড়িত অন্যতম বসন্ত উৎসব হৈছে 'চগ্রামিচাৱা'। 'চগ্রা'ৰ অৰ্থ হৈছে 'নাচোন' আৰু 'মিচাৱা'ৰ অৰ্থ হৈছে 'নাচা'। অর্থাৎ 'চগ্রামিচাৱা'ৰ অৰ্থ হৈছে 'নাচোন নাচা'।
১৪। 'চগ্রামিছাৱা'উৎসব কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰঃ তিৱা জনগোষ্ঠীয়ে।
১৫। বায়খো কোন জনগোষ্ঠীৰ লোক উৎসব?
উত্তৰ: অসমৰ ৰাভাসকলে জেঠ মাহৰ পূৰ্ণিমাত বায়খো উৎসৱ পালন কৰে।
১৬। ফাৰকান্তি উৎসব কোন জনগোষ্ঠীৰ লোক উৎসব?
উত্তৰঃ বাভা জনগোষ্ঠীৰ ৰংদানি আৰু মায়তিৰ ফৈদৰ মাজতহে এই উৎসৱ বহুলভাবে প্রচলিত।
১৭। ৰাভাসকলে শ্রাদ্ধ অনুষ্ঠান উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোৰ নাম কি?
উত্তৰ: ফাৰকান্তি।
১৮। 'আলি-আই-নৃগাং' কোন জনগোষ্ঠীৰ লোকউৎসব?
উত্তৰঃ মিছিং জনগোষ্ঠীৰ।
১৯। 'বশীকৰণ' মন্ত্ৰ কি?
উত্তৰঃ যি মন্ত্ৰেৰে স্বামী বা স্ত্রীক প্রয়োজন অনুসাৰে বশ কৰিবলৈ প্ৰয়োগ কৰা হয় তেনেবোৰ মন্ত্রকে বশীকৰণ মন্ত্ৰ বোলা হয়।
চমু প্রশ্নোত্তৰ:
১। অসমৰ প্ৰেক্ষাপটত উৎসব-অনুষ্ঠানমূলক গীতসমূহ কি কি?
উত্তৰ: লোকসমাজ এখন বিভিন্ন পৰম্পৰাগত বিশ্বাস, আচাৰ-অনুষ্ঠান, ধর্মীয় পৰম্পৰাৰ আধাৰতে আবর্তিত। মূলতঃ খেতি বা কৃষিকৰ্মৰ লগত জড়িত বিভিন্ন উৰ্বৰতাজনিত বিশ্বাস, ধর্মীয় পৰম্পৰাৰ আধাৰমতে যিবোৰ গীত পৰিৱেশন কৰা হয় সেইবোৰকে উৎসৱ-অনুষ্ঠানমূলক গীত হ'ল- বিহুগীত, হুঁচৰিগীত, বিয়ানাম বা গীত আদি।
ব'হাগৰ সময়ত অসমৰ আকাশত ঢোল-পেঁপাৰ মাতৰ লগে লগে কিছুমান গীত মুখৰিত হৈ উঠে। এইবোৰকে বিহুগীত বোলা হয়। এই গীতসমূহ প্রেম-প্রণয়মূলক যদিও ইয়াত উৰ্বৰতাজনিত বিশ্বাস জড়িত হৈ আছে। ঠিক সেইদৰে হুচৰি নামো বিহুৰ সময়তে গোৱা হয়। অসমীয়া সমাজত প্রচলিত বিয়ানাম বা গীতসমূহ অসমীয়া সংগীতৰ অমূল্য সম্পদ। এইবোৰৰ মাজেদি 'স্মৃতি শাস্ত্ৰৰ নীতিৰ দ্বাৰা সংযত পৱিত্ৰ মিলনৰ মধুৰ ভাব ধ্বনিত হয়' বুলি মহেশ্বৰ নেওগে মন্তব্য কৰিছে। বিয়া নামৰ লগত জড়িত আন এবিধ গীত হ'ল সোবান ম। নামনি অসমত এইবিধ গীতক খিচাগীত বোলে।
অসমৰ আন অনুষ্ঠানমূলক গীতবোৰৰ ভিতৰত ভেকুলী বিয়াৰ গীত, মহোহো গীত, চূড়াকৰণৰ গীত, কাতি পূজাৰ গীত, বাঁশপূজাৰ গীত, মনসা পূজাৰ গীত, হোলি গীত, আইনাম, সুবচনীৰ গীত, অপেচৰীৰ গীত, সোণাৰায় (ব্যাঘ্ৰদেৱতাৰ) পূজাৰ গীত, গোসাঁই নাম, তোলনী বিয়াৰ গীত ইত্যাদি উল্লেখ্যযোগ্য। প্রণিধানযোগ্য যে উৎসব-অনুষ্ঠানমূলক গীতসমূহত স্থানীয় লোকাচাৰ আৰু ভাষাৰ প্ৰয়োগ ঘটিলেও ভাবৰ ঐক্য, প্রকাশভংগীৰ অকৃত্রিমতা আৰু অনুভৱৰ আন্তৰিকতা সাধাৰণতে দেখিবলৈ পোৱা যায় বুলি সত্যেন্দ্রনাথ শৰ্মাই মন্তব্য কৰিছে।
২। দেৱ-দেৱীৰ সৈতে জড়িত গীতসমূহৰ উদাহৰণ দিয়া
উত্তৰঃ দেৱ-দেৱীৰ পূজা-পাতল আদিৰ লগত জড়িত গীত; যেনে- আইৰ নাম, সদাশিৱৰ নাম, জগন্নাথৰ নাম, দুর্গাদেৱীৰ নাম, মনসাৰ নাম, অপেশ্বৰীৰ নাম, সুবচনীৰ নাম, লক্ষ্মীদেৱীৰ নাম, সৰস্বতীৰ নাম ইত্যাদি। নৱ-বৈষ্ণৱ আদর্শ সম্পৃক্ত নামবোৰ প্রায়ে বিষ্ণু-কৃষ্ণ আৰু ৰাম চৰিত্ৰকেন্দ্ৰিক। আত্মলঘিমা, আত্মত্যাগ আৰু আত্মনিবেদনৰ গভীৰতাই এনেবোৰ গীতত প্রাধান্য লাভ কৰে।
৩। আইনাম সম্পর্কে আলোচনা কৰা।
উত্তৰ: আইনাম, সুবচনীৰ গীত, অপেচৰী গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত প্রায় একে পৰ্য্যায়তে পৰে। নাৰী সমাজত এই গীতবোৰ প্ৰচলিত। আই হ'ল বসন্ত ৰোগৰ অধিষ্ঠাত্রী দেবী। প্রাচীন অসমত বসন্ত ৰোগৰ প্ৰাদুৰ্ভাৱ আছিল। এই ৰোগৰ প্রাধান্য কমাবলৈ বা ৰোগৰ পৰা হাত সাৰিবলৈ বসন্ত ৰোগৰ অধিষ্ঠাত্রী আইক নাম আৰু প্ৰাৰ্থনাৰে আৰাধনা কৰা নিয়ম আছিল। সেইবাবে বসন্ত ৰোগে দেখা দিলে আই সবাহ পতা এটা মান্য অনুষ্ঠানত পৰিণত হৈছিল। বসন্ত ওলালে উক্ত ৰোগৰ অধিষ্ঠাত্রী দেবী বুলি বিশ্বাস কৰা সাত গৰাকী আই বা দেৱীৰ বাই-ভনীক সন্তষ্ট কৰাৰ উদ্দেশ্য "আই নাম" গোৱা হয়। লক্ষ্মী পূজাৰ দিনা নাইবা ঘৰলৈ লখিমী অনাৰ দিনা সবাহ পাতি লখিমীয়ে লগ নেৰিবলৈ এই লখিমী সবাহৰ গীত গোৱা হয়। বয়স অনুক্রমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰোগে ল'ৰা-ছোৱালী শুকাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰাৰ সবাহ পাতি গীত গায়। সেইদৰে সুবচনীৰ দেৱীকো অসুখ অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে তুতি-প্রার্থনা কৰা হয়। এই কেইগৰাকী উপদেবীক মহামায়া বা দুর্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে। এই অনুষ্ঠানবোৰত আইসকলে গোৱা গীতবোৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস আদিৰ পৰিচয় পোৱা যায়। দেৱীক মাতৃ জ্ঞানেৰে অতি আপোনজনৰ দৰে ভক্তিবে, আন্তৰিক শ্ৰদ্ধাৰে গীতবোৰৰ যোগেদি আহ্বান কৰা হয়। ভাষাৰ সৰলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবোৰৰ বিশেষত্ব।
৪। শ্ৰমৰ সৈতে জড়িত গীত-পদ ৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা।
উত্তৰ: শ্রমগীত বা কর্মগীত নাম দি বাচিক কলাৰ এটা শ্ৰেণী বিভাজন কৰা উচিত নে অনুচিত এই সন্দর্ভত পণ্ডিতসকলৰ মাজত মতৰ অনৈক্য পৰিলক্ষিত হোৱা দেখা গৈছে। আধুনিক পণ্ডিতৰ মতে যিকোনো গীতেই কর্মগীত বা শ্রমগীত বা Work Song হ'ব পাৰে। গতিকে কৰ্মগীত বা শ্রমগীত বুলি আন এটা উপশ্রেণীৰ প্রয়োজন নাই। তথাপি সৰহসংখ্যক লোকতত্ত্ববিদেই শ্রম বা কর্মগীত অর্থাৎ Work Song ৰূপে এটি উপশ্রেণী পৰম্পৰাগতভাবে মানি আহিছে। অৱশ্যে এইটো সত্য যে, শ্রম গীত বা Work Song শ্রেণীটো বিষয়বস্তুগত শ্রেণীবিভাজন নহয়, প্রকার্যাত্মকহে (functional)। ভাগৰ, অৱসাদ আদি দূৰ কৰি নৱোৎসাহেৰে কৰ্ম সম্পাদন কৰিবলৈ কৰ্মীসকলক অনুপ্ৰেৰণা যোগোৱাই শ্রম-গীতৰ অন্যতম লক্ষ্য। অতি পুৰণি কালৰে পৰা নাৱৰীয়া, গৰু-ম'হৰ গাড়ীচালক, মাছমৰীয়া, ধান-খেৰ কাটোতা, খৰিকটীয়া, ৰোৱনী, শিপিনী, বাঢ়ৈ, সূতাৰ, কমাৰ, কুমাৰ, হালোৱা, সূতা কাটোতা আদি পৰিশ্ৰম কৰি পেটৰ ভাতসাজ উপাৰ্জন কৰা লোকে কৰ্মৰ পাৰদৰ্শিতা বঢ়াবৰ বাবে আৰু অৱসাদ বিদূৰণৰ অৰ্থে শ্রম-গীত এককভাবে বা দলগতভাবে গাই আহিছে। পথাৰত কাম কৰি ডেকা-গাভৰুৱে প্রায় শ্রম বা কর্মগীতৰূপে গায় প্রেম-প্রণয়ৰ গীত। শ্রম-গীতত বাদ্যযন্ত্র প্রায়ে ব্যৱহাৰ কৰা নহয়, কোৰ, খণ্টি, কুঠাৰ, কাচি, হাত, ভৰি আদিয়ে অনেক ক্ষেত্ৰত বাদ্যযন্ত্ৰৰ প্ৰকাৰ্য সাধন কৰে। কৰ্ম অনুসৰি গীতৰ সুৰ-তাল আদি বিভিন্ন হোৱা স্বাভাৱিক। অনেক ক্ষেত্ৰত বাৰমাহী গীতবোৰ নাৰীসকলে শ্রমগীত স্বৰূপে আবৃত্তি কৰে।
৫। বিহুগীত সম্পর্কে চমুকৈ লিখা।
উত্তৰ: বিহ্ব লগত অসমীয়া জাতীয় জীৱনৰ এক নিবিড় সম্বন্ধ আছে। বিহুগীত যৌৱন আৰু বসন্তৰ গীত। সেয়ে অসমীয়া জাতিৰ আশা-আকাঙ্খা, কামনা-বাসনা, আরেগ-অনুভূতি, দুৰ্বাৰ হেঁপাহ আৰু আন্তৰিকতা বিহুৰ লগত ওতঃপ্রোতভাবে জড়িত হৈ আছে। বিহুগীতৰ সুৰে সুৰে, ছন্দে ছন্দে প্রকাশিত হয় সেই আগ্রহ, হেঁপাহ আৰু আন্তৰিকতা। লীলা গগৈৰ ভাষাত "প্রকৃতিৰ পৰশত সময়ৰ বুলনিত আনন্দ মুখৰ হৈ উঠা অসমীয়া জাতিটোৰ প্ৰাণৰ উচ্ছাসৰ স্বীকৃতি দিয়ে বিহুগীতে। মন ৰাই জাই কৰে। সেয়ে ঢোলৰ ছেরে ছেরে এপাক নাচিবলৈ মন যায়।" বিহুৰ এনে মোহনীয় আৰু দুৰ্বাৰ হেঁপাহৰ বাবেই অসীম আৱেগত অসমীয়া ডেকা-গাভৰৰ অন্তৰ উজাৰি ওলাই আহে-
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি
নাপাতি কেনেকৈ থাকো।।
ঢোল, পেঁপা, গগনা, টকা, বাঁহী আদিৰ বুকুত বাজি উঠে বিহুগীতৰ ছন্দৰ অনবদ্য ধ্বনিৰ সুৰ। প্ৰাণত কামনাৰ বিপুল হিল্লোল আৰু উদীপ্ত যৌৱনৰ জোৱাৰ তোলা সেই সুৰৰ মাধুৰ্য্যই সীমাহীন উচ্ছাসৰ সৃষ্টি কৰা প্ৰাণত ডেকা-গাভৰুৰে অনুভৱ কৰে কিবা এটা নোপোৱাক পোৱাৰ আশাৰে। সেয়েহে -
"ঘৰতো নবহে মন সমনীয়া পথাৰতো নবহে মন
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন।"
বিহুগীতত সোমাই আছে অসমীয়া সমাজৰ প্ৰাণৰ স্পন্দনৰ অমৃত মূর্ছনাৰ ইতিহাস।
প্ৰকৃতিৰ বুকুৰ প্ৰতিটো অণু পৰমাণু সমাজৰ ৰীতি-নীতি, অসমীয়া সাজ-পাৰ, আ-অলংকাৰ, যৌবনদীপ্ত জীৱনৰ আশা আকাংক্ষা, ব্যর্থ বেদনা, বিহুগীতত সৌন্দর্য বিখণ্ডিত হৈ প্রতিভাত হৈছে। মনোৰম উপমা, ব্যঞ্জনা, ৰূপকৰ সমন্বয়ত বিহুগীতবোৰ অসমীয়া সাহিত্যৰ ভঁৰালৰ মাণিকী মধুৰী হিচাপে চিৰদিন জীৱন্ত হৈ ৰ'ব।
৬। বিয়ানামৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা।
উত্তৰ: অনুষ্ঠানমূলক গীত হিচাপে বিয়ানামবোৰৰ তাৎপৰ্য্য আৰু প্রয়োজনীয়তা নুই কৰিব নোৱাৰি। কৃষিজীবী আৰু ৰক্ষণশীল সমাজত বিয়া এটা তাৎপর্যপূর্ণ অনুষ্ঠান। বিবাহ অনুষ্ঠানক কেন্দ্ৰ কৰি বহুতো গীত বা নাম ৰচিত হৈছে। এইবোৰকে বিয়ানাম বুলি কোৱা হয়। অসমীয়া জনজীৱনত বিবাহ অনুষ্ঠানৰ কেইবাটাও পৰ্য্যায় আছে। যেনে-জোৰণ, পানী তুলি নোওৱা, আৰু সম্প্রদায় সূত্রে কন্যাক দৰাৰ ওচৰত সমর্পণ। এই আটাইকেইটা স্তৰতে বিভিন্ন ধৰণেৰে বিভিন্ন গীত-মাতেৰে সৈতে জীৱনৰ পৰিপূৰ্ণতাক আদৰি অনা হয়। তদুপৰি এই গীতবোৰৰ মাজে মাজে কিছুমান ধেমালীকে জোকাবৰ বাবে জোৰা নাম বুলি অন্য এবিধ হাস্য আৰু তিৰস্কাৰ মিশ্রিত গীতৰো প্ৰচলন আছে। কামৰূপৰ উত্তৰ অঞ্চল আৰু দৰং জিলাৰ পশ্চিম অংশত এই গীতৰ নাম খীচাগীত। খিচা মানে তিৰস্কাৰ। অন্যহাতে দৰা-কইনাৰ যুগ্ম জীৱনৰ সন্মুখত প্রাচীন ভাৰতীয় আধ্যাত্মিক সাধনাৰ আৰ্হিৰে নিজৰ জীৱন সমৃদ্ধ কৰি তুলিবলৈ এই গীতবোৰৰ মাজেদি কৃষ্ণ-রুক্মিণী, ৰাম-সীতা, সাৱিত্ৰী-সত্যবান আদিৰ আদৰ্শ সোঁৱৰাই দিয়া হয়। সৰলতা-কোমলতা এই গীতবোৰৰ অন্যতম আকর্ষণ। আজিৰ যুগত অসমীয়া বিবাহ অনুষ্ঠানে তাৰ প্ৰাপ্য মৰ্য্যদা হেৰুৱাইছে। ফলস্বৰূপে বিয়ানামেও তাৰ মূল সৌষ্ঠব ভালেখিনি হেৰুৱাই পেলাইছে।
৭। বৈশাগু কি?
উত্তৰঃ বড়োসকলৰ প্ৰধান ঋতুকালীন কৃষি উৎসৱ হৈছে বৈশাগু। ইয়াক বসন্তকালীন উৰ্বৰা অনুষ্ঠান বুলি কব পাৰি। বৈশাণ্ড মূলতঃ যৌৱন আৰু বতৰৰ উৎসব। নতুন বছৰক আদৰণি জনাবৰ বাবে আৰু শস্য বৃদ্ধিৰ উদ্দেশ্যে বড়োসকলে বৈশাণ্ড উৎসব পালন কৰে। বৈশাণ্ড শব্দটো বড়ো ভাষাৰ 'বৈশা' আৰু 'আগু' শব্দ দুটাৰ পৰা আহিছে। 'বৈশা'ৰ অৰ্থ হৈছে বছৰ আৰু 'আগু'ৰ অৰ্থ হৈছে আৰম্ভ অর্থাৎ বৈশাণ্ড মানে হৈছে নতুন বছৰৰ আৰম্ভণি। বড়োসকলে বৈশাগু দুইধৰণে পালন কৰে- মীসী বৈশাগু (গৰু বিহু) আৰু মানসি বৈশাগু (মানুহ বিহু)।
৮। 'ভঠেলি' কি?
উত্তৰঃ নামনি অসমত ব'হাগ মাহত পালন কৰা এটি লোক উৎসব। ভঠেলি মূলতঃ এটা প্রজনন উৎসব। এই উৎসৱ ব'হাগ মাহজুৰি পালন কৰা হয়। এই উৎসৱৰ লগত লোকবিশ্বাস জড়িত হৈ আছে। নলবাৰী অঞ্চলত ইয়াক ভি বা ভঠেলি, দৰঙত দ'ল, দক্ষিণ কামৰূপত স'বি বা সুবেবি আৰু অবিভক্ত গোৱালপাৰা জিলাত বিষুবা বা স'বি নামে জনাজাত। নামনি অসমৰ অঞ্চলবিশেষে এদিনীয়াকৈ ব'হাগ মাহৰ যিকোনো এটা তাৰিখত ভঠেলি উৎসব পতা হয়। ভঠেলিৰ দিনা গাঁৱৰ ডেকাসকলে পুরাতে গা-ধুই এডাল দীঘল বাঁহ কাটি আনি চাঁচি-চুঁচি চাফা কৰি ৰং-বিৰঙৰ কাপোৰ মেৰিয়াই সুন্দৰকৈ সজাই তোলে। সজাই লোৱা বাঁহডালৰ আগডোখৰত চোঁৱৰ এডাল বান্ধি দি মাংগলিক বাদ্য বজাই নামঘৰৰ সন্মুখত নাইবা যিকোনো বাকবিত আনুষ্ঠানিকভাবে থিয়কৈ পোতে। ইয়াকেই 'পাৰ' বা 'পাৰুৱা' বুলি কোৱা হয়। ভঠেলিত প্রধানকৈ দুটা 'পাৰ' থাকে-এটা দীঘল আৰু আনটো চুটি। দীঘল পাৰটোক দৰা আৰু চুটি পাৰটোক কইনা হিচাপে গণ্য কৰে। ভঠেলি পতা গাঁওখনত দৰা পাৰটো পোতে আৰু আন এখন গাঁৱৰ ডেকাই কইনা 'পাৰ'টো পোতে। পাৰৰ কাষতে কলপটুৱাৰে ঘৰ এটা সাজি তাত বিগ্রহ স্থাপন কৰে।এই ঘৰটোকে 'ভঠেলি' ঘৰ বোলে। 'পাৰ'বোৰক ভক্তিভাবে স্পর্শ কৰি সকলোৱে সেবা কৰে। গধূলি সময়ত সকলো মানুহেই হাঁহি-মাতি আনন্দ-স্ফূর্তি কৰি গীত গায়। এই গীতবোৰ বিহুগীত, বিয়াগীতৰ দৰে বৈচিত্র্যপূর্ণ নহয়।
৯। মহোহো বা মহ খেদা গীতৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: নামনি অসমত প্রচলিত এটি উল্লেখযোগ্য লোকউৎসব হৈছে মহোহো বা মহখেদা উৎসব। আঘোণ মাহৰ শুক্লা পূর্ণিমাৰ দিনা নিশা এই উৎসৱ পালন কৰা হয়।'মহোহো'বে মহ খেদা গীত। 'বড়ো ভাষাত 'হো' শব্দৰ শব্দৰ অৰ্থ 'খেদা' বা 'খেদি দিয়া'। অসমীয়া মহ আৰু বড়ো-কছাৰীৰ 'হো' শব্দৰ মিশ্রিত রূপে 'মহোহো' শব্দ গঠিত হৈছে।" গোৱালপাৰাত এই উৎসৱক 'অ'বি' বা 'এউবি 'মগা গীত' বোলে। বৰপেটা অঞ্চলত এই গীতক 'ভাল হওক দিয়া' বা 'ভাওল দিয়া' বুলি কোৱা হয়। নলবাৰী অঞ্চলতো ইয়াক 'ভালোক' বা 'ভাল ভৌল্কা' বোলে। এই গীতবোৰৰ লগত উজনি অঞ্চলৰ হুঁচৰি গীত আৰু বাস্কা জিলাৰ বাম্বোলপিটা গীতৰ কিছু সাদৃশ্য আছে।
মহোহো উৎসৱত গাঁৱৰ চেমনীয়া আৰু ডেকা-ল'ৰাসকলে কেবাটাও দলত বিভক্ত হৈ হাতত লাঠি বা টোকোনেৰে শব্দ কৰি মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতসমূহকে মহোহো বা মহ খেদা গীত বোলে। মহ খেদি সমাজৰ কল্যাণ সাধন আৰু তাৰ বিনিময়ত সামান্য পৰিমাণৰ ধন বা বয়বস্তু সংগ্রহেই হৈছে মহোহো উৎসৱৰ মূল লক্ষ্য। মহোহো গীত গাওঁতে ডেকা ল'ৰাৰ দলটোৰ এজনক কলৰ চোঁচনিবে ভালুক সজায় আৰু ভালুকটো দলটোৰ মাজত সোমাই নৃত্য কৰে। লোকবিশ্বাস অনুসৰি ভালুকটোৱে মহবোৰ খায়। এই উৎসৱত গোৱা গীতবোৰ পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে চলি আহিছে। এই গীত প্রথমে এজনে লগাই দিয়ে আৰু বাকীবোৰে সমস্বৰে গায়।
মহ খেদা গীতবোৰ গালে লোকবিশ্বাস অনুসৰি মহবোৰ ভয়তে আঁতৰি নাইকিয়া হয় বুলি বিশ্বাস কৰা হয়। লগতে গৃহস্থক আশীর্বাদ দি ডেকা-ল'ৰাসকলো যি পইচা বা চাউল পায়, সেই চাউল-পইচাৰে সকলোৱে লগ লাগি ভোজ-ভাত খায়। আঘোণ মাহৰ পূৰ্ণিমাত উদ্যাপন কৰা প্ৰাণময় উৎসব মহোহো জনজাতীয় লোকসকলৰ মাজতো আদৰণীয়। মহোহো গীতৰ সাহিত্যিক সৌন্দর্য প্ৰচুৰ পৰিমাণে নাথাকিলেও লোকবিশ্বাসব সাক্ষী হিচাপে লোকসাহিত্যত ইয়াৰ মূল্য অপৰিসীম।
১০। বাম্বোল পিটা গীতৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: নামনি অসমত প্রচলিত মহোহো বা মহ খেদা উৎসৱৰ সমপৰ্যায়ৰ বাস্কা-তামুলপুৰ অঞ্চলত পালন কৰা এটা জনপ্রিয় উৎসৱ হ'ল বাম্বোল পিটা। ভাদ মাহৰ পূর্ণিমা তিথিত মহোহোৰ দবে এই উৎসৱতো ডেকা ল'ৰাসকলে ঘবে ঘবে গৈ নৃত্য কবে আৰু হাতত নিয়া টোকোন আৰু হুলাবাৰিৰে গৃহস্থৰ চোতাল খুন্দিয়াই গীত গাই গৃহস্থৰ পৰা পা-পইচা আদায় কবে। সংগৃহীত ধনেৰে ডেকা ল'ৰাবোৰে আনন্দ-উলাহেবে প্রীতিভোজ খায়। বাম্বোল পিটা উৎসবক কেন্দ্ৰ কৰি যিবোৰ গীত গোৱা হয় তাকে বাম্বোলপিটা গীত বোলে।
এই উৎসৱত চহা লোকসকলে মুকলি মনেৰে আনন্দ কৰাৰ সুযোগ পায় আৰু চহা জীৱনৰ সুন্দৰ ছবি এখনি প্রকাশ পায়। গীতবোৰৰ ভাব ভাষাৰ বিশেষ সংগতি বিচাৰি পোৱা নগক্সলেও অসমীয়া লোকসাহিত্যত এই গীতসমূহ অমূল্য সম্পদ।
১১। এউৰি মগা বা আৰি গীতৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: গোৱালপাৰা অঞ্চলত অতীজৰে পৰা পৰম্পৰাগতভাবে প্রচলিত হৈ অহা এটি উৎসৱমুখৰ অনুষ্ঠান হৈছে এউৰি মগা বা আৰি মগা। কামৰূপৰ মহোহো বা মহ খেদা লোক উৎসব অনুষ্ঠানটোৱেই গোৱালপাৰাৰ এউৰি বা আৰি মগা অনুষ্ঠান। ঠাইবিশেষে এই অনুষ্ঠানটো 'মশ'শ' নামেৰে জনা যায়। এই অনুষ্ঠানটো আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতিত উদ্যাপন কৰা হয়। ই মূলতঃ কৃষিমূলক উৎসব। আঘোণ মাহৰ পূৰ্ণিমা তিথিত চেমনীয়া আৰু ডেকা ল'ৰাসকলে দল বান্ধি ঘৰে ঘৰে ৰাতি এক শ্ৰেণীৰ গীত গাই ধান-চাউল টকা-পইচা মাগি ফুৰে। প্রাচীন পৰম্পৰা অনুযায়ী এই অনুষ্ঠানটো ৰাতি হোৱা বাবে কিছুমান গৃহস্থই মাননি দিবলৈ অমান্তি হোৱা নাইবা টোপনিৰ পৰা সাৰ নাপালে হাতত থকা টোকোন, জোং আদিৰে চোতালখন এআঁঠুলৈকে খান্দি তাৰ পৰা আঁতৰি আহে। অৱশ্যে এইক্ষেত্ৰত গৃহস্থই বাধা প্রদান নকৰে। কিয়নো, এয়া একপ্রকাৰৰ খেল। পৰম্পৰা অনুযায়ী বছৰেকত এবাৰ অক্সৰি মাগিবই লাগে বাবে অক্সৰিব গীতে সোঁৱৰাই দিয়ে-
বছৰেৰ খেলা।
নকৰিবি হেলা।।
বাৰ বাটি তেৰ কামি।
বছৰে বছৰে মাগুং আমি।।
গীতফাকিত অৰি মগা কার্যটোক এটা 'খেল' বুলি গণ্য কৰিলেও ই মূলতঃ এক মাগন কাৰ্যহে। ডেকা ল'ৰাবোৰে গৃহস্থৰ ঘৰে ঘৰে ধানৰ ভিক্ষা মাগি ফুৰা ই এক প্রাচীন ৰীতি।
গৃহস্থৰ চোতালত উপস্থিত হৈ ডেকা দলটোৱে এক 'কুলা' বা এক 'দুনকৈ' ধান দাবী কৰা এটা পৰম্পৰা।
আ'ৰি মাগি পোৱা ধানেৰে ভোজ-ভাত খোৱাৰ লগতে কিছু ধান সংৰক্ষণ কৰি ৰাখি থয়। এনেদৰে গীতবোৰৰ মাজেৰে গোৱালপৰীয়া লোকসমাজৰ পৰিৱেশ, পৰিস্থিতি আৰু প্রকৃতিজগতৰ এখনি সুন্দৰ ছবি প্রতিবিম্বিত হৈ উঠিছে। লোকসাহিত্যৰ অন্যান্য গীতবোৰৰ দৰে গোৱালপাৰা অঞ্চলৰ অ'ৰি মগা গীতবোৰৰ মূল্য অসীম আৰু এই গীতবোৰে লোকসাহ্যিতত এখন বিশিষ্ট আসন দখল কৰিবলৈ সক্ষম হৈছে।
১২। চগ্রামিচাৱা উৎসৱৰ গীতৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ তিৱা জনগোষ্ঠীৰ কৃষিৰ লগত জড়িত অন্যতম বসন্ত উৎসৱ হৈছে 'চগ্রামিচাৱা'। 'চগ্রা'ৰ অৰ্থ হৈছে 'নাচোন' আৰু 'মিচাৱা'ৰ অৰ্থ হৈছে 'নাচা'। অর্থাৎ 'চগ্রামিচাৱা'ৰ অৰ্থ হৈছে 'নাচোন নাচা'। পথাৰত খেতি চপাই কঠোৰ পৰিশ্ৰমৰ অৱসাদ আঁতৰাই কর্মত নতুন সজীবতা অনাৰ ই হ'ল নৃত্য উৎসব, গীত-নাচেৰে ভৰপূৰ বসন্তোৎসৱ। এই চগ্রা উৎসৱৰ আৰম্ভণি হয় লখিমীক পথাৰৰ পৰা আদৰি অনা দিনৰ পৰা। গাঁৱৰ মুৰব্বী তথা পুৰোহিত 'লৰ'ৰ ঘৰলৈ আঘোণ মাহৰ বুধবাৰে ধানৰ আগ অনা হয়। সেইদিনাৰ পৰাই গাঁৱৰ সকলো ডেকা আৰু আদহীয়াই গাঁৱৰ ডেকাচাঙৰ সন্মুখত নাচে। মিচিংসকলৰ দৰে তিৱা সম্প্রদায়ৰ লোকসকলেও সংক্রান্তি যেতিয়াও নহওক কিয় বুধবাৰে বিহু পাতে। ব'হাগৰ বিহুও তেওঁলোকে বুধবাৰে আৰম্ভ কৰে। ব'হাগ বিহুত সাধাৰণতে পৃথিবীক উৰ্বৰা কৰিবলৈ ডেকা-গাভৰুৱে একেলগে নাচে। অৱশ্যে 'চগ্রামিচাৱা'ৰ তাৎপৰ্যপূৰ্ণ দিশটো হৈছে গাঁৱৰ সকলো ডেকা আৰু আদহীয়াই এই নৃত্য উৎসবত তিনিদিন তিনি বাতি মুঠ চৌৰাশী ঘণ্টাৰ বাবে নৃত্যোৎসৱ পালন কৰিলেও কোনো গাভৰু বা মহিলাই অংশগ্রহণ নকৰে। এই নৃত্য প্রথমে গাঁৱৰ চামাদিৰ সন্মুখত অনুষ্ঠিত হৈ ক্ৰমে গাঁৱৰ মুখিয়াল লোকসকলৰ চোতালত অনুষ্ঠিত হয়। মহিলাসকলে নৃত্য-গীতত অংশগ্রহণ নকৰিলেও নৃত্যৰতা পুৰুষসকলৰ বাবে প্রয়োজন হোৱা 'জু' বা 'চু' (মদ)ৰ যোগান ধৰে। পুৰুষসকলে 'জু'ৰ ৰাগিত মতলীয়া হৈ গ্রাম (বৰঢোল) ৰ ছেৰে ছেবে, পাংচি (বাঁহী), থোৰাং (দুহাত দীঘল বাঁহীৰ) ৰ সুৰত, নৃত্যৰ লয়েৰে 'পিচুগীত' (বিহুগীত) গাই সুদীর্ঘ সময় বৰচোতাল কঁপাই থাকে। তিৱা পাঠা (ডেকা) সকলে ৰূপহী গাভৰুৰ বং-ৰূপ বৰ্ণনা কৰি আপোন পাহৰা হৈ ৰূপাত্মক গীত গাই থাকে। আনহাতে গীত-নৃত্যত অংশ গ্ৰহণ কৰিব নোৱৰা গাঁৱৰ লাহতী গাভৰুবোৰে দূৰৰ পৰাই আঁতৰত থাকি সকলো উপভোগ কৰে। চগ্রামিচাৱাৰ গীতবোৰ হৈছে প্রেম আৰু যৌৱনৰ গীত। সেয়ে এই গীতবোৰ আদিৰসাত্মক। চগ্ৰাৰ নৃত্য আৰু গীতবোৰলৈ চাই ইয়াক যৌন উৎসব বুলিও ক'ব পাৰি।
১৩। বায়খো উৎসৱৰ গীতৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ: অসমৰ ৰাভাসকলে জেঠ মাহৰ পূৰ্ণিমাত বায়খো উৎসৱ পালন কৰে। সাধাৰণতে দেওবাৰ, বুধবাৰ অথবা শুক্রবাৰে এই উৎসব আবম্ভ কৰে। এই উৎসৱত হুইমাৰু, মূল পূজা, কিল্লাদিবিকায়, লেওৱাবুকায় আৰু ছাথাৰ নামে পাঁচটা মুখ্য পর্বত কৃষিজীৱী বাভাসকলে বাৰেৰহণীয়া গীত-মাতেৰে উৎসৱৰ বং উপভোগ কৰে। উৎসৱৰ প্রথম দিনটোক 'নক খিথাৰ কায়' অর্থাৎ 'ঘৰ শুদ্ধিকৰণ' বুলি কোৱা হয়। সেইদিনা ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি কাপোৰ-কানি ধুই নিকা হয়। এটা সময়ত ওজাপালিয়ে গা-পা ধুই গীত আৰম্ভ কৰে। সন্ধিয়া সময়ত ওজাপালিয়ে বাটি এটাত পিঠাগুড়ি লৈ মঙ্গলসূচক গীত গাই গাই গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ চালে চালে পিঠাগুড়ি ছটিয়ায়। ৰাভাসকলৰ বিশ্বাস যে ঘৰৰ চালত পিঠাগুড়ি দেখিলে খোচি দেবীয়ে পূজা খাবলৈ আহিব। ঘৰত পিঠাগুড়ি ছটিওৱা কার্যটোকে 'নকজুমকায়' বোলে। ওজাপালিয়ে পিঠাগুড়ি ছটিয়াই যাওঁতে গাঁৱৰ ৰাইজক উৎসৱত ভাগ লক্সবলৈ গীতৰ জৰিয়তে আহ্বান জনায়।
১৪। ফাৰকান্তি উৎসৱৰ গীতৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ: ফাৰকান্তি নামে মৃতকৰ শ্রাদ্ধ-ক্রিয়া উৎসৱত গোৱা গীতৰ নাম ফাৰকান্তি গীত। ৰাভা জনগোষ্ঠীৰ ৰংদানি আৰু মায়তিৰ ফৈদৰ মাজতহে এই উৎসৱ বহুলভাবে প্রচলিত। ৰাভাসকল জন্মান্তৰবাদত বিশ্বাসী। এই উৎসৱত গোৱা গীতৰ কথাবস্তুত তেওঁলোক যে জন্মান্তৰবাদত বিশ্বাসী সেই কথাৰ উমান পোৱা যায়। উল্লেখযোগ্য যে মৃত্যুৰ পিছত মৃতকৰ আত্মাই কি ৰূপ লৈ জন্ম হ'ব তাক পৰীক্ষা কৰি চোৱাৰ পৰম্পৰাগত ৰীতিৰ কথাও গীতৰ মাজত স্পষ্ট ৰূপত ফুটি উঠিছে। ৰাভাজাতীয় জীৱনৰ লগত মাছৰোকা, বাঢ়ৈটোকা আৰু বাতিক্তিকা চৰাইৰ সম্পৰ্ক যে অতি নিবিড় সেই কথাও গীতত পোৱা যায়।
১৫। যাদুমূলক মন্ত্ৰৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ: লোকাচাৰৰ পৰিসৰে মন্ত্ৰৰ পৰম্পৰাকো সামৰে। পৰম্পৰাগত চিকিৎসা পদ্ধতি দুটা ভাগত বিভক্ত- (ক) যাদুমূলক আৰু (খ) ভেষজ বা প্রাকৃতিক। ৰোগ-ব্যাধি আদি চিকিৎসাৰ বাবে বিজ্ঞানসন্মত ঔষধ-পাতি নোলোৱালৈকে মানুহে যাদুমূলক আৰু ধর্মীয় কৃত্যত গুৰুত্ব দিছিল। জনগণৰ মাজত বিশ্বাস প্রচলিত আছে যে, প্রতিটো ৰোগ-ব্যাধিৰে একোজন বা একোজনীকে অধিষ্ঠাতা বা অধিষ্ঠাত্রী দেবী আছে। সেই দেৱতা বা দেৱীৰ কুপ্ৰভাৱৰ বাবেই মানুহ-দুনুহ, জীব-জন্তুৰ দেহত ৰোগ-ব্যাধিয়ে দেখা দিয়ে। এতেকে কোনো ৰোগ-ব্যাধিয়ে দেখা দিয়াৰ লগে লগে সেই সেই ৰোগ-ব্যাধিৰ অধিষ্ঠাতা বা অধিষ্ঠাত্রী দেৱ-দেৱীক মন্ত্ৰ-উপকৰণ আদিৰে পূজা-উপাসনা কৰিব লাগে। দেৱ-দেৱীক সন্তুষ্ট কৰিবৰ বাবেও মন্ত্ৰ প্ৰয়োগ কৰা হয়। আকৌ ৰোগ-ব্যাধি নিৰাময়ৰ বাবে মন্ত্র প্রয়োগ কৰা হয়। কোনো কোনো মন্ত্র প্রার্থনাসূচক আৰু কোনো কোনো মন্ত্র
ধঙ্কিসূচক। জৰা-ফুকা কৰা মন্ত্ৰত প্ৰাৰ্থনা আৰু ধমকি উভয় বৈশিষ্ট্যই প্রাধান্য লাভকৰে। এইবোৰ মন্ত্র যাদুমূলক।
যাদু আৰু মন্ত্র সম্পর্কে গভীৰভাৱে অধ্যয়নকাৰী চৈয়দ ইন্দ্ৰিছ শ্বাহৰ মতে যাদু বা ইন্দ্রজালৰ উৎস মধ্য এচিয়াৰ মংগোলসকল। অৱশ্যে এই মন্তব্যটি সহজে গ্রহণ কৰিব নোৱাৰি; যিহেতু যাদু বা ইন্দ্ৰজালৰ প্ৰকৃত উৎস মানৱৰ ভয় আৰু বিস্ময়ানুভূতিহে। গতিকে মন্ত্র বিশেষ অঞ্চলৰ বা বিশেষ গোষ্ঠীৰ বুলি নকৈ বিশ্বজনীন প্রৱণতা বুলিহে কোৱা উচিত।
১৬। চমুটোকা লিখাঃ
(ক) অনুষ্ঠানমূলক লোকগীত।
উত্তৰ: অসমৰ সমাজ জীৱনত অতীত কালৰেপৰা বিভিন্ন অনুষ্ঠানৰ প্ৰচলন হৈ আছে আৰু এই অনুষ্ঠানসমূহক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠানমূলক লোকগীতৰো প্রচলন হৈ আছ। অনুষ্ঠানমূলক লোকগীতসমূহৰ ভিতৰত বিহুগীত, বিয়া নাম, ভেকুলী বিয়াৰ নাম, আই নাম আদিয়েই পৰে।
অসমৰ জাতীয় উৎসৱ ৰঙালী বিহ্ব নৃত্যগীতৰ লগত যিবোৰ গীত গোৱা হয়, সেইবোৰকেই বিহুগীত বোলা হয়। অসমৰ বিহু উৎসৱ দৰাচলতে বসন্ত উৎসৱৰে অন্য ৰূপ আৰু বিহু উৎসৱৰ সময়ত সেয়ে কৃষিজীবী লোকে আদিতে পৃথিৱীখন শস্য-শালিনী হোৱাৰ মানসেৰে নৃত্যৰ লগত যিবোৰ গীত গাইছিল, সেইবোৰ গীতেই কালক্ৰমত বিদ্গীত হিচাপে জনাজাত হৈ আহিছে। অসমীয়া বিহুগীতসমূহৰ প্ৰধান বিষয় হৈছে প্রেম আক এই গীতবোৰৰ মাজেদি সাধাৰণতে ডেকা-গাভৰৰ প্রেমকে ধৰি বিভিন্ন মনোভাব প্রকাশিত হৈছে। অসমীয়া বিহুগীতসমূহৰ অনুৰূপ গীত হিচাপে চবি গীত আৰু বৰগীতসমূহৰো প্রচলন আছে। মানুহৰ মংগল কামনাৰে মানুহৰ ঘৰে ঘৰে গোৱা আশীর্বাদমূলক গীতবোৰেই হৈছে হুচৰি গীত। আনহাতে বনগীতবোৰত ডেকা-গাভৰুৰ যৌনক্ষুধা আৰু যৌৱনৰ উন্মাদ কামনাৰ প্ৰকাশ আছে।
বিহুগীতসমূহৰ লগতে অসমীয়া অনুষ্ঠানমূলক গীতৰ ভিতৰত বিয়ানামসমূহো পৰে। অসমীয়া সমাজৰ বিবাহ উৎসৱৰ বিভিন্ন সময়ত গোৱা গীতসমূহেই হৈছে বিয়া গীত। এই বিয়া গীতসমূহ এফালে যেনেকৈ গাম্ভীর্যপূর্ণ, আনহাতে বিয়াৰ লগত জড়িত দৰা-কইনাৰ পক্ষৰ বিভিন্ন লোকক নিস্বার্থ ঠাট্টা-মস্কৰা কৰি আনন্দ উপভোগ কৰাৰ কাৰণে গোৱা যোৰা নামসমূহো আছে। নামনি অসমত এইবোৰ গীতকে 'খিচাগীত' বুলি কোৱা হয়। অসমীয়া বিয়া গীতসমূহৰ লগতে ভেকুলী বিয়াৰ গীতসমূহকো সন্নিবিষ্ট কৰিব পাৰি। ভেকুলী বিয়াৰ গীতৰ লগতে নামনি অসমৰ কিছুমান ঠাইত বৰষুণ কামনা কৰি পতা হুদুমপূজাৰ অনুষ্ঠানত গোৱা গীতসমূহো উল্লেখ কৰিব পাৰি। অনুষ্ঠানমূলক লোকগীতৰ ভিতৰতে মহোহো গীতসমূহকো অন্তর্ভুক্ত কৰা হয় আৰু এই মহোহো গীতৰ সমপৰ্যায়ৰ গীত হৈছে বাম্বোলপিটা গীত।
ওপৰত উল্লেখ কৰা এই অনুষ্ঠানমূলক লোকগীতসমূহ ভক্তি নিবপেক্ষ লোকগীতৰ শাৰীত স্থাপন কৰি সমালোচকসকলে ভক্তিমূলক অনুষ্ঠানমূলক লোকগীতৰ কথাও আলোচনা কৰি দেখুৱাইছে। সেইবোৰ গীতৰ ভিতৰত আইনাম, সুবচনী গীত, অপেচৰা সবাহৰ গীত, জগন্নাথৰ নাম, লখিমী সবাহৰ গীত, চ'ৰাব্ৰতৰ গীত আদিৰ কথা উল্লেখ কৰিব পাৰি। এই গীতবোৰ তিৰোতাসকলৰেই ৰচনা বুলি কোৱা হয়। তিৰোতাসকলে বিভিন্ন ধর্মীয় অনুষ্ঠান পাতি গোৱা এই গীতবোৰত বিভিন্ন দেব-দেবীৰ প্রতি তিৰোতাসকলৰ মনৰ অকুণ্ঠ ভক্তিৰ সুন্দৰ প্রকাশ ঘটা দেখা গৈছে। তিৰোতাসকলে নিজকে অতি তুচ্চ বুলি অভিহিত কৰি দেৱ-দেৱীক সন্তুষ্ট কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিব বুলি কৰা আশাৰ অনাবিল প্রকাশ এই গীতবোৰত দেখা যায়।
অসমীয়া লোকগীতসমূহৰ ভক্তিমূলক এই লোকগীতৰ ভিতৰত দেহ-বিচাৰ গীত, টোকাৰী গীত আৰু আজানপীৰৰ নামত প্রচলিত জিকিৰ গীতসমূহো পৰে। দেহ বিচাৰৰ গীত আৰু টোকাৰী গীতসমূহত সংসাৰৰ অনিত্যতাৰ ভাব প্রকাশ কৰি হবিনামেই যে জীৱৰ মূলধন সেই কথা প্রকাশ কৰিছে। সেইদৰে জিকিৰ গীতসমূহত আল্লাৰ নাম শ্রবণ-কীর্তনেই যে সংসাৰ-তাপক্লিষ্ট মানুহৰ বাবে পৰম সম্পদ স্বৰূপ সেই কথা দাঙি ধৰা হৈছে। জিকিৰ গীতসমূহক অসমীয়া ভাষা সাহিত্যৰ অমূল্য সম্পদ বুলিও অভিহিত কৰা হয়।
(খ) বিয়াগীত।
উত্তৰ: অসমীয়া বিবাহ উৎসৱৰ বিভিন্ন উপলক্ষত যিবোৰ গীত গোৱা হয় সেইবোৰকে বিয়াগীত বা বিয়া নাম বুলি জনা যায়। পানী-তোলা, গোঁসাইপূজা, দৰা-কইনাক গা-ধুউৱা, সুৱাগ-তোলা, দৰা আদৰা আদি গীতবোৰত 'স্মৃতি শাস্ত্ৰ'ৰ নীতিৰ দ্বাৰা সংগত পবিত্ৰ মিলনৰ মধুৰ' সুৰ শুনিবলৈ পোৱা যায়।
গীতবোৰত আয়তী তথা বচয়িত্ৰীসকলৰ সৰল কল্পনা, দাম্পত্য জীৱনৰ আদর্শ, কইনা উলিয়াই দিয়াৰ কাৰুণ্য আদি ৰস মনোৰমভাৱে প্ৰকাশ পাইছে। কিছুমান গীতত কৃষ্ণ-কক্মিণী, উষা-অনিৰুদ্ধ, হৰ-গৌৰী, ৰাম-সীতা আদি পৌৰাণিক চৰিত্ৰক দৰা-কইনা হিচাপে কল্পনা কৰি তাৰ লগত জড়িত কাহিনী বর্ণনা কৰা হৈছে। এই শ্ৰেণীৰ গীত গহীন আৰু কচিপূর্ণ। আন এক শ্ৰেণীৰ গীত আছে যিবোৰ বিয়া গীতত দৰা-কইনা-ঘৰীয়াই পৰস্পৰে পৰস্পৰক ঠাট্টা-মস্কৰা কৰি আনন্দ উপভোগ কৰে। এনে শ্রেণী বিয়া গীতক যোৰানাম বা খিচা গীত বোলে।
যেনে- তালপাতৰ বিচনী
দৰাঘৰৰ মানুহ কেইটাৰ একেবাৰে ফুটনি।
মানুহৰ বিয়াত গোৱা গীতৰ উপৰি ভেকুলীৰ বিয়াত গোৱাৰ বাবেও কিছুমান বিয়াগীত ৰচিত হোৱা দেখা যায়। এনেবোৰ গীতত অলৌকিক কল্পনাই প্রাধান্য লাভ কৰা দেখা যায়।
মুঠতে বিয়াগীতসমূহে অসমীয়া জাতীয় জীৱনৰ বিবাহ-উৎসৱৰ স্বকীয় মাধুর্য বজাই বাখি আহিছে।
(গ) হাইদাং গীত।
উত্তৰঃ কছাৰীসকলৰ মাজত প্রচলিত নানা গীত-মাতৰ মাজত হাইদাং গীতটি বিশেষ মূল্যবান এটি সম্পত্তি। ইয়াৰ ভাষা মিহলি আৰু অনিয়মিত অসমীয়া বুলি ক'ব পাৰি। গীতটি ধৰ্মমূলক। পোনতেইনাৰায়ণ, অগ্নিনাৰায়ণলৈ নমস্কাৰ। তাৰ পিছত পৃথিবী, আকাশ, চাৰি মুঠি জীৱৰ সৃষ্টিৰ বৰ্ণনা। বিৰিং ৰজা আদি কেইজনমান দেৱতাৰ উল্লেখো আছে। ইয়াৰ শাঁহত এটি কাহিনী সোমাই থকা যেন লাগে-সৰু সৰু ৰজা লগত লৈ নৰে ৰজাই নাও-ব'ঠাৰে ৰণৰ সাজেৰে গৈ ৰূপী, কুৰূপী দুই ভনীৰ ঘৰত ভাৰ শোধাইছে, আৰু ৰূপীক বিয়া কৰাই ঘৰলৈ আনিছে।
(ঘ) মন্ত্র-সাহিত্য।
উত্তৰ: অতি প্রাচীন কালৰ পৰাই আমাৰ দেশত তন্ত্র-মন্ত্ৰৰ প্রচলন আছিল। বুদ্ধদেবে মন্ত্ৰবোৰক 'তিৰচ্ছান' অর্থাৎ কুটিল বুলি কৈছিল। খ্রীষ্টীয় নৱম শতিকামানৰ পৰা কামৰূপ তন্ত্র-মন্ত্র আৰু ইন্দ্রজাল-বিদ্যাৰ কেন্দ্ৰস্থান হৈ পৰে। এইকথা যোগিনী তন্ত্ৰত পোৱা যায়। গেইট চাহাবৰ মতে সৰহভাগ মন্ত্ৰ কামৰূপতে ৰচিত হৈছিল। অসমীয়া ভাষাত অগ্নিবাণ, ব্রহ্ম-কৰতি, পানী-কৰতি, ৰাম-কৰতি, গু-কৰতি, পক্ষীৰাজ-মন্ত্র, সুদর্শন-মন্ত্র, সর্বঢাক-মন্ত্র, বীৰাজৰা মন্ত্ৰ, ধৰণী-মন্ত্র, পুস্পজৰা-মন্ত্র, মোহিনী মন্ত্র আদি অলেখ মন্ত্র পুথি আছে। এই মন্ত্রসমূহ অথর্ববেদ, বৌদ্ধ আৰু হিন্দু ধৰ্মৰ তন্ত্র-শাস্ত্ৰ আৰু জনজাতিসকলৰ সংমিশ্রণত সৃষ্টি হৈছে। তদুপৰি এই মন্ত্ৰবোৰত ৰামায়ণ, মহাভাৰত, পুৰাণৰ কাহিনী নানা ৰূপত বর্ণিত হৈছে। ৰাম, সীতা, হনুমান, অর্জুন, বিষ্ণু, মহাদেৱ, বাসুদের, পার্বতী, গণেশ, মনসা আদি পৌৰাণিক চৰিত্ৰৰ কথা আৰু সিবিলাকৰ কাৰ্য সম্বন্ধে মন্ত্র পুথিত উল্লেখ আছে। বহু মন্ত্রত আকৌ ঘৰুৱা জীৱনৰ চিত্ৰ পোৱা যায়।
মন্ত্ৰবোৰৰ ৰচনা কাল সঠিককৈ নিৰ্ণয় কৰা টান। পণ্ডিতসকলে খ্রীষ্ট্রীয় দশম শতিকামানৰ পৰা পঞ্চদশ শতিকা মানৰ ভিতৰত মন্ত্র সমূহ ৰচনা কৰা হয় বুলি অনুমান কৰিছে। মন্ত্ৰবোৰত ৰচকৰ নাম নাই। যথাসম্ভৱ সেইবোৰ মানুহৰ মুখে মুখে প্রচলিত হৈ কালক্ৰমত লিপিবদ্ধ হয়গৈ। বেদৰ বাহিৰ বাবে মন্ত্ৰবোৰক বেদৰ বাহিৰৰ সাহিত্য বা 'ওভোতা-বেদ' বোলা হয়। মন্ত্ৰবোৰ গদ্য আৰু পদ্য উভয়তে ৰচিত। অৱশ্যে সবহসংখ্যক মন্ত্র পদ্যতে ৰচিত। মন্ত্র সমূহৰ ভাষা কথিত। বহু মন্ত্রত অসংলগ্ন বাক্য দেখা যায়।
(ঙ) নিচুকনী গীত।
উত্তৰঃ কান্দি থকা শিশুক জিত কৰিবলৈ, গাখীৰ-কল-ভাত আদি খুৱাবলৈ মাক, আইতাক, বায়েক আদিয়ে গোৱা গীতৰ নামেই নিচুকনী গীত। এইবিধ প্রায়ে সংখ্যাবাচক, খেয়ালী ভাব বিশিষ্ট, পাৰস্পৰিক সংগতি বিহীন আৰু যুক্তিবিহীন। এই জাতীয় গীতৰ
লগত কার্য বা আচৰণ জড়িত হৈ থাকে। কেতিয়াবা কেতিয়াবা গায়িকাই গীতৰ লগতে নির্বাক অভিনয়ো কৰি দেখুৱায়।
(চ) কর্মবিষয়ক গীত।
উত্তৰ: অসমীয়া কর্মবিষয়ক লোকগীতসমূহৰ ভিতৰত ধাইনাম, নাওখেলৰ গীত, গৰখীয়া গীত আদিৰ কথাকেই দেখুৱাব পাৰি। মানুহে জীৱনৰ কিছুমান কাম কৰোঁতে শ্রম লাঘৱ কৰাৰ মানসেৰে এইবোৰ গীত গাইছিল বাবে আৰু এইবোৰ গীতৰ যোগেদি আনন্দ লাভ কৰিব বিচাৰিছিল বাবেই এইবোৰক চমুকৈ 'কর্মসংগীতো' বুলিব পাৰি বুলি কোৱা হয়।
অসমীয়া ধাইনামসমূহক ধেমালি নাম বা নিচুকনি গীতো বোলা হয়। সৰু ল'ৰা-ছোৱালীবিলাকক সিহঁতৰ শিশু অৱস্থাত নিচুকাই টোপনি নিয়াবলৈ কৰা যত্নতে এই গীতবোৰ ৰচিত হৈছিল। ইয়াৰ উপৰি শিশুসকলক আনন্দ দান কৰাটোও এই গীতবোৰৰ উদ্দেশ্য আছিল।
অসমীয়া ধর্ম বিষয়ক অন্যান্য লোকগীতৰ ভিতৰত নাওখেলৰ গীত, মলুৱাৰ গীত, গৰখীয়া গীত, বৰশীবোৱা গীত, কুঁহিয়াৰ পেৰা গীত আদি বিভিন্ন গীতসমূহকো সামৰি লোৱা হয়। এইবোৰৰ লগতে পচলাৰ জুনা, তাঁতীৰ জুনা, কপাহৰ জুনা, নাঙলৰ জুনা আদি কিছুমান বিশেষ বিশেষ কামৰ লগত জড়িত, ধেমেলীয়া কাহিনী সংযুক্ত গীতবোৰকো কর্মবিষয় গীতৰ ভিতৰতেই সন্নিৱিষ্ট কৰা হয়।
(ছ) খেলা-ধূলাৰ গীত।
উত্তৰ: খেলা-ধূলাৰ সৈতে সম্পৃক্ত গীতবোৰো শিশুৰ সৈতে জড়িত। মানুহৰ কথা বাদেই চৰাই-চিৰিকতি-জন্তু আদিয়ে খেলা-ধূলা কৰি আনন্দ লাভ কৰে। ল'ৰা-ছোৱালীয়েও খেলিবলৈ পালে লাভ কৰে পৰম সন্তুষ্টি। এই আনন্দ অপার্থিব, বাস্তৱ জীৱনৰ সৈতে ইয়াৰ কোনো সম্পর্ক নাই। খেলা-ধূলা ল'ৰা-ছোৱালীৰ বাবে ভৱিষ্যৎ জীৱনৰ প্ৰস্তুতি মাথোন। এই জাতীয় গীতৰ অৰ্থ বিচাৰি পোৱা টান, ধ্বন্যাত্মক ক্রিয়া সম্পাদনৰ বাবেই গীত বা পদ ব্যৱহাৰ কৰা হয়। অনুপ্ৰাসৰ ক্ষিপ্ৰতাই অৰ্থৰ তুলনাত অধিক গুৰুত্ব লাভ কৰে। এই শ্রেণী গীতৰ এটি উদাহৰণ তলত দিয়া হ'ল। গীতটো 'হাত লুকাই থোৱা' খেলৰ সৈতে সম্পর্কযুক্ত। যেনে-
বগলী, বগলী, তোমাৰ হাত দুখন কিহে নিলে?
আম পাৰোতে আমে নিলে?
সেই আম কি হ'ল? হাবিত পৰিল।
সেই হাবি কি হ'ল? পুৰি গ'ল।
সেই ছাই কোনে নিলে? ধোৱাই নিলে।।
শিশুৰ লগত জড়িত গীতবোৰ যি কল্পনাৰ ওপৰত ভেজা লৈ সৃষ্টি হয় সেই কল্পনা বয়স-প্রবীণ লোকৰ স্বাভাবিক কল্পনা নহয়, শিশু মনৰহে "কিন্তু শিশুৰ জীৱন চুব লাগে বুলিয়ে এই কল্পনা সহানুভূতিৰ সহায়ত শিশু সুলভ হৈ পৰে। শব্দযোজনা, কাণতবজা ছন্দ, নিচুকনি আৰু খেল-ধেমালিৰ গীত- দুয়োবিধৰে বিশেষত্ব।"
(জ) ধর্মীয় গীত-পদ।
উত্তৰ: লোকসাহিত্য বা বাচিক কলাৰ এটি বিশেষ স্থান দখল কৰি আছে ধর্মীয় গীতবোৰে। ধর্মীয় প্রসংগ অর্থাৎ পূজা-পাতল-উপাসনা আদিৰ অনুযংগত গোৱা গীতবোৰেই ধর্মীয় গীত। দেৱ-দেৱীৰ উৎপত্তি, মর্ত্যত তেওঁলোকৰ পূজা-উপাসনা বিস্তাব, পূজা-উপাসনাৰ বিধি-ব্যৱস্থা, পূজাকর্তা, ভক্ত, ব্রতী, ব্রতিনী আদিৰ আধ্যাত্মিক উৎকর্ষ আদিৰ বৰ্ণনা এইবিধৰ গীতত পোৱা যায়। ধর্মীয় গীত পুৰাণগত মালিতা ধর্মী হ'ব পাৰে। সাধাৰণে পূজা-খলা বা উপাসনা স্থান আদিত পুৰুষসকলে অথবা মহিলাসকলে নাইবা পুৰুষ-স্ত্রী উভয়ে পৰম্পৰাগত বাদ্যযন্ত্র যেনে খোল, মৃদংগ, নাগেৰা, তাল, কৰতাল, মঞ্জিৰা আদি সংগতকৰি চাপৰি বজাই এই গীতবোৰ আবৃত্তি কৰে। ব্যাস ওজাপালি, সুকনানি ওজাপালি, মাৰে-গান, পদ্মা-পুৰাণৰ গান, বাশী-পুৰাণৰ গান আদিপৰিৱেশ্য অনুষ্ঠানে বাদ্যযন্ত্র সংগত কৰি ধৰ্মীয় গীত আবৃত্তি কৰে সামাজিক আধ্যাত্মিক, নৈতিক আৰু সামাজিক শিক্ষা দিয়াৰ প্ৰয়াস কৰে। ভক্তিৰ পৰাকাষ্ঠা ধর্মীয় গীতবোৰৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। লোকসাহিত্যত আধ্যাত্মিকতা কিদৰে পৰিষ্কৃত হয়? আলোচনা কৰা।
উত্তৰঃ জীৱনৰ সামগ্রিক সত্তাই লোকসাহিত্যৰ বিভিন্ন প্রসঙ্গত প্রকাশ পাই আহিছে। ভাৰতীয় জীৱন দৰ্শনৰ অন্তর্গত হিচাপে অসমীয়া জনমানসতো মানৱজীৱনৰ সতে ইহকাল আৰু পৰকাল বুলি দুটা দিশ জড়িত হৈ আছে। ইহকাল মানেই হ'ল মানুহৰ জীৱিত কালৰ অৱস্থা বা ঐহিক জীবন আৰু পৰকাল হ'ল মৃত্যুৰ পিছৰ অশৰীৰী অৱস্থাটো। লোকসাহিত্যৰ মাজত জীবিত কালৰ সকলো দিশেই যেনেকৈ প্রতিফলিত হয় ঠিক তেনেকৈ মৃত্যুৰ পিছৰ পৰকালৰ কথাও উল্লেখ নথকা নহয়। লোকসমাজে বহুক্ষেত্ৰত ইহকালৰ ভাল-বেয়াকৰ্মৰ ওপৰতো পৰকাল সম্বন্ধে কিছু কথা ধাৰণা কৰে বা বিশ্বাসত লয়। হ'লেও মৃত্যুৰ পিছত যিহেতু দেহৰ অস্তিত্ব নাথাকে; গতিকে বাস্তৱৰ দেহটোৰ পৰিবৰ্তে অশৰীৰী আত্মাৰ প্ৰসঙ্গই ইয়াত মুখ্য স্থান লাভ কৰে। ভাৰতীয় দর্শনমতে এই আত্মাৰ মূল পৰমাত্মা; যাক ঈশ্বৰ বুলি বিশ্বাস কৰা হয়। ভাৰতীয় দার্শনিক বিচাৰত এই আত্মা-পৰমাত্মাই নিত্য-সত্য। আৰু এই সম্বন্ধীয় আলোচনা-বিলোচনা তথা চিন্তা-চচাই হৈছে আধ্যাত্মিকতা।
আধ্যাত্মিক আলোচনাৰ প্রসঙ্গক্রমে আত্মা- পৰমাত্মাৰ লগতে দেহ-মন-ব ইন্দ্রিয়
আদিয়েও ভুমুকি মাৰে। এটা কথা স্বীকাৰ কৰিবই লাগিব, জীবিত কালত মানুহৰ সৰ্বোত্তম সম্পদ এই শৰীৰ। সেয়া লোক সমাজতেই হওক কিম্বা শিষ্ট সমাজতেই হওক। অৱশ্যে লোকসমাজত এই দেহটোৰ গুৰুত্ব সর্বাধিক। কাৰণ লোক সমাজে এই কায়িক দেহটোৰ সহায়তে খাই বৈ জীয়াই থকাৰ সংগ্ৰাম কৰে। গতিকে একপ্ৰকাৰে ক'বলৈ গ'লে, দেহটোবেই তেওঁলোকৰ জীৱন সাধনাৰ সম্বল। বোধকৰো এই কাৰণেই অসমীয়া লোক সাহিত্যৰো বন্ধে-বন্ধে এই দেহৰ বন্দনা বিদ্যমান। মৃত্যুৰ পিছত এই বহুজনবন্দিত দেহটোৰ কিন্তু গুৰুত্ব নোহোৱা হৈ যায়। ইয়াৰ ঠাইত আহি পৰে অবিনশ্বৰ আত্মাৰ আলাপ তথা উপলব্ধি।
অসমীয়া লোকসাহিত্যত এই আধ্যাত্মিকতাৰ প্রতিফলন ঘটিছে মুখ্যতঃ দেহবিচাৰৰ গীত, টোকাৰী গীত, গুপুত সেৱাবা ৰাতি সেৱাৰ গীত, জিকিৰ গীত, আদিৰ লগতে ফকৰা আৰু মন্ত্ৰ সাহিত্যৰ মাজত।
দেহবিচাৰৰ গীতত আধ্যাত্মিক চিন্তা ভাৱনাৰ ছবিখন স্পষ্টৰূপত ফুটি ওলাইছে। অসমীয়া লোকসমাজৰ এই শ্ৰেণী গীতৰ ৰচক তথা ধাৰক-বাহকসকল কর্মব্যস্ততাৰ পৰা আঁতৰি থকা বিষয় সংসাৰৰ প্ৰতিও বিৰাগভাজন হোৱা লোক। বৰাগী জাতীয় এই সাধক পুৰুষসকলে ঘুৰি ফুৰোতে এই দেহ বিচাৰৰ গীত-পদবোৰ গাই নিজে আধ্যাত্মিক শান্তি বিচৰাৰ লগতে লোকসমাজকো দেহাৰ লগতে ইন্দ্ৰিয়াদিৰ অসাৰত্ব প্ৰতিপন্ন কৰাই অবিনশ্বৰ আত্মা-পৰমাত্মাৰ সন্ধান দিবলৈ চেষ্টা কৰে। এফালৰ পৰা চাবলৈ গ'লে এই সকল সাধক পুৰুষ লোকসমাজৰ বাবে একো একোগৰাকী আধ্যাত্মিক দিশৰ শিক্ষক স্বৰূপ। এওঁলোকে আত্মা-পৰমাত্মা সম্পৰ্কীয় এই জটিল ধাৰণাবোৰ জনসাধাৰণে সহজে বুজিব পৰাকৈ পৰিচিত আৰু দৃশ্যমান বস্তুৰ আশ্ৰয়ত ব্যাখ্যা কৰে। এই ক্ষেত্ৰত ঘৰদুৱাৰ, গছ-বিৰিখ, চৰাই-চিৰিকতি নদী-নৌকা, জীবজন্তু আদিকেই দেহ-মন, মায়া-বুদ্ধি, চিত্ত, অহংকাৰ, ৰিপু ইন্দ্ৰিয়াদিৰ লগতে, আত্মা-পৰমাত্মাৰ প্ৰতীক হিচাপে দেখুওৱা হয়।
বৈৰাগ্যত দীক্ষিত হৈ দেহৰ অসাৰত্ব আৰু আত্মাৰ স্থায়ীত্ব জ্ঞান হোৱাৰ পিছত সেই আত্মাৰ মাজেদিয়ে সাধকপুৰুষে পৰমাত্মাৰ সন্ধান কৰে। এই পৰমাত্মা প্রাপ্তিৰ পথ হ'ল ভক্তিৰ পথ। সেয়ে দেহ বিচাৰৰ গীতত ভক্তি উপাসনাৰ সমল হিচাপে হবিনামেও প্রাধান্য লাভ কৰিছে।
২। অসমীয়া লোক-সাহিত্যত দেৱ-দেৱীসকলৰ বন্দনা কিদৰে উল্লেখ আছে, লিখা।
উত্তৰ: অসমীয়া লোক-মানসত স্থান পোৱা দেৱ-দেৱীসকলৰ বিভিন্ন অভিব্যক্তিবোৰ লোক-সাহিত্যৰ মাজেৰেও বর্ণাঢ্য ৰূপত প্রকাশ পোৱা দেখা যায়। অসমীয়া লোক-সাহিত্যত ভগৱান কৃষ্ণ বিষয়ক গীত-মাতো কম নহয়। আনকি আন দেৱ-দেৱী বিষয়ক গীত-পদ বা আখ্যানৰ মাজতো কৃষ্ণ প্রসঙ্গ উত্থাপন হোৱাটো অসমীয়া লোক-সাহিত্যৰ মন কৰিব লগীয়া বৈশিষ্ট্য। অসমীয়া লোক-সাহিত্যত কৃষ্ণ নামৰ প্রাধান্য সকলোৰে ওপৰত। লোক সমাজত পুৱাৰ পৰা গধূলিলৈ আই-বাইৰ পৰা আৰম্ভ কৰি পথৰুৱা প্রেমত মত্ত থকা গৰখীয়া জীবন পর্যন্ত কৃষ্ণ নাম সকলোৰে মুখে মুখে। সিবিলাকৰ মুখতে অজ্ঞাত ভাবে নিতৌ সৃষ্টি হ'ব লাগিছে কৃষ্ণ নাম বিজড়িত অসংখ্য লোকগীত আৰু লোককথা। গাঁৱলীয়া জনসাধাৰণে অঞ্চলবিশেষে কিছুমান লোক উৎসব-অনুষ্ঠান উদ্যাপন কৰে। এই উৎসৱৰ বিভিন্ন কৃত্যত গোৱা ভালেমান গীত-পদতো কৃষ্ণৰ উল্লেখ পোৱা যায়। এই ক্ষেত্ৰত দৰঙৰ দেৱানন্দ সত্ৰ আৰু খটৰা সত্ৰত অনুষ্ঠিত কৰা দধিমথন উৎসব, ঔতলা সত্ৰৰ পাচেতি উৎসব উল্লেখযোগ্য।
গৰখীয়াসকলে গোৱা গীতবোৰৰ দৰে গাঁৱৰ আই-বাই সকলেও কৃষ্ণক লৈ অসংখ্য গীত-পদ গায়। বিশেষকৈ বিয়াত যেতিয়া আয়তীসকলে প্ৰহৰে প্ৰহৰে বিয়ানামবোৰ গায় তেতিয়া দৰা-কইনাৰ গাতে কৃষ্ণ-ৰুক্মিণীক আৰোপ কৰি কৃষ্ণ কথাৰ আলাপ কৰে। বিয়াগীতৰ মাজে মাজে আয়তীসকলে কৃষ্ণৰ লগতে ৰুক্মিণীকো উল্লেখ কৰি মর্ত্যতে সৰগ ৰচি বিয়াৰ নিশাৰ প্ৰতিটো প্ৰহৰ গহীন কৰি তোলে।
বিয়াৰ পানী তোলোতে আই-বাইসকলে গোৱা গীত-পদবোৰতো কৃষ্ণ প্রসঙ্গ বক্ষিত হৈছে।
অসমত পুৰণি কালৰে পৰা চলি অহা এক ধৰণৰ বিশেষ সেৱাৰ অনুষ্ঠান হ'ল বাতিসেবা। উজনি অসমত এই সেৱা কৰোতাসকলক বাতিখোৱা, ঢেকীয়াফুলীয়া আদি নামেৰে জনা যায়। নামনি অসমত বিশেষকৈ দৰঙৰ এই সম্প্রদায়টোক 'বৰখেলীয়া' (বৰশলীয়া) বুলি কয়। এওঁলোকে গোৱা গীতবোৰৰ (চিয়া) মাজতো শ্রীকৃষ্ণৰ প্রসঙ্গ বর্তমান।
লোক-সমাজে শ্ৰমৰ অৱসাদ দূৰ কৰিবৰ বাবেও কিছুমান গীত-পদ গায়। কেতিয়াবা কেতিয়াবা এনেকুৱা গীত-পদবোৰৰ মাজতো কৃষ্ণৰ উল্লেখ পোৱা যায়।
মুঠৰ ওপৰত অসমীয়া লোক-সাহিত্যৰ লোককথা, লোকোক্তি, লোকনাট আৰু মন্ত্র। এই আটাইকেইটা অঙ্গতে কৃষ্ণ প্রসঙ্গ যে কম-বেছি পৰিমাণে জড়িত হৈ আছে তাত তিলমানো সন্দেহ নাই।
অসমীয়া লোকগীতসমূহৰ ভিতৰত ৰামকথাই প্রাধান্য লাভ কৰা শাখাটো হ'ল অনুষ্ঠান বিষয়ক। জনবিশ্বাসত ৰাম সদায় আদর্শপুৰুষ আৰু সীতা আদর্শ নাৰী। সেয়ে দৰা-কইনাক ৰাম সীতাৰ লগত ৰিজনি দি সেই আদর্শত ব্রতী হোৱাটো কামনা কৰে। ৰামকথাত থকা স্বামী ৰাম আৰু পত্নী সীতাৰ গুণৰাজিও প্রত্যেকজন নববিবাহিতা দৰা-কইনাৰ বাবেই আদর্শনীয়।
সামাজিক উৎসৱ বিয়াৰ দৰেই ভক্তিমূলক দুর্গা পূজা, গোপিনী সবাহ, তুলসীতলত পতা নাম আদিৰ প্ৰসঙ্গতো ৰামকথাবিষয়ক গীত-পদৰ প্ৰচলন আছে। দুর্গাপূজাত দেৱীৰ প্রশস্তিবোৰত ৰামকথাৰ বিশেষকৈ ৰাৱণক বধিবলৈ ৰামে দেবীক স্তুতি কৰাৰ কথা বর্ণিত হৈছে।
গোপিনী-সবাহৰ প্ৰসঙ্গতো ৰামকথা বিষয়ক গীতৰ প্ৰচলন আছে। গোপিনী-সবাহৰ প্ৰায়বোৰ গীততে ৰামৰ বনবাসী জীৱনৰ চিত্ৰ প্রতিফলিত হৈছে।
গোপিনী-সবাহৰ দৰেই নামনি অসমৰ, বিশেষকৈ কামৰূপৰ পলাশবাৰী টিহু আদি ভালেমান অঞ্চলত প্রচলিত তুলসীতলত পতা সবাহতো ৰামকথা বিষয়ক গীত-পদ গোৱাৰ পৰম্পৰা আছে।
পুতলা নাচ, ওজাপালি, খুলীয়া ভাউৰীয়া, ভাৰীগান, কুশান গান, নাগাৰা নাম আদি অসমৰ বিশিষ্ট লোকপৰিৱেশ্য কলা। এই অনুষ্ঠান সমূহৰ প্ৰসঙ্গতো ৰামকথাবিষয়ক গীত-পদ আৰু কাহিনী জড়িত হৈ আছে। এই অনুষ্ঠানবোৰৰ কিছুমানে বামবিষয়ক নাট অভিনয় কৰি গীত-পদ গায়। ওজাপালিয়েও মালচী, ৰাগৰ মালিতা আদি গাওতে ৰাম বিষয়ক কথাংশ পৰিবেশন কৰা দেখা যায়। ৰাইমনগোৱা ওজাপালি, ব্যাসগোৱা ওজাপালি আদিয়ে অৱশ্যে ৰামকথাৰ দীঘলীয়া কাহিনীকে পৰিবেশন কৰে।
অসমীয়া লোক-সাহিত্যত ভগবান শিব বা মহাদেৱ বিষয়ক গীত-মাতো কম নহয়। শিৱ তন্ত্র-মন্ত্র নাম গীত সকলোতে বিয়পি আছে।
অসমীয়া লোক-সাহিত্যৰ অন্তৰ্গত ভক্তিমূলক লোকগীতসমূহতে দেৱতাসকলৰ তুলনাত দেবীসকলৰ প্ৰসঙ্গ বেছিকৈ জড়িত হৈ আছে। অসমীয়া লোক-সাহিত্যৰ এক বিস্তৃত দিশ দেৱীৰ বিভিন্ন অভিব্যক্তিৰে ভৰি আছে। মহিলা আৰু কুমাৰী ছোৱালীবোৰে গোৱা আইনাম, দুর্গা গোঁসানীৰ নাম, লক্ষ্মীৰ নাম, জগদ্ধাত্রীৰ নাম, অপেশ্বৰী সবাহৰ নাম, লখিমী সবাহৰ নাম, সুবচনীৰ নাম, চৰাব্ৰতৰ নাম, কাতিপূজাৰ নাম, পাৰ্বতীৰ নাম আদি এই ক্ষেত্রত উল্লেখযোগ্য।
তদুপৰি গোৱালপাৰাৰ 'শিবো শিৱো গীত', দৰঙৰ জাগৰ আৰু মালচী গীত আদিতো মুখ্যত: দেবীৰেই প্রসঙ্গ জড়িত হৈ থকা দেখা যায়।।
অসমীয়া লোক-সাহিত্যৰ বিশিষ্ট অঙ্গস্বরূপ জনশ্রুতি (Legend), পুৰাণকথা (Myth) আৰু মন্ত্র সাহিত্যতো দেৱীৰ ভালেমান অভিব্যক্তি প্রকাশ পোৱাটো এইখিনিতে প্রণিধানযোগ্য।
প্ৰকৃতাৰ্থত পৰম শক্তি স্বরূপা দেবী এজনাই। সময় সাপেক্ষে তেৱেঁই বিভিন্ন ৰূপ পৰিগ্ৰহ কৰে। লোক-সমাজে কল্পনা আৰু বিশ্বাসৰদ্বাৰা এই দেবীসমূহক ভিন ভিন দিশত অধিষ্ঠাত্রী কৰি তেওঁলোকৰ ৰূপ-গুণৰ লগতে মহিমাময়ী কথাবোৰ গীত আৰু কথা আকাৰে বৰ্ণনা কৰে লগতে পূজা-পাতল আগবঢ়াই দেৱীসকলক সন্তুষ্ট কৰিব বিচাৰে।
দেখা যায়, দেৱীসকলৰ সন্তুষ্টিৰ অৰ্থে গোৱা বেছিভাগ গীতেই নাৰীসকলৰ ৰচনা। নাৰী হৃদয়ৰ সৰলতা আৰু ভক্তিময় ভাব এই গীতবোৰত বৰ সুন্দৰভাৱে পৰিস্ফুট হয়। অসমীয়া লোক-সাহিত্যৰ বিশিষ্ট সম্পদ আইনাম বা শীতলা দেবীৰ নামবোৰেই এই ক্ষেত্রত উল্লেখযোগ্য উদাহৰণ।
বসন্তৰ অধিষ্ঠাত্রী দেবী শীতলাৰ সন্তুষ্টিৰ উদ্দেশ্যে গোৱা গীতবোৰেই হ'ল আইনাম। এই গীতবোৰৰ মাজত দেবী শীতলাৰ ৰূপ, গুণ আৰু মহিমা বর্ণিত হোৱাৰ উপৰিও তেওঁৰ জন্ম পৰিচয়, লগৰ ন-গৰাকী ভনীয়েক আদিৰো উল্লেখ পোৱা যায়। কিছুমান আইনামত শীতলা দেৱীক শিৱৰ কন্যা আৰু কিছুমান গীতত দেৱীক মহামায়া দুর্গাবে এক অভিব্যক্তি বুলি বর্ণনা কৰা হৈছে। এইশীতলা দেৱীয়েই আকৌ বসন্ত দেবী, শ্যামাদেরী, মুণ্ডমালী আৰু মহামায়া নামেও পৰিচিতা। তেওঁ বিবস্ত্রা, ত্রিনেত্রা আৰু বিস্ফোটৰ অধিকাৰিণী। দেবী শীতলাৰ দৰে মহিষ মর্দিনী দেৱী দশভূজা দুর্গাৰ দুৰ্গতি নাশিনী ৰূপৰ আভাস পোৱা গৈছে দুর্গা পূজা উপলক্ষে গোৱা গোসাঁনীৰ গীত বোৰত। দুর্গাই ভৱানী, ভগবতী আৰু মহামায়া নামেও পৰিচিতা। তেওঁ পশুপতি শিৱৰ পত্নী। দেৱী দুৰ্গাৰ মহিমাৰ উপৰিও ভালেমান গীতত দেৱীয়ে পূজা খাবলৈ কৈলাশৰ পৰা শিৱৰ অনুমতি লৈ নামি অহাৰ উল্লেখো পোৱা গৈছে। দুর্গতি নাশিনী দুর্গাৰ দৰে ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ উদ্দেশ্যে গোৱা গীতবোৰত লক্ষ্মীদেৱীৰ উৎপত্তি, ৰূপ-গুণ আৰু মহিমাৰ পৰিচয় পোৱা যায়। এই গীতবোৰ গোৱা হয় লক্ষ্মী পূর্ণিমাত। লক্ষ্মী হ'ল ভগৱান বিষ্ণুৰ পত্নী। দেৱতা আৰু অসুৰে মিলি সাগৰ মথোতে এই গৰাকী দেৱীৰ উৎপত্তি হয়।
উজনি অসমত অনুষ্ঠিত লখিমী সৱাহৰ নামতো লক্ষ্মীৰ উল্লেখ পোৱা গৈছে। এই গৰাকী লক্ষ্মী অৱশ্যে পৌৰাণিক লক্ষ্মী দেবী নহয়। শস্যৰ অধিষ্ঠাত্রী বুলি জ্ঞান কৰা এই লক্ষ্মী বা লখিমী দেবীয়ে খৰালি কালত শস্যৰ পথাৰ উদং হোৱাৰ লগে লগে কোনোবা নিজান ঠাইৰ জলাশয়ত আশ্রয় লয় আৰু বাৰিষাৰ আগমনৰ লগে লগে বতাহ বৰষুণৰ লগত খেতি পথাৰলৈ উভতি আহে। সেয়েহে অধিক শস্য পোৱাৰ মানসেৰে লক্ষ্মী বা লখিমী দেৱীক আদৰ জনাই কিছুমান গীত গোৱা হয়।
লখিমী সবাহৰ গীতৰ দৰেই অপেশ্বৰী সবাহৰ গীততো দেৱীৰ উল্লেখ আছে। সক ল'ৰা-ছোৱালী শুকাই-খীণাই গ'লে, উপযুক্ত বয়সত কোনো ছোৱালীৰ পুষ্পিতা নহ'লে দেৱী অপেশ্বৰীৰ ৰোষত পৰা বুলি ভাবি সবাহ পাতি দুপৰীয়া চোতালত এই গীত গোৱা হয়।
নামনি অসমত গোৱা অপেশ্বৰী দেৱীৰ গীতবোৰত দেৱীক দুর্গা বুলিয়ে উল্লেখ কৰা হৈছে। ল'ৰা-ছোৱালীৰ মঙ্গল কামনা কৰি গোৱা সুবচনী পূজাতো গীত গোৱা হয়। সেই গীতবোৰত সুবচনী দেৱীক প্রার্থনা কৰা হয়।
গোৱালপাৰাৰ কাতিপূজা আৰু কামাখ্যাধামৰ চৰাব্ৰতত গোৱা গীতত যথাক্রমে চণ্ডীদেবী আৰু কাত্যায়নী দেৱীৰ উল্লেখ পোৱা গৈছে। কাতিপূজাৰ গীতত চণ্ডীৰ লগত শিৱৰ মিলন, চণ্ডীৰ গৰ্ভৱতী অৱস্থা আৰু কার্তিকৰ জন্ম আদি কথাৰো এক দীঘলীয়া বৰ্ণনা আছে। চৰাব্ৰতৰ গীত গোৱা হয় আঘোণৰ পূর্ণিমা তিথিত।
নামতীসকলে গোৱা জগদ্ধাত্রীৰ গীততো দুর্গাৰে বৰ্ণনা আছে। জগদ্ধাত্রী পূজাত
দেবী অৱশ্যে চতুর্ভুজা। সেইদৰে কালী, ভবানী, পার্বতী আদি দেবীৰ নামতো একেধৰণৰ গীতেই গোৱা দেখা যায়। অৱশ্যে পাৰ্বতীৰ গীতত শিৱৰ দুখীয়া সংসাৰখনৰো এক সুন্দৰ আভাস পোৱা যায়।
পাৰ্বতীৰ দৰেই সৰস্বতী দেবীক লৈ গোৱা গীতো অসমীয়া লোক সাহিত্যত পোৱা গৈছে। অসমীয়া লোক-সাহিত্যৰ এইনাৰী-কেন্দ্রিক লোকগীতবোৰৰ উপৰিও গোৱালপাৰা অঞ্চলত গোৱা শিবো শিবো গীত; মঙ্গলদৈৰ জাগৰ আৰু মালচী গীততো দেৱীৰ উল্লেখ আছে। শিবো শিবো গীতত লক্ষ্মী দেৱী আৰু জাগৰ-মালচী গীতত দুর্গা-চণ্ডীৰ প্ৰসঙ্গ জড়িত।
দেবী মনসা বা পদ্মাক লৈ ৰচিত কাহিনীবোৰক লোক সাহিত্যত পুৰাণকথা বা মিথ (Myth) বোলা হৈছে। দেৱীক লৈ ভালেমান জনশ্রুতি (Legend) ও আছে। দেৱী মনসাৰ প্ৰতি দাস্য ভাবাপন্ন ভক্তি প্রকাশক এই গীতটোৰ দৰেই দেৱীৰ জন্ম বিষয়ক গীত-পদো জনসাধাৰণে মুখে মুখে গায়। দেৱীৰ জন্মৰ পৰা কৰ্মলৈকে বর্ণিত এই গীতটো এটা কাহিনী গীত। লোকসাহিত্যৰ ফালৰ পৰা ইয়াক পুৰাণকথাযুক্ত কাহিনী গীত আখ্যা দিব পাৰি।
***