আধুনি কবিতা 一 সংঞ্জা আৰু বৈশিষ্ট্য়

 দ্বিতীয় গোট

প্ৰশ্নাৱলী

অতি চমু প্ৰশ্নঃ

১। আধুনিক কবিতা স্বৰূপ কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ আধুনিক কবিতা স্বৰূপ ১৯৪০ চনৰ পৰা আৰম্ভ হয় ।

২। আধুনিক কবিতাৰ ওপৰত কোনটো যুদ্ধই প্ৰভাৱ পেলাইছিল?

উত্তৰঃ আধুনিক কবিতাৰ ওপৰত দ্বিতীয় বিশ্বযুদ্ধই প্ৰভাৱ পেলাইছিল ।

৩। আধুনিক শব্দটো কৰ পৰা আহিছে?

উত্তৰঃ আধুনিক শব্দটোৰ 'অধুনা' শব্দৰ পৰা আহিছে ।

৪. ' Modern' শব্দটোৰ মূল কটৰ পৰা আহিছে?

উত্তৰঃ ' Modern ' শব্দটোৰ মূল লেটিন "Modo" শব্দৰ পৰা আহিছে ।

৫। ৰবাৰ্ট ব্ৰিজে আধুনিক কবিতাক কি বুলি কৈছে?

উত্তৰঃ ৰবাৰ্ট ব্ৰিজে পুৰণি ভাৱধাৰা বা ঐহিত্য়বাদী ধাৰাৰে আধুনিক কবিতা কাল নিৰপেক্ষ বুলি অভিহিত কৰিছে ।

৬। জ'নচনৰ মতে কবিতা কি ?

উত্তৰঃ জনচ'নৰ মতে "কবিতা ছন্দোবদ্ধ ৰচনা"।

৭। কাৰ্লাইলে কবিতাৰ সংঞ্জা কিদৰে দিছে?

উত্তৰঃ কাৰ্লাইলে কবিতা সম্পৰ্কে কৈছে- "কবিতা সংগীতময় চিন্তা" ।

৮। 'কয়লা' কবিতাটোৰ কবি কি?

উত্তৰঃ 'কয়লা' কবিতাটোৰ কবি হ'ল- অমূল্য় বৰুৱা ।

৯। ৰোমান্টিক কবিতাৰ শেষ আৰু আধুনিক কবিতাৰ প্ৰথম কবি কোন?

উত্তৰঃ ৰোমান্টিক কবিতাৰ শেষ কবিজন হ'ল- নৱকান্ত বৰুৱা আৰু আধুনিক কবিতাৰ প্ৰথম কবি হ'ল- হেম বৰুৱা ।

১০। দ্বন্দ্বত্মক ভৌতিকবাদী এগৰাকী কবিৰ নাম লিখা?

উত্তৰঃ দ্বন্দ্বাত্মক ভৌতিকবাদী এগৰাকী কবিৰ নাম হ'ল- হীৰেন গোঁহাই ।

১১। ব্য়ক্তিসত্তাৰ স্বাতন্ত্ৰ প্ৰকাশ কৰা প্ৰথম মহিলা কবি কোন?

উত্তৰঃ ব্য়ক্তিসত্তাৰ স্বাতন্ত্ৰ প্ৰকাশ কৰা প্ৰথম মহিলা কবি হ'ল- নিৰ্মলপ্ৰভা বৰদলৈ ।

১২. কোনগৰাকীৰ কবিৰ কবিতাত জাপানী 'হাইকু'ৰ প্ৰভাৱ পৰা দেখা যায়?

উত্তৰঃ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতাত জাপানী 'হাইকু'ৰ প্ৰভাৱ পৰা দেখা যায় ।

১৩। আধুনিক কবিতা কোনখন কাকতৰ জৰিয়তে প্ৰথম প্ৰকাশ কৰিলে?

উত্তৰঃ আধুনিক কবিতা 'জয়ন্তী' কাকতৰ জৰিয়তে প্ৰথম প্ৰকাশ কৰিলে ।

১৪। আধুনিক কবিতাৰ এটি বৈশিষ্ট উল্লেখ কৰা । 

উত্তৰঃ আধুনিক কবিতাৰ এটি বৈশিষ্ট্য় হ'ল- (ক) বিষয়বস্তুগত

১| নব্য় মানৱীয় মূল্য়বোধৰ দৃষ্টিভংগীৰ মূল্য়ায়ন ।

১৫। 'ইয়াত নদী কোন'কবিতাটিৰ কবি কোন?

উত্তৰঃ 'ইয়াত  নদী কোন' কবিতাটিৰ কবি হ'ল- নৱকান্ত বৰুৱা ।

১৬। 'মনকুঁৱলী সময়' কাৰ কবিতা?

উত্তৰঃ 'মনকুৱলী সময়' অজিত বৰুৱাৰ কবিতা ।

১৭। ভৱানন্দ দত্ত কি ছদ্ম নামেৰে 'ৰাজপথ' কবিতাটো লিখিছিল?

উত্তৰঃ 'নচিকেতা' ভৱানন্দ দত্ত ছদ্ম নামেৰে 'ৰাজপথ' কবিতাটো লিখিছিল ।

১৮। এজৰা পাউণ্ডৰ কবিতাৰ প্ৰভাৱ কোনগৰাকী অসমীয়া কবিৰ ওপৰত পৰিছে? 

উত্তৰঃ এজৰা পাউণ্ডৰ কবিতাৰ প্ৰভাৱ অসমীয়া কবিৰ হেম বৰুৱা ওপৰত পৰিছে ।

১৯। আধুনিকতাবাদৰ এটি মতবাদ লিখা।

উত্তৰঃ আধুনিকতাবাদৰ এ়টি মতবাদ হ'ল- (ক) Harry Levinৰ মতে আধুনিকতাবাদৰ এটা প্ৰধান বিষয় হ'ল আপোচহীন বৌদ্ধিকতা । 

চমু প্ৰশ্ন ঃ

১। আধুনিক কবিতাৰ অৰ্থ কেই ধৰণে আৰু কি কি নিৰ্ণয় কৰা হৈছে?

উত্তৰঃ আধুনিক কবিতাৰ অৰ্থ দুই ধৰণৰ কালগত আৰু প্ৰকৃতিগত ।

২। ওৱাৰ্ডছৱৰ্থৰ কবিতাৰ সংঞ্জা লিখা।

উত্তৰঃ ওৱাৰ্ডছৱৰ্থৰ মতে "কবিতা হ'ল সকলো জ্ঞানেৰে নিশ্বাস সুকুমাৰ আত্মা"।

৩। আধুনিক কবিতাৰ দুটা বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য় হ'ল- ১) নব্য় মানৱীয় মূল্য়বোধৰ দৃষ্টিভংগীৰ মূল্য়ায়ন । ২) মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱ ।

৪। মুক্তক ছন্দ কি?

উত্তৰঃ প্ৰাচীন, মধ্য়যুগীয় আৰু ৰোমান্টিক কবিতাৰ দৈহিক গঠন আছিল যৌগিক ছন্দ সজ্জা । এই যৌগিক ছন্দ সজ্জাৰ পৰা নতুন কবিতাই আতৰি আহি মুক্তক আৰু স্পন্দিত গদ্য় ছন্দক কবিতাৰ বাবে গ্ৰহণ কৰিলে ।

৫। কলেৰিজৰ কবিতাৰ সংঞ্জাটো লিখা।

উত্তৰঃ কলেৰিজৰ কবিতাৰ সংজ্ঞাটো হ'ল- "উৎকৃষ্টতম শব্দপুঞ্জৰ উৎকৃষ্টতম বিন্য়াসৰ নামেই কবিতা ।

৬। মিড্লটন মাৰে কবিতাৰ ৰূপকাৰ ক্ষেত্ৰত কি লিখইছে?

উত্তৰঃ মিড্লটন মাৰে  কবিতাৰ ৰূপকৰ ক্ষেত্ৰত লিখিছে "Metaphor is as ultimate as speech itself, and speech as ultimate as thought."  ( Countries of mind ) অৰ্থাৎ "ৰূপক ভাষাৰ দৰে এক চৰম বস্তু আৰু ভাষা চিন্তাৰ দৰে এক চৰম ।"

৭। ৰবীন্দ্ৰনাথ টাকুৰে আধুনিকতা সম্পৰ্কে কি লিখিছে?

উত্তৰঃ ৰবীন্দনাথ ঠাকুৰেও 'আধুকতা' ক্ষেত্ৰত এনে ধাৰণা পোষণ কৰি আধুনিক কাব্য় প্ৰৱন্ধত লিখিছে "আধুনিকতা কালৰ নহয় ভাৱৰহে আৰু শাশ্বতভাৱে আধুনিক শব্দটো ব্য়ৱহাৰ কৰে ।

৮। উইলিয়াম জেমছৰ মনস্তত্ববিষয়ক পুথিখনৰ নাম কি আৰু কেতিয়া প্ৰকাশ হয়?

উত্তৰঃ উইলিয়াম জেমছৰ মনস্তত্ববিষয়ক পুথিখনৰ নাম হ'ল "The Principles of Psychology" ১৮৯০ চনত প্ৰকাশ হয় ।

৯। আধুনিকতাবাদৰ দুটা মতামত লিখা।

উত্তৰঃ আধুনিকতাবাদৰ দুটা মতবাদ হ'ল- (ক) Monroe K. Spearsৰ মতে সৰ্বাত্মক অবিশ্বাসত নিমগ্ন হোৱা মানসিক স্থিতি । ( A preoccupation With Nihilism )

ৰচনাধৰ্মী প্ৰশ্ন ঃ

১। আধুনিক সম্পৰ্কে লিখা।

উত্তৰঃ আধুনিক কবিতাৰ স্বৰূপ ১৯৪০ চন মানৰ পৰা আৰম্ভ হয় । ৰোমান্টিক কবিতাৰ গতি-প্ৰকৃতিৰ ৰূপৰেখা, চিন্তা ধাৰণা এই সময়ছোৱাৰ পৰা সলনি হ'বলৈ আৰম্ভ কৰে । অসমীয়া কবিতাৰ গতি-প্ৰকৃতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ইৰোপীয় ঐতিহাসিক, উদ্য়োগিক, বিপ্লৱৰ কিছু ঘটনাৰ প্ৰভাৱৰ ফলত ৰোমান্টিক কবিতাৰ চাৰিওবেৰৰ পৰা ওলাই আহি আধুনিক কবিতাই আত্ম প্ৰকাশ কৰিবলৈ ল'লে ।

         দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱে আধুনিক অসমীয়া কবিতাৰ ইতিহাসত বিশেষভাৱে প্ৰভাৱ পেলালে । ভাৰতৰ স্বাধীনতা আন্দোলন তথা সাম্য়বাদী ভাবাদৰ্শৰ প্ৰভাৱত মানুহৰ দৈনন্দিন জীৱন ধাৰা পৰিৱৰ্তন হোৱাৰ কাৰণে অসমীয়া ৰোমান্টিক কবিতাৰ ভাবৰাশিও পৰিৱৰ্তন হ'ল । বিশ্বযুদ্ধৰ প্ৰভাৱত মানুহৰ বিশ্বাসহীনতা, দ্বিধা, সংশয়ৰ ফলত ৰোমান্টিক কবিসকলক কল্পনা জগতখনৰ পৰা আঁতৰাই বাস্তৱ জগতলৈ আনিলে । ইপিনে ভাৰতবৰ্ষৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু আনপিনে বঙ্গদেশৰ দুৰ্ভিক্ষৰ ভয়াবহ ছবিয়ে কবিসকলক ব্য়ক্তিগত তথা সমাজ জীৱনৰ সামগ্ৰিক দিশ নতুন দৃষ্টিভংগীৰে চাবলৈ শিকালে । ব্ৰিটিছ সাম্ৰাজ্য়বাদী কবলৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতীয় ৰাজনৈতিক ব্য়ক্তিসকলৰ ভোগবাদী মানসিকতাৰ ফলত প্ৰকৃত গণতান্তিক মূল্য়বোৰৰ অৱক্ষয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ।   

২। কবিতাৰ প্ৰাচ্য় আৰু প্ৰাশ্চাত্য়ৰ সংঞ্জাবোৰ বৰ্ণনা কৰা ।

উত্তৰঃ কবিতাৰ প্ৰাচ্য় আৰু প্ৰাশ্চাতাৰ সংজ্ঞাবোৰ হ'ল "চেন্ট আগষ্টানে কবিতাৰ সংজ্ঞা এনেদৰে দিছে - "যাৰ বিষয়ে নুসুধিলে বহুত কিবা-কিবি ক'ব পাৰি, অথচ সুধিলে একো ক'ব নোৱাৰি ।" জনচ'নৰ মতে "কবিতা ছন্দোবদ্ধ ৰচনা" । মিলৰ মতে "চিন্তা আৰু কথাৰ সমন্বয়, য'ত আৱেগ সাৱলীলভাৱে নিহিত হৈ থাকে" । কালাৰ্ইলে কবিতা সম্পৰ্কে কৈছে- "কবিতা সংগীতময় চিন্তা" । ছেলীৰ মতে "কবিতা কল্পনাৰ সুপ্ৰকাশ" । ওৱডচৱৰ্থৰ মতে "কবিতা হ'ল সকলো জ্ঞানেৰে নিশ্বাস সুকুমাৰ আত্মা" । মেথিউ আৰ্লণ্ডৰ মতে 

৩। আধুনিক কবিতাৰ বিষয়বস্তু বৰ্ণনা কৰা ।

উত্তৰঃ অসমীয়া কবিতাৰ আধুনিকতাৰ বাবে কুৰি শতিকাৰ চতুৰ্থ দশকটো বিশেষভাৱে উল্লেখনীয় । পৃথিৱীৰ ইউৰোপ, আমেৰিকা আৰু অন্য়ান্য় দেশৰ কবিতাৰ বিষয়বস্তু আৰু আংগিকৰ অভিনৱত্বৰ প্ৰভাৱ অসমীয়া আধুনিক কবিতাৰ ক্ষেত্ৰখনলৈ প্ৰৱাহিত হ'ল । ইয়াৰ ফলস্বৰূপে কবিতাৰ বিষয়বস্তু আৰু আংগিকতাৰ এক আমূল পৰিৱৰ্তন হৈ আধুনিক অসমীয়া কবিতাই বিশেষ ৰূপত বিস্তৃতি লাভ কৰিবলৈ অগ্ৰসৰ হ'ল । বিজ্ঞান, প্ৰযুক্তিবিদ্য়াৰ ফলত মানুহৰ চিন্তা-চৰ্চা, ধ্য়ান-ধাৰণা, নিত্য় নতুন নতুন ভাৱনা আৰু সমাজৰ বাস্তবানুগত দৃষ্টিভংগীৰে আধুনিক অসমীয়া কবিতাৰ ৰূপ পাবলৈ ধৰিলে ।

      ৰোমান্টিক কবিতাৰ বিষয়বস্তু, শব্দচয়ন, ৰচনাৰীতি, ছন্দ প্ৰয়োগ, মানসচিত্ৰ আদি দৃষ্টিভংগীৰ সকলো পুৰণি কাব্য়ৰীতিৰ পৰা আধুনিক অসমীয়া কবিসকলে আঁতৰি আহি কবিতা ৰচনা কৰিবলৈ ধৰিলে ।

      আধুনিক যুগ নানা সমস্য়াকেন্দ্ৰিক, প্ৰশ্ন, দ্বিধা, সন্দেহ, শংকা, যুক্তিবাদী, প্ৰযুক্তিবাদী আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ যুগ । ৰোমান্টিক বা ৰমন্য়াবাদৰ চৰাই-চিৰিকতি, ফুল-প্ৰকৃতি, বসন্ত, প্ৰেম-প্ৰীতি, কল্পনা, সৌন্দৰ্য্য়বোধ, নাৰীৰূপ আদিৰ ৰূপচিত্ৰ আধুনিক কবিতাত পৰিহাৰ কৰা হৈছে । 

৪। আধুনিক কবিতাৰ বৈশিষ্ট লিখা।

উত্তৰঃ আধুনিক কবিতাৰ বাবে কুৰি শতিকাৰ চতুৰ্থ দশকটো এটা গুৰুত্বপূৰ্ণ সময় । দ্বিতীয় মহাযুদ্ধই নতুন যুগৰ বাৰ্তা, নতুন চেতনা, সামাজিক পৰিৱৰ্তনৰ নতুন সূচনা কঢ়িয়াই আনিলে । এই সময়ছোৱাত আধুনিক অসমীয়া কবিতাত নব্য়ানুভূতিৰ সঞ্চাৰ হয় । এই নব্য়ানুভূতিয়ে ৰোমান্টিক কবিতাৰ ধাৰাৰ পৰা আতৰাই আনি এক নতুন মৰ্যাদা দিলে । উদয়মান কবিসকলে ৰোমান্টিক কবিতাৰ বিষয়বস্তু, ভাৱ-বিলাস, ধ্য়ান-ধাৰণাৰ আতিশয্য়ৰ পৰা আঁতৰি অৰ্থাৎ এইবোৰ পৰিহাৰ কৰি বাস্তৱতাৰ ভেটিত নতুন নতুন বিষয়বস্তু আৰু ভাবধাৰাক লৈ নতুন কবিতাৰ ধাৰা 'জয়ন্তী'  কাকতৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলে । 'জয়ন্তী' পছোৱা, ৰামধেনু কাকতত আধুনিক কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুৰ পৰিৱৰ্তন হ'ল আৰু অসমীয়া কবিতাৰ দিগন্ত বহুধা ধাৰাত বিস্তৃত হৈ পৰিল । আধুনিক কবিতাৰ পথাৰখন বহল । নতুন নতুন ভাব, চিন্তা, নতুন অভিজ্ঞতা, জগতৰ প্ৰতি বাস্তৱানুগত দৃষ্টিভংগী সোমাই পৰি অসমীয়া কবিতাৰ বোঁৱতীত যি নতুন লহৰ তুলিলে তাৰ নামেই আধুনিক কবিতা । ৰোমান্টিক কবিতাৰ বিষয়বস্তুৰ সলনি নতুন কবিতাত জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকি খুলি ৰখাটো আধুনিক কবিতাৰ ধৰ্ম হৈ পৰিল । 

৫। আধুনিক কবিতাৰ পটভূমিৰ সম্পৰ্কে লিখা।

উত্তৰঃ আধুনিকতাবাদ ধাৰণা পশ্চিমীয়া সাহিত্য় চিন্তা-চৰ্চ্চাৰ ধাৰাৰ পৰা অসমীয়া সাহিত্য়লৈ আহিছে । Frank Kermode য়ে আধুনিক শব্দটোৰ ইতিহাস লিখিবলৈ যত্ন কৰিছে । আধুনিক শব্দটোৰ অৰ্থ দুই ধৰণে নিৰ্ণয় কৰিছে । এটা অৰ্থ কালগত আৰু আনটো প্ৰকৃতিগত বা স্থানগত । সংস্কৃতৰ পৰা অসমীয়া আধুনিক শব্দটোৰ মূল 'অধূনা' ইংৰাজী Modernশব্দটোৰ মূল লেটিন Modo । এই দুয়োটাই শব্দৰ অৰ্থ 'এতিয়া' বা 'সম্প্ৰতি' । সেয়ে পোনপটীয়া অৰ্থত আধুনিক সাহিত্ক এতিয়াৰ সাহিত্য় বা সাম্প্ৰতিক সাহিত্য় বুলি ক'ব পাৰি । বিংশ শতাব্দীৰ ইংৰাজ কবি Robert Bridges য়ে আধুনিক কবিতাক 'কালনিৰপেক্ষ' বুলি কৈছে । ৰবীন্দ্ৰনাথ ঠাকুৰেও 'আধুনিকতা' ক্ষেত্ৰত কবিতাক 'কালনিৰপেক্ষ'বুলি কৈছে । ৰবীন্দ্ৰনাথ ঠাকুৰেও 'আধুনিকতা' ক্ষেত্ৰত এনে ধাৰণা পোষণ কৰি আধুনিক কাব্য় প্ৰৱন্ধত লিখিছে "আধুনিকতা কালৰ নহয় ভাৱৰহে আৰু শাশ্বতভাৱে আধুনিক শব্দটো ব্য়ৱহাৰ কৰিছে । আচলতে  আধুনিকতাবাদ এটা বিশেষ কালৰ বিশেষ শিল্পী-সাহিত্য়িকৰ মাজত হোৱা এটা শিল্প আন্দোলন বুলি ক'ব পাৰি ।'

৬। আধুনিক কবিতাৰ ভাষা সম্পৰ্কে লিখা।

উত্তৰঃ সাহিত্য়ৰ পথাৰ খনত বিচৰণ কৰা অনেক মানুহৰ কবিতা লিখিবলৈ মন নোযোৱা নহয় । সাহিত্য় জগতৰ বহুতেই আকৌ কবিতা লিখে । কিন্তু মন গ'লেই কবিতা লিখিব নোৱাৰে । কবিতা হ'ল অন্তৰ বা হৃদয়ৰ পৰা স্বতঃস্ফুত নিগৰি অহা আবেগ-অনুভূতি । এই আৱেগ-অনুভূতিক লেখকসকলে কাব্য়িক ৰূপ দিয়ে । কবিতাৰ কাব্য়িক ৰূপটোৱে মূল কথা । কবিতাৰ ৰূপ দিবলৈ গ'লে ভাষা, শব্দ আদিৰ সুবিন্য়স্ত হোৱা প্ৰয়োজন । ভাষা আৰু শব্দ প্ৰয়োগৰ ফলত অনেক কবিতা উৎকৃষ্ট কবিতাৰ শ্ৰেণীলৈ পৰ্যবতি হয় ।

      কবিতাৰ ভাষাৰ ৰূপ নিৰ্ণয় কৰিবলৈ তাৰ অভিধানিক, কাব্য়বিন্য়াসগত ৰূপ, অলংকাৰ, ছন্দ আদিৰ বিষয়ে সবিশেষ অধ্য়য়নৰ প্ৰয়োজন । সৃজনশীল কবিৰ কবিতাৰ ৰূপটোক বিশ্লেষণাত্মক বৈয়াকৰণিক ভাষালৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰিব লাগিব । সৃষ্টিশীল কবিসকলে কবিতাৰ প্ৰতীকীয় ৰূপত তাৎপৰ্য, ভাষাৰ ছান্দসিক অনুৰণন আৰু কবি মনৰ অৱচেতন জগতত ধৰা দিয়া উপাদানসমূহৰ যৰ্থাযথ বিশ্লেষণ কৰা নিশ্চিত ।

৭। আধুনিকতাবাদৰ মতামতবোৰ লিখা।

উত্তৰঃ (ক) Hurry Levin ৰ মতে আধুনিকতাবাদৰ এটা প্ৰধান বিষয় হ'ল আপোচহীন বৌদ্ধিকতা ।

             (খ) Monroe K. Spearsৰ মতে সৰ্বাত্মক অবিশ্বাসত নিমগ্ন হোৱা মানসিক স্থিতি ।

        (গ) William K. Brazil jr. ৰে কৈছে ব্য়ক্তিসত্ত্বাৰ ওপৰত গুৰুত্ব । নিসংগতা আৰু বিচ্ছিন্নতাবোধ, 

               সৰ্বব্য়াপী সংকটৰ ভীতি যাৰ সৈতে জড়িত হৈ আছে অন্বেষণৰ বোধ ।

    (ঘ) Maurice Beeb য়ে লিখিছে ৰীতি আনুগত্য়, অনাসক্তিৰ মনোভাৱ আৰু মীথৰ ব্য়ৱহাৰ ।

          (ঙ) Alan Wildৰ মতে ব্য়ক্তি আৰু বিশ্বৰ মাজত হোৱা ব্য়ৱধানৰ পৰা এক বিশেষ ধৰণৰ আইৰণি ।

          (চ) Dowe Fokkema আৰু Elrud  Ibsch ৰ মতে সচেতনতা, পৰ্যবেক্ষণ আৰু অনাসক্তি আৰু 

           কবিতাৰ সাৰবস্তু বুলি মেটাফ'ৰৰ ওচৰত দায়বদ্ধতা ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)










Type By- Jatin Nath

Answer Type- Pallabi konwar





Post ID: DABP005555