গোট ১৬

লোককথা আৰু লোকোক্তি


অতি চমু প্রশ্নোত্তৰঃ


১। পুৰাকথা বা 'Myth' কি?


উত্তৰ: অতি পুৰণিকালতে উৎপত্তি হোৱা সত্য বুলি বিশ্বাস কৰা পৰম্পৰাগতভাৱে মুখে মুখে চলি অহা কাহিনীসমূহকে পুৰাকথা বা অতিকথা বোলা হয়।


২। মৌখিক সাহিত্যৰ এটা প্রধান শাখাৰ নাম লিখা।


উত্তৰঃ সাধুকথা।


৩। সাঁথৰ বুলিলে কি বুজা?


উত্তৰঃ সাঁথৰ হৈছে কোনো বস্তুৰ প্রকৃত নাম সহজে ক'ব নোৱৰাকৈ দিয়া আওপকীয়া বর্ণনা।


৪। ডাকৰ বচনৰ পুথিবোৰত কেইটা বিষয় সন্নিবিষ্ট কৰা হৈছে?


উত্তৰঃ যোপ্লটা বিষয় সন্নিবিষ্ট হৈছে।


৫। ফকৰা-যোজনা মানে কি?


উত্তৰঃ ফকৰা-যোজনাত এটা কথা বুজাবৰ নিমিত্তে আন এটা কথাৰ লগত তুলনা বা ৰিজনি দিয়া হয়। ফকৰা-যোজনাক পটন্তৰো বোলে। ই হাঁহিৰ খোৰাক যোগোৱাৰ লগতে বুদ্ধি আৰু প্রজ্ঞাৰো পৰিচয় দিয়ে।


৬। ফকৰা যোজনাক আন কি শব্দৰে বুজাব পাৰি?


উত্তৰ: পটন্তৰ।


৭। প্রবাদ-প্রবচন কি?


উত্তৰ: প্রবাদ-প্রবচন বাক্যবোৰ হ'ল 'দহৰ জ্ঞান একৰ বাণী'। প্রবাদ-প্রবচনৰ উৎপত্তি সম্পর্কে একো জনা নাযায়। ই মানুহৰ মুখৰ পৰা আপোনা-আপুনি ওলোৱা প্রচলিত প্রবাদ। এইবোৰ মানুহৰ মাজতে বহুলভাবে প্রচলিত। ক্রমে ক্রমে ই সাহিত্যত অন্তর্ভুক্ত হৈ ৰূপ, বস, পৰিপুষ্টি আৰু স্থায়িত্ব লাভ কৰিলে।


৮। জতুৱা ঠাঁচ বুলিলে কি বুজা?


উত্তৰ: প্রত্যেক ভাষাৰে একোটা ঘৰুৱা ঠাঁচ বা ভংগী থাকে। এই নিজা ভংগী বা ঘৰুৱা ঠাঁচকে ভাষাৰ জতুৱা ঠাঁচ বোলা হয়।


৯। খণ্ডবাক্যই অসমীয়া ভাষাৰ কি পৰিচয় বহন কৰি আহিছে?


উত্তৰঃ খণ্ডবাক্যই অসমীয়া ভাষাটিক অধিক শুৱলা আৰু সুৱদি কৰিছে। তদুপৰি খণ্ডবাক্যসমূহে অসমীয়া ভাষাৰ প্রকাশিকা শক্তিৰ ব্যাপকতাৰ পৰিচয় দাঙি ধৰি আহিছে


১০। খালী ঠাই পূৰণ কৰাঃ


(ক) সাধুকথাবোৰক সমাজ বিৱৰ্তনৰ বুলিব পাৰি। 


উত্তৰ: অলিখিত ইতিহাস।


(খ) সাধুকথা জনজীবনৰ।


উত্তৰ: প্রতিচ্ছবি।


(গ) সাধুকথা -ধর্মী।


উত্তৰঃ গদ্যধর্মী।


(ঘ) জন্তুধর্মী সাধুকথা- -ৰ ফালৰপৰা দীঘলীয়া নহয়।


উত্তৰঃ অবয়ব।


(ঙ) যাদুমূলক সাধুকথা জার্মান ভাষাত--স্বৰূপে পৰিচিত।


উত্তৰ: মাৰখেন।


(চ) যাদুমূলক সাধুকথা- নায়ক বিশিষ্ট।


উত্তৰঃ একক।


(ছ) যাদুমূলক সাধুকথাবোৰ মানৱ ইতিহাসৰ এক মূল্যবান।


উত্তৰঃ দলিল।


(জ) সাধুকথাৰ অৰ্থপূর্ণ অংশ একোটাৰ নামেই।


উত্তৰঃ কথাংগ।


চমু প্রশ্নোত্তৰ:


১। লোক কথা কি?


উত্তৰঃ বিশিষ্ট পণ্ডিত আৰু গৱেষকসকলে এই লোক-কথাবোৰ অধ্যয়ন কৰি ইয়াক তিনিটা প্রধান ভাগত বিভক্ত কৰিছে। সেয়া হ'ল; পুৰাণ কথা (Myth), জনশ্রুতি (Legend) আৰু সাধু কথা (Tales)।


পুৰাণ কথা হ'ল প্রাচীন কালত উৎপত্তি হোৱা আৰু সত্য বুলি গণ্য কৰা পৰম্পৰাগত কাহিনী। কোনো জনগোষ্ঠীৰ সৃষ্টি তত্ত্ব আৰু অলৌকিক পৰম্পৰা, তেওঁলোকৰ বিশ্বাসত স্থান পোৱা দেৱ-দেৱী আৰু বীৰ পুৰুষসকলৰ কাৰ্যাৱলী তথা সেই জনগোষ্ঠীৰ সাংস্কৃতিক লক্ষণ, ধর্মীয় বিশ্বাস আদিয়েই পুৰাণ কথাৰ উপজীব্য।


জনশ্রুতিবোৰ হ'ল বুৰঞ্জীমূলক কোনো সত্য ঘটনাৰ লগত পৰম্পৰাগত সমল সংযোগ কৰি ব্যক্তি, স্থান বা ঘটনা আদিক লৈ সৃষ্টি কৰা কাহিনী। জনশ্রুতিক কিম্বদন্তী বুলিও কোৱা হয়। মুখে মুখে প্রচলিত লোককথাৰ জনশ্রুতি শাখাটোক আকৌ তিনি ভাগত বিভক্ত কৰা হৈছে। ঘটনাবিষয়ক, স্থানবিষয়ক আৰু ব্যক্তিবিষয়ক।

লোক কথাৰ তৃতীয় বিভাগ সাধুকথাবোৰকো অতিপ্রাকৃত, জীৱ-জন্তুবিষয়ক, নীতিশিক্ষা মূলক, নৈদানিক, অন্তহীন, ধর্মীয়, টেটকুটি, আৰু টেণ্টনৰ সাধু-আদি ভাগত ভগাব পাৰি।


২। পুৰাণকথাবোৰ কি?


উত্তৰ: পুৰাণ কথা হ'ল প্রাচীন কালত উৎপত্তি হোৱা আৰু সত্য বুলি গণ্য কৰা পৰম্পৰাগত কাহিনী। কোনো জনগোষ্ঠীৰ সৃষ্টি তত্ত্ব আৰু অলৌকিক পৰম্পৰা, তেওঁলোকৰ বিশ্বাসত স্থান পোৱা দেৱ-দেৱী আৰু বীৰ পুৰুষসকলৰ কাৰ্যাৱলী তথা সেই জনগোষ্ঠীৰ সাংস্কৃতিক লক্ষণ, ধর্মীয় বিশ্বাস আদিয়েই পুৰাণ কথাৰ উপজীব্য। এই কাহিনীবোৰৰ প্ৰধান চৰিত্ৰবোৰ সাধাৰণতে দেৱ-দেৱী। জগত সৃষ্টি, মানৱৰ উৎপত্তি, মৃত্যুৰ বৰ্ণনা, চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ জন্ম, দেৱ-দেৱীৰ বিভিন্ন কাৰ্যাৱলী আদি এই কাহিনীবোৰত পোৱা যায়। পুৰাণ কথাত বৰ্তমানৰ লগত সাদৃশ্য নথকা এখন বেলেগ জগতৰ বৰ্ণনা পোৱা যায়।


৩। পুৰাকথা বা 'Myth' কি?


উত্তৰ: অতি পুৰণিকালতে উৎপত্তি হোৱা সত্য বুলি বিশ্বাস কৰা পৰম্পৰাগতভাবে মুখে মুখে চলি অহা কাহিনীসমূহকে পুৰাকথা বা অতিকথা বোলা হয়। অসমীয়া লোকসাহিত্যত পুৰাকথা বা Mythৰ এক বিশিষ্ট স্থান আছে। অসমৰ জনজীৱনত মৌখিকভাবে প্রচলিত পুৰাণ/মহাকাব্যৰ কাহিনীসমূহেই প্রধানকৈ এই পুৰাবৃত শ্ৰেণীৰ অন্তৰ্গত। অৱশ্যে পৰম্পৰাৰ লগত জড়িত আন ভালেমান সৃষ্টিমূলক কাহিনীকো ই সামৰে।


কোনো জাতি-জনগোষ্ঠীৰ সৃষ্টিতত্ত্ব আৰু অলৌকিক পৰম্পৰা, উপাস্য দেৱ-দেৱী তথা বীৰ পুৰুষৰ কাৰ্যাবলী, সাংস্কৃতিক লক্ষণ আদিয়ে ইয়াৰ মূল উপজীব্য। এইবোৰ সাধাৰণতে ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ ভিত্তিত সৃষ্ট। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত প্রচলিত বিভিন্ন দেৱ-দেৱীৰ জন্ম কাহিনী যেনে-লক্ষ্মীদেৱীৰ জন্ম, কুমাৰৰ জন্ম, কৃষ্ণ জন্মৰ কাহিনী আদি এই শ্ৰেণীৰ লোক-সাহিত্যৰ প্ৰকৃষ্ট উদাহৰণ।


৪। জনশ্রুতিৰ বিষয়ে লিখা।


উত্তৰঃ জনশ্রুতি বোৰ হ'ল বুৰঞ্জীমূলক কোনো সত্য ঘটনাৰ লগত পৰম্পৰাগত সমল সংযোগ কৰি ব্যক্তি, স্থান বা ঘটনা আদিক লৈ সৃষ্টি কৰা কাহিনী। জনশ্রুতি বোৰত বর্তমান জগতৰ লগত কিছু পৰিমাণে সাদৃশ্য থকা বর্ণনা পোৱা যায়। জনশ্রুতিবোৰৰ মূল চৰিত্ৰবোৰ মানুহ, পুৰাণ কথাৰ দৰে দেৱ-দেৱী নহয়।


৫। সাধুকথাৰ বিষয়ে লিখা।


উত্তৰ: সাধুকথাবোৰ হ'ল মুখ পৰম্পৰা প্ৰচলিত কল্পিত কাহিনী। সাধুকথাবোৰ আচলতে যেতিয়াই তেতিয়াই য'তে-ত'তে ৰচিত হ'ব পাৰে। সাধুকথাৰ চৰিত্ৰবোৰ মানুহ হোৱাৰ লগতে ভূত-প্রেত, যখ-যখিনী, ৰাক্ষস-বাক্ষসিনী আৰু জীৱ-জন্তু তথা প্ৰকৃতিৰ আন বস্তুও হ'ব পাৰে।

সাধুকথাবোৰক অতিপ্রাকৃত, জীৱ-জন্তুবিষয়ক, নীতিশিক্ষা মূলক, নৈদানিক, অন্তহীন, ধর্মীয়, টেটকুটি, আৰু টেণ্টনৰ সাধু-আদি ভাগত ভগাব পাৰি। দেও-ভূত, ৰাক্ষসিনী, জলকুৱঁৰী আদি কথাযুক্ত অলৌকিক কাহিনীবোৰক অতিপ্রাকৃত শ্ৰেণীত পেলাব পাৰি। বাস্তৱত নঘটা কথাবোৰকেই এই শ্ৰেণী সাধুত ঘটোৱা হয়।


নৈদানিক সাধুবোৰ ব্যাখ্যামূলক। যেনে-আকাশখন ওপৰলৈ গ'ল কিয়? বগলীয়ে তলমূৰ কৰি থাকে কিয়? বতাহ-বৰষুণ আহিলে চোতালত পীৰা এখন পাৰি আঁচি-ফণী আৰু খৰিকা দিয়া হয় কিয়? কুকুৰে তুলসী তলত মৃতে কিয়? কেতেকী চৰায়ে বহাগত "অ কপাহ বো, অ' কপাহবো,” বুলি মাতে কিয়? বাস্তাবোৰৰ ভাঁজ হ'ল কিয়? আদি কথাবোৰৰ ব্যাখ্যা থকা সাধুবোৰেই নৈদানিক (Etiological)। কিছুমান টেণ্টনৰ সাধুৰ প্রধান চৰিত্ৰ মানুহ। কিছুমান সাধু আকৌ এক নির্দিষ্ট সূত্ৰত বন্ধা। এইবোৰ সহজতে শেষ নহয়। ইটোৰ পিছত সিটোলৈ পর্যায় ক্রমে বাগৰি গৈ থাকে। এই শ্ৰেণীৰ সাধুকে অন্তহীন সাধু বোলে।


যিবিলাক সাধু ধর্মীয় কৃত্যৰ লগত জড়িত সেইবোৰকে ধর্মীয় সাধু হিচাপে দেখুৱাব পাৰি। এই সাধুবোৰৰ প্ৰধান চৰিত্ৰ মানুহ। মানুহক কেন্দ্ৰকৰি ৰচিত চুটি চুটি হাস্য-ৰসাত্মক কাহিনী কিছুমানৰ প্রচলনো লোকসমাজত দেখা যায়। লোক সাহিত্যৰ গৱেষক ড° প্রফুল্লদত্ত গোস্বামীয়ে এই বোৰক "টেটকুটি” আখ্যা দিছে।


৬। সাধুকথা সম্পর্কত নগেন শইকীয়াদেবে কি মন্তব্য আগবঢ়াইছে?


উত্তৰ: নগেন শইকীয়াই সাধুকথা সম্পর্কত লিখিছে- "সাধুকথাবিলাকত দেখা যায় লোকমনৰ সৰল অভিব্যক্তি। লোকমনে কোনো কাৰণতে বিয়োগাত্মক আখ্যান নিবিচাৰে। তদুপৰি যিবোৰ নৈতিক আৰু সামাজিক মূল্যবোধৰ দ্বাৰা লোকজীৱন পৰিচালিত হৈ আহিছে, সেই মূল্যবোধবিলাক লোকমনে সদায় প্রতিষ্ঠা হোৱাটো বিচাৰে।"


৭। অসমীয়া সাধুকথা সম্পর্কে এটা টোকা লিখা।


উত্তৰ: সাধুকথাবোৰ হ'ল জনজীৱনৰ প্ৰতিচ্ছবি। অসমীয়া সাধুকথাবোৰতো জনজীৱনৰ প্ৰতিচ্ছবি প্রতিফলিত হোৱা দেখা যায়। অসমীয়া সাহিত্যত সাধুকথাৰ ঐতিহ্য একেবাৰে প্ৰাচীন। অসমীয়া সাধুবোৰ মূলতঃ থলুৱা, সংস্কৃতৰ পৰা অহা আৰু বিদেশীমূলৰ। অসমীয়া থলুৱা সাধুবোৰৰ ভিতৰত বান্দৰ শিয়ালৰ সাধু, তেজীমলা, কুকুৰীকণা জোঁৱাই, বুঢ়া-বুঢ়ীৰ সাধু, চিলনী জীয়েকৰ সাধু আদিৰ উপৰি যথেষ্ট সংখ্যক সাধু আছে। লক্ষ্মীনাথ বেজবৰুৱাই বহুখিনি সাধুকথা উদ্ধাৰ কৰি অসমীয়া সাহিত্যত লিপিবদ্ধ কৰি থৈ যায়। পঞ্চতন্ত্র, হিতোপদেশৰ সাধুবোৰত সংস্কৃত সাহিত্যৰ প্রভাব বিদ্যমান। এইবোৰ নীতিমূলক সাধু। গ্ৰীচ দেশৰ 'ঈছপৰ সাধু' অসমীয়া সাহিত্যত অতি জনপ্রিয়।


অসমীয়া সাধুকথাবিলাকত প্রকৃতি জগতৰ উপাদান আছে। অলৌকিকতাৰ প্ৰয়োভৰ দেখা যায়। সাধুবোৰত খুহুটীয়া হাস্যৰসেৰে পৰিপূৰ্ণ। তদুপৰি একশ্ৰেণীৰ সাধুত ঠগ

তথা টেঙৰ মানুহৰ টেঙৰালিকলৈয়ো ৰচিত হৈছে। বিবিধ সাধুৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ হোৱা পৰিলক্ষিত হয়।


৮। সাধুকথাৰ প্ৰয়োজনীয় দুটিমান বৈশিষ্ট্যৰ চমু আলোচনা কৰা।


উত্তৰঃ শ্ৰেণী আৰু কথাংগ (Types and Motifs): ধৰণ বা শ্রেণী (type) আৰু কথাংগ বা সাধুৰ অংশ (motif) সাধুকথাৰ কথাবস্তুৰ প্ৰয়োজনীয় উপাদানস্বরূপে পৰিগণিত। ফিনলেণ্ডত বিখ্যাত পণ্ডিত আন্টি আর্নে-এ (Antti Aarne) তেওঁৰ প্ৰখ্যাত গ্রন্থ Verzeichnis der Marchentypen-ত (১৯১০) সমগ্র পৃথিবীৰ সাধুকথাবোৰ পদ্ধতিগতভাবে শ্রেণী বিভাজন কৰাৰ পথ দেখুৱাই দিছে। তেওঁ পৃথিৱীৰ সাধুকথাবোৰ মুখ্যতঃ তিনিটা ভাগত ভগাইছে, যেনেঃ জন্তুকেন্দ্রিক, সাধাৰণ সাধু আৰু টেটকুঁটি আৰু এনেক্রোট। প্রতিটো শ্রেণীকে আকৌ তেওঁ কেইবাটিও উপশ্রেণীত ভাগ কৰিছে। ১৯৩২ চনত ষ্টিথ থম্পছন-এ তেওঁৰ প্ৰসিদ্ধ গ্রন্থ Motif-Index of Folk Literature-(১৯৩২-৩৬) সাধুকথাৰ বিভিন্ন শ্রেণীত কাহিনী-সমল অথবা সাধুৰ অংশ অথবা কথাংগ (motifs) কিদৰে থাকিব পাৰে তাক স্পষ্টভাবে দেখুৱাই দিছে। সাধুকথাৰ অৰ্থপূর্ণ অংশ একোটাৰ নামেই কথাংগ বা motif। থম্পছন-এ পৃথিৱীৰ সাধুবোৰ ২৩টা ভাগত (Head) ভাগ কৰিছে আৰু প্ৰতিটো ভাগ বিভিন্ন কথাংগত বিশ্লেষণ কৰিছে। এই কথাংগবোৰৰ সহায়ত পৰিপূৰ্ণ কথা বা কাহিনী ৰচনা কৰিব পাৰি।


৯। গদ্যধর্মী লোককথাক কিদৰে শ্ৰেণী বিভাজন কৰিব পাৰি?


উত্তৰঃ গদ্যধর্মী লোককথাক ইয়াৰ বিষয়বস্তু, সংযুতি আৰু প্ৰসংগ অথবা অনুযংগৰ ফালৰপৰা প্ৰধানভাবে তিনিটা শ্রেণীত বিভক্ত কৰিব পাৰি; যেনেঃ


(ক) পুৰাণকথা বা পুৰাকথা বা পুৰাবৃত্ত বা গোসাঁই কথা, আখ্যান, অতিকথা (Myth)


(খ) জনশ্রুতিমূলক বা জনশ্রুতিগত কথা বা কাহিনী (Legend), উপ্যাখ্যান


(গ) সাধুকথা, সাধু, সাজোকথা, উপকথা, উককথা, কিচ্ছা, কাহিনী (Tale)।


১০। গদ্যধর্মী লোককথাৰ অন্যান্য শ্রেণীবিভাজন কিদৰে কৰিব পাৰি?


উত্তৰ: পুৰাণ-কথা, জনশ্রুতিগত কথা আৰু সাধুকথা এই তিনিবিধেই গদ্যধর্মী লোককথাৰ প্ৰধান শ্ৰেণী নহয়; যিহেতু এই তিনিটাৰ বাহিৰে আন আন উপশ্রেণীয়ো গদ্যধর্মী লোককথাৰ পৰিসীমাত সামৰিব পাৰি। একক ঘটনাবিশিষ্ট কাহিনী অর্থাৎ এনেক্কোটছ (anecdotes), টেটকুঁটি আৰু ব্যংগ্যাত্মক সাধুক ধৰিলে গদ্যধর্মী লোককথাৰ হয়তো আৰু দুই এটা উপশ্রেণী বাঢ়িব; অর্থাৎ উপবোল্লিখিত তিনিটা উপশ্রেণীৰ ভিতৰতে গদ্যধর্মী লোককথাৰ শ্রেণী বিভাজন সীমিত নাথাকিব। স্মৃতি ব্যঞ্জক সাধু বা এনেডোটছবোৰ মানৱ চৰিত্ৰৰ লগত সম্পর্কযুক্ত আৰু এই চৰিত্ৰবোৰৰ বিষয়ে কথক আৰু শ্রোতাসকলে কম-বেছি পৰিমাণে জানে আৰু এইবোৰ, সাধুকথাৰ নিচিনাকৈ ক'ব পাৰি। এই জাতীয় কথাৰ চৰিত্ৰবোৰৰ স্মৃতি সমাজৰপৰা নোহোৱা হৈ যোৱাৰ পিছতো

সেই কথাবোৰ পুনঃ পুনঃ ক'ব পাৰি। সেইবাবে এনেক্কোটছবোৰ সত্য ঘটনাৰ ওপৰত প্রতিষ্ঠিত বুলি ঠাৱৰ কৰা হয়। গতিকে এইবিধ কাহিনীক জনশ্রুতিগত কথাৰ এটা উপ-শ্রেণী বুলিব পাৰি। টেটকুঁটি, ব্যংগাত্মক কথা বা কাহিনী সত্য ঘটনাৰ সৈতে জড়িত নহয় যেন লাগে, সেইবাবে এইবোৰক সাধুকথা আখ্যা দিয়াত আপত্তি নুঠে।


১১। পৰম্পৰাগত সাধুকথাৰ আৰম্ভণি আৰু সমাপ্তিৰ বিষয়ে লিখা।


উত্তৰঃ সাধাৰণতে পৰম্পৰাগত সাধুকথা কিছুমানৰ আৰম্ভণিত নাইবা শেষত অথবা উভয়তে মূল কাহিনীভাগৰ সৈতে সম্পর্কবিহীন কেইটামান বাক্য বা উক্তি থাকে। কোনো কোনো পণ্ডিতে এনে বর্ণনা বা উক্তিৰ নাম দিছে আৰম্ভণিৰ সাংকেতিক চিহ্ন অর্থাৎ opening formula আৰু পৰিসমাপ্তিৰ সাংকেতিক চিহ্ন অর্থাৎ closing formula | কোনো কোনো পণ্ডিতে আকৌ এনে বর্ণন বা উক্তিৰ নাম দিছে মুক্ত উপাদান অর্থাৎ free element। অসমীয়া সাধুকথাৰ দুই এটাত এনে মুক্ত উপাদানে স্থান লাভ কৰিছে। আৰম্ভণি বা পৰিসমাপ্তিৰ সাংকেতিক চিহ্ন বা মুক্ত উপাদানৰ জৰিয়তে কথকে শ্রোতাসকলক সজাগ কৰি দিয়ে যে, যিটো সাধুকথা ক'ব বা ইতিমধ্যে কোৱা হৈ গ'ল সেই সাধুকথাটো সত্য ঘটনাৰ ওপৰত প্রতিষ্ঠিত নহয়। অৱশ্যে পুৰাণ-কথা বা জনশ্রুতিগত কথাত এনে মুক্ত উপাদান নাথাকে; যিহেতু পুৰাণ-কথা বা জনশ্রুতিগত কথা সত্য ঘটনাৰ সৈতে সম্পৃক্ত।


১২। বিশিষ্ট লোকতত্ত্ববিদ ডীন থমছনে সাধুকথাক কি কি ভাগত বিভক্ত কৰিছে?


উত্তৰ: বিশিষ্ট লোকতত্ত্ববিদ ডীন থমছনৰ আলোচনাৰ আঁত ধৰি পৰম্পৰাগত সাধুৰ বিপৰীতে কাল্পনিক সাধুকথাবিলাকৰ কেইটামান উপভাগৰ কথা উল্লেখ কৰিব পাৰি। যেনে-


(১) জন্তু প্রধান,


(২) অনৈসর্গিকতা প্রধান,


(৩) ধেমেলীয়া,


(৪) দুষ্টালি বা টেঙৰালি প্রধান,


(৫) সমষ্টি প্রধান আদি।


আমাৰ লোক সমাজত প্রচলিত বেছিভাগ সাধুকথাই জন্তুপ্রধান। চৌপাশে দেখি থকা অনেক জীৱ-জন্তু, মাছ-কাছ, চৰাই-চিৰিকটি যেনে- শিয়াল, বাঘ, বান্দৰ, ছাগলী, মেকুৰি, ভেকুলী, গংগাটোপ, ঘৰিয়াল, সাপ-বেং, ঘৰচিৰিকা, চিলনী আদিয়ে সাধুকথাত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে। সাধুকথাবোৰত এই চৰিত্ৰবোৰে মানুহৰ দৰে কথা কয়, আচৰণ কৰে, বল-শক্তি সামর্থ্য, বুদ্ধি আদি প্ৰমাণ কৰি দেখুৱায়। জন্তুপ্রধান কিছুমান সাধুকথাৰ যোগেদি মানুহৰ মানবীয় দোষ-গুণ, প্রমূল্য আদি ৰূপকাত্মকভাবে উপস্থাপন কৰা হয়। সাধুকথাৰ আলোচনা প্রসংগত এই কথাবোৰো বিশ্লেষণ কৰি চাবলগীয়া। জীব-

জন্তুবোৰৰ টেঙৰালি, ধূৰ্তালি, মূর্খামি আদি আচাৰ-আচৰণবোবে মানুহক আনন্দ দিয়াৰ লগতে নিজৰ বোধ-উপলব্ধি, চিন্তা-চেতনাৰ বিকাশৰো সুযোগ দিয়ে।


১৩। লক্ষ্মীনাথ বেজবৰুৱাই সাধুকথাক কি কি ভাগত বিভক্ত কৰিছে?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰৱাই সাধুকথাক কেবল দুটা ভাগত বিভক্ত কৰিছে। যেনে-


(১) নীতিশিক্ষামূলক আৰু


(২) কল্পনামূলক।


সমাজত প্রচলিত বেছিভাগ সাধুৰ মাজতে নীতিশিক্ষাৰ আদৰ্শ নিহিত থাকে যদিও পঞ্চতন্ত্র, হিতোপদেশ আদি সাধুবোৰ এই ক্ষেত্ৰত বেছ স্পষ্ট। এই শ্রেণী সাধুৰ প্ৰধান লক্ষ্যই হৈছে লোক সমাজত নীতি-শিক্ষাৰ আদর্শ বা নীতিজ্ঞান বিলোৱা। আনহাতে কল্পনামূলক সাধু বুলিলে বহল অর্থত সকলো সাধুৱেই মূলতঃ কাল্পনিক। সাধুকথাবোৰৰ কথকজনে কাহিনী বর্ণনা কৰোঁতে কল্পনাৰ বহণ সুন্দৰভাৱে বোলাই দিয়ে। কল্পনা অবিহনে সাধুকথাই পূর্ণতা লাভ কৰিব নোৱাৰে। লোক সমাজত প্রচলিত সকলো সাধুকথাতে কিছুমান কাল্পনিক প্রসংগ আৰোপ কৰা হয়। কল্পনাই সাহিত্য হিচাপে সাধুকথাক শুৱলা আৰু পঠনীয় কৰি তোলে।


১৪। বিষয়বস্তুৰ ফালৰপৰা সাধুকথাবিলাকক ড° প্রফুল্ল দত্ত গোস্বামীয়ে কি কি ভাগত বিভক্ত কৰিছে?


উত্তৰ: বিষয়বস্তুৰ ফালৰপৰা সাধুকথাবিলাকক ড° প্রফুল্ল দত্ত গোস্বামীয়ে আন কেইটামান বিশেষ ভাগত ভাগ কৰিছে। সেইকেইটা হৈছে-


(১) পুৰাণ সাধু,


(২) আমোদী সাধু,


(৩) নীতিমূলক সাধু আৰু


(৪) কিম্বদন্তিমূলক সাধু।


প্রথম শ্রেণীত দেব-দেবী, পূজা-সেৱা সম্পর্কীয় সাধুখিনি অন্তর্ভুক্ত কৰিছে। তেওঁৰ মতে এইবিলাক সাধুৱে সাধাৰণতে অতীত এক যুগৰ কথা কয়। এনে সাধুক ইংৰাজীত মিথ (Myth) বোলে। সংস্কৃত পুৰাণবিলাকক অৱলম্বন কৰি লোক সমাজত প্রচলিত হৈ অহা সাধুখিনিক তেওঁ পুৰাণ সাধু নামেৰে অভিহিত কৰিছে। ল'ৰা-ছোৱালীক কোৱা বা সমাজত পৰম্পৰাগতভাৱে চলি অহা কল্পনাৰ বিলাস থকা তথা যাদুমূলক কথাৰে ভৰপূৰ সাধুখিনি আমোদী সাধু। সেইদৰে পঞ্চতন্ত্র, হিতোপদেশ আদি শ্ৰেণীৰ সাধুবোৰ নীতিমূলক সাধু। আনহাতে যিবোৰ সাধু বুৰঞ্জীমূলক কথা অৱলম্বন কৰি নাইবা কোনো বিশেষ স্থানৰ সৈতে জড়িত কিছুমান কাহিনীক কেন্দ্ৰ কৰি লোক সমাজত সৃষ্টি হৈছে সেইবোৰ সাধুক কিম্বদন্তিমূলক সাধু বুলিব পাৰি। ইংৰাজীত এই শ্ৰেণীৰ সাধুক লেজেও (Legend) আখ্যা দিয়া হয়।


১৫। ধর্মমূলক বা ধর্মীয় সাধু কি?


উত্তৰ: আর্নে-থম্পছনৰ অনুক্ৰমণীত (Aarne-Thompson Index) ধর্মীয় সাধুকথা বিশেষ একশ্রেণীৰ সাধুকথাৰূপে বিবেচিত হৈছে। পাপ-পূণ্য, স্বৰ্গ-নৰক আদিৰ লগত জড়িত এই শ্ৰেণীৰ সাধুকথাই ধর্মীয় জনশ্রুতিৰ (religious legend) প্রকার্য্যও সাধন কৰে। ধর্মীয় সাধুকথাৰ পাত্র-পাত্রী অৰ্থাৎ চৰিত্ৰবোৰ ধাৰ্মিক বা অধার্মিক মানৱ আৰু অলৌকিক চৰিত্ৰৰ সীমাৰেখাৰ মাজত সীমিত। ধর্মীয় সাধুকথাবোৰ মার্খেনতকৈ (Marchen) কম সম প্ৰকৃতিৰ। অৱয়ৱ আৰু জটিলতাৰ প্ৰসংগতো মার্খেন আৰু ধর্মীয় সাধুকথাৰ মাজত পাৰ্থক্য আছে। এইবিধ সাধুকথাক চাৰিটা ভাগত ভগাব পাৰি-


(ক) ঈশ্বৰৰদ্বাৰা পাৰিতোষিক প্রদান বা শাস্তি বিধান,


(খ) সত্যৰ প্ৰকাশ,


(গ) মানৱৰ স্বৰ্গলাভ আৰু


(ঘ) পাপাত্মাৰ ওচৰত মানৱৰ প্ৰতিজ্ঞা।


ধর্মীয় বা ধর্মমূলক সাধুকথাৰ উদাহৰণস্বৰূপে 'সাথা বৰতৰ প্ৰসংগত আবৃত্ত সাধুকেইটিলৈ (ওপনী গৌৰীৰ কথা, বামুণ-বামুণীৰ কথা, শতো মেকুৰীৰ কথা, পটা-পাটকু, মহাদেৱ-পাৰ্বতীৰ কথা) আঙুলিয়াব পাৰি।


১৬। সাঁথৰ বুলিলে কি বুজা?


উত্তৰঃ সাঁথৰ হৈছে কোনো বস্তুৰ প্ৰকৃত নাম সহজে ক'ব নোৱাৰাকৈ দিয়া আওপকীয়া বর্ণনা। এইবোৰত বুদ্ধিমত্তাৰ পৰিচয় পোৱা যায়। সাঁথৰত দুশাৰী পদ থাকে। প্রতিটো পদৰ শেষৰ আখৰৰ মিল থাকে।


যেনে-   ঘৰৰ তলৰ ঘৰ

            তাতে পৰি মৰ।।

উত্তৰঃ আঠুৱা।


১৭। ফকৰা-যোজনা আৰু প্ৰৱচনৰ সম্পর্কত লিখা।


উত্তৰঃ ড° বিৰিঞ্চি কুমাৰ বৰুৱাই ফকৰা-যোজনা, প্ৰৱচন, সাঁথৰ আদিৰ বিষয়ে এনেদৰে মন্তব্য কৰিছে- ফকৰা-যোজনাসমূহ লোক সাহিত্যৰ শুভষ্ণিবলী। এইবোৰ জাতিৰ সামাজিক আচাৰ-বিচাৰ আৰু কৃষি সম্বন্ধীয় জ্ঞানৰ পৰিচয় দি লোকজীৱনক তাৰ মাজতে সম্পূর্ণরূপে প্রতিফলিত কৰে। স্থান, ভূগোল, জাতি, সমাজ, পুৰাণ কাহিনী, বুৰঞ্জীলৌকিক আখ্যান, সাধুকথা প্রকৃতি, ধৰ্ম আচাৰ ব্যৱহাৰ এই কেইটা শ্ৰেণীত ভগাব পাৰি। যোজনাবোৰত গাঁৱলীয়া জীৱন ধাৰাৰ একোখনি মনোৰম চিত্র দেখিবলৈ পোৱা যায়। আনহাতে এইবোৰ মনোৰম উপদেশ, সাৱধান বাণী, জীৱনৰ বিড়ম্বনাৰ বিদ্রূপ বাণী আদিৰেও ভৰপূৰ।

উদাহৰণস্বৰূপেঃ


(১) তোমাৰ বাৰীৰে বাঁহগাজ মই কৰিছো খৰিচা, তোমাকে দি ধানদোণ লওঁ কথাটো মন কৰিছা।


(২) হস্তীৰো পিছলে পাব সজ্জনবো বুঝে নাও ভকতীয়া ফকৰা-যোজনাবোৰ গভীৰ অৰ্থপূর্ণ প্রথম দৃষ্টিত এইবোৰে মানুহক হতভম্ব কৰি তোলাই স্বাভাবিক। যেনে-


(১) বাৰ জালৰ তেৰ হাত ফটা ভাল মাৰিলি বাপৰ বেটা।


(২) পশু নকৰিবা শৰ, মৰাত নানিবা জীয়াও নানিবা শুদা হাতে নপশিবাঁ ঘৰ।


সাঁথৰবোৰো বুদ্ধি উদ্দীপক। উৎসুকপূর্ণ আৰু প্রহেলিকাময়। সাঁথৰৰ ব্যৱহাৰ মহাভাৰততো পোৱা যায়। অন্য সাঁথৰৰ উদাহৰণ হ'ল-


(১) ইয়াতে মাৰিলো টিপা 

     গড়গাঁও ওলালে শিপা


প্রৱচন বা প্রবাদ বাক্যবোৰ আমাৰ জ্ঞানৰ ভঁৰাল। এইবোৰত জন-জীৱনৰ প্রতি উপদেশ আৰু সাৱধানবাণী আছে। যেনে-


(১) "দহৰ জ্ঞান, একৰ বাণী"

(২) সাতত পাতল পাঁচত ঘন।


ছয়ত তামোল পাণ দিন বদন।


১৮। পাৰস্পৰিক বৈপৰীত্য প্রবচনৰ উদাহৰণ দিয়া।


উত্তৰ: কোনো ক্ষেত্ৰত পাৰস্পৰিক বৈপৰীত্যমূলক কথাৰে কোনো এটি তুলনা স্পষ্টতৰ কৰি তোলা হয়। যেনে-


(i) নৈৰ সমান ব'ব কোন। 

আইৰ সমান হ'ব কোন।।


(ii) পখী মৰে ৰৈ, মানুহ মৰে কৈ।।


(iii) পচলাত দাঁত ভগা।।


(iv) পচোৱা বতাহে দুৱাৰ মেলে। বৰলাৰ গাত জগৰ লাগে।।


(v) পৰত আশ বনত বাস।।


(vi) পৰৰ মূৰত খোৱা, ভটীয়নি সোঁতত যোৱা।


১৯। ফকৰা যোজনা কি? এটা উদাহৰণেৰে সৈতে বুজাই লিখা।



উত্তৰ: ফকৰা: প্রবচনৰ এটি উল্লেখযোগ্য উপশ্রেণী হৈছে ফকৰা। সাধাৰণতে বৈষ্ণৱ ভকতসকলৰ মাজত ফকৰাৰ সমাদৰ দেখা যায়। 'সাধাৰণ ফকৰাবিলাকত স্কুল দেহৰ অসাৰতা, চিত্তদমন আদি নীতি লুকাই আছে।' ফকৰাৰ অৰ্থ সহজে বুজিব নোৱাৰি।


তলত দুটি ফকৰা দিয়া হ'ল-


(i) বাৰ হাত জালৰ তেৰ হাত ফটা। 

ভাল মাৰিলে বাপৰ বেটা।। 

ৰৌ বৰালি সৰকি গ'ল। 

পুঠি খলিহা পাহে পাহে ৰ'ল।।


(ii) নিজৰা জৰে, অমৰা মৰে, মৰাই বায় হাল। 

লখিমীৰ টিকাত ছিৰা কানি মোৰ নাম নিধনীয়ে ভাল।।


(iii) পঢ়ায় পড়ে, ৰোৱে পাণ। 

এই তিনিয়ে নিচিন্তে আন।।


ভকতীয়া অর্থ অথবা গুপুত অর্থবিশিষ্ট প্রবচনবোৰেই ফকৰা। ফকৰা আৰু যোজনাৰ মাজত মিল থকা দেখা যায়। ডাকৰ নামত প্রচলিত প্রবচনবোৰ অৰ্থাৎ 'ডাক-প্রবচন'বোৰ যোজনা ধর্মী। লোকজীৱনত সদা-সর্বদাই প্রচলিত প্রবচন-যোজনা আদি লিখিত পৰম্পৰাত ঠাই পায় আৰু এইদৰে প্রবচন-যোজনাবোৰ শিক্ষিত সমাজৰো উমৈহতীয়া সম্পত্তি হয়। ৰিজনি, চানেকি, আৰ্হি আদি অর্থত প্রবচন-যোজোনা আদি প্রয়োগ হয় বাবে এইবোৰৰ আন নাম পটন্তৰ। লোক সমাজত প্রবচন-যোজনা-ফকৰা-পটন্তৰ আদি মুখে মুখে চলি থাকে বাবে এইবোৰৰ আন নাম লোকোক্তি (লোক উক্তি)। ড° প্রফুল্লদত্ত গোস্বামীৰ মতেঃ "যোজনা ব্যৱহাৰ কৰা হয় কথাৰ লাচত- প্ৰায়ে ঠাট্টাৰ সুৰত, সাধাৰণ বক্তব্যৰ মেৰ মাৰিবলৈ বা কিবা কথা ব্যাখ্যা কৰিবলৈ।"


২০। ডাকৰ বচন বা প্রবচন কি?


উত্তৰঃ ডাক-খনা আদিৰ নামত চলা প্রবচনবোৰ প্ৰকৃতাৰ্থত কোনো ব্যক্তিবিশেষৰ ৰচনা নহয়, কৃষিজীবী সমাজহে এনে বচন-প্রবচনৰ স্ৰষ্টা। সেইবাবে এই প্রবচনবোৰক প্রাজ্ঞোক্তি আখ্যা নিদি লোকোক্তি আখ্যা দিয়াহে উচিত। ডাক-খনাৰ বচন বা প্রবচনৰ দৰে প্রবচন ডংক, ঘাঘ, ভঙৰ, ভড্ৰী আদিৰ নামতো প্রচলিত। অসমত প্রচলিত ডাকৰ বচনৰ দৰে বচন বংগদেশ, বাংলাদেশ, উৰিষ্যা, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান আদিতো প্রচলিত। এনে বচন-প্রবচনবোৰ প্ৰায়ে কৃষি, গৃহ, জন্ম, ধর্ম, ন্যায়, নীতি, বন্ধন, হাল বাহন, জ্যোতিষ, যাত্রা, গৃহ, নাৰী, পুৰুষ, টোকন, গৰু, খাদ্যদ্রব্য আদি বিষয়ক। তলত এনেবিধৰ দুটামান প্রবচন দিয়া হ'ল উদাহৰণ স্বৰূপে। যেনেঃ


ক) গৰু বিষয়ক:

গৰু কিনিবা চিকণ জালি।

দুইচাৰি চয় দতিয়া ভালি

হৰিণৰ সম জিহ্বা কাণ।

হেন বলখক বিচাৰি আন।।


(খ) কৃষি লক্ষণঃ

ডাকে বোলে বাপ শুনা উপায়।

বাণিজৰ ফল কৃষিত পাই।।

যি নৰে সদা কৃষিক কৰে।

সেৱাৰ ফল পাইবা ঘৰে।।


(গ) তিনিশ ষাঠি জোপা ৰুবা কল।

....... লংকাৰ বণিজ হাততে পাবা।।


২১। সাঁথৰত থকা বৈপৰীত্য কেইবিধ আৰু কি কি?


উত্তৰঃ বিৰোধ: সাঁথৰত চাৰিবিধৰ বিৰোধ বা বৈপৰীত্য থাকিব পাৰে; যেনে-


(ক) ৰূপক বা প্রতীকৰ বৈপৰীত্য বা বিৰোধ,


(খ) অসম্পূর্ণ ৰূপক বা প্রতীক,


(গ) বৰ্ণনাৰ আধিক্যৰ জৰিয়তে প্রকটিত বিৰোধ আৰু


(ঘ) মিথ্যা ৰূপক বা প্রতীকৰ জৰিয়তে পৰিস্ফুট বিৰোধ।


২২। চমুটোকা লিখা:


(ক) ফকৰা যোজনা।


উত্তৰ: ডাকৰ বচন, লোকগীত আদিৰ দৰে ফকৰা-যোজনাও অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ। ফকৰা-যোজনা সমূহ বিভিন্ন ৰুচি আৰু অভিজ্ঞতাসম্পন্ন লোকৰ সূক্ষ্মতম অভিব্যক্তি। ফকৰা যোজনাৰ সৈতে অসমীয়া জাতীয় জীৱনৰ ওতপ্রোত সম্বন্ধ আছে। ৰাজনীতি, সমাজনীতি, অর্থনীতি, কৃষি শিল্প, গৃহস্থালি, আচাৰ-ব্যৱহাৰ আদিৰ বিষয়ে সাৰুৱা উপদেশ পোৱা যায়। দৈনন্দিন জীৱনৰ বিবিধ কার্যক লৈ অনেক ফকৰা যোজনা ৰচিত হৈছে।


যেনে-    তিনি গধুলি তৰিছে তাঁত, 

 উজটিত ছিঙিছে পৈয়েকৰ দাঁত।


ফকৰা-যোজনাত এটা কথা বুজাবৰ নিমিত্তে আন এটা কথাৰ লগত তুলনা দিয়া হয়। ই হাঁহিৰ খোৰাক যোগোৱাৰ লগতে বুদ্ধি আৰু প্ৰজ্ঞাৰো পৰিচয় দিয়ে।


যেনে-   নদীৰ বন নাই খান্দে আৰু পোতে

বিষয়াৰ বন নাই ভাঙে আৰু পাতে।


যিবোৰ ফকৰা-যোজনাই একোটা পাৰমার্থিক অর্থ প্রকাশ কৰে সেইবোৰক কোৱা হয় 'ভকতীয়া ফকৰা'। এইবোৰৰ বাহ্যিক অৰ্থতকৈ গূঢ়ার্থহে প্রধান।


যেনে-   কাপোৰত জুই বান্ধি ঘৰে লই যাই।

হাতমেলি চন্দ্ৰধৰে বাপৰ বেটা সেই।।


ভকতসকলৰ মুখে মুখে এনে ফকৰা চলি আহিছে। পুৰণি পুথি বিশেষকৈ চৰিত পুথিত এনে ফকৰা পোৱা যায়।


বিজ্ঞান, ইতিহাস, জ্যোতিষ, বেমাৰ-আজাৰ, সাধুকথা বিষয়ক লৈ অনেক ফকৰা-যোজনা আছে। অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত এই ফকৰা-যোজনা সমূহে অনবদ্য অৱদান আগবঢ়াই আহিছে।


(খ) ডাকৰ বচন।


উত্তৰঃ ডাকৰ বচন অসমীয়া জাতীয় জীৱনৰ লগত ওতপ্রোতভাবে জড়িত। হেমচন্দ্র গোস্বামীৰ মতে ডাকৰ বচনসমূহ ডাক নামৰ মহাপুৰুষ এজনে সংগ্ৰহ কৰি খ্ৰীষ্ট্ৰীয় অষ্টম শতাব্দী মানত সাহিত্য আকাৰে প্ৰকাশ কৰি যায়। দেবেন্দ্রনাথ বেজবৰুৱাই আকৌ ডাকক মিহিৰ মুনিৰ পুতেক বুলি ক'ব খোজে। তেওঁৰ জন্ম ষষ্ঠ শতিকাত বুলিহে মত প্রকাশ কৰিছে। কিছুমান পণ্ডিতে ডাকৰ বচন সমূহ অসমীয়া ভাষাৰ আদি নিদর্শন বুলি ক'ব খোজে। ডাকৰ জন্মস্থান বৰপেটাৰ অন্তৰ্গত লেহী ডঙৰা নামৰ গাঁও এখনত বুলি বহুতে কয়।


যি নহওক ভাৰতীয় মানুহৰ দৃষ্টিত বেদ-বাক্যৰ মূল্য যিমান, অসমীয়া জনজীবনতো ডাকৰ বচনৰ মূল্য সিমান। ডাকৰ বচন সমূহ অসমীয়া জনজীৱনৰ ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক বিশ্ব কোষ বুলি কোৱা হয়। কোনোৱে আকৌ ডাকৰ বচনক 'বেদৰ বাণী' বুলিও কৈছে। কিছুমান পুৰণি সাঁচিপতীয়া পুথিত ডাকৰ বচনবোৰ বিষয় অনুযায়ী লিখা আছে। এতিয়ালৈকে প্রাপ্ত ডাকৰ বচনৰ পুথিবোৰত যোপ্লটা বিষয় সন্নিবিষ্ট হৈছে।


সমাজ জীৱনৰ সকলো স্তৰতে ডাকৰ বচনৰ দিহা পোৱা যায়। ঘৰৰ ভেটি আৰু বাৰী


সম্পর্কীয় সকলো দিহা ইয়াত পোৱা যায়। যেনে-

পূবে ভঁড়াল, পশ্চিমে গৰাল।

উত্তৰে বাঁহ, দক্ষিণে হাঁহ।।

দাঁতিত কঁঠাল, মাজত আম।

তেবে জানিবা বাৰীৰ কাম।।


কৃষিৰ ক্ষেত্ৰটো বিভিন্ন দিহা ডাকৰ বচনত উল্লেখ পোৱা যায়। যেনে-


পুহত আহু, জেঠত শালি।

তেবেহে জানিবা গৃহস্থালি।


ব্যবহাৰিক জীৱনত প্রয়োজন হোৱাৰ উপৰি জাগতিক জীবনত প্রয়োজনীয় কেতবোৰ নীতি বাক্য, ধর্ম, অর্থ, কাম, মোক্ষ এই চাৰি প্ৰকাৰৰ পৰমাৰ্থৰ ভিতৰত অর্থ আৰু কাম বিষয়ক ডাকৰ বচনও আছে। ডাকৰ বচনৰ ভাষা আৰু বিষয়বস্তুৰ ব্যাপকতালৈ চাই এইবোৰ জাতীয় জীবনৰ সামূহিক অভিজ্ঞতাৰ পৰিণতি বুলিও ক'ব পাৰি। মুঠতে ইয়াৰ সম্বন্ধ অসমীয়া তথা গাঁৱলীয়া জীবনৰ লগত এক এৰাব নোৱৰাকৈ জড়িত হৈ থকা কথাটো ধুরূপ।


(গ) জনশ্রুতি বা কিংবদন্তি।


উত্তৰঃ জনশ্রুতিগতভাবে কোনো সমাজৰ ধৰ্মীয় প্রসঙ্গত গেয় বা আবৃত্তি কৰা সাধুপুরুষ, শহীদব জীবন বৃত্তৰ কাহিনীয়েই এই শ্ৰেণীৰ অন্তর্ভুক্ত। অর্থাৎ ধর্মনিৰপেক্ষ তথা অর্বাচীন কাহিনীকেই জনশ্রুতি বা কিংবদন্তিমূলক লোককথা আখ্যা দিব পাৰি।


কেতিয়াবা অতিকথাৰ সৈতে এই জনশ্রুতিমূলক লোককথাৰ পাৰ্থক্য বিচাৰ কৰিবলৈ কঠিন হৈ পৰে। কাৰণ অতিকথাৰ আধাৰতো জনশ্রুতিমূলক লোককথাৰ সৃষ্টি হ'ব পাৰে।


ধর্মীয় কৃত্যৰ প্ৰসংগত ৰাজহুৱা উৎসৱত পৰিবেশন কৰা কোনো সাধু ব্যক্তিৰ জীৱনবৃত্তক জনশ্রুতিমূলক লোককথা বুলিব পাৰি। ৰূপকৰ আধাৰত পৰিৱেশিত এই লোককথাৰ চৰিত্ৰবোধ মানবীয়। স্থানীয় ভূত-প্রেত, পৰী, সাধু-সন্ত বিষয়ক কাহিনী ইয়াৰ আধাৰ।


উদাহৰণস্বৰূপে ৰাধিকা শান্তিৰ কাহিনী, চান্দো সদাগৰৰ কাহিনী, বেউলা লক্ষ্মীন্দাৰৰ কাহিনী, কমলা কুঁৱৰী, ফুলকোঁৱৰ আদিক লৈ প্রচলিত গীতবোৰৰ উপৰি বড়োসকলৰ মাজত হাছিবাম নামৰ এগৰাকী বীৰৰ কাহিনীও জনপ্রিয়, বাভাসকলৰ দদান বীৰৰ কাহিনী, কাৰ্বিসকলৰ ৰং ফাৰপি, ৰংবেৰ কাহিনী আদি উল্লেখযোগ্য।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। প্রবাদ-প্রবচন সম্পর্কে বহলাই আলোচনা কৰা।


উত্তৰ: অসমীয়া লোকসাহিত্যৰ একো একোটা পদ অমূল্য সম্পদ। এইবোৰ লোকসমাজৰ ক্ষুদ্রতম অভিব্যক্তি। ড° মহেশ্বৰ নেওগদেৱৰ ভাষাৰে, "সিবোৰ লোক প্রজ্ঞাৰ (Folklore) সূক্ষ্মদৃষ্টি।" এইবোৰৰ লগত অসমীয়া জাতীয় জীবন অতি নিবিঞ্জভাবে সংপৃক্ত। এইবোৰৰ জমিন (Texture) এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ ৰূপান্তৰ বা অনুবাদ কৰিব নোৱাৰি। সেয়ে এইবোৰক স্থিৰীকৃত বাক্ বৈশিষ্ট্য বুলিও কোৱা হয়।


'প্রবাদ' শব্দৰ ব্যুৎপত্তিগত অর্থ 'হেমকোষ'ৰ মতে, প্রবাদ বি. (সং প্রবাদ-প্র, উপস বদা।" অর্থাৎ প্র-পূর্বক বাদ প্রবাদ, প্রউপসর্গ ইয়াৰ অৰ্থ প্রকৃষ্ট বা উৎকৃষ্ট আৰু বাদ মানে কথা, বচন, উক্তি। গতিকে প্রবাদ হ'ল প্রকিষ্ট বা বিশিষ্ট বচন বা কথা বা উক্তি। ড° মহেশ্বৰ নেওগদেবে কৈছে, 'আন আন লোকসাহিত্যৰ দৰেই প্ৰবাদ বাক্যও প্রজ্ঞাৰ স্বতঃস্ফূর্ত প্রকাশ, জীৱনৰ টীপন্নী। লোকসাহিত্যৰ দৰেই ভাব প্রকাশৰো ৰূপ সৰস। অনেক প্রবাদবাক্যৰে অন্তৰালত প্রত্যক্ষভাৱে কিম্বা প্রচ্ছন্নভাবেই একোটি কথা বা কাহিনী বর্তমান।'

ড° সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ ভাষাত, প্রবচন প্রবাদবাক্যবোৰ হৈছে- "দহৰ জ্ঞান, একক বাণী। চুটি চুটি বাক্যত একোটি সাৰগৰ্ভ সত্য বা অভিজ্ঞতা প্রকাশ কৰিব পৰা অদ্ভুত শক্তি এইবোৰত লক্ষ্য কৰা যায়।" চক্ৰেশ্বৰ দাস ডাঙৰীয়াই লিখিছে, "যিবোৰ বুদ্ধিনিষ্ঠ উপদেশমূলক উক্তি যুক্তি প্রগাঢ়তা বুজাবলৈ আমাৰ সমাজত চিৰন্তনৰূপে আবহমান কালৰে পৰা প্ৰচলিত হৈ আহিছে সেয়েই প্রবাদ প্রবচন।" অন্য অর্থত যিবোৰ বাণীত উপদেশ, সতর্কীকৰণ আৰু সত্য এই তিনিটা ভাবেই ত্রিবেণী সংগম ৰূপ লৈ শিলত ঘঁহি উজ্জ্বল হোৱা ধাতুৰ দৰেই মানুহক সাধুবাদ শুনাই থাকে, সিয়েই প্রবাদ।


এইবোৰ হাজাৰ বছৰৰ পুৰণি নজহা-নপমা জনশ্রুতি যক্সত ভাব আৰু অৰ্থৰ ধাৰাবাহিকতা আশ্চর্যজনকভাবে এতিয়াও ৰক্ষিত।


প্রায় সকলো দেশতে সকলো সময়তে প্রবাদ বাক্যৰ প্ৰচলন আছে। কিন্তু কেতিয়া বা কেনেকৈ ইয়াৰ উৎপত্তি হ'ল এই সম্বন্ধে বিশেষ একো জনা নাযায়। প্রবাদবাক্য নিৰৰ্থক নহক্সলেও বাক্যবোৰ কবিতা, তত্ত্বকথা নাইবা নীতিবচন নহয়। অথচ ই লোকসমাজত চিৰদিনেই চলি আহিছে। এই প্রবাদবাক্য মানুহে কবিতা আদিৰ দৰে ৰচনা কৰোঁ বুলি ৰচা নাই। ই আপোনা-আপুনি মানুহৰ মুখত প্ৰচলিত হৈছে। মানুহে দৈনন্দিন জীৱনত এটা ঘটনাৰ পৰা জন্মা, ভাবটিক সংক্ষিপ্ততম অভিব্যক্তি হিচাপে প্রকাশ কৰিছিল সিয়ে ক্রমে অভ্যস্ত বাক্য, জনশ্রুতি নাইবা প্রবাদত পৰিণত হৈছিল। এই প্রবাদ বাক্যবোৰে কোনো ব্যক্তি, বস্তু বা ঘটনা বিশেষৰ উপলক্ষ্য হৈ প্ৰবাদৰ আৰু এটি বিশিষ্ট লক্ষণৰ সৃষ্টি কৰিলে।


এই প্রবাদ বাক্যবোৰ কালক্ৰমত যুগলৈ চলি আহিবলৈ ধৰে। ইয়াৰ ফলত মূল প্রবাদ বাক্য ৰচোঁতাৰ নাম লুকাল যদিও ইবোৰ মানুহৰ মাজত বহুলভাবে প্রচলিত হ'ল আৰু ক্রমে ই সাহিত্যত অন্তর্ভুক্ত হৈ ৰূপ, বস, পৰিপুষ্টি আৰু স্থায়িত্ব লাভ কৰিলে।


প্রবাদ বাক্য প্রধানতঃ নিৰ্ভৰ কৰে তাৰ বিষয়বস্তু, প্রকাশভংগী, সাধাৰণ বুদ্ধিৰ চমৎকাৰিত্ব আৰু প্ৰয়োগৰ সাৰ্থকতাৰ ওপৰত। যি বস্তুক উপলক্ষ্য কৰি প্ৰবাদ বাক্য প্রয়োগ কৰা হয় সি অব্যক্ত হৈ থাকিলেও অস্পষ্ট হৈ নাথাকে আৰু সংক্ষিপ্ত প্রকাশিত ব্যঞ্জনা আৰু দৃষ্টান্তৰ সহজ সার্থকতাৰ ওপৰত প্ৰবাদ-বাক্যৰ মূল্য আৰু সমাদৰ নিৰ্ভৰ কৰে। পুৰণিকালত প্রবাদবোৰ আছিল সংক্ষিপ্ত, বাস্তৱনিষ্ঠ, উপদেশমূলক আৰু অতি সাধাৰণভাৱে প্রকাশিত। পাছত দেশ-কাল-পাত্র ভেদে ইয়াৰ ৰূপৰ নাইবা ব্যৱহাৰৰ পৰিৱৰ্তন হয়।"


'প্রবচন' হ'ল সংক্ষিপ্ত আৰু বুদ্ধিনিষ্ঠ, যুক্তিপূর্ণ, পৰম্পৰাগত উক্তি বা বচন। প্রবচনৰো ব্যুৎপত্তিগত অর্থ হ'ল 'প্র'পূর্বক বচন। অর্থাৎ প্রকৃষ্ট বা বিশিষ্ট বচন বা উক্তি। এই বিশিষ্ট উক্তি মানুহৰ শতিকাজোৰা অভিজ্ঞতাৰ সমষ্টি।


ড° লীলা গগৈদেৱৰ মতে, 'কোনো কোনোফাকি কথাৰ অন্তৰালত কোনোবা যুগত ঘটি যোৱা কাহিনীৰ কংকাল পৰি আছে, এনে কাহিনী কোনো ঠাইত প্রচ্ছন্ন আৰু কোনো ঠাইত প্রত্যক্ষ। এইবিধ কথাক আমি প্রবচন আখ্যা দিব পাৰো।"

প্রবচনবোৰত দুটা অংশ দেখা যায়-যক্সত এটা অংশই আন এটা অংশৰ বিৰুদ্ধে ভাব প্রকাশ কৰে, আন কথাত প্রবচনবোৰত বিৰুদ্ধভাব প্রকাশৰ মাজেৰে মূল কথাখিনি ব্যক্ত কৰা হয়। তলত কেইটামান উদাহৰণ দেখুওৱা হ'ল-


(ক) 'ঢকিয়াই নিওঁতা নাই পথালি কোলাত যায়।'


(খ) 'গাঁথিত নাই ধন, ৰজা হোৱাৰ মন।'


(গ) 'হাতত নাই কণটো বৰ সভালৈ মনটো 'ইত্যাদি।


আনহাতে লোক-সমাজত সমাজ-জীৱনৰ নীতি-নির্দেশনা থকা বা উপদেশমূলক অলেখ প্রবচন আছে। উদাহৰণস্বৰূপে-


(ক) "ৰহিত নিদিবা হাত ল'ৰা-ছোৱালীক লঘোনে নথ'বা দিবা গধূলিতে ভাত।”


(খ) 'সাঁতোৰ সাঁতোৰ নিজ বাহুবলে সাঁতুৰিব নোৱাৰ যা ৰসাতলে।'


(গ) 'চোৰে নেৰে চোৰৰ পৰকিতি কুকুৰে নেৰে ছাই। যাৰ যি পৰকিতি মৰিলে লগত যায়।'


(ঘ) 'চপনীয়াক নিদিবা ঠাই ল'ৰা-ছোৱালীক নিদিবা লাই। 'ইত্যাদি।


'যোজনা-পটন্তৰ'ৰ পৰিধি ইমানেই ব্যাপক যে ব্যক্তি জীৱনেই হওক বা সমাজ-জীবনেই হওক ই নাসামৰা বিষয় নাই। বৈষয়িক জ্ঞান, নীতি-নির্দেশনা, সাধাৰণ অভিজ্ঞতা সকলোবোৰেই যোজনা-পটন্তৰৰ মাজেদি ব্যক্ত হোৱা দেখা যায়। সৰু সৰু কথাবোৰো লোক-অভিজ্ঞতা হিচাপে যোজনা-পটন্তৰৰ মাজত সোমাই পৰিছে।


'যোজনা-পটন্তৰ'ৰে অসমীয়া লোকসাহিত্যৰ ভঁৰাল থুপ খাই আছে। এইবোৰ প্রবচনৰ একো-একোটি উপশ্রেণী বা ভাগ। যোজনাত বক্তব্য বিষয়ক জোৰ দিবলৈ বা এফাকি কথা পূৰাবলৈ আন এফাকি কথা সংযোগ কৰা হয়। অবশ্যে কেতিয়াবা কেতিয়াবা সংযোগ কৰা অংশটিৰ অৰ্থ নাথাকিবও পাৰে। ডন হেমন্ত কুমাৰৰ ভাষাত- 'যোজনাত এটা কথা বুজাবৰ নিমিত্তে আন এটা কথাৰ লগত তুলনা বা বিজনি দিয়া হয়।'


ড° লীলা গগৈৰ ভাষাত- "যোজনা কথা-প্রসংগত ব্যৱহাৰ হোৱা উক্তি, ই চমু আৰু তাত ৰিজনি আৰু সঞ্চিত অভিজ্ঞতা নিহিত হৈ থাকে। এই অভিজ্ঞতা যে, সর্বজন গ্রহণীয় হক্সব লাগে, এনেদৰে ক'ব নোৱাৰি। প্ৰকৃত যোজনাত দিহা বা নির্দেশ নাথাকে।"


যোজনাৰ আভিধানিক অর্থ হেমকোষৰ মতে- যোজন, মিলোৱাৰ কোনো এক বিষয়ত যোজন কৰা বা লগোৱা যায়। ইয়াক স্পষ্ট কৰিবলৈ উদাহৰণস্বৰূপে দাঙি ধৰা হৈছে- অবুজনক রজোন ঢেৰুৱাৰ ঠাৰি সিজোৱা অৰ্থাৎ বুজিব নোখোজা মানুহক বুজোৱা।

গতিকে দেখা যায় যে, যোজনা হক্সল কোনো এটি উক্তি বা কথাৰ লগত আন এটি উক্তি বা কথাৰ ৰিজনি। যেনে-


'ধানটোৱে প্রতি কণটো মানুহে প্রতি মনটো।'


অর্থাৎ প্রতিটো ধানৰ কণ আছে আৰু সেইবোৰ প্রতিটোবে বেলেগ বেলেগ অর্থাৎ একে নহয়, তেনেদৰে প্ৰতিজন মানুহৰে একোটি মন বা ইচ্ছা আছে আৰু সেইবোৰৰ প্রকৃতিও ভিন ভিন। সেইদৰে-


"তিনি গধূলি তৰিছে তাঁত উজুটিত ছিঙিছে পৈয়েকৰ দাঁত।"


তিনি গধূলি অর্থাৎ মুনি-চুনি গধূলি তাঁত তৰিব নালাগে, অন্যথা তাত উজুটি খাই দাঁত মুখ ভাঙিব। তেওঁ লাগিলে পৈয়েক বা গিৰিয়েকেই হওক।


ইয়াত মুনি-চুনি গধূলিত তাঁত তৰিব নলগা কথাখিনি বুজাবৰ বাবে 'উজুটিত ছিঙিছে পৈয়েকৰ দাঁত' কথাখিনি বিজনি দিয়া হৈছে।


যোজনাক 'পটন্তৰ' বুলিও কোৱা হয়। পটন্তৰ পট। অন্তৰ। পটন্তৰ মানে ক্সপটক্স বা দৃশ্যৰ শেষ অর্থাৎ পট বা ঘটনাৰ শেষ, সেয়ে পটন্তৰ। পটন্তৰত সাধাৰণতে দুফাকি কথা থাকে। মিত্রাক্ষৰ ছন্দ ব্যৱহাৰ কৰি কথা দুটাৰ তুলনা দিয়া হয় আৰু দুয়োফাকি কথাৰ বিষয়বস্তুৰ স্বভাৱৰ মিল পৰিলক্ষিত হয়। 'লোকসাহিত্যৰ প্রসূতি হৈছে লোকপ্রজ্ঞা।


লোকপ্ৰজ্ঞাৰ স্বতঃস্ফূর্ত অভিব্যক্তিয়েই হ'ল পটন্তৰ।" উদাহৰণস্বৰূপে-


(ক) "আটাইতকৈ তিতা নেমু টেঙাৰ পাত। তাতোকৈ তিতা মাহীআইৰ মাত।"


(খ) “সোণাৰিয়ে সোণ চিনে বৰাই চিনে কচু। কথা চহকীয়ে কথা চিনে হাঁহে চিনে কেচু।"


(গ) "সু-বাট দূৰ গমন, বাট নিদিবা এৰি,


বুঢ়ী হ'লেও জীয়ৰী আনিবা তেওঁ নানিবা বাঁৰী।”


এনেদৰেই যোজনা, পটন্তৰসমূহে যুগ-যুগৰ সঞ্চিত অভিজ্ঞতাৰ বাহক হিচাপে অসমীয়া সাহিত্যক অলংকৃত কৰি নিজস্ব গৌৰৱ বজাই ৰাখিছে।


২। সাধুকথাক আৰু কি কি নামেৰে জনা যায় চমুকৈলিখা।


উত্তৰঃ ইংৰাজী 'tale' পৰিভাষাৰ অৰ্থ বুজাবৰ বাবে অসমৰ বিভিন্ন অঞ্চলত সাধুকথা, সাধু, সাজোকথা, উপকথা, উককথা, কিচ্ছা, কাহিনী, চলোবাতা আদি অভিধা প্রয়োগ কৰা হয়। এই অভিধাকেইটিৰ ভিতৰত তুলনামূলকভাবে অধিক প্রয়োগ হোৱা অভিধাটি হৈছে সাধু বা সাধুকথা। ড° প্রফুল্লদত্ত গোস্বামীৰ মতে সাধু অৰ্থাৎ সদাগৰবিলাকে বেপাৰ কৰিবলৈ বিভিন্ন অঞ্চল বা দেশলৈ গৈছিল। তেওঁলোকে সেইবোৰ অঞ্চলত বা দেশত বিভিন্ন পৰম্পৰাগত মৌখিক কথা শুনিছিল আৰু ঘূৰি আহি নিজ অঞ্চলত সেই কথাবোৰ কৈছিল। গতিকে সাধুৱে অর্থাৎ সদাগৰে কোৱা কথাবোৰেই সাধুকথা, চমুকৈ সাধু। ড" গোস্বামীৰ ভাষাত -


The Assamese for an oral tale is Sadhukatha, usually derived from the Sanskrit Sadhu, a merchant, and Katha, a tale, meaning there by that the Sadhukatha is a tale told by a wandering merchant'


সাধুকথা গদ্যধর্মী কাহিনী আৰু ইয়াক কাল্পনিক বুলি বিবেচনা কৰা হয়। সাধুকথাই প্রায়ে স্বমতাগ্রহ প্রকাশ নকৰে আৰু ইতিহাসৰ সমলো এইবিধ বাচিক কলাই দিব নোৱাৰে যেন লাগে। সাধুকথা ক'ৰবাত সংঘটিত হোৱা বুলি কোৱা টান। এইবিধ কলাত ধর্মীয় ভাৱৰ ওপৰত বৰ বেছি গুৰুত্ব দিয়া নহয় যেন লাগে। আনন্দ প্রদানৰ বাবেই সাধুকথা কোৱা হয় বুলি বহুতে ভাবে; যদিও সাধুকথাই বিভিন্ন সামাজিক প্রকার্য সাধন কৰি আহিছে। নীতিশিক্ষা দানত ফেইবল (fable) বিলাকৰ ভূমিকা স্বীকাৰ কৰিবই লাগিব। সাধুকথা যিকোনো সময় আৰু যিকোনো ঠাইতে ৰচিত হ'ব পাৰে। সেইকাৰণে এইবিধ লোককথাক প্রায়ে সময় আৰু স্থান নিৰপেক্ষ বুলিব পাৰি। সাধুকথাবোৰ ল'ৰা-ছোৱালীৰ বাবেই নহয়; বয়সীয়াল প্রবীণসকলেও ইয়াৰপৰা সমাজৰ বিভিন্ন আচৰণৰ আভাস পায়। সাধুকথাবোৰ সামাজিক ৰূপকৰ ভিত্তিত ৰচিত, গতিকে এইবোৰৰ জৰিয়তে সামাজিক জীবন প্রতিফলিত হয়। 'পৰীৰ সাধু' (fairy tales) ৰূপেও সাধুকথা পৰিচিত। পৰীৰ সাধুত বর্ণিত কাহিনী সত্যৰ ওপৰত প্ৰতিষ্ঠিত বুলি কোৱা হয়; কিন্তু সাধুকথাত পৰীয়ে দেখা নিদিয়ে। 'পৰী' মানৱৰ খেয়ালি মন আৰু বাসনাৰ অভিব্যক্তি। খেয়ালি মন আৰু বাসনা সামাজিক দিশৰ পৰা সত্য; যিহেতু এইবোৰ মানৱৰ আচৰণ ভিন্ন আন একো নহয়। পৰী, ৰাক্ষস, দেৱ-দেৱী আদিৰ স্থান সাধুকথাত নাই বুলি ক'ব নোৱাৰি; তথাপি এইবিধ লোককথাই মুখ্যতঃ জন্তু আৰু মানৱ চৰিত্ৰৰ দুঃসাহসিক কাৰ্যাৱলীৰ চিত্ৰণৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে। কোনো কোনোরে সাধুকথাক পুৰাণ-কথা আৰু জনশ্রুতিগত কথাৰ উপশ্রেণী বুলিও ক'ব খোজে।


৩। সাধুকথাৰ উদ্ভৱ আৰু বিকাশৰ বিষয়ে আলোচনা আগবঢ়োৱা।


উত্তৰঃ সাধুকথা শুনিবলৈ সকলোৰে আগ্রহ। ল'ৰা-বুঢ়া, ডেকা-গাভৰ-বুঢ়ী সকলোবে সাধু শুনিবলৈ আগ্ৰহেৰে কাণ পাতে। এই বিষয়ত শিক্ষিত-অশিক্ষিত, সভ্যতাৰ উচ্চ খাপত উঠা নাইবা আদিম অৱস্থাত থকা লোকৰ মাজত বিশেষ পার্থক্য নাই। যি পার্থক্য পৰিলক্ষিত হয়, সি স্থান-কাল-পাত্র নাইবা পৰিবেশ অনুসাৰে গঢ়লোৱা পার্থক্য; মৌলিক নাইবা প্রকৃতিগত পার্থক্য নহয়। অৱসৰ বিনোদন, অতীতৰ প্ৰতি থকা আগ্ৰহ আৰু নিজকে দেশকালৰ সীমাৰ বাহিৰলৈ নি মুক্ত সমাজ এখন আৰু নিৰবধি কালৰ মাজত মিলাই দিয়াৰ স্পৃহাৰ পৰিনিবৃত্তিৰ প্রচেষ্টাতে সাধুকথাবোৰে কোনোবা অতীত কালতে জন্ম লৈছিল। সাধুকথাৰ বুৰঞ্জী মানৱ সভ্যতাৰ সমান পুৰণি, বৰং তাতোকৈ পুৰণি বোলাহে যুগুত। কিয়নো সাধুকথাত পশু-পক্ষী, গছ-লতা, পৰ্বত-পাহাৰ, নৈ আৰু অৰণ্য সকলো মানুহৰ লগৰীয়া- সমানে সুখ-দুখৰ ভাগী; উপকাৰী আৰু সহায়ক। দেৱতা, অপদেৱতা

আদিও মানুহৰ সগোত্রীয়; কেতিয়াবা অনুকূল আৰু কেতিয়াবা প্রতিকূল। সাধু কথাই মানৱ সভ্যতাৰ আৰম্ভণিৰ আদিম সমাজ এখনকো সামৰি লৈছে। সেই দেখি সকলো দেশত আৰু সকলো জাতিৰ মাজতে সাধুকথাৰ প্ৰচলন।


সাধুকথাই একো-একোখন দেশৰ আৰু একো একোটা জাতিৰ আচাৰ-নীতি, অতীত কাহিনী, ধর্মবিশ্বাস আদি নানা বিষয়ৰ সন্ধান দিয়ে আৰু তাৰ পৰা একো-একোটা জাতিৰ বুৰঞ্জীয়ে ঢুকি নোপোৱা অতীতৰ আভাস পাব পাৰি, এই কথালৈ প্রথমে জার্মান পণ্ডিতসকলে আঙুলিয়াই দিয়ে। ঊনবিংশ শতাব্দীৰ আৰম্ভণিৰ পৰা পণ্ডিতসকলে এই বিষয়ে আলোচনা কৰিবলৈ ধৰে। গ্ৰীম ভ্রাতৃদ্বয়ৰ সাধুসংগ্ৰহ আৰু প্রকাশ এনে চিন্তাৰে ফল। সাধুকথাৰ এই ফালটোৰ প্ৰতি বেজবৰুৱা দৃষ্টি আকৃষ্ট হৈছিল আৰু সাধুসংগ্ৰহৰ প্রয়োজনীয়তাও তেওঁ উপলব্ধি কৰিছিল আৰু সেইদেখি ১৯১১ চনতে বুঢ়ী আইৰ সাধু প্ৰকাশ কৰিছিল। বুঢ়ী আইৰ সাধুত সংযুক্ত পাতনিখনত সাধু সম্পর্কে বেজবৰুৱাৰ অধ্যয়ন আৰু উপলব্ধি প্রকাশ হৈছে।


প্রত্যেক জাতিৰ আৰু প্রত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধুভাষা (Folklore) আছে। ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰ পৰা আত্মপ্রকাশ আৰু আত্মজীৱন চৰিত, পুৰণি সাধুকথাবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰ পৰা আত্মপ্রকাশ আৰু আত্মজীৱন চৰিত। কোনো এটা জাতিৰ ভিতৰুৱা অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত মছ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথাবিলাকতো সেইদৰে সেইজাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সঁচ মছ নোখোৱাকৈ থাকি যায়। সেইদেখি মানুহৰ জাতীয় জীৱনৰঅ লিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে 'ফাইললজি' (Phylology) অর্থাৎ ভাষাতত্ত্ব, আৰু মাইথলজি (Mythology) অর্থাৎ পুৰাণতত্ত্ব যেনেকুৱা লাগতিয়াল, ফকলৰ (Folklore) অর্থাৎ সাধুকথা তেনেকুৱা লাগতিয়াল।


সাধুকথা দুবিধ আছে। এবিধ মানুহক ঘাইকৈ নীতিশিক্ষা দিবৰ নিমিত্তে ৰচিত। পঞ্চতন্ত্র, হিতোপদেশ বা লা ফন্টেনৰ (La Fontain) সাধুবোৰ। আনবিধ মানুহৰ কল্পনা শক্তিব বাঘজৰী ঢিলাই দি তাক চেকুৰিবলৈ এৰি দি ল'ৰা-ডেকা-বুঢ়া সকলোৰে মনত আনন্দ দিবলৈ ৰচিত; ঘাইকৈ ল'ৰাৰ মনত। কিন্তু গুৰিতে সাধুবোৰ যি উদ্দেশ্যেৰেই হওক, এতিয়া সেইবোৰৰ পৰা পণ্ডিতসকলে মনুষ্য জাতিৰ পুৰণি ইতিহাসৰ অমৃতৰস খীৰাই উলিয়াই তাৰে জ্ঞান-বিজ্ঞানক হৃষ্ট-পুষ্ট আৰু শকত কৰিছে।


সাধুকথাই কেনেকৈ সকলোকে আকৃষ্ট কৰে আৰু পৃথিৱীৰ সকলো দেশৰ সকলো জাতিৰ মাজতে সকলো কালত সাধুকথাৰ প্ৰচলন আছে, সেই বিষয়ে পণ্ডিতসকলে বহলাই আলোচনা কৰি পৃথিৱীৰ সকলোবোৰ সাধুকে কিছুমান শ্রেণীতে ভগাই প্রত্যেক

শ্ৰেণীৰ সাধুৰ মৌলিক সাদৃশ্য আরু দেশগত নাইবা কালগত বৈসাদৃশ্যৰ বিষয়েও আঙুলিয়াই দিছে।


এখন দেশৰ সাধু কথা কেনেকৈ আৰু কি কি কাৰণত অন্য এখন দেশৰ সাধুৰে মিলে সেই বিষয়ে আশী বছৰ আগতে বেজবৰুৱাই কৰা উক্তি আজিৰ গৱেষকে সমর্থন কৰিছে।


এদেশৰ সাধু আন দেশৰ সাধুৰে মিলি যোৱাৰ কেইবাটাও কাৰণ আছে। তাৰে প্ৰথমটো হৈছে..... সাধুবোৰ ইমান পুৰণি যে অতীজৰ আৰ্যবংশীয় মানুহবোৰ একেলগে থাকোতেই সেইবোৰ ৰচিত হয়।


কালক্রমত আর্যবিলাক ফাটি য়ুৰোপ আৰু এচিয়াত ভাগ ভাগ হৈ পৰিলত, দেশ-কাল-পাত্র অনুসৰি তেওঁলোকৰ স্বভাৱ আৰু গঢ়-গতিৰ সলনি হোৱা দি সেই সাধুবোৰৰো গঢ়-গতিৰ সলনি ঘটিছে। কিন্তু সেইবুলি সেইবোৰৰ জকাৰ সলনি ঘটা নাই, ঘটিব নোৱাৰেও। সেইদেখি ইণ্ডোয়ুৰোপীয়সকলৰ (Indo-Europeans) ভিতৰত প্ৰচলিত অনেক সাধুৰ বাহিৰৰ আকৃতি অনেক বিষয়ত বেলেগ হ'লেও, তলৰ ভেটি একে।


দ্বিতীয়তে এদেশৰ সাধু লাহে লাহে মুখে মুখে বাগৰি আন দেশলৈকো নগৈ নাথাকে।


প্রবাসত দীর্ঘকাল বাস কৰা বাবে শেষত সেইবোৰৰ পৰ-বাসেই আপোন-বাস আৰু গঢ়-পিত লৰি পৰে। কিন্তু এই শ্ৰেণীৰ সাধুৰ লেখ সৰহ নহয়। ওচৰ-চুবুৰীয়া দেশৰ পৰাও সাধুবে অহা-যোৱা কৰিবলৈ সুচল পায়।


আন এটা কাৰণতো সাধুৰ মিল ঘটে। সেইটো হৈছে আকস্মিক মিল। মানুহ সকলো ঠাইতে মানুহ; আৰু তেওঁৰ ভাবিৱৰ প্ৰণালীও পৃথিৱীৰ সকলো ঠাইতে অনেক বিষয়ত একে। সেইদেখি, আনকি জুলু কি হটেণ্টৰ কোনো কোনো সাধুৰে সৈতেও আর্য জাতিৰ মানুহৰ কোনো কোনো সাধুৰ মিল ওলায়।


অসমীয়া ভাষাত সাধুকথা বুলি সকলো প্ৰকাৰ মৌখিক আখ্যান-উপাখ্যানক সামৰা হৈছে। লিপিবদ্ধ হোৱা এনে মৌখিক আখ্যানো তাৰ ভিতৰত পৰে। কোনবিলাক সাধুকথা নহয়, সেইটোহে অলপ সুস্পষ্টভাৱে ক'ব পাৰি; তাৰপৰাই 'নেতি"নেতি' কৰি সাধুকথাৰ স্বৰূপ বুজিব পাৰি। পৌৰাণিক উপাখ্যান পুৰণি হ'লেও সাধুকথা নহয়, সেইদৰে ঐতিহাসিক আখ্যানকো সাধুকথা বোলা নহয়। দেশ-কালৰ অনির্দিষ্টতা সাধুকথাৰ এটা প্রধান বৈশিষ্ট্য। কোন ঠাইত আৰু কেতিয়া সেই ঘটনা ঘটিছিল, সেই বিষয়ে আখ্যান নিমাত; সেই বিষয়ে কোনো প্রশ্ন আৰু উত্তৰ নাই, আনকি দেশ-কাল-পাত্রৰ বিষয়ে কোনো প্রকাৰ অনুমানবো ঠাই নাই। আনহাতে সাধুকথাৰ মৌলিক লক্ষণাক্রান্ত হ'লেও আধুনিক চুটিগল্প সাধুকথা নহয়।


অসমীয়াই সাধুৰ মোল পুৰণি কালৰে পৰা বুজে আৰু চিৰকাল যে সাধুৰ সমাদৰ কৰি আহিছে এই কথা সাধুকথা শব্দাটোলৈ মন কৰিলেই দেখিবলৈ পোৱা যায়। সাধুকথা মানে সজকথা বা সন্ত-সাধুৰ উপদেশ বুলি আদিৰ পৰা অসমীয়াই ভাবি আহিছে। ইয়াৰ পৰা এইটো স্পষ্টকৈ বুজিব পাৰি যে এইবিধ মনোজ্ঞ মৌখিক উপকথাৰে পুৰণি কালত অসমত জ্ঞানবৃদ্ধসকলে লোকক আৰু নিজৰ ল'ৰা-ছোৱালীক নীতিশিক্ষা দিছিল; সেই দেখিহে ইয়াৰ নাম সাধু কথা দিছিল।


ইংৰাজী ভাষাত 'ফটেল' (Folk tale) বুলিলে সাধাৰণতে ঘৰুৱা সাধু (House-hold tale) আৰু পৰী সাধুকে (Fairy tale) ঘাইকৈ বুজোৱা হয় যদিও সাধাৰণতে 'ফটেল' বুলিলে এই জাতীয় সকলো সাধুকে বুজোৱা হয়। ইয়াৰ জার্মান প্রতিশব্দ 'মার্চ্চেন'ৰ (Marchen) অৰ্থৰ পৰিধি আৰু অলপ ব্যাপক; সেই বাবে এই শব্দটোরে আন্তর্জাতিক প্রসিদ্ধি লাভ কৰিছে। ফৰাচী ভাষাত ইয়াৰ প্রতিশব্দ হ'ল 'কাল্টে পপুলাবে' (Conte Populaire)। 'ফেয়াৰি টেল' নামটোরে 'ফেয়াৰি' বা পৰীৰ উপস্থিতিৰ অনিবার্যতা সূচায় যদিও, সৰহভাগ 'ফেয়াৰি টেল'ত পৰীৰ উপস্থিতি আনকি উল্লেখেই নাথাকে; তথাপি তেনে আখ্যান 'ফেয়াৰিটেল' নামে প্রচলিত। 'বেলাড' (Ballad) বা মালিতা 'হিৰোয়িক চংচ' (Heroic songs) বা বীৰগাথাক 'ফেয়াৰি টেল' বোলা নহয়।


সাধুকথাৰ গতি এইৰীতিৰ সম্পূৰ্ণ বিপৰীত। সাধুকথাত গতানুগতিকতা আৰু প্রাচীনত্বৰ দাবীহে মুখ্য। সাধুকওঁতাই পৰম্পৰাগতভাৱে চলি অহা কথা-বস্তুৰ নিৰ্ভৰযোগ্য আৰু বিশ্বাসজনক উপস্থাপনাত গুৰুত্ব আৰোপ কৰে। তেওঁ পাঠকক জনাই দিব খোজে যে তেওঁ যি কাহিনী কৈছে, সি তেওঁৰ স্বকপোল-কল্পিত নহয়, সমসাময়িক সমাজৰ পৰা সংগৃহীত নহয় আৰু নিজৰ বুদ্ধিৰে পৰিৱেশিতও নহয়; এই আখ্যান আহিছে, সমগ্র জাতিয়ে এই আখ্যানৰ নিৰ্ভৰযোগ্যতাত আস্থা স্থাপন কৰি আহিছে আৰু অন্তৰৰ সৈতে গ্রহণ কৰিছে, তাকে তেওঁ প্রকাশ কৰিছে। গতিকে সাধুকথাত থাকে পূর্বজসকলৰ স্বীকৃতিৰ চিন, বিশ্বাসযোগ্য কথকৰপৰা শুনাৰ সাক্ষ্য আৰু পৰম্পৰাগতভাৱে অতীজ কালৰ পৰা চলি অহাৰ সুস্পষ্ট আভাস। সাধু কওঁতাই সদায় সাধুৰ গ্ৰহণযোগ্যতাৰ বাবে তেওঁৰ পূৰ্বৰ আপ্তজনলৈ আঙুলিয়ায় আৰু সেই আপ্তজনৰ পৰা তেওঁ শুনাৰ আভাস দিয়ে।


সাধুকথা সংগ্ৰহ কৰাটো প্রাচ্য জগতৰ অন্যতম বৈশিষ্ট্য। ভাৰতত খ্ৰীষ্ট জন্মৰ আগতে পৈশাচী ভাষাত সংগৃহীত সাধুকথাৰ সংগ্ৰহ 'বৃহৎকথা'ই তাৰ প্রমাণ দিয়ে। বৃহৎ কথা লোপ পালেও তাৰ সংস্কৃত ৰূপান্তৰ আছে। শুক সপ্ততি, পঞ্চতন্ত্র, হিতোপদেশ, বেতাল পঞ্চ বিংশতিও এনে সাধুসংগ্রহ।


এনেকৈয়ে সংগৃহীত সাধুবোৰৰ কিছুমানে আকৌ মুখ বাগৰি এখন দেশৰ পৰা আন এখন দেশ পায়গৈ। এনে ভ্রমণ বা বৰ দীঘলীয়া আৰু যাত্রা অবিৰাম হয়; গতিকে এনে শ্ৰেণীৰ সাধু যাযাবৰ সাধু। যাযাবৰ কালত অনেক নতুন কথা যোগ হয়।


মৌখিক সাধু সেই কাৰণে সদায় মৌখিক নহ'বও পাৰে, আনহাতে আকৌ লিখিত সাধুও মুখে মুখে চলা সাধুৰহে লিখিতৰূপ; লিখিতৰূপত এই সাধুৰ আবিৰ্ভাৱ হোৱা নাই। গতিকে সাধুকথাৰ প্ৰকাশত মৌখিক ৰূপ এটা সদায় প্রচ্ছন্নরূপে থাকে। এইখিনিতে

সাধুকথাৰে সৈতে লিখিত আখ্যানৰ আকৃতিগত প্রভেদ পৰিলক্ষিত হয়। তাৰ কাৰণ, কোনোবা নহয় কোনোবা সময়ত এনে সাধুবোৰ লিখা-পড়া নজনা লোকৰ মুখৰ পৰা লোৱা আৰু সেইবিলাকেই সাধুসংগ্রহত ঠাই পায়। সেইকাৰণে ঈচপৰ সাধু আৰু হোমাৰৰ আখ্যানৰে সৈতে সাধুকথাৰ পাৰ্থক্য সততে দেখা যায়।


এই পাৰ্থক্যৰ কাৰণেই সাধুকথাৰ কথন ৰীতিত, বাক্য বিন্যাস আৰু শব্দচয়নত এটা বৈশিষ্ট্য আছে। লিখিত ৰূপত সৃষ্ট আখ্যান অর্থাৎ সাহিত্যিক গল্পত এই বৈশিষ্ট্য দেখা নাযায়।


কিছুমান সাধু স্থানীয় কোনো ৰীতি-নীতি আৰু স্থানীয় পর্বত-পাহাৰ, নৈ-বিলৰ অৱস্থিতিৰ ব্যাখ্যামূলক। এনে সাধুত গছ-গছনি, নৈ-পৰ্বতৰ উৎপত্তি বা স্বৰূপৰ ব্যাখ্যা থকাৰ উপৰিও কোনো কোনো জীৱ-জন্তু আৰু পশু-পক্ষী বা স্বৰূপৰ ব্যাখ্যা থকাৰ উপৰিও কোনো কোনো জীব-জন্তু আৰু পশু-পক্ষীৰ আচৰণৰ বা বৈশিষ্ট্যসূচক ৰূপৰ ব্যাখ্যা থাকে। এনে সাধুক Eliological tale বোলা হয়।


পৌৰাণিক আখ্যানৰ দৰে সাধুকথাতো জীব-জন্তুৰ উল্লেখযোগ্য ভূমিকা দেখা যায়। পৌৰাণিক আখ্যানত এনে জীব-জন্তু দেবতা শ্ৰেণীৰ, দেৱপ্ৰতিম বা প্রসিদ্ধ বীব। কিন্তু সাধুকথাৰ জন্তু আৰু চৰাইত কেৱল সিহঁতৰ মানৱসূলভ সুখ-দুখ আদি অনুভূতিৰ আৰু দয়া-মমতা, প্রতিহিংসা আদি মানবীয় হৃদয়-বৃত্তিৰ আৰোপকৰা হয়।


৪। সাধুকথাৰ স্বৰূপ আৰু বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা।


উত্তৰ: লোক সাহিত্যৰ আন এবিধ বিশেষ উপাদান সাধুকথা সম্পর্কে অসমীয়া ভাষাত বিশেষভাৱে চর্চা হৈছে। 'বুঢ়ী আইৰ সাধু'ৰ পাতনিত লক্ষ্মীনাথ বেজবৰুৱাই 'সাধুকথা মানে সজকথা বা সন্ত সাধুৰ বাক্য বুলি আদিৰপৰাই অসমীয়া লোক সমাজে ভাবি আহিছে'- বুলি উল্লেখ কৰিছে। পুৰণি কালৰ বেছিভাগ কাহিনীকে মানুহে সাধুকথা বুলি ক'বলৈ ভাল পায়। বেজবৰুৱাই অসমীয়া সমাজৰ এই পৰম্পৰাগত ধাৰণাক উচ্চ আসন দি সাধুকথাবোৰ সংকলিত কৰি এক মহৎ কামৰ পাতনি মেলি গৈছে।


ইংৰাজী ভাষাত যিবোৰ, কাহিনীক 'Tales', 'Legends', 'Myths', 'Fables' আদি অভিধাৰে অভিহিত কৰা হৈছে, অসমীয়া ভাষাত সেইবোৰ কাহিনীক সাধুকথাই সামৰি লয়। ড° প্রফুল্ল দত্ত গোস্বামীয়ে 'অসমীয়া জন সাহিত্য' গ্রন্থত সংস্কৃত 'সাধু' অর্থাৎ 'সাউদ'ৰপৰা সাধুকথাৰ উৎপত্তি বুলি কৈ গৈছে। তেওঁৰ মতে- 'দেশ-বিদেশত বেপাৰ কৰি ফুৰা সাধু বা সাউদৰ মুখত শুনা কাহিনীয়ে সাধুকথা; অসমীয়া ভাষাৰ বহুতো সাধুত বণিজলৈ যোৱা সাউদৰ উল্লেখ আছে।' প্রসংগক্রমে তেওঁ কামৰূপৰ দক্ষিণ পাৰৰ মানুহে সাধুক 'সাজোকথা' বুলি কোৱাৰ প্ৰসংগ ব্যাখ্যা কৰি কৈছে যে সাধুক এই কাৰণেই 'সাজোকথা' বোলা হয়, কিয়নো সাধাৰণতে সাঁজ লাগিলেহে সাধু কোৱা সময় পৰে। ড° লীলা গগৈয়ে সাধুকথা সম্পর্কে বিশ্লেষণ আগবঢ়াই লিখিছে যে, 'পুৰণি কালত বুঢ়া-বুঢ়ী

মানুহে অনেক সময়ত সাধুকথাক সাউদকথা বুলি কৈছিল। আনপিনে সংস্কৃত ভাষাত সাধু শব্দই বণিক বা সদাগৰকো বুজায়। অসমত বণিক শব্দটোৰ পৰিৱৰ্তে সাউদ শব্দটো বহুলভারে প্রচলিত আছিল। সৰহীয়া দিহা লৈ বণিজলৈ যোৱা সাউদ বহুত দিনৰ মূৰত ঘৰলৈ উলটি আহে। দেশ-বিদেশৰ ৰসাল কাহিনী টোপোলা বান্ধি লৈ আহে সাউদে। গাঁৱৰ গঞাৰ আগত সাউদে নিজৰ বিচিত্র অভিজ্ঞতা বর্ণনা কবে। এই সাউদ কথাই সময়ত সাধু কথা হৈ পৰে।'


সাধুকথাক 'সজকথা', 'সন্তকথা', 'সাজোকথা' বা 'সাউদকথা'- যি বুলিয়েই কোৱা নহওক, পৃথিৱীৰ এই ধৰণৰ সকলো কাহিনীৰ মাজত কিছুমান উমৈহতীয়া সাদৃশ্য দেখিবলৈ পোৱা যায়। বিষয়বস্তু, উপস্থাপনশৈলী, কাহিনীৰ কথক, চৰিত্ৰ, অন্তর্নিহিত আদর্শ আদিব ক্ষেত্ৰত সাধুকথাবোৰ মূলতঃ একেই। সাধুকথাৰ কিছুমান নির্দিষ্ট বৈশিষ্ট্য আছে। যেনে-লোক সাহিত্যৰ অন্যান্য বিভাগৰ দৰে সাধুকথাৰো ৰচনাকাল বা ৰচকৰ নাম নির্ধাৰণ কৰা সম্ভৱ নহয়। ইয়াৰ কোনো ৰচক নাই আৰু ৰচনাৰ সময়সীমা সম্পর্কেও নির্দিষ্ট নহয়। অতি পুৰণি কালৰপৰাই লোক সমাজত ইয়াৰ প্ৰচলন হৈ আহিছে। একেদৰে সাধুকথাৰ কোনো নির্দিষ্ট রূপ আছে বুলিও ক'ব নোৱাৰি। মানুহৰ মুখে মুখে সাধু কথাই বাগৰি ফুৰা বাবে আৰু ঠাই তথা মানুহ ভেদে কাহিনী-কথন ইফাল-সিফাল হোৱা হেতুকে একেটা সাধুই বিভিন্ন সময়ত বিভিন্ন সাউদ অথবা কওঁতাৰ মুখত বেলেগ হ'ব পাৰে। কওঁতাজনৰ নিজৰ ৰুচি-অভিৰুচি আৰু চিন্তা-চেতনা একো একোটা সাধুৰ সৈতে সংপৃক্ত হোৱাতো কোনো আচৰিত কথা নহয়। লোক সাহিত্যৰ অন্যান্য উপাদানৰ তুলনাত সাধুকথা এই ক্ষেত্রত সম্পূর্ণরূপে ব্যতিক্রম। কিয়নো গীত-মাত, যোজনা, সাঁথৰ, ফকৰা আদি লোক সাহিত্য বা মৌখিক সাহিত্য হ'লেও কালৰ গতিত ইয়াৰ ৰূপান্তৰ সাংঘাতিক ধৰণে নহয়। কিন্তু সাধুকথা এটা কওঁতাজনে নিজৰ ধৰণে উপস্থাপন কৰাই নহয়-ইয়াত সংযোজন-বিযোজনো ঘটাব পাৰে। মৌখিক সাহিত্যৰপৰা সাধুকথা লিপিবদ্ধ ৰূপলৈ আহোঁতেও সাধুকথাই লিপিকাৰজনৰ নিজ ইচ্ছা অনুসৰি ৰূপ পৰিগ্ৰহ কৰে। শশী শৰ্মাই সেয়ে সাধুকথাৰ ব্যাখ্যা প্রসংগত কৈছে যে- সাধুকথাৰ ভাষাৰ যথা নির্দিষ্ট ৰূপ নাই। সাধুকথাই প্রতিজন বক্তাৰ মুখত ভিন ভিন ভাষা আৰু ৰূপেৰে প্রকাশ লাভ কৰে।


সাধুকথাৰ মাজেদি লোক সমাজৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটে। বিশেষকৈ লোক সমাজৰ ভাব-চিন্তা, ৰীতি-নীতি, আচাৰ-আচৰণ, বিশ্বাস-পৰম্পৰা আদি প্রতিফলন ঘটালৈ চাই সাধুকথাক লোক সমাজৰ সাংস্কৃতিক ইতিহাসৰ ভঁৰাল বুলি অভিহিত কৰিব পাৰি। লোক সমাজৰ সামগ্রিক দিশসমূহৰ প্ৰতিফলন ঘটা হেতু লক্ষ্মীনাথ বেজবৰুৱাই সাধুকথাক 'লোকতত্ত্ব' (Folklore) বুলিও কৈছে। 'বুঢ়ী আইৰ সাধু'ৰ পাতনিত সাধুকথাই কিয় 'লোকতত্ত্ব' (Folklore) তাৰ বিশদ ব্যাখ্যাও বেজবৰুৱাই আগবঢ়াইছে। তেওঁৰ মতে পুৰণিকলীয়া সাধুকথাবিলাকত একো একোটা জাতিৰ সকলো শ্ৰেণীৰ মানুহৰ পুৰণি

আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায়। অসমীয়া সাধুকথাবিলাকো ইয়াৰ ব্যতিক্ৰম নহয়। সাধুকথাবিলাক জাতীয় সংস্কৃতিৰ অলিখিত বুৰঞ্জীস্বৰূপ। সাধুকথাৰ মাজেদি লোক মনৰো প্ৰতিফলন ঘটে।


সাধুকথাবিলাকৰ কিছুমান ৰসাল আৰু খুহুতীয়া। শুনোতাজনক মনোৰঞ্জন দিয়াই এই ধৰণৰ সাধুবিলাকৰ উদ্দেশ্য। অসমীয়া ভাষাত প্রচলিত 'সৰবজান', 'কুকুৰীকণা', 'লটকন' আদি সাধুবোৰৰ কাহিনী হাস্যৰসপ্রধান। এই সাধুবোৰত চৰিত্ৰৰ বিসংগতিপূর্ণ কাৰ্যকলাপৰ যোগেদি হাস্যৰস সৃষ্টি কৰা হৈছে। কিছুমান সাধুকথাৰ কাহিনী অলৌকিক বা আধিভৌতিক শ্ৰেণীৰ। তেজীমলাৰ পুনৰ জন্মৰ কাহিনী অথবা চম্পাৱতীৰ কাহিনী অলৌকিক ঘটনাৰে ভৰপূৰ। এনেধৰণৰ কাহিনীৰ যোগেদি পুৰণিকালৰ মানুহৰ কল্পনা শক্তি, বিশ্বাস আদিৰ প্রমাণ কৰে। জীব-জন্তুৰ কথা-বতৰা, জীৱ-জন্তুবে মানুহৰ দৰে আচৰণ কৰা সাধুকথা পৃথিৱীৰ সকলো ভাষাতে সুলভ। একেদৰে মানুহৰ সামগ্রিক গুণ-দোষৰ প্ৰতিফলন ঘটোৱা (সেয়া ৰজা-প্রজা, পুৰুষ-নাৰী যিয়েই নহওক) অনেক সাধু পৃথিৱীৰ সকলো ভাষাতে প্রচলিত হৈ আছে।


সাধুকথাবোৰৰ বেছিভাগেই নীতিশিক্ষামূলক। বিশেষকৈ শুনোতাজনৰ চৰিত্ৰ গঠনত সাধুকথাৰ কাহিনীয়ে বিশেষ প্রভাৱ পেলাব পাৰে। ড° প্রফুল্ল দত্ত গোস্বামীৰ মতে পঞ্চতন্ত্ৰৰ চানেকিত কোৱা ইতৰ প্ৰাণী সম্পর্কীয় যিবিলাক সাধু বা ফেইবল (Fables) সেইবিলাক সাধাৰণতে নীতিমূলক। আমাৰ অসমীয়া ভাষাত প্রচলিত শিয়াল আৰু বান্দৰৰ সাধুটো নীতিমূলক। অন্যান্য বৈশিষ্ট্যপূর্ণ সাধুবোৰৰ দৰে নীতিমূলক সাধুবোৰেও লোক সমাজক সহজে আকর্ষিত কৰে।


সামগ্রিকভাবে সাধুকথা লোক সাহিত্যৰ অমূল্য সম্পদ। লোক সমাজৰ সৈতে সম্পর্কিত সাধুকথাৰ মাজেদি জনজীৱনৰ প্রতিচ্ছবি যিদৰে প্ৰতিফলন ঘটিছে, সেয়া নিঃসন্দেহে অধ্যয়ন আৰু গৱেষণাৰ বিষয়। আমাৰ পৰম্পৰাগত সমাজখনৰ লগতে থলুৱা জনজাতীয় সমাজৰ মাজত প্রচলিত প্রতিটো সাধুবেই পৃথকে পৃথকে আলোচনা আৰু অধ্যয়ন কৰা উচিত। এতিয়ালৈকে লিখিত রূপ পোৱা আৰু যিবোৰ কেৱল মুখে মুখে এতিয়াও প্রচলিত হৈ আছে-সেই সাধুবোৰ সংগ্ৰহ আৰু সংকলিত কৰি জাতীয় সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিব পাৰি।