ধৰ্মদৰ্শনৰ স্বৰূপ আৰু পৰিসৰ

Chapter 1

 চমু উত্তৰ লিখাঃ

১) ধৰ্মদৰ্শন মানে কি ?

উত্তৰঃ ধৰ্মদৰ্শন মানে হ'ল ধৰ্ম সম্পৰ্কীয় দাৰ্শনিক অধ্য়য়ন।  


২) জন হিকৰে ধৰ্মদৰ্শনক কি বুলি কৈছে ?

উত্তৰঃ জন হিকৰে ধৰ্মদৰ্শনক দ্বিতীয় স্তৰৰ এটি প্ৰক্ৰিয়া বুলি কৈছে। 


৩) Theos শব্দৰ অৰ্থ কি ?

উত্তৰঃ Theos শব্দৰ অৰ্থ হৈছে ঈশ্বৰ। 


৪) Logos শব্দৰ অৰ্থ কি ?

উত্তৰঃ Logos শব্দৰ অৰ্থ হ'ল বিদ্য়া বা শাস্ত্ৰ। 


৫) ধৰ্ম শব্দৰ ইংৰাজী প্ৰতিশব্দ কি ?

উত্তৰঃ ধৰ্ম শব্দৰ ইংৰাজী প্ৰতিশব্দৰ হৈছে Religion ।


৬) ধৰ্ম শব্দটো সংস্কৃত কি ধাতুৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি ?

উত্তৰঃ ধৰ্ম শব্দটো সংস্কৃত 'ধৃ' ধাতুৰ পৰা আহিছে, ইয়াৰ অৰ্থ হ'ল ধাৰণ কৰা।


৭) Religare শব্দটো প্ৰধান অৰ্থ কি ?

উত্তৰঃ Religare শব্দটোৰ প্ৰধান অৰ্থ হৈছে বন্ধন। 


৮)  মিয়েল এডৱাৰ্ডৰ ধৰ্মৰ সংজ্ঞাটো কি ?

উত্তৰঃ মিয়েড এডৱাৰ্ডৰ ধৰ্মৰ সংজ্ঞাৰটো হ'ল ধৰ্মীয় অভিজ্ঞতাৰ স্বৰূপ, ক্ৰিয়াকৰ্ম, মূল্য় আৰু সত্য়তা সম্পৰ্কীয় দাৰ্শনিক। 


৯) '' ধৰ্মদৰ্শন হ'ল ধৰ্ম সম্পকীয় দাৰ্শনিক চিন্তা''- কোনে কৈছিল ?

উত্তৰঃ জন হিকৰে কৈছিল।  


১০) Religion'ৰ ভাৰতীয় সমাৰ্থক শব্দৰ কি ?

উত্তৰঃ Religion' ৰ ভাৰতীয় সমাৰ্থক শব্দৰ হৈছে 'ধৰ্ম'। 


১১। ধৰ্মদৰ্শন আৰু ঈশ্বৰশাস্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্থক্য়টো কি ?

উত্তৰঃ ধৰ্মদৰ্শন আৰু ঈশ্বৰশাস্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্থক্য়টো হ'ল ধৰ্মদৰ্শন আলোচনা নিৰপেক্ষ, কিন্তু ঈশ্বৰশাস্ত্ৰ কিছু পৰিমাণে পক্ষপাতযুক্ত। 




Post ID : DABP005784