এলবাৰ্ট আইনষ্টাইন

(Albert Einstein)


    ১৮৭৯ চনৰ ১৪ মাৰ্চত সেইসময়ৰ জাৰ্মান সাম্ৰাজ্যৰ ওল্ম চহৰত এই মহান বিজ্ঞানীজনৰ জন্ম হয়। আইনষ্টাইনৰ পিতৃ হাৰমেন আইনষ্টাইন আছিল এজন ব্যৱসায়ী।দ্যুতিক আহিলাপাতি তৈয়াৰ কৰা কাৰখানা এটা চলাইছিল। ১৯০৩ চনৰ জানুৱাৰী মাহত এলবাৰ্টে তেওঁৰ একালৰ স্কুলৰ লগৰী মিলেভা মেৰিকক বিয়া কৰায়। পিছে গৱেষণাগাৰৰ চাৰিবেৰৰ বাহিৰত যে তেওঁলোকৰ কোনো কথাতে মিল নাই সেইটো অতি সোনকালেই প্ৰকাশ পালে। ১৯১৪ চনৰ পৰা পাঁচ বছৰ বেলেগে বেলেগে থকাৰ পাছত ১৯১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তাৰ কিছুদিন পিছতেই ১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা লৱেন্থেল নামৰ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়। ১৯৩৬ চনৰ ডিচেম্বৰ মাহত এলছা আইনষ্টাইন মৃত্যু হয়। এলবাৰ্ট আইনষ্টাইন আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ। তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়। এই আলোক বিদ্যুত পৰিঘটনাই পাচলৈ কোৱাণ্টাম তত্ত্বৰ সূচনা কৰে। ১৯৫৫ চনৰ ১৮ এপ্ৰিল তাৰিখে এই বিৰাট প্ৰতিভা সম্পন্ন ব্যক্তি, এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু হয়।